মোৰ অনুভৱৰ নিয়ৰকণা কিছুমান আপোনালোকৰ মাজত মেলি দিছোঁ......আশা কৰিছোঁ সকলোৰে হৄদয় শ্পৰ্শ কৰিব........

Sunday, 8 July 2012

ফাগুনৰে পচোৱা

                "মন মোৰ উৰি গুচি যায়
                কি জানো পায়ো হেৰুৱাই
                ফাগুনৰে উৰনীয়া বা
                আলশুৱা কহুঁৱাৰে ছাঁ"
            


     ফাগুন মানেই এটা আবেগ|এটা ৰিঙা ৰিঙা মনৰ নিচা নিচা আবেশ|মন মতলীয়া কৰি তোলা মাহ হ’ল ফাগুন|ফাগুনে জগাই তোলে প্ৰত্যেকটো প্ৰেমিক সত্বাক|ৰন্ধ্ৰে ৰন্ধ্ৰে জগাই তোলে প্ৰেম|এটা প্ৰেমৰ মাহ|চতুৰ্দিশ কেৱল প্ৰেম|পলাশ,শিমলু ফুলাৰ বতৰ|শুভ্ৰ কহুঁৱা পচোৱাত হালি জালি থকাৰ দিন|নীলা আকাশত শুকুলা ডাৱৰে খেলাৰ বতৰ|সকলোবোৰতে এটা মন মতলীয়া ভাৱ|যিদৰে কেতিয়াবা বৰদৈচিলাই সংহাৰ মূৰ্তি ধাৰণ কৰি মষিমুৰ কৰি পেলায় ঠিক সেইদৰে মন মতলীয়া আবেশবোৰৰ মাজত লুকাই থাকে দুখ|ফাগুনে সুখো আনে চপচপীয়াকৈ|দুখো আনে সমানে|মুঠতে ফাগুনে কন্দোৱাইও হঁহুৱাইও|

     ফাগুন মাহ বুলিলেই মনটো লৰ মাৰে ল’ৰালিলৈ|ফিৰফিৰীয়া বতাহ্জাক অহাৰ লগে লগেই আমি ল’ৰা মখাই লৰ ধৰিছিলো অৰ্ধমৄত শুকান নৰানীৰে ভৰা পথাৰৰ মাজে মাজে|উদ্দেশ্য চিলা ধৰাৰ হেপাঁহ|আমাৰ অঞ্চলটোত এটা প্ৰায় অঘোষিত নিয়মৰ দৰেই হৈছিল চিলা উৰুৱাই দিয়াটো|মানে চিলাখন এটা নিদিষ্ট উচ্চতালৈ যোৱাৰ পাছত সূতাডালৰ মাজেদি এখন ব্লেদ সুমুৱাই দি সূতাডাল নষ্ট নোহোৱাকৈ চিলাখনৰ গুৰিতে কাটি উৰুৱাই পঠাই দিয়া হয়|তাৰ আগতে চিলাখনত নাম ঠিকনা লিখি দিয়াৰ নিয়ম|এইদৰে উৰুৱাই পঠিয়াই দিয়াৰ পাচত চিলাবোৰ কোনো ঠাইত উৰি উৰি পৰেগৈ|আমি পঠোৱাবোৰ বেলেগত|বেলেগে পঠোৱাবোৰ আমাৰ তাত|আমি তেনেকৈ কেইবাখনো চিলা গোটাই পাছত নাম ঠিকনা উলিয়াই, ওচৰত হ’লে চাইকেল মাৰি দি আহিছিলোগৈ|বন্ধুত্ব গঢ়াৰ মানসেৰে|যোৱাৰ পাচত সেইখন গাৱঁত ল’ৰাবোৰে যি পাৰে তাকে খাবলৈ দিছিল|টেঙা টুকুচা, মাধৈ মালতী,....যি পাৰে|একো নাপালে যেতেলী পকা|আমিবোৰে খুব আনন্দ পাইছিলো|ফাগুনে আনি দিছিল সেই আনন্দ|একমাত্ৰ ফাগুনেহে পাৰিছিল|কিয়নো দেহমন উৰুৱা বতাহজাক ফাগুনতহে আহিছিল|

     ফাগুন মাহত আমাৰ লুকুমজানৰ পাৰৰ কলমৌবোৰ শুকাই যায়|বাঁহ লয় ডাউক,নেউল,আৰু ক’ত জাতৰ যে বনৰীয়া চৰাইয়ে|তাৰ মাজত আমাৰ চকুত পৰা মঙহাল বিধৰ চৰাই আছিল বন কুকুৰা|আমি অকলে যাব পৰা মখাই ঘৰৰ পোহনীয়া কুকুৰ মখা লৈ ওলাই যাওঁ ৰাতিপুৱাই চিকাৰলৈ|দেওবাৰৰ দিনা|মোৰ কুকুৰটোৰ নাম "বেঞ্চি"|গোটেই চিকাৰী কুকুৰ দ’লৰ ভিতৰত এক নম্বৰ|কাৰণ সি কেঁচা মাংস নাখায়|সি নিজে ধৰা চিকাৰ সকলোবোৰ আনি মোৰ কাষত দি দিয়ে|গতিকে সি সকলোৰে প্ৰিয় পাত্ৰ|আমি চিকাৰ কৰা চৰাইবোৰৰ ভিতৰত বেছিভাগেই ডাউক আৰু বনকুকুৰা|চাৰি পাঁচটা মৰা হ’লেই উভতো বনভোজৰ আয়োজনৰ কাৰণে|মাংসৰ প্ৰথম ভাগটো যায় চিকাৰী কুকুৰ কেইটালৈ|যাতে ৰোষে নধৰে|খাওঁতে খাওঁতে সন্ধিয়া হয়|ৰাতিলৈ পঢ়াৰ টেবুলত টোপনিয়াই থাকোঁতে গালত মাৰ হাতৰ বোন্দা চৰ দুই এপাট পৰে|কেতিয়াবা কপৌচেলোৱা|তথাপি নেৰো আমি চিকাৰ কৰিবলৈ নতুবা বনভোজ খাবলৈ|গাঁৱত থাকোতে সেইয়া আছিল ল’ৰালিকালত আমাৰ ফাগুনৰ মাদকতা|ফাগুন আমি সেইদৰেই উপভোগ কৰিছিলো|

    ফাগুনৰ পচোৱাৱাই কঢ়িয়াই লৈ আহে প্ৰেমৰ বতৰা|কৈশোৰ পাৰ কৰি যৌৱনত ভৰি দিয়াৰ পাছৰ পৰাই ফাগুনৰ সেই বলিয়া বতাহ্জাকৰ প্ৰতি এক অনামী আকৰ্ষন গঢ়ি উঠিছিল|এটা যেন প্ৰেম প্ৰেম ভাৱ|তেনেকোৱা এটা মদাৰ, পলাশ ফুলাৰ বতৰতে কলেজৰ চাঁদত দিছিলো কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ|প্ৰত্যাশিত উত্তৰ "হাঁ"|মন মগজু উতলা হৈ উঠিছিল ফাগুনৰ বতাহজাকৰ দৰেই|যেন এটা ৰিঙা ৰিঙা উন্মনা মন|হোষ্টেলৰ পৰা ঘৰলৈ গ’লেই প্ৰেয়সীয়ে কলেজত দিয়া চিঠিবোৰ সামৰি সুতৰি লৈ গৈছিলো গাঁৱৰ লগৰবোৰক দেখোৱাবলৈ|পঢ়া চিঠিবোৰকে উৰাই ঘূৰাই টাকুৰ ঘূৰাই পঢ়িছিলো পঢ়িছিলো ফাগুনৰ বতাহৰ আমেজ লৈ লৈ|পথাৰৰ আমজোপাৰ তলতে বহি থাকোঁতে প্ৰেয়সীৰ কথা মনত পৰিলেই ভাল লাগিছিল|মনলৈ আহিছিলি ৰিব ৰিব মলয়াত ঢৌ খেলা চুলিৰ গৰাকীলৈ|কিন্তু সেই শ্মৄতিকে সাৱটি খোলা পথাৰৰ সোঁমাজত থকা আমগছজোপাৰ তলত নিৰলে বহি তেনেকোৱা এটা বলিয়া ফাগুনৰ দিনতে প্ৰেমত প্ৰতাৰিত হৈ নিৰলে কান্দিছিলো|হেপাঁহ পলোৱাই|কোনেও নেদেখাকৈ|সেয়ে সয়তো অনুভৱ হৈছিল|ফাগুনে সুখ আনে উভৈনদীকৈ|দুখো আনে চপচপীয়াকৈ|

   ফাগুন মাহতে আমাৰ জাতীয় জীৱনৰ গৌৰৱ, বৰপেটীয়া মানুহৰ বুকুৰ আপোন, ৰঙৰ উত্‍সৱ "ফাকুৱা"ৰ দিন|দৌল যাত্ৰা|চতুৰ্দিশে কেৱল ৰঙ আৰু আনন্দ|হয়তো ফাগুন মাহ ভাগ্যৱান ইমান সুন্দৰ এটা উত্‍সৱ নিজৰ বুকুত কঢ়িয়াবলৈ পোৱাৰ বাবে|বৰপেটাৰ এই উত্‍সৱটিয়ে হয়তো বান্ধি ৰাখিছে এখন সমাজক একতাৰ ডোলেৰে|ফাগুনৰ কাৰণেই এখন সমাজ বান্ধ খাইচে একতাৰ ডোলেৰে|উত্‍সৱৰ মাজেদি|কি যে মহান এই ফাগুন|

   ফাগুন আহিলেই মন উৰা মাৰে ল’ৰালিকাললৈ, ডেকা জীৱনৰ মাদকতাবোৰলৈ|বলিয়া ফাগুনে মতলীয়া কৰা জীৱনৰ প্ৰ্ত্যকটো ক্ষনলৈ|ফাগুনৰ পচোৱাত উৰি ফুৰা শিমলু তুলাৰ পাছে পাছে দৌৰি ফুৰা দিনবোৰলৈ|গাঁৱৰ ডাঙৰমখাই ফুটবল,ভলীবল লৈ ব্যস্ত থকাৰ সেই দিনবোৰত আমিবোৰ ব্যস্ত হৈছিলো শিমলু তুলাৰ পাছে পাছে দৌৰাত|সেই দৌৰ যি আৰম্ভ হ’ল তুলাৰ পাছত|শেষেই নোহোৱা হ’ল|সেইয়া দৌৰ পৰিবৰ্তিত হ’ল জীৱনৰ দৌৰলৈ|কিন্তু ফাগুন একেই থাকিল|একেই থাকিল নীলা আকাশ,শিমলু তুলা, পলাশৰ ৰঙ, ফাগুনৰ পচোৱা আৰু মন মতলীয়া কৰা এটা আবেশ|মাত্ৰ সলনি হ’ল জীৱনৰ দৌৰ|ফাগুনে দৌৰ নামাৰে, আকৌ কাৰোবাক উত্‍সাহ দিব|মন মতলীয়া কৰাব|জীৱন যুজঁলৈ আগুৱাই দিব কাৰোবাক|কিন্তু ফাগুন একেদৰেই থাকিব|

                "তুমি অহাবাটেৰেই ফুলি উঠে
                হাজাৰ প্ৰেমৰ কলি,
                তুমি কোৱা কথাবোৰত ফুটি উঠে
                মৰুময় জীৱনত আশাৰ ৰেঙনি|
                আহিবা,আহিবা, আহিবা তুমি
                ফাগুনৰ গাতে আউঁজি
                জোনাক কৰিবলে মোৰ আউঁসী|"

                                        -প্ৰদ্যুত্‍ জ্যোতি শ‍ইকীয়া

No comments:

Post a Comment