মোৰ অনুভৱৰ নিয়ৰকণা কিছুমান আপোনালোকৰ মাজত মেলি দিছোঁ......আশা কৰিছোঁ সকলোৰে হৄদয় শ্পৰ্শ কৰিব........

Saturday, 7 July 2012

কৰিমগঞ্জ আৰু মোৰ কিছু ব্যক্তিগত অনুভৱ


         ২০১০ চনৰ জুলাই মাহৰ ২৫ তাৰিখে চাকৰি সূত্ৰে আহিছিলো কৰিমগঞ্জলৈ | মোক নিযুক্ত কৰা হৈছিল গ্ৰাম্য  চিকিত্‍সক  হিচাবে  "মৰ্জাত্‍কান্দি"  স্বাস্থ্য উপকেন্দ্ৰত | কিন্তু কৰিমগঞ্জৰ স্বাস্থ্য বিভাগৰ যি অৱস্থা |  স্বাস্থ্য উপকেন্দ্ৰ বহুত দূৰৈৰ কথা , খণ্ড প্ৰাথমিক চিকিত্‍সা কেন্দ্ৰটো চিকিত্‍সকৰ অভাৱ |সাধাৰণতে বৰাক উপত্যাকাত চিকিত্‍সকে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰে | ম‍ই অন্তৰ্গত হৈ থকা  খণ্ড প্ৰাথমিক চিকিত্‍সালয়ৰ নাম হ’ল " কচুৱাদাম খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ" | পিছে সেই খন কাৰ্য্যক্ষম নহয় | ইয়াৰ পাছতো এটা কাহিনী আছে | প্ৰায় ১৯৮৩ চন মানলৈকে সকলো ফালৰ পৰা কাৰ্য্যক্ষম হৈ আছিল চিকিত্‍সালয়খন | তেতিয়াৰ চিকিত্‍সক আছিল  ডা০ হীৰেণ্দ্ৰ দাস | চিকিত্‍সালয়খন বহুত ভিতৰুৱা ঠাইত অৱস্থিত | এটা সৰু কথাতেই উত্তেজিত হৈ চিকিত্‍সালয়ৰ একমাত্ৰ ৰেছিডেণ্সিয়ে ডাক্টৰ ডা০ হীৰেন্দ্ৰ দাসৰ মুখত এচিদ ধালি দি হত্যাৰ চেষ্টা কৰে কচুৱাদামবাসীৰ মাজৰে কেইজনমান দুষ্কৄতিকাৰীয়ে |ভাগ্য ডা০ দাস সেইবাৰলৈ ৰক্ষা পৰিল| কিন্তু তেওঁ আৰু পুনৰাই তাত যোগদান নকৰিলে | গুছি গ’ল বেলেগ চিকিত্‍সালয়লৈ | তাৰ পাছতেই সুৰক্ষা আৰু যাতায়তজনিত কাৰণত চিকিত্‍সালয়খন বন্ধ হৈ পৰিল | প্ৰধানতঃ সুৰক্ষাজনিত | তাৰ পাছৰ পৰা আজিৰ দিনটোলৈকে কাৰ্য্যক্ষম হোৱা নাই চিকিত্‍সালয়খন |"কচুৱাদাম প্ৰাথমিক চিকিত্‍সালয়"ৰ সকলো বিভাগীয় কাম আৰু চিকিত্‍সা বিভাগসমূহ বদৰপুৰৰ  "শ্ৰীগৌৰী সমূহীয়া স্বাস্থ্যকেন্দ্ৰ"ত সম্পাদন কৰা হয় | পিছে এতিয়া ভগৱান অলপ সু প্ৰসন্ন হৈছে হয়তো | কাৰণ শেহতীয়াকৈ অসম চৰকাৰে পুনৰ চিকিত্‍সালয়খনি কাৰ্য্যক্ষম কৰাৰ সিধান্ত লৈছে | টকাৰ অনুদান গ্ৰিহিত হৈছে | কামো আৰম্ভ হৈছে মেৰামতিৰ | কিন্তু এতিয়াও তালৈ কোনো ডাক্টৰ যোৱাৰ নাম নলয় | তাত চিকিত্‍সক নিয়োগ কৰিলেই নিয়োগপত্ৰ পোৱাৰ আগতেই পদত্যাগ পত্ৰ লিখে  নতুবা বদলিৰ কাগজ উলিয়াই |মেৰামতিৰ আৰু নিৰ্মান নিৰীক্ষনৰ কামত মোৰ তালৈ যোৱাৰ সৌভাগ্য(?) হৈছিল | তালৈ গৈয়েই দেখিছিলো চিকিত্‍সালয়ৰ নিজা দুটা প্ৰকাণ্ড ফিচাৰীৰে সৈতে এক মনোৰম প্ৰাকৄতিক পৰিবেশ | প্ৰকাণ্ড চিকিত্‍সালয়ৰ চৌহদটো | ফলমুলৰ গছ, খেলা ঠাই , জহি খহি যোৱা ঘৰবোৰে সোঁৱৰাই আছিল অতীজৰ গৌৰৱ |আশা কৰিছোঁ চিকিত্‍সালয়খন খুব সোনকালে আৰম্ভ হ’ব |

          এতিয়া আহোঁ আচল কথালৈ | মোৰ নিযুক্তি কৰিমগঞ্জত হৈছে বুলি জানিয়েই মায়ে মূছকছেই খাইছিল প্ৰায় | ফ’নতেই  উপদেশ "বোপাই চাকৰি বাদ দে, গুছি আহ ঘৰলৈ | খেতি কৰিবি |" পিছে চাকৰিৰ খাতিৰত মাৰ কথা পেলাই ওলালো একেদিনাই কৰিমগঞ্জলৈ | উঠিলো কৰিমগঞ্জ অভিমুখী বাহনত | তাৰ পাছত চাকৰিত যোগদান কৰাৰ পৰা কোৱাৰ্টাৰ লোৱালৈকে প্ৰায় এসপ্তাহ মানেই গ’ল | তাৰ পাচতহে কামৰ ফাঁকে ফাঁকে কৰিমগঞ্জৰ মানুহ আৰু সমাজ ব্যৱস্থাৰ বিষয়ে জানিব পাৰিলো |

         কৰিমগঞ্জৰ জিলাৰ মাটিকালি হ’ল ১৮০৯ বৰ্গ কিঃমিঃ| জনসংখ্যা  ১,২১৭,০০২ | শিক্ষিতৰ হাৰ ৭৯.৭২(?) | অৰ্ধেকত্কৈ বেছি মানুহেই ইছলাম ধৰ্মালম্বী মানুহ | প্ৰায়ভাগেই কৄষি নিৰ্ভৰশীল | ৯৩ % মানুহ গ্ৰাম্যবাসী | কিছু সংখ্যক চাকৰিয়াল আৰু বাকীবোৰ ব্যৱসায়ী | কৰিমগঞ্জৰ মাজ মজিয়াইদি আগৰতলা অভিমুখী ৪৪ নং ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হৈ গৈছে | যিহেতু আগৰতলাৰ প্ৰায় সংখ্যক সামগ্ৰী স্থল পথেদি ট্ৰাক যোগে পৰিবহন কৰা হয়, সেয়ে কৰিমগঞ্জৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত মালবাহী গাড়ীৰ মেৰামতি আৰু ওপৰৰ খোলা তৈয়াৰ কৰা গেৰেজ প্ৰচুৰ পোৱা যায় |এক প্ৰকাৰৰ এটা সুন্দৰ জীৱিকা নিৰ্বাহৰ উপায় কৰিমগঞ্জ বাসীৰ বাবে | গ্ৰাম্য অঞ্চলত চিন্তাজনক ভাৱে শিক্ষিতৰ হাৰ কম | জনসংখ্যাও খুব বেছিকৈয়ে বৄদ্ধি হৈছে কৰিমগঞ্জত | ১৯৭১ চনলৈকে জনসংখ্যা বৄদ্ধিৰ হাৰ ৪৩% আছিল কৰিমগঞ্জত | য’ত অসমৰ হাৰ আছিল ২৬.৫৬ % | তাৰ পাছৰে পৰা কিছু কমিছে যদিও লক্ষনীয় ভাৱে অন্য জিলাতকৈ বেছি | বিশেষকৈ গ্ৰাম্য অঞ্চলত |

         কৰিমগঞ্জত জনসংখ্যা বৄদ্ধি গ্ৰাম্য নিৰক্ষৰতাৰ  এটা প্ৰধান কাৰণ |যদিও শিক্ষিতৰ হাৰ বেছি, কিন্তু চাক্ষুস অভিজ্ঞতাৰ ফালৰ পৰা দেখিছো , ইয়াত এতিয়াও শিক্ষাই প্ৰকৄত প্ৰসাৰতা পোৱা নাই | উন্নত মানদন্দৰ বিদ্যালয়ৰ প্ৰায়েই অভাৱ দেখা যায় | ধনী শ্ৰেণীৰ মানুহে ল’ৰা ছোৱালীক দূৰৈত পঢ়োৱাই | দুখীয়া শ্ৰেণীটোৰ কাৰণে বিশেষ ব্যৱস্থা নাই | খুব কম বয়সতে বিয়া কৰোৱাৰ এটা প্ৰৱণতা আছে কৰিমগঞ্জবাসীৰ | বিশেষকৈ দোষাৰোপ কৰিব পাৰি ইছলাম ধৰ্মালম্বী লোকসকলক | কম বয়সতে বিয়া বাৰু কৰাই জীৱিকা নিৰ্বাহৰ পথত জপিয়াই পৰে | সৰু সৰু গুমটি, দোকান, যাত্ৰী কঢিওৱা গাড়ী আদিত নিয়োজিত কৰে নিজকে | পঢ়া শুনা সিমানতে ইতি হয় | নিৰক্ষৰতাৰ ফলস্বৰৄপে পৰিয়ালবোৰত সন্তানৰ সংখ্যা বাঢ়ে | আৰু জনসংখ্যা বৄদ্ধিত অৰিহনা যোগায় |

          জনসংখ্যা বৄদ্ধিৰ আন এটা অপ্ৰিয় কাৰণ হ’ল ধৰ্মীয় | কৰিমগঞ্জ জিলাৰ জনসংখ্যা বৄদ্ধিৰ হাৰত চকু দিয়া হয় তেন্তে আন ধৰ্মৰ লোকতকৈ ইছলাম ধৰ্মী লোকসকলৰ জনসংখ্যা বৄদ্ধিৰ হাৰ বেছি দেখা পোৱা যাব |লেখাটোৰ জৰিয়তে ইছলাম ধৰ্মক অবমাননা কৰা হোৱা নাই বা আঙুলিটোঁৱাই দেখোৱাই দিয়া হোৱা নাই | প্ৰধানতঃ লেখকে নিজেই দেখা,উপলব্ধি আৰু অভিজ্ঞতাৰ ফালৰ পৰাহে কৈছো |পিছে যদি আমি অলপ পৰিসংখ্যাৰ ফাললৈ চকু দিওঁ তেন্তে দেখিম যে ২০০১ৰ ইছলামধৰ্মী লোকৰ জনসংখ্যা আৰু হিন্দুলোকৰ জনসংখ্যা পাৰ্থক্য আৰু বৰ্তমানৰ হিন্দু আৰু ইছলামধৰ্মী লোকৰ জনসংখ্যাৰ  পাৰ্থ্ক্যৰ মাজত এটা ডাঙৰ পাৰ্থক্য চকুত পৰিব | উলাই পৰিব ইছলামধমী লোকৰ দ্ৰুত জনসংখ্যা বৄদ্ধি |অন্য পৰিসংখ্যাইও কয় ইছলামধৰ্মী সকলৰ জনসংখ্যা বৄদ্ধিৰ হাৰ বেছি |

        অন্য এটা জনসংখ্যা বৄদ্ধিৰ কাৰণ বাংলাদেশী প্ৰবজন বুলি কোৱা হয় | যদিও তাক ন দি ক’ব পৰা নাযায় | কাৰণ প্ৰমাণৰ    অভাৱ  | কিন্তু  নুই      কৰিব পৰাও নাযায় | কথাটো যেন এটা খোলা সত্য, কিন্তু চৰকাৰৰ ঘৰৰ পৰা প্ৰতিষ্ঠিত নহয় |

     কৰিমগঞ্জ জিলাত জনসংখ্যা বৄদ্ধি আৰু নিৰক্ষৰতা ৠনাত্মক দিশ হ’লেও | কিছু কিছু ধনাত্মক দিশো কঢ়িয়াই ফুৰিছে |প্ৰথম ক্ষেত্ৰতেই আছে মোৰ চকুত পৰাৰ ফালৰ পৰা স্থানীয় বিচাৰ ব্যৱস্থা |ইয়ালৈ অহাৰ পাছত হিন্দী কথাছবিত দেখি থকা পঞ্চায়তৰ বিচাৰ ব্যৱস্থাৰ চাক্ষুস ৰৄপ দেখিছোঁ |

        আমি মানুহবোৰ সমাজপ্ৰিয় হ’লেও, কাজিয়া পেচালৰ পৰা হাত হাৰি থাকিব নোৱাৰো |কৰিমগঞ্জও ব্যতিক্ৰম নহয় | ইয়াতো দেখিছো বাদ বিবাদ | ইয়াত সকলো সম্প্ৰদায়ৰ মাজত প্ৰায়েই কাজিয়া পেচাল মাৰ পিট দেখিছো | কিন্তু তাৰ মাজতে এটা ভাল দিশ  হ’ল  গাৱঁৰ   মাজতে বিবাদ মীমাংসা কৰাটো | বিবাদৰ মীমাংসাৰ বাবে মাহৰ পাচত মাহ আদালতত দৌৰি থকাতকৈ নিজৰ মাজতে মীমাংসা কৰাটো এটা ভাল উপায় |আমাৰ উজনি অসমৰ ফালেও মেল পতা হয় | কিন্তু ডাঙৰ কাজিয়া মীমাংসা কৰা আজিলৈকে দেখা নাই | কিন্তু কৰিমগঞ্জত ঘৰুৱা পাৰিবাৰিক সমস্যাৰ পৰা মাটি বাৰীৰ সমস্যালৈকে মেল পাতি মীমাংসা কৰা দেখিছো | আদালতত নিগনিৰ দৌৰ দিয়াতকৈ এইটো বৰ ভাল ৱ্যবস্থা |

       প্ৰথমে কোনো বিবাদ হ’লেই থানাত গোচৰ ৰজু কৰা হয় | কিন্তু গোচৰ দিলেও দুই  পক্ষকে  আপোচ  মীমাংসাৰ  বাবে  মান্তি কৰে  গাঁৱৰ  বৰমুৰীয়াই বা নিজেও মান্তি হয় | নিজে মান্তি হোৱাৰ প্ৰৱণতাই বেছি দেখিছো | তাৰ পাচতেই বিচাৰৰ প্ৰাৰম্ভিক কাম আৰম্ভ হয় |প্ৰথমে  দুই  পক্ষৰ পৰা বিচাৰ পতি নিৰ্বাচন কৰা হয় | যদি দুই পক্ষৰ মানুহ একে ধৰ্মালম্বীৰ হয় তেন্তে বিচাৰপতি প্ৰায়ে অন্য ধৰ্মৰ হয় | উমৈহতীয়া বিচাৰপতিৰ নিয়োগৰ পাছত প্ৰত্যকেই নিজৰ পচণ্ডৰ একো একোজন বিচাৰপতি দিয়ে | সাধাৰণতে বিচাৰপতি সকল সমাজৰ অলপ উচ্চখাপৰ  অভিজ্ঞতা সম্পন্ন মানুহ হয় | তাৰ পাছত বিচাৰপতি বা অন্য উভয়পক্ষৰ সন্মতি সম্পন্ন বিশ্বাসী মানুহৰ হাতত আমানতৰ ধন ৰখা হয় |যদি বিবাদত কোনো লোক আঘাত প্ৰাপ্ত হৈছে তেন্তে আমানতৰ ধনৰ পৰা ৰোগীৰ চিকিত্‍সা কৰা হয় | ৰোগী সুস্থ হোৱাৰ পাছত বিচাৰ আৰম্ভ হয় |দুই তিনিলানি আলোচনাৰ পাচত উমৈহতীয়াকৈ নিৰ্বাচন কৰা নিৰপেক্ষ বিচাৰপতিয়ে ৰায় দিয়ে | উভয়পক্ষ ৰায়ত মান্তি হ’লে গোচৰ থানাৰ পৰা উঠাই লোৱা লৈ বিবাদ মীমাংসা হ’ল বুলি ঘোষনা দিয়া হয় |যদি কোনো এটা পক্ষ‍ইও ৰায় মানি লোৱাত আপত্তি কৰে বা ৰায় উপেক্ষা কৰে তেন্তে গোচৰ থানাৰ পৰা উঠাই লোৱাৰ সলনি আদালতলৈ ঠেলি দিয়া হয় |


       এই স্থানীয় বিচাৰ ব্যৱস্থা খুব সুন্দৰ হ’লেও খুঁত নথ্কা নহয় | পুলিশ থানাত গোচৰ ৰজু কৰাৰ পাচতেই পয়মাল আৰম্ভ হয় | যিহেতু অসমৰ সৰ্বাধিক দুৰ্নীতি গ্ৰস্ত বিভাগ হ’ল গৄহ বিভাগ | উত্‍কচ নোপোৱালৈকে উভয়পক্ষৰ মানুহক অনুসন্ধানৰ নামত হাৰাহাস্তি কৰাটো প্ৰায় অঘোষিত নিয়মৰ দৰে হৈ পৰিছে | সেইবাবে অপ্ৰিয় হ’লেও সত্য যে দুই পক্ষ‍ই উত্‍কচ হিচাপে টকা আগবঢ়ায় | অনুসন্ধানকাৰী পুলিচ বিষয়াৰ পকেট গৰম হয় | কেতিয়াবা ৰোগীৰ চিকিত্‍সাৰ নামতো প্ৰসহন হয় | চিকিত্‍সক নিজৰ চিনাজনা হ’লে আঘাত প্ৰাপ্ত পক্ষৰ কৰচ বাঢ়ি যায় |আমানতৰ ধনৰ অবাবত খৰচ হয় | এই দুইটা কাৰণেই স্থানীয় বিচাৰ ব্যৱস্থা কেতিয়াবা প্ৰসহনত পৰিণত  হয় |

     এই দুইটা খুঁতৰ পৰা হাত হাৰিবলৈ এতিয়া গাঁৱৰ মানুহে এটা খুব সুন্দৰ উপায় উলিয়াইছে | গোচৰ থানাত ৰজু কৰাৰ সলনি পঞ্চায়ত পৰ্য্যায়ত গোচৰ বিলাক দিয়া হয় | অথবা গাঁৱৰ বৰমুৰীয়াক জনোৱা হয় | গোচৰ থানা নাপায়গৈ | পঞ্চায়তপতিয়ে এখন গোচৰ পঞ্জীয়ন বহী তৈয়াৰ কৰি লৈ গোচৰসমূহ পঞ্জীয়ন ভুক্ত কৰি গ’লেই কাম শেষ হয় | সুন্দৰ পন্থা |লেখকে নিজেও এবাৰ এনে এটা বিচাৰত ৮০ হাজাৰ টকাৰ আমানতৰ ধন লৈ বহি আছিল(পিছে বিচাৰ ব্যৱস্থাটোত সোমাই চোৱাৰ ইচ্ছাৰ বাবেহে ) |

     এই স্থানীয় বিচাৰ ব্যৱস্থাৰ ওপৰিও আৰ্ৰু এটা লক্ষনীয় দিশ হ’ল কৄষি কৰ্মৰ ব্যাপক উন্নতি |জনসংখ্যা বৄদ্ধিৰ বাবেই হওক বা অন্য কাৰণেই হওক বৰাক ভেলীৰ ভৈয়ামৰ সমতল ভূমিত বাসকৰা সকলে বছেৰেকত তিনি চাৰিটা খেতিৰে কৄষি ভূমি শ্যামলা কৰিছে | ৰবি আৰু খাৰিফ শস্য উত্‍পাদন কৰাৰ ওপৰিও বাম জলাশয় বিলাকত পানী বেছিকৈ দৰকাৰ হোৱা খৰালি কৰা ধান খেতিৰে উপচাই পেলাইছে | মুঠতে এটা সেউজ বিপ্লৱ নীৰৱে গঢ়ি উঠিছে ইয়াত | খেতিৰ কামত লাগি থকা মানুহবোৰক দেখিলে খৰালিৰ উজনিৰ উকা পথাৰখনলৈ মনত পৰে | য’ত সেউজ বিপ্লৱ এটা সপোন হৈ আছে |তাৰ ওপৰিঞ্চিও জলাশয় বিলাকত মাছৰ উত্‍পাদনো প্ৰচুৰ হয় | বিস্ব বিখ্যাত "সোন বিল"ৰ এটা অংশ কৰিমগঞ্জতো পৰিছে | তাৰ পৰাও বৰাক ভেলীৰ এটা অংশক মাছৰ যোগান ধৰা হয় আৰু বাহিৰলৈও যায় | কৰিমগঞ্জৰ ইলিছৰ কথা নকলোৱেই বা | এটা জলাশয়ত মাছ মেলাৰ পৰা প্ৰতিপাল কৰি ডাঙৰ কৰালৈকে বহুত কেইটা স্তৰ থাকে | সকলোবোৰ কৰাৰ ওপৰিও বজাৰৰ কথা আছেই | সকলোবোৰ স্থানীয় পৰ্য্যায়তে সমাধা হয় | স্থানীয় বজাৰত উত্‍পাদিত উৰহী, ফ্ৰেন্সবিন,সুগন্ধিযুক্ত টেঙা আদি পাছলি বাংলাদেশলৈ ৰপ্তানি হয় স্থানীয় বজাৰৰ পৰাই | মুঠতে গ্ৰাম্য উদ্যোগীকৰণৰ এক ভাল উদাহৰণ হ’ব পাৰে কৰিমগঞ্জ | কৰ্মঠ মানুহবোৰে ঘন্টাৰ পাছত ঘন্টা লাগি থাকিও পথাৰখন সেউজীয়া কৰিব বিছাৰে, যাতে ঘৰৰ সকলোবোৰে এমুঠি সুখৰ ভাত খাব পাৰে | শেষত কওঁ কৰিমগঞ্জবাসীৰ মঙ্গল হওক |

No comments:

Post a Comment