মোৰ অনুভৱৰ নিয়ৰকণা কিছুমান আপোনালোকৰ মাজত মেলি দিছোঁ......আশা কৰিছোঁ সকলোৰে হৄদয় শ্পৰ্শ কৰিব........

Thursday, 5 July 2012

বৰা ছাৰৰ পাওনা (চুটি গল্প)


       প্ৰায় ১৯৯৪ চন মানৰ কথা|ৰোষেস্বৰ বৰা ছাৰ| অংকত বিজ্ঞানৰ স্নাতক হোৱাৰ পাছতেই দুমাহ এ জি পি গাইছিল|তাৰ সুবাদতে মাজে মাজে দৰমহা নোপোৱা অ বি বি শিক্ষকৰ চাকৰিটো পালে| টিংখাং এল পি স্কুলত|প্ৰথমে তিনি চাৰি মাহমান অসুবিধা হোৱা নাছিল|কাৰণ ধুনীয়াকৈ দৰমহা পাই আছিল|কিন্তু কেৰোণ লাগিল তাৰ পাছতহে| চৰকাৰে লাহে লাহে দৰমহা দিবলৈ বেয়া পোৱা হ’ল|প্ৰথমে একো নাছিল|কথাটোৱে গাত ধৰিল তেতিয়াহে, যেতিয়া গেলামালৰ দোকানীয়ে ৮ মাহ বাকী দিয়াৰ পাছত দিব নোৱাৰো বুলি খাটাংকৈ ক’লে|এল আই চিৰ মানুহটো ঘৰৰ পৰা চাৰিবাৰ ঘুৰি গ’ল আৰু হ’কাৰে দৈনিক বাতৰিখন বন্ধ কৰিলে|ছেঃ ইফালে ৪ বছৰ পুৰণি প্ৰেম বগীয়েও আমনি কৰি আছে বিয়াৰ বাবে|সাত পাঁচ নুগুনি লৈ আনিলে বগীক ১৮ মাহ দৰমহা নোপোৱা অৱস্থাতে বৰা ছাৰে|তাতে ঘৰৰ ভোট জলকীয়া বিক্ৰি কৰি পোৱা টকাৰে ঘুটুং পানী ধৰিছিল সেইদিনা|যি হ’ল হ’ল| সাঁচতীয়া টকাৰে কাপোৰ কানি দি কেইদিনমান ঘৰ চলালে বৰা ছাৰে|শুনিছে হেনো অহা মাহত দৰমহা হ’ব|হওকতেও শেষত যে দৰমহাটো হ’লগৈ|পিছে বৰা ছাৰৰ কপাল বেয়া দৰমহা নহ’ল|যদি এইটো সময়তে বগীৰ ঘৰৰ মনুহ মিতিৰ হ’ব আহে তেন্তে কাম শেষ|মাহৰ  শেষত এনেকোৱা হ’লগৈ যে ভঁৰালৰ ধানো শেষ, সাঁচতীয়া টকাও শেষ|

    শেষত একো উপায় নোহোৱাত বগীক সুখত ৰখাৰ স্বাৰ্থতে বৰা ছাৰে সেই মাৰাত্মক কামটো কৰিম বুলি থিৰাং কৰিলে|ৰিস্ক ল’বই লাগিব|কাৰণ বাৰীৰ শাক-পাচলিও শেষ হ’ল|ইতিমধ্যে সহকৰ্মী গোঁহাইদেৱে কামটো আৰম্ভ কৰিছেই বোলে|সেয়ে দিন বাৰ নাচায় পুৰণি চাৰ্ট পেণ্টযোৰ পিন্ধি পিছদিনা পুৱা চাইকেল খন লৈ উলায় গ’ল বৰা ছাৰ| মাত্ৰ পদূলিৰ পৰা বগীক চিঞৰি কৈ থৈ গ’ল "হেৰা আজি দেৰি হ’ব, সন্ধিয়া হ’ব চাগৈ"|আৰু মাত নামাতি কাষৰৰে গাওঁ ঢেকেৰাপাৰলৈ বুলি চাইকেল দৌৰাই দিলে বৰা ছাৰে|তিনিখন গাওঁ এৰিহে ঢেকেৰাপাৰ পায়|ধৰা খোৱাৰো ভয় নাই|ঢেকেৰাপাৰ পাইয়েই সোমাই দিলে লোহাৰ গেট লগা মানুহ এঘৰত|চিঞৰি ক’লে "হাজিৰা মানুহ লাগিব নেকি?"|চিঞৰ শেষ নহ’লেই,গৄহস্থ ওলাই আহিল মোনা এখন লৈ|বজাৰলৈ যাব হয়তো|মনতে ভাবিলে বৰা ছাৰে|গিৰিহঁতে বাৰান্দাৰ চাইকেলখন উলিয়াই গিৰিহঁতনীক কৈ গ’ল" পিছফালৰ দ’ মাটি ডৰা এওঁৰ হতুৱাই কৰাই লোৱা হে,টকা মোৰ চোলাৰ জেপতে আছে, ম‍ই আহিলো, দেৰি হৈছে"|কথাটো দেখি শুনি বৰা ছাৰৰ বগীৰ স’তে কটোৱা একে মুহুৰ্ত্ত এটালৈ মনত পৰিল|পিছে নিজক চম্ভালিলে সপোনলৈ যোৱাৰ পৰা বৰা ছাৰে|কামটো পাই বৰা ছাৰে হাততে স্বৰ্গ ঢুকি পালে|মানে প্ৰথম ঘৰতে যে কাম পালে|গৄহস্থ গুচি গ’ল|গিৰিহঁতনীয়ে মাটি টুকুৰা দেখোৱাই দিলে|দেখি বৰা ছাৰৰ চকু থিয় হ’ল|গোটেই দ’ল ঘাঁহেৰে ভৰি আছে মাটিডৰা|তথাপিও মৰো জীউ ভাৱেৰে নামি পৰিল জীৱন যুজঁত বৰা ছাৰ|এঘণ্টা থকাৰ পাছত দুইটা ভৰি খজুৱতিৰে ভৰি পৰিল, মানে ওপচকুৱা|দুইহাতে সমস্ত শক্তি দি খজুৱাইও ৰক্ষা নাই,হায় হায় অংকৰ অনাৰ্চ থকা বৰা ছাৰ|এতিয়া ওপচকুৱাৰ লগত যুদ্ধ কৰি মৰ|১২ টামান বজাত ভাত দিলে|বিহ জলকীয়া,আলু ভাজি আৰু গৰম ভাত|গো গ্ৰাসে গিলিলে বৰা ছাৰে|খোৱাৰ মাজতে বগীলৈ মনত পৰিল যদিও ভোকে পাহৰাই দিলে|খোৱা বোৱা শেষ কৰি আকৌ কামত ধৰিলে|৫ টা বজাত আজৰি হৈ ভৰি হাত ধুই টকা হাতত লওঁতেহে বুকুখন বিষায় গ’ল ছাৰৰ|৬০ টকা বৰা ছাৰৰ হাতত গুজি দি গিৰিহঁতনীয়ে ক’লে"তোমাৰ কাম বৰ ভাল, কালিলৈ আহি কাম কৰি একেবাৰে এশ টকা লৈ যাবা"|বৰা ছাৰে মুখেৰে মাতিব নোৱাৰিলে কাৰণ নিজেও প্ৰথম চাকৰি পোৱাৰ পাছত হাজিৰা লগাওঁতে ২০ টকা কমকৈ দি পঠাইছিল, পাছদিনা যাতে আহে|টকা ৬০ টা লৈ চাইকেল ফুল স্পীড দিলে যদিও বজাৰ সমাৰ কৰি ঘৰ পাই মানে ৬ বাজিল|চোতাল পায় বাহিৰত চাইকেল এখন দেখি খংটো উঠিছিলেই|কাৰণ বগীৰ স্কুলীয়া প্ৰেমিক নগেনে এবাৰ ঘুটুংপানী খায় আমনি কৰা মনত আছে বৰা ছাৰৰ|তথাপিও ধৰ্য্য ধৰিলে|পিছদুৱাৰেদি সোমাওঁ বুলি পিছফালে গৈ মোনাখন বগীক দিওঁতেই ক’লে " মোৰ মহা আহি ৰৈ আছে|মাষ্টৰ মানুহ,আপুনিও একেবিভাগৰে বুলিহে ৰৈ আছে|সোনকাল কৰক|তেওঁ যাবগৈ|মুখ হাত ধুই সোনকালে চিনাকী হৈ লওক"|হওক তেও নগেন নহয় যে|মুখ হাত মচি বগীৰ মহাকৰ লগত কথা পাতিবলৈ গৈয়েই থৰ লাগিল মহা আৰু বৰা ছাৰ দুয়ো|ৰাতিপুৱা গিৰিহতঁনীক দিহা দি অহা জনেই বগীৰ মহাক|বৰা ছাৰৰ মুৰ ঘুৰাব ধৰিলে যদিও অংকত চোকা বৰা ছাৰৰ চিন্তা হ’ল বাকী থকা ২০  টকা পাওনা পাবনে নাপায়|


No comments:

Post a Comment