মোৰ অনুভৱৰ নিয়ৰকণা কিছুমান আপোনালোকৰ মাজত মেলি দিছোঁ......আশা কৰিছোঁ সকলোৰে হৄদয় শ্পৰ্শ কৰিব........

Friday, 6 July 2012

খেল-২
       সময় ১০ বাজি ৩০ মিনিট.. জলালবাদ, আফগানিস্থান | এই মাত্ৰ আফগানিস্থানৰ এই ঠাইটুকুৰাত থকা আমেৰিকান "ছীল" বাহিনীৰ কেম্পলৈ অহা এটা বাৰ্তাত সকলো ব্যস্ত হৈ উঠিছে | কেপ্তেইন নিকোলাছ ব’লনস্কিয়ে প্ৰায়ে চিঞৰিয়েই উঠিল সতীৰ্থ সকলক উদ্দ্যেশ্যি " ফ্ৰেণ্ডছ, ইটছ ডা টাইম টু ৰিভেঞ্জ | ডা ৰিভেঞ্জ অৱ ৯/১১ | গেট ৰেডি ফ’ৰ ডা মিছন ..অপাৰেছন নেপচুন স্পীয়েৰ | হাৰী আপ |আই নীড অল পিপ’ল ৰেডি ইন টেন মিনিটছ হু ইনভ’লভড ইন ডা মিছন " | অৰ্ডাৰ পায়েই ফৰিং চিটিকা দিলে কেম্পৰ সকলো আমেৰিকান সৈনিকে | ইফালে এয়াৰ অপাৰেটৰ চীফ ততাতৈয়াকৈ সোমাই আহিল নিকোলাছৰ ৰুমলৈ | "ছাৰ , ব’থ ব্লেক হক আৰ ৰেডি টু ফ্লাই | ইউ কেন প্ৰচীড ছাৰ |" ইফালে সকলো সৈনিকৰ পোচাক পিন্ধা আৰু অস্ত্ৰ পৰীক্ষনৰ শব্দৰে ভৰি পৰিল কেম্পৰ চৌদিশ | নিকোলাছে আকৌ হেডফ’নটো কানত সোমোৱাই পেণ্টাগন আৰু হোৱাইট হাউচৰ চিটুৱেচন ৰুমৰ লগত সংযোগ ৰক্ষাত ব্যস্ত হৈ পৰিল | চিটুৱেচন ৰুম , য’ত বহি আমেৰিকাৰ ৰাষ্ট্ৰপতি বৰাক অবামাই ১৫ মিনিট আগত ঘোষনা কৰিছিল অপাৰেচনৰ আৰম্ভণীৰ মাত্ৰ এটা বাক্যৰে "ইটছ এ গ’" |

    স্থান দিচাং নৈৰ ওচৰৰ পটিলাহাবি ষ্টেডিয়াম | ফাইনেল খেলা | নাথ গাওঁ বনাম মলিয়াচুক  | বছেৰেকৰ শেষত অনুষ্ঠিত হোৱা স্বৰ্গীয় হেম নাথ সোঁৱৰণী প্ৰাইজমাণী ফুটবল প্ৰতিযোগীতাৰ ফাইনেল | সমগ্ৰ বকতা মৌজাৰ ৰাইজ গোট খাইছে | ঘন গোঁহাই বৰদেউতাৰ হাতত বৰতালযোৰ | গ’ল হ’লেই ৰক্ষা নাই | বৰতাল বাজিব‍ই | নাথ গাঁৱৰ দুৰ্ঘোৰ সমৰ্থক তেওঁ |  এই খেলাখন আমাৰ মৌজাৰ প্ৰাণ বুলিয়েই ক’ব পাৰি | সৰু ঠাইত ৰাইজে ইয়াৰে মজা লয় | মলিয়া চুকে ছেমি ফাইনেলত ট্ৰাই ব্ৰেকাৰত গোঁহাই গাঁৱক হৰুৱাই ফাইনেল পাইছে চতুৰ্থ বাৰৰ বাবে | নাথ গাৱঁৰ কেপ্তেইন কাম ষ্ট্ৰাইকাৰ বলোৰ কানৰ তলেদি এটুপাল ঘাম বৈ আহিল | কি হ’ব আজি ? গাঁৱৰ সন্মানৰ কথা | ১০ বছৰৰ পাছত প্ৰ্থম ফাইনেল পাইছে দলটোৱে | ট্ৰফীটো আৰু প্ৰাইজমাণী হাতত ল’ব‍ই ল’ব‍ই লাগিব | লগতে গাৰ্লফ্ৰেণ্ড নিশাও আছে আজিৰ মেছত | কৰ্নাৰত বায়েকৰ স’তে বহি আছে | ফিল্ডত নামি টছ কৰাৰ পাছত গোলাকাৰ হৈ গোট খালে নাথ গাওঁ বাহিনী | বলোৰ লগতে ষ্ট্ৰাইকাৰ নগেন আৰু বীৰেণ | বলোৱে এষাৰেই ক’লে মাত্ৰ " মোক ট্ৰফীটো লাগে , মানে আমাক " | কৈয়েই ওপৰলৈ হাত দি চিঞৰি উঠিল " হু....ৱা" | লগৰ কেইটাইও চিঞৰি উঠিল "হু...ৱা" |

    পাকিস্থানৰ এবেটাবাদ অভিমুখী হেলিকপ্টাৰত উঠি কেপ্তেইন নিকোলাছ ৰাডাৰৰ আগত বহিল | আফগানিস্থান আৰু পাকিস্থানৰ সীমান্তবৰ্ত্তী ৰাডাৰে ঢুকি নোপোৱা অঞ্চলেদি আগবাঢ়িল ব্লেক হক দুখন | মাজতে এবাৰ পোহৰ পৰিল পাকিস্থানি চাৰ্চ লাইটৰ | নিকোলাছৰ নিৰ্দেশ আনখন ব্লেক হক হেলিকপ্তাৰলৈ "ম’ভ টু হিলি এৰিয়া |এস্কেপ ফ্ৰম ডা চাৰ্চ লাইটছ | মেনটেইন ১০ মিটাৰ ডিচটেণ্স ফ্ৰম আৰ্থ |ম’ভ ম’ভ ..কুইকলি " | পাকিস্থানি লাইটে ভালকৈ দেখা পোৱাৰ আগতেই শব্দহীন হেলিকপ্টাৰ দুখন লুকাই পৰিল পাহাৰৰ আঁৰত | নিকোলাচে স্বস্তিৰ উশাস এটা ল’লে | ভূ পৄষ্ঠৰ পৰা ১০ মিটাৰ ওপৰেৰে ব্লেক হক দুখনে গতি ল’লে | নিকোলাচৰ হঠাতে নিজৰ ভায়েকলৈ মনত পৰিল | কি বা কৰি আছে সি ? অপাৰেচন চাকছেছ কৰৰ নামত গোটেই ইউনিট টোকেই আত্মীয় স্বজনৰ পৰা আঁতৰাই ৰখা হৈছে |নিকোলাছকো | দুসপ্তাহ আঁতৰি আছে তাৰ একমাত্ৰ ভায়েকৰ লগত কথা পতাৰ পৰা | মাজে মাজে ভাৱ হয় তাৰ কিয়নো এইখনত সোমাইছিল সি | আকৌ বৰ্তমান লাইঅফলৈ ঘূৰি আহিল সি | অৰ্ডাৰ দিলে সতীৰ্থসকলক " পুট ইয়ৰ নাইট গ্লাছেছ  এণ্ড চেক ইয়ৰ ৱেপনছ ৱানচ এগেইন " | লাইটৰ পৰা হাত সাৰি আকৌ লাহে লাহে আগবাঢ়িল এবেটাবাদ অভিমুখে হেলিকপ্টাৰ দুখন | মাত্ৰ ৫ মিনিটৰ দূৰৈত আছে এবেটাবাদ আৰু এবেটাবাদৰ সেই বিশেষ ঘৰটোৰ বিশেষ অপাৰেচনত মৰিবলগীয়া মানুহজন  |

      ফাইনেলত জমিছে | ঘন বৰদেউতাৰ তাল বাজো বাজো | বীৰেণে বল মিড ফিল্ডৰ পৰা আগুৱাই লৈ গৈছে মলিয়াচুকৰ গ’লপোষ্টৰ ফালে | দুৰন্ত গতি | পাত্তাই পোৱা নাই মলিয়াচুকে | নগেনৰ চিঞৰ  "পাছ দে পাছ দে " | নৰ’ল বীৰেণ | পিছে  বীৰেণৰ গতি ৰুদ্ধ কৰিলে মলিয়াচুকৰ ডিফেণ্ডাৰ "নাকুৱা"ই | "নাকুৱা"ৰ ষ্ট্ৰেইট পাছ  গাখীৰৰ দৰে বগা মলিয়াচুকৰ  মিডফিল্ডাৰ "তালা"লৈ | মিডফিল্ডাৰ "তালা"‍ই বল ৰিচিভ কৰাৰ পাছতেই চিঞৰি উঠিল মলিয়াচুকৰ ষ্ট্ৰাইকাৰ মাৰ্ধুৰ্য্যই " কমন তালা..... পাছ ....." | তালাৰ দিঘলীয়া পাছ মাধুৰ্য্যলৈ | মাধুৰ্য্যৰ ভৰিত বল | নাথ গাঁৱৰ ডিফেণ্ডাৰ "অকন"ক নচুৱাই মাৰ্ধুয্য‍ আগাবাঢ়িল নাথ গাঁৱৰ গ’ল পোষ্ট অভিমুখে | এটা নিখুঁত শ্বট নাথ গাঁৱৰ গ’ল পোষ্টলৈ | পিছে ৰেফাৰীৰ লগে লগে হুইচেল |  অফচাইড | মাধুৰ্য‍ই  গল কৰি আনন্দ কৰাৰ সুযোগেই নাপালে | মাটিত দুটা প্ৰচণ্ড ভুকু মাৰি উভতি আহিল মাধুৰ্য্য | মাত লাগি ধৰা তালাই দৌৰি দৌৰি মাধুৰ্য্যৰ কান্ধত থপৰিয়াই ক’লে " কু..কু..কু...ল...ল..মা মা মা মা ধু,....কু..কু..কু...কু...ল" | নগেনেও এটা হুমুনিয়াহ এৰিলে | এইবাৰ মলিয়াচুকক কণ্ট্ৰল কৰা কষ্ট হ’ব | ঘন বৰদেউতাই এবাৰ বৰতাল এনেই বজালে | বলো আকৌ এবাৰ ঘামি উঠিল | সন্মানৰ কথা আছে | হমমমম |হুমুনিয়াহ এটা কাঢ়িলে সি |
     এবেটাবাদৰ ওচৰ পোৱাৰ লগে লগে সতৰ্কিত হ’ল নিকোলাছ আৰু সতীৰ্থসকল | সেই  ত্ৰিভূজাকাৰ চাৰিসীমাৰ বিশেষ ঘৰটোৰ খালী ময়দানত শব্দহীন ব্লেক হক দুখনৰ প্ৰথমখন লেণ্ডিং কৰাওঁতেই পাংখা এখন টেলিফ’নৰ তাঁৰত লাগি পাকঘূৰণি খাবলৈ আৰম্ভ কৰিলে | নিকোলাছৰ চিঞৰ "হল্ড ইউৰ পজিছনছ এণ্ড ডণ্ট মেক নয়জ, পাইলট অফ ডা ইঞ্জিন " | হেলিক্প্টাৰখন মাটিত খুণ্ডা খাই ৰ’ল | দ্বিতীয়খনে খুব সন্তৰ্পনে লেণ্ড কৰিলে | ক্ৰেছ হোৱা হেলিকপ্টাৰখনৰ পৰা নিকোলাছ আৰু পাঁচজন সৈনিক প্ৰায় অক্ষত অৱস্থাত উলাই আহিল | আহিয়েই নিকোলাছৰ অৰ্ডাৰ "ম’ভ টু ডা বিল্ডিং..অন ইয়ৰ কেমেৰাজ..প্ৰেচিডেণ্ট নীড লাইভ টেলিকাষ্ট..ম’ভ..মভ.." | প্ৰায় দৌৰিয়েই গ;ল নিকোলাছ | আগত দুজন সৈনিক | ঘৰটোৰ সন্মুখৰ ইষ্টিলৰ দুৱাৰখন বিস্ফোৰকেৰে উৰাই দিলে আমেৰিকান ছীল বাহিনীয়ে | ভিতৰলৈ ততাত্য়াকৈ সোমাই গ’ল নিকোলাছ বাহিনী | সোমায়েই দুজন গাৰ্ডৰ লাওখোলা উৰুৱাই দিলে আগ্নেয়াস্ত্ৰৰে আমেৰিকান সৈনিকে | সিটো ৰুমৰ দুৱাৰৰ কাষত ৰিভলভাৰ লৈ ৰৈ থকা ওপৰ মহলত থকা বিশেষ মানুহজনৰ বিশস্ত "খালিদ"ৰ দেহাটো ততালিকে তপত বুলেটেৰে চালনী কৰি পেলালে নিকোলাছৰ সৈন্যগনে  | নিকোলাছৰ সৰু শব্দৰে অৰ্ডাৰ " ম’ভ টু্ৱাৰ্ডছ দা মেটেল দ’ৰ.....আপ ষ্টেয়াৰছ .....আপ ষ্টেয়াৰছ " | সৰু অথচ কঠিন নিৰ্দেশ | প্ৰায় অপাৰেচনৰ সামৰনিৰ ফালে আহিল নিকোলাছ | এতিয়ালৈকে সকলো ঠিকে আছে |
     নাথ গাঁৱৰ মিডফিল্ডাৰ "দীপক"ৰ ভৰিত বল | মলিয়াচুকৰ তাৰকা ডিফেণ্ডাৰ "জ্যোতি" বেগেৰে আগুৱাই আহিল | দীপকৰ পাছ বীৰেণলৈ | বীৰেণৰ চাতুৰীৰে ভৰা পাছ আকৌ দীপকলৈ | মাজতে বল থপিয়ালে মলিয়াচুকৰ মিডফিল্ডাৰ "তালা"ই | তালাৰ পাছ মাৰ্ধুয্যলৈ | মাধুৰ্য্যৰ আকৌ দিঘলীয় শ্বট নাথ গাঁৱৰ গল পোষ্টলৈ | জপিয়াই হেড কৰিলে ডিফেণ্ডাৰ "অকনে" | বল আকৌ দীপকৰ ভৰিত | চলন্ত অৱস্থাতে ওপৰৰেৰে মাৰি পঠালে ষ্ট্ৰাইকাৰ "বলো"লৈ | মলিয়াচুকৰ দুজন ডিফেণ্ডাৰৰ মাজত বল ৰিচিভ কৰিলে বলোৱে | নাথ গাঁৱৰ মানুহে চিঞৰি উঠিল | ব..লো..ব..লো | ডিফেণ্ডাৰ জ্যোতিক ঠগি মলিয়াচুকৰ গলকীপাৰে কিবা কৰিবলৈ পোৱাৰ আগতে এটা শক্তিশালী শ্বট বলোৰ | গল | গলপোষ্টৰ সোঁকোনত সোমাল বলটো | য়েছ য়েছ য়েছ | বলোৰ উল্লাস | ঠাং...ঠাং ..ঠাং..| ঘন বৰদেউতাৰ বৰতালৰ কোব | জপিয়াই পৰিল লগৰবোৰ বলোৰ গাৰ ওপৰত | বলোৰ কিন্তু মনলৈ আহিল ককায়েকৰ কথাহে | কি বা কৰি আছে সি | উল্লাহ আনন্দৰ মাজতে  চেৰেঙকৈ মনত পৰিল |বহুত দিন খবৰ পোৱা নাই | আকৌ  চেন্টাৰ লোৱাৰ পাচতেই জংঘলী হৈ উঠিল মলিয়াচুকৰ ষ্ট্ৰাইকাৰ "মাৰ্ধুৰ্য্য" আৰু "নৰেন" | যেন ক্ষুধাতুৰ বাঘহে | তালাৰ পাছ মাধুৰ্য্যলৈ | মাধুৰ্য্যই গাৰ জোৰেৰে বল আগুৱাই নিলে | ডিফেণ্ডাৰ "অকন"ক বগৰাই আগবাঢ়িল মাধুৰ্য্য | ফাউল হোৱা নাই |নাথ গাঁৱৰ গলপোষ্টৰ ওচৰত  মাধুৰ্য্যৰ পাছ নৰেনলৈ | নৰেনৰ এটা লুজ শ্বট | বল বাৰত লাগি উফৰিল কৰ্নাৰৰ ফালে |কৰ্নাৰৰ পৰা  মিডফিল্ডা্ৰ "জ্যোতি"ৰ শূন্যত বেঁকাকৈ যোৱা শ্বট গল  পোষ্টৰ অলপ আগলৈ | এটা শক্তিশালী জাপ মাধুৰ্য্য আৰু অকনৰ | একেলগে | এটা নিখুঁত হেড মাধুৰ্য্যৰ | গল | ঘন বৰদেউতাৰ বৰতাল আকৌ বাজিল | খেল ড্ৰ |

      সময় ১২.৪০ এবটাবাদ | নিকোলাছে সতীৰ্থক আদেশ দিলে " ব্ৰেক ডা দ’ৰ " | লগালগ সৈনিক কেইজনে বিষ্ফোৰক লগাই গধুৰ ধাতৱ দুৱাৰখন খুলি ওপৰলৈ সোমাই গ’ল নিকোলাচ বাহিনী | এক্সট্ৰা টাইম | মাত্ৰ আৰু ১০ মিনিট বাকী খেল শেষ হ’বলৈ | বলোবাহিনীৰ আপ্ৰান চেষ্টা | প্লেনিং চেঞ্জ | তিনিজন ষ্ট্ৰাইকাৰ ল’লে বলোৱে | দুৱাৰ খোলা আৰু গুলীৰ শব্দত সাৰ পালে বিশেষ মানুহজনে | সাৰ পালে পি এইচ ডি ডিগ্ৰীধাৰী পত্নী "আমাল" | কোঠাৰ ধাতুৰ দুৱাৰখন খুলি পেলালে মানুহজনে | যেন নিজৰ মৄত্যুক আহ্বান | ইফালে নিকোলাছে সন্তৰ্পনে আগবাঢ়িল বিশেষ মানুহজনৰ কোঠা অভিমুখে | মাধুৰ্য্যৰ ভৰিত বল | মাধুৰ্য্যৰ বেকৱাৰ্ড পাছ মিডফিল্ডাৰ তালালৈ | তালাৰ পাছে পাছে আগবাঢ়িল  দীপক | বল কঢ়াৰ নিষ্ফল চেষ্টা | তালাৰ পাছ ষ্ট্ৰাইকাৰ নৰেনলৈ |খোলা ধাতৱ দুৱাৰেৰে ভুমুকিয়াই চালে বিশেষ মানুহজনে | নিকোলাছে মুখখন দেখিয়েই চিনাত ভুল নকৰিলে | নৰেনৰ দুৰন্ত শ্বট নাথ গাঁৱৰ গলপোষ্টলৈ | নাথ গাঁৱৰ জধলা ডিফেণ্ডাৰ জালিয়াৰ জধলা শ্বট | শূন্যত বল আগবাঢ়িল মিডফিল্ডৰ ফালে | নিকোলাছে খুব সন্তৰ্পনে দুজন সৈনিকক লগত লৈ সোমাল খোলা ধাতৱ দুৱাৰ খনৰ ভিতৰত | বিশেষ মানুহজনৰ পত্নী আমলাই তিনিজন অচিনাকি মানুহক দেখি চীত্‍কাৰ কৰি উঠিল আৰৱী ভাষাত | আমলাক ঠেলা মাৰি দিলে এজন সৈনিকে | মিডফিল্ডত বল ৰিচিভ কৰিলে দীপকে | দীপকৰ দুৰন্ত বেগ মলিয়াচুকৰ গল পোষ্ট অভিমুখে | চলন্ত পাছ বলোলৈ | নিকোলাছৰ এজন সৈনিকে আমলাক উদ্দেশ্যি গুলী কৰিলে | ডিঙিত গুলী লাগি শুই পৰিল আমলা | বিশেষ মানুহজনে নিজৰ পত্নীৰ মৄত্যু দেখি কিং কতৰ্ব্য বিমূঢ় হ’ল | বলোৰ তীব্ৰ শ্বট | হেণ্ড বল | ডিফেণ্ডাৰ জ্যোতিয়ে হেণ্ড কৰিলে | হুইট হুইট | পেনাল্টী | মলিয়াচুক ভাগি পৰিল | ষ্ট্ৰাইকাৰ বীৰেণে শ্বট ল’লে | চু...ই.ই.ই..ট | তীব্ৰ শ্বট | বিশ্বৰ সকলোৱে ভয় কৰা সেই বিশেষ মানুহ জনৰ বুকুত আৰু চকুত এটাকৈ গুলী কৰিলে নিকোলাছে | লাওখোলা উৰি গ’ল | বাৰত লাগি বীৰেনৰ শ্বট উভতি আহিল | অ...উ..উ.উ | ৰাইজৰ চিঞৰ | মানুহজনৰ লাওখোলা চিলিঙত লাগি ধৰিল | বাৰত লাগি দীপকৰ ভৰিত বল | মানুহজনৰ শৰীৰ ঢলি পৰিল | দীপকৰ শূন্যত পাছ বলোলৈ | নিকোলাছৰ আকৌ দুটা গুলী | থিচিউ..থিচিউ | বলোৰ এটা ফ্লায়িং কিক বলটোত | মানুহজনে এটা গেঙনি দি শেষ উশাহ ল’লে | এটা নিখুঁত শ্বট বলোৰ | গল | নিকোলাছৰ হেডফনত বাৰ্তা প্ৰেৰন পেণ্টাগন আৰু হোৱাইট হাউচলৈ "অপাৰেচন নেপচুন স্ফীয়েৰ চাকচেছ .....অপাৰেচন চাকচেছফুল....টাৰগেট ইজ ডাউন...বেক টু বেছ....অভাৰ" | বলোক ডাঙি ধৰিলে সতীৰ্থবৄন্দ‍ই | বলোৱে ততাতৈয়াকৈ গ্ৰীনৰুমলৈ সোমাল | ফ’নটো উঠাইয়েই লগালে বৈমাত্ৰাকি ভাতৄলৈ | নিকোলাছৰ ফ’নটো বাজিল | ৰিচিভ কৰিলে সি
- " বলোভাই , লাডেন ইজ ডেড **** ....আহি আছো এমাহৰ ছূটীত"
-" আমিও জিকিলো , আহি যা ত‍ই | মা ৰৈ আছে তোলৈ | তোৰ লগতে এইবাৰ ম‍ইও আমেৰিকালৈ যাম..এতিয়া চিয়েৰ্ছ " কৈয়েই ফ’ন কাটিলে বলোৱে |
   ইফালে হোৱাইট হাউচৰ চিটুৱেচন ৰুমত লাদেনক শেষ কৰাৰ বাবে অভিনন্দন জনোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল | ৰাষ্ট্ৰপতি বৰাক অবামাই আনুষ্ঠানিক ঘোষনা কৰিলে "অপাৰেচন নেপচুন ষ্ফীয়েৰ ইজ চাকচেচফুল....অচামা বিন লাদেন ইজ ডেড " |

No comments:

Post a Comment