মোৰ অনুভৱৰ নিয়ৰকণা কিছুমান আপোনালোকৰ মাজত মেলি দিছোঁ......আশা কৰিছোঁ সকলোৰে হৄদয় শ্পৰ্শ কৰিব........

Thursday, 19 July 2012

চিঠি

নাই মোৰ এটা নীলা খাম
নাই এটা চিঞাহীৰ কলম
তথাপিও লিখিছো এখন চিঠি
কৄত্ৰিমতাহীন হৄদয়ৰ
আপোন আপোন লগা ..
হিচাব কৰিব নোৱাৰা
আছে আত্মীয়তাৰ সীমাহীন মৰম |
হয়তো তোমাক ভাল পোৱাৰ বাবেই....

নাই মোৰ  এখন ফুলস্কেপ কাগজ
নাই মোৰ এটা ঘণ্টাৰো সময়
তথাপিতো যুগুতাইছো ম‍ই
উপমা, বিশ্লেষনহীন ভাষাৰ
সৰল সৰল লগা...
আনে চাব নোৱাৰা
ডাক্তৰী ভাষাৰ, ডাক্তৰী পেডত খত |
হয়তো তোমাক ভাল পোৱাৰ বাবেই....

নাই মোৰ কোনো দামী আঠা
নেদেখুৱাও মোৰ অন্তৰৰ ব্যথা
তথাপিও  থাপিছো ম‍ই
চৌখিন, আড়ম্বৰতাহীন জীৱন
খালী খালী লগা
সমাজে বৰ্জন কৰা
মোৰ জীৱন গাঁথাৰ বৰ্ণন |
হয়তো তোমাক ভাল পোৱাৰ বাবেই....
নাজানো..
হয়তো তোমাক ভাল পোৱাৰ বাবেই....

No comments:

Post a Comment