মোৰ অনুভৱৰ নিয়ৰকণা কিছুমান আপোনালোকৰ মাজত মেলি দিছোঁ......আশা কৰিছোঁ সকলোৰে হৄদয় শ্পৰ্শ কৰিব........

Thursday, 5 July 2012

     
বগীৰ বেদনা


    বগীয়ে কথাটো মন কৰিছে আজিকালি,আজিকালি মানে বহুতদিনেই হৈ গ’ল|ঘৰৰ সৰুবোপাৰ ডাক্তৰৰ চাকৰি হোৱাৰ পাছৰ পৰা তা‍ই যেন ঘৰ খনৰ এলাগী হৈ পৰিছে|সৰু বোপা ঘৰতে আছেহি কিন্তু এতিয়ালৈকে এটা দেখা দেখি নাই|এটা গধুৰ দোষে হেঁচা মাৰি ধৰে আজিকালি তাইক উজাগৰী ৰাতিবোৰত|সৰু সৰু হেলিকপ্টাৰৰ মাত দিয়া পৰজীবি বিধে তিনি পোৱা মান নিলেও তাই একো সাৰ সিকতিয়েই নাপায়|কেতিয়াবা চোবা‍ই থকা বস্তু মুখতে ৰয়|পাহৰি যায় তাই|বয়সো হৈছে তাইৰ|জন্মতে তাই বাৰু কমতিখন আদৰ পাইছিলনে?ৰাতি পুৱাৰ পৰা গধূলিলৈকে ডাঙৰ বোপা আৰু সৰু বোপা তাইৰ লগতে লাগি থাকে|ডাঙৰ বোপায়ে তেতিয়া হাইয়াৰ ছেকণ্ডাৰী পাছ কৰি ঘৰৰ অবস্থাৰ বাবে ব্যব্সায়ত হাত দিছিল|সৰুবোপা তেতিয়া অষ্টন শ্ৰেণীত|পঢ়াত ভাল বাবে ককায়েক ডাঙৰ বোপাই তাক পঢ়োৱাৰ সিধান্ত লৈছিল|সেইবিলাক দেখিয়েই হয়তো তাই দৄঢ় সংকল্প লৈছিল দুই বোপা, মানে দু‍ই ককায়েকক সহায় কৰাৰ|পিছে সেই ফুলকুমলীয়া বয়সত বুজি পোৱা নাছিল ককায়েকহঁতৰ ইমান মৰমৰ আঁৰৰ উদ্দেশ্য|এতিয়া বুঢ়ী বয়সত উপলব্ধি কৰিছে তাই|তাইৰ সহায় নোলোৱাকৈ ব্যবসায়ত ককাঁল ভাগি যোৱা ডাঙৰ বোপাৰ আজিৰ এই ৩০-৪০ লাখ টকা মূলধনৰ ব্যবসায় থিয় কৰাব নোৱাৰিলেহেঁতেন|আৰু সৰু বোপাৰ মেডিকেল পঢ়াৰ সময়ত মাহেকীয়া ফিজ কাৰ উপাৰ্জ্জনৰ টকাৰ পৰা গৈছিল ঘৰুৱা হিচাবৰ বহী চালে হয়তো আজিও উলাব|কৈ লাভ নাই ইহঁতক|কিমান কবলৈ চেষ্টা কৰিলে তাই চিঞৰি চিঞৰি সকলোকে|কিন্তু কোনেও গুৰুত্ব নিদিলে,আছলতে নুবুজিলে|এইখন ঘৰৰ কাৰণেই তাইৰ কাৰণে মাৰাত্মক সেই ডেৰ বছৰীয়া ফেমিলি প্লেনিংটো লৈছিল|পিছে এই ত্যাগ সময়ৰ বাঢ়নী পানীত উটি গ’ল|পাঁচ নম্বৰ পুতেক ডম্বৰুক কেতিয়াবা কেতিয়াবা তাই এইবোৰ কথা কয়|হ’লে কি হ’ব? কি বুজিব এই ডেৰ বছৰীয়াটোৱে|বাকীবোৰক কৈ লাভ নাই|ডাঙৰ বোপা আৰু সৰু বোপায়ে বাৰু পাহৰিলে, কমচে কম সিহঁতৰ মাকেতো মনত ৰাখিব লাগে তাইক|বগীৰ মনত পৰিল মাকৰ চকুৰ অপাৰেচন হৈ যোৱাৰ পাছত মাকে আহি তাইৰ গালত চুমা খোৱাৰ দৄশ্য|এতিয়া তাইৰ সেই গালখন কাটি কুকুৰক খোৱাবৰ মন যায়|তাই মুখৰ ভিতৰতে ভুৰ ভুৰালে "চকুৰ অপাৰেচনৰ সময়ত কাৰ মুৰত কঠাঁল ভাঙি খাইছিলি কটা নিধকহঁত"|মাকৰ কথাবোৰ ধৰিব পাৰি ডম্বৰুৱে ক’লে "লাহে লাহে কচোন মা,কোনো শুৱাই নাই সিহঁত"|মাকে ভেকাহি মাৰি ক’লে "শুই থাক ত‍ই,মোৰ কথা কিবা বুজিলেহে সিহঁতে?এতিয়া বোলে TATA manza ল’ব হেনো|আগৰ কথা পাহৰিলে হ’বলা যেতিয়া পানী পৰা ঘৰত ফটা কেঁথা লৈ শুইছিল"|বগীৰ মনতো বিদ্ৰোহী হৈ উঠিল|নাই, এইটো হ’বলৈ দিব নোৱাৰি|তাই উপায় নাপায় শেষত সেই মাৰাত্মক সিধান্ততো লৈ পেলালে|তাই সেইটো কৰিহে এৰিব|সৰুবোপা থকাৰ সময়তে তাই সকলোকে দেখুৱাব তাইৰ শকতি কিমান|তাই অলপো অপেক্ষা নকৰি দীঘলীয়াকৈ গৰ্ভধাৰণ কৰিবলৈ মৰা চিঞৰটো মাৰিলে..হেম্বা...........|ঘৰৰ মৰমৰ পুৰণি গাইগৰু বগীৰ চিনাকি চিঞৰটো শুনি মাক,ডাঙৰ বোপা আৰু সৰু বোপা দৌৰ দি আহি চোতাল পালেহি|বগীয়ে নিজৰ সিধান্তত সফলতা পাই ঘাঁহ পাগুলি পাগুলি ওঁঠৰ তলতে দুটা দাঁত সৰি যোৱা দাঁত্পাৰি উলিয়াই মিচিকিয়া হাঁহি এটা মাৰিলে|

No comments:

Post a Comment