মোৰ অনুভৱৰ নিয়ৰকণা কিছুমান আপোনালোকৰ মাজত মেলি দিছোঁ......আশা কৰিছোঁ সকলোৰে হৄদয় শ্পৰ্শ কৰিব........

Thursday, 5 July 2012

মোল্লাজীৰ দাড়ি


  তীব্ৰ গতিত আহি আছে অসম চৰকাৰৰ অৱদান,ৰাইজৰ পদূলিলৈ| ডাক্টৰবোৰৰ কাৰণে মুৰৰ কামোৰনি,108 সেৱাৰ চুপাৰ ফাষ্ট বাহন খন|মৄত্যুঞ্জয় 108|গন্তব্য স্থান বদৰপুৰ মাদ্ৰাছা|চালক আবুল|মনত চিন্তা, ঈদলৈ বেছি দিন নাই হাতত টকাও নাই|দুখেই লাগিল তাৰ|ৰবিৰ ধাবাত দুই পেগ মাৰি যাব লাগিব,মনে মনে ভাবিলে আবুলে|পেওঁ পেওঁ পেওঁ..গগন ফলা শব্দ|ৰাস্তাৰ পৰা মানুহ চিতাচিত ভাগিছে|ৰোগী চিৰিয়াচ বোলে "ডায়েৰিয়া" হৈ "হাইপ’ভলিমিয়া"|ডেঞ্জাৰ কেছ|গাড়ীৰ বাওঁ চিটত ২৬ বছৰীয়া সুন্দৰী যুবতী চাবিনা মজুমদাৰ|মুখত উদ্বিগ্নতাৰ বৰ্হি প্ৰকাশ|কিমান বা ডেঞ্জাৰ কেছ|আছলতে চাবিনাৰ ১০৮ ত সোমোৱাৰ ইচ্ছা নাছিল|মাষ্টাৰ ডিগ্ৰীৰ পাছত প্ৰবক্তাৰ চাকৰি ধৰিব পৰা জালখন(NET) বহুতবাৰ চেষ্টা কৰিও ভালকৈ ফুলাব নোৱাৰিলে|ফলিখনো(SLET)ভঙাৰ চেষ্টা কৰিছিল যদিও ইমান টান ফলিখন, সেইফালেও আধ্যা পৰিল|শেষত মনৰ দুখতে চিৰদিনৰ বাবে নগালেণ্ডৰ মাতৄ গৄহ ত্যাগি বদৰপুৰৰ বাপেকৰ ঘৰলৈ আহিল|মাক "মাৰ" জাতিৰ নগা মানুহ|বাপেক মুছলমান, নাম হেলাল‍উদ্দিন|মাকৰ ফালৰ পৰা পালে তাই এটা চকুত চাট মৰা ৰুপ আৰু বাপেকৰ ফালৰ পৰা পাঠান বোৰৰ নিছিনা উচ্চতা থকা  এটা লাহী আৰু সুগঢ়ী শৰীৰ| ৫ ফুট ৯ ইঞ্চি|চকুত পাতলীয়া কাজল, কান্ধত পৰা মেলি থোৱা চুলি আৰু চকুত পাতল ফ্ৰেমৰ চচমাযোৰৰ সতে অপূৰ্ব বুলিয়েই ক’ব পাৰি|পিছে কামত নাহিল এনে ৰুপ সৌন্দৰ্য্য|এতিয়া ৭,৫০০টকাৰ চাকৰি এটা কৰি আছে|অবশ্য সন্তুষ্টিৰ কথা এটাই যে তাইৰ সদ্য বয়ফ্ৰেণ্ড, শ্ৰীগৌৰী হস্পিতালৰ ডেকা ডাক্তৰ আবু নাচিম আহমেদ|মোটামুটি সুখতে আছে যদিও কম টকাৰ চাকৰিৰ বাবে দুখ লাগে কেতিয়াবা|জোৰদাৰ প্ৰেম চলি আছে তাইৰ ডাক্টৰৰ স’তে|
    গাড়ী আহি পালে মাদ্ৰাছা|হোষ্টেলৰ ৭ নম্বৰ ৰুমত আছে ডায়েৰিয়াৰ ৰোগী|গোটেই কৰিড’ৰটো আমোলমোলাই আছে ডায়েৰিয়া মহামাৰীৰ চিনাকি গোন্ধটো|মুখত মাস্ক লগাই চাবিনা সোমাই গ’ল ৰুমত|ষ্ট্ৰেচাৰ লৈ লগত আবুল|সোমায়েই প্ৰায় ১০ ইঞ্চি দীঘল শুধ বগা ডাৰিৰ বৄদ্ধ মোল্লা এজনৰ লগত খুন্দা খালে তাই|স্কীন ফিটিং জীনছ আৰু টি চাৰ্টৰ লগত এপ্ৰন পিন্ধি যোৱা চাবিনা অপ্ৰস্তুত হ’ল|এই বুলি গল্পতহে লিখিব পাৰি,বা পঢ়িব পাৰি|চাবিনাৰ ক্ষেত্ৰত নহয়|চাবিনাই এইটো চাকৰিত সোমোৱাৰ পৰা কাহানিও এইবোৰ পৰিস্থিতিত অসহজ অনুভৱ কৰা নাই|গহীন মাতেৰে তাই ক’লে "মাফ কৰুন আমাকে,আমি দেখছি না"|কৈযেই ৰোগীটোত মনোনিবেশ কৰিলে চাবিনাই|চকীখনৰ সোমাজতে গোলকৈ কাটি টিকাটো খোৱাই থোৱা আছে ৰোগীৰ|তলত এটা বাল্টি|ডাইৰেক্ট হৈ গৈছে তাৰ মানে|সেই কাৰণে ইমান গোন্ধ |দৄশ্যটো দেখি মনৰ মাজতে হাঁহি হাঁহি "কেনুলা" এটা লগালে তাই|তাৰাতাৰি গাড়ীত তুলি ৰোগীক লৈ গ’ল শ্ৰী গৌৰী সমূহীয়া স্বাস্থ্যকেন্দ্ৰ|যাওঁতে ভাবি গ’ল অন ডিউটীত আবু থাকিলে মজা পাব আজি ৰোগীটো চাই|আবুক দেখাৰ ইচ্ছা হ’ল তাইৰো|আকৌ তীব্ৰ গতিত আগবাঢ়িল 108, ডাঃ আবুৰ মুৰৰ কামোৰণি তুলিবলৈ|
  
    সন্ধিয়া আবুল দ্ৰাইভাৰে 108ৰ ইভিনিংৰ ইনচাৰ্জ হানিফক ভাত খাবলৈ লৈ গ’ল বদৰপুৰ|চাবিনা ঘৰত,ডিউটী শেষ |খোৱা বোৱা কৰি পান এটা মুখত ভৰাই টকা দিব লওঁতেই দোকানীয়ে ক’লে"তাইন দিয়া দিছে"|মানুহজনৰ ফালে চালে খটাসুৰ বুলি সুনাম থকা হানিফে|আবুলে চিনি পালে মানুহজনক|অথনিৰ মাদ্ৰাছাৰ মোল্লাজী|শুধ বগা দাড়িৰে সৈতে|মোল্লাজীয়ে ক’লে"আমাৰ ৰোগীটাকে তোম্ৰা বহুত ভাল কৰিয়া দেখছৈইন|এইটাৰ লাগি পাণ খাৱাইছি"|কেতিয়াবা ভাল মানুহবোৰে এনেকৈ চাহ পান খোৱায়, হানিফে ভাবিলে|চাবিনাই কষ্ট কৰিলে আৰু সি খালে|ভালেই পালে হানিফে, ১০ টকা ৰ’ল|তাৰ পাছত আকৌ পিছদিনা ল’গ পালে মোল্লাজীক| চাহৰ দোকানতে| এইবাৰ আকৌ চাহৰ বিল|পিছৰদিনা আকৌ চাহৰ বিল|কথা বতৰা পাতি গম পালে মোল্লাজীৰ তিনি ঘৈনী, ১০টা ল’ৰা,তিনিজনী ছোৱালী হেনো, আল্লাৰ কৄপাত দুগৰাকী ঢুকাইছে ৬ বছৰ আগেয়ে হেনো|শিৱসাগৰীয়া মুছলমান হানিফৰ চকু কেইটা অমৰা গুটি হ’ল|ডাঙৰটো ছৌদি আৰৱত থাকে|এতিয়া আহিছে বিয়া পাতো বুলি|হানিফে অলপ স্বাৰ্থৰ গোন্ধ পালে|শুধিম শুধিম বুলি থাকোতে মোল্লাজীয়ে নিজেই শুধিলে চাবিনাৰ কথা|পঢ়া শুনাৰ পৰা আৰম্ভ কৰি ঘৰ বাৰী সকলো|হানিফেও অলপ কথা পতা যাওক বুলি ডাঙৰ ল’ৰাটোৰ পঢ়া শুনা কামৰ বিৱৰণ শুধি পেলালে|চাবিনাক জোকাবলৈ ভাল হ’ব|মোল্লাজীয়েও গোটেই বিৱৰণ দিলে|এইদৰে প্ৰায় একসপ্তাহমান মোল্লাজীৰ পৰা চাহ,কফি,পোলাও,ঘুগুনি সৰকালে হানিফে চাবিনাক বিয়াৰ কথা কম কম বুলি|দেওবাৰৰ দিনা বদৰপুৰৰ হানিফ থকা ৰুমলৈ মোল্লাজী আহি ক’লে যে ডাঙৰ ল’ৰাটোৰ বিয়া থিক হৈছে|ছোৱালী বিছাৰি পাইছে|হানিফে সকাহ পালে কথাষাৰ শুনি|ভালেই হ’ল, চাবিনাক সি আৰু কথাটো শুধিব নালাগে|এনেও উত্তৰ কি পালেহেঁতেন জনা আছে তাৰ|পিছে হানিফ  মুৰ ঘুৰাই পৰিল মোল্লাজীৰ পাছৰ কথাষাৰ শুনি "ছেলেটাৰ চাদিৰ আগেই আমাৰ আৰু চাবিনাৰ চাদি হৈ যাইতে লাগব’|চাবিনাৰ আগে তাৰা তাৰি কৈবাই|আমি আয়িতাৰা|বহুত বজাৰ কৰা লাগব’"|গুছি গ’ল মোল্লাজী|৫ মিনিটমান পাছত জ্ঞান ঘুৰাই পোৱা যেন পালে হানিফে|ছাল্লা,মানে অতদিনে ৫ জনী বিয়া পতা বুঢ়া মোল্লাই ৬ নম্বৰত ২৬ বছৰীয়া চাবিনাক নিজৰ কাৰণেহে বিছাৰি আছিল|হে আল্লা কি দিন আহিল|হানিফে চাবিনাক ফোন কৰি কোৱাত তাই হাঁহিত ফাটি পৰিল|একে হাস্পাতালত কাম কৰাৰ সূত্ৰে আবু তালেবৰ পৰা ম‍ইও শুনিব পালো|হানিফ পিচে বিপদত পৰিল এতিয়া| কেনেকৈ নাকচ কৰা যায়|ইতিমধ্যেই বহুত উত্‍কচ খোৱা হৈছে,চাহ-কফি হিচাপেই হওক বাৰু|শেষত উপায় বিছাৰি পালে হানিফে|মিচিকিয়াই হাঁহিলে হানিফে মনে মনে|সন্ধ্যা মোল্লাজী আহিলত কথাৰ মহলা নামাৰি চিধাই কৈ দিলে"কাকু, আপনাৰ দাৰিটা চাবিনাৰ পচন্দ হচ্ছে না,এই লাগি চাদি ৰিজেক্ট কৰিয়া দিছে"|মোল্লাজীয়ে বিষন্ন বদনে ক’লে"আগৰ ৫ ফেমিলি এই দাৰি দেখাইয়া আনলাম|তাইন একটো এডজাষ্ট কৰা লাগব’|তাইনৰে কৈবা আমি দাৰি কাটতে পাৰতাম নাই|যদি পাৰা যাই এডজাষ্ট কৰি লৈব’,দাৰি চাৰা হৈত না"|মোলান পৰা মুখ লৈ উভতিল নতুন ঘৈনীৰ সন্ধানত মোল্লাজী|
     
      আজিকালিও কেতিয়াবা হানিফে কল্পনা কৰে চাবিনাক মোল্লাজীৰ সতে এটা ৰোমান্টিক গানৰ চিকুৱেঞ্চত....গীটাৰ হাতত লৈ বগা দাৰিৰে কুৰ্তা পায়জামা পিন্ধা অবস্থাত মোল্লাজী..আৰু চাবিনাৰ স্কীন ফিটিং জীনছ-টি চাৰ্ট..বেক গ্ৰাউণ্ডত বাজি আছে..আখ’ মে তেৰে অজব ছী অজব ছী অদায়ে হে.....


No comments:

Post a Comment