খেল
দৌৰ দিলে নগেনে |
চুমি থিয় হৈ থাকিব পৰা নাই তল পেটৰ বিষত | প্ৰচণ্ড বিষ | ইকাতি সিকাতি | যেন এখন যুঁজ | বিষত তত নাপাই চীত্কাৰ কৰি উঠিছে তাই | নাৰ্চবোৰে লৰা ধপৰা কৰিছে | স্ত্ৰী আৰু প্ৰসূতি ৱাৰ্ডৰ গাতে লাগি থকা প্ৰসৱ কোঠা সাজু কৰা হৈছে | চুমিৰ দেউতাকে বাহিৰত পাইচাৰী কৰিছে |প্ৰসূতি বিশেষজ্ঞ ডাঃ বি. বৰুৱাৰ অলপ চিন্তাই হৈছে | তথাপিও ৯ বছৰীয়া ডাঃ জ্ঞানৰ ফালৰ পৰা নিজকে প্ৰবোধ দিছে | হ’ব |পাৰিব তাই | "আই ঐ মা মৰিলো ঔ " |চুমিৰ এটা এটা প্ৰকাণ্ড চীত্কাৰত কঁপি উঠে সৰু চহৰ খনৰ একমাত্ৰ ব্যক্তিগত চিকিত্সালয়খন | নাৰ্ছৰ ডাঃ বৰুৱাক উদ্দেশ্যি বাক্য " ছাৰ , এভ্ৰিথিং ইজ ৰেদি " |ডাঃ বৰুৱাই খপজপকৈ নাৰ্ছক উদ্দেশ্যি কৈ উঠে "চিফট হাৰ "| যেন এখন খেলৰ বাবেহে প্ৰস্তুতি চলিছে |
কোনেও গল কৰিব পৰা নাই মেচখনত |দৰ্শক বাৰে বাৰে উত্তেজিত হৈ উঠিছে | সুদক্ষ ষ্ট্ৰাইকাৰ নগেনে ইতিমধ্যে তিনিটা ভাল শ্বট লৈছে |তাৰে দুটা লুজ শ্বট | এটা নিশ্চিত স্কৰ কৰিব পৰা শ্বট বাৰৰ ওপৰেৰে মাৰি পঠিয়াইছে |অধিনায়ক কৌশিকে মৄদুভাৱে নগেনক ধমকিয়াই উঠিছে "কুল কুল কুল নগ্গু কুল" | বল আকৌ এবাৰ মিডফিল্ডাৰ বিৰাজ বল্লভৰ হাতত | বাওঁফালৰ মিডফিল্ডাৰ নিশান্তৰ চিঞৰ বিৰাজক উদ্দেশ্যি "পাছ পাছ পাছ বি.বি পাছ দে "| ত্ৰিপুৰাৰ ডিফেন্সাৰ দুজন অলপ আগবাঢ়ি আহি বিৰাজক আগুৰি ধৰিছে | নিশান্তলৈ বল পাছ নিদি সোঁফালে থকা নগেনলৈ এটা আকাশী শ্বটৰ যোগেদি পাছ দি পঠালে বিৰাজে | নগেনে বল লোৱাৰ লগে লগেই ৰেফাৰীৰ হুইচেল বাজি উঠিল |"হু.....ই......ট.| অফচাইদ |
চুমিক পৰীক্ষা কৰি চাবলৈ ডাঃ বৰুৱাই এপ্ৰন এটা পিন্ধি ল’লে | নাৰ্ছে এজোৰ গ্লভছ আগবঢ়াই দিলে | ডাঃ বৰুৱাক দেখি আকৌ চীত্কাৰ কৰি উঠিল চুমিয়ে | ছাৰ হেল্প মি| হোৱেৰ ইজ মাই হাজবেণ্ড? আই টল্ড হিম ন’ট টু গ’ টুদে | ডাঃ বৰুৱাই পৰীক্ষা কৰিলে | চুমিক উদ্দেশ্যি ক’লে "ইউ হেভ ন’ট এনাফ টাইম টু ৰেফাৰ|ছ’ | প্লিজ ডণ্ট ৱৰী|এভ্ৰিথিং ইজ অলৰাইট " | " নাৰ্ছ, ষ্টেৰিলাইজ দা ইনষ্ট্ৰুমেন্টছ |এষ্টিমেটেদ টাইম ৱান আৱাৰ | কীপ হাৰ আন্দাৰ ইষ্ট্ৰিক্ট অৱজাৰ্ৱেচন " নাৰ্ছক উদ্দেশ্যি কৈ উঠিল | চুমিয়ে বুজিলেও নুবুজিলেও | আকৌ হঠাত্ বিষটোৱে পকাই ধৰিলে | "মা.......ঐ " |চুমিৰ মুখৰ ফৰফৰাই থকা ইংৰাজী বিষ আহিলেই বিশুদ্ধ অসমীয়ালৈ ৰৄপান্তৰিত হয় | নাৰ্ছে ইনষ্ট্ৰুমেন্টবোৰ ষ্টেৰিলাইজাৰত দি বৰ্ডৰ চুইচটো অন কৰি দিলে | চুমিয়েও আকৌ এবাৰ চিঞৰি উঠিল " পা...পা...."
মিডফিল্ডাৰ বিৰাজ আৰু ষ্ট্ৰাইকাৰ নগেন দুৰন্ত হৈ উঠিছে হাফ টাইমৰ পাছত | যেন একো একোটা ক্ষুধাতুৰ বাঘহে | গলকীপাৰ ফেদ্ৰিক দৈমাৰীয়ে দিয়া চৰ্ট শ্বটতো ৰিচিভ কৰি বিৰাজ আকৌ চেণ্টাৰৰ পৰা ত্ৰিপুৰাৰ গলপোষ্ট অভীমুখে আগবাঢ়িব ধৰিলে | মাজতে ভেটি ধৰিলে ত্ৰিপুৰাৰ মিডফিল্ডাৰ চাঞ্চুমাই | নিশান্তলৈ এটা দীঘলীয়া পাছ | নিশান্তই ত্ৰিপুৰাৰ ডিফেন্সাৰ দুটাক পাছ পেলাই আগবাঢ়িব ধৰোঁতেই হাম খুৰি খাই পৰিল | নিশান্তই চিঞৰি উঠিল "ফা.....উউউ.....ল" | ৰেফাৰীয়ে গুৰুত্ব নিদিলে | ত্ৰিপুৰাও কোনো গুনে কম নহয় | আকৌ এবাৰ জোৰ দি চাব খুজিলে | ত্ৰিপুৰাৰ ষ্ট্ৰাইকাৰ মিথিলেশে ফাউল হোৱা ঠাইৰ পৰাই বল আগুৱাই লৈ গ’ল | মিডফিল্ডাৰ বিৰাজক চাতুৰালিৰে ঠগি বল লৈ গ’ল | আৰু দুজনক ঠগি দুৰন্ত গতিত আগবাঢ়িল মিথিলেশ | অসমৰ দুৰ্দশ ডিফেন্সাৰ ৰবেন্দ্ৰ মুছাহাৰীয়ে তলকিবই নোৱাৰিলে কেতিয়া বল ভৰিৰ তলেৰে বল লৈ গ’ল মিথিলেশে | দৰ্শকৰ সমবেত চিঞৰ | অ....উ......উ....উ....| চলন্ত অৱস্থাতে মিথিলেশৰ ঘণ্টাত ১৩৮ কিমি গতিৰ শ্বট |বহি পৰিল মিথিলেশ | বাওঁ পোষ্টত লাগি উফৰি কৰ্নাৰ ফাললৈ বলটোগুচি গ’ল | মিথিলেশে গম পালে অসমে আৰু এনেকোৱা সুযোগ কেতিয়াও নিদিয়ে |
চুমিৰ বিষ বাঢ়ি আহিছে | নাৰ্ছে এটা চেলাইন সংযোগ কৰিছে | মাকক অনুমতি দিয়া হৈছে কাষত থাকিবলৈ | চুমিয়ে মাজে মাজে চিঞৰি আছে |নাৰ্ছগৰাকীয়ে ষ্টেৰিলাইজাৰটোৰ পৰা ইনষ্ট্ৰুমেন্টবোৰ এটা এটাকৈ উলিয়াইছে | ট্ৰেত ধালিছে |ঠং ঠং শব্দ | বাহিৰত উদ্বিগ্ন ভাৱে চুমিৰ দেউতাকৰ খোজ | ডাঃ বৰুৱা আকৌ সোমাই আহিল | এপ্ৰণ গাত আছেই | নাৰ্ছে বৰুৱাৰ ফালে চালে |মাক্স লগোৱা মুখেৰে বৰুৱাই কৈ উঠিল "ফুল ডাইলেট | এদ হাফ এম্পোল অক্সিট’চিন ইন দা আই ভি দ্ৰিপ" |পিন্ধি থকা গ্লভছজোৰৰ ওপৰত আৰু এযোৰ গ্লভছ লগাই ল’লে বৰুৱাই |চুমিৰ আকৌ মৰনকাতৰ চিঞৰ "মা...অ ...উ " |বৰুৱাই ইতিমধ্যে অন্যান্য আনুষাংগিক কামবোৰ আৰম্ভ কৰি দিছিল |
অসমৰ কাৰণে এটা কৰ্নাৰ কিক | শ্বট লব বিৰাজে | ইতিমধ্যে যোৱা দুখন খেলত কৰ্নাৰ কিকেৰে গ’ল কৰি অসমক জয়ৰ মুখ দেখোৱাইছে বিৰাজে |এটা দীঘলীয়া শ্বট | দেহৰ সৰ্বশক্তিৰে জাপ দিলে ত্ৰিপুৰাৰ ডিফেন্সাৰজনৰ লগত নিশান্ত আৰু নগেনে |নিশান্তৰ মুৰত লগি বলটো নেটৰ ফাললৈ আগুৱাব লওঁতেই ত্ৰিপুৰাৰ ডিফেন্সাৰ এজনে বেক ভলী মাৰি বলটো চেণ্টাৰত পোৱাই দিলে |টৰ্জেনে বলটো সুন্দৰ ৰিচিভ কৰিলে | ত্ৰিপুৰাৰ মিডফিল্ডাৰ টৰ্জেনৰ আগত সুযোগ |খুব সাৱধানে বল আগুৱাই লৈ গ’ল অসমৰ গল পোষ্ট অভীমুখে |ৰবেন্দ্ৰ মুছাহাৰী আকৌ আগুৱাই আহিল | ৰবীন্দ্ৰই ঢুকি পোৱাৰ আগতেই শ্বট ল’লে টৰ্জেনে |চিধাই বল গৈ অসমৰ গলকীপাৰ নবেন্দুৰ হাতত | মুখেৰে ভোৰ ভোৰাই উভতি আহিল টৰ্জেন |
ডাঃ বৰুৱা ব্যস্ত হৈ উঠিছে | নাৰ্ছৰ ওপৰত অৰ্ডাৰ ঘনাই পৰিছে | অসম ত্ৰিপুৰাৰ ফাইনেলত এক্সট্ৰা টাইম | বল ৰবেন্দ্ৰ মুছাহাৰীৰ ভৰিত| লাহে লাহে আগুৱাই নিছে মিডফিল্ডলৈ | চুমিৰ দাঁত কামোৰ মাৰি মৰা চিঞৰ " অ..মা" | মুচাহাৰীৰ পাছ বিৰাজলৈ | বৰুৱাৰ নিৰ্দেশ নাৰ্ছলৈ " ইনক্ৰিজ দা আই ভি লাইন ফ্ল’|লেট ফ্ল ইট ফাৰ্ষ্টাৰ |চুমি অলপ জোৰ দিয়া" | বিৰাজক আগুৰি ধৰিছে মিড্ফিল্ডাৰ আৰু ডিফেন্সাৰ এটাই | ডাঃ বৰুৱাৰ মুখৰ ভিতৰত ভোৰভোৰনি "অৱষ্ট্ৰাকচন " |বিৰাজে বল ঠেলিলে নগেনলৈ |নগেন আগুৱাব নোৱাৰিলে ডিফেন্সাৰৰ পৰা | নিশান্তলৈ দীঘলীয়া পাছ | চুমিয়ে ঘামি জামি চিঞৰি উঠিল "আৰু নোৱাৰো ছাৰ | পেটতোকে ফালি পেলাওক"| নগেনৰ ওচৰৰ পৰা আগুৱাই যোৱা ডিফেণ্ডাৰ দুটাক ঠগিবলৈ নিশান্তই পাচ দিলে পুনৰ বিৰাজলৈ | বিৰাজে আকৌ নিশান্তলৈ | বৰুৱাই চিঞৰি উঠিল "নাৰ্ছ, গিভ অ লাইট ফাণ্ডেল প্ৰেছাৰ |মাইণ্ড ইট ,লাইটলী "| বৰুৱাই চাৰ্জিকেল ট্ৰেখনৰ পৰা ষ্টেৰাইল পেদ এটা ল’লে | নিশান্তই ঠেলিলে ষ্ট্ৰাইকাৰ গোবিন্দলৈ | বিৰাজ সোমাই আহিছে ষ্ট্ৰাইকাৰ পজিছনলৈ |বিৰাজৰ ভৰিত বল |পুনৰ কৰ্নাৰত থকা নগেনলৈ | নাৰ্ছৰ ফাণ্ডেল প্ৰেছাৰ চুমিৰ পেটত | চুমিৰ দাঁত কৰচাৰ শব্দ "কট কট কট কট" | নগেনৰ পাছ পোষ্টৰ ফ্ৰণ্টত থকা বিৰাজলৈ | বৰুৱাৰ অৰ্ডাৰ নাৰ্ছক " চিজাৰ " | বিৰাজৰ তীব্ৰ শ্বট গল পোষ্টলৈ | চুমিৰ এইবাৰ আগতকৈ ডাঙৰ চিঞৰ " ই...ই ....ই ..ই.....মা.....ঔ" | ত্ৰিপুৰাৰ গলকীপাৰৰ জপিয়াই বলত এখন হাতেৰে খুণ্ডা | বৰুৱাৰ চিঞৰ "পুছ ইট নাৰ্ছ |আই এম গিভিং গাৰ্ড|" শূন্যত বল |বৰুৱাৰ কপালত ঘাম | নগেনৰ শূন্যত এটা দীঘলীয়া দ্ৰাইভ | বৰুৱাৰ স্বৰ্গোক্তি "হেদ ইজ কামিং "|এটা নিখুঁত শ্বট নগেনৰ | ডাঃ বৰুৱাৰো অভিজ্ঞ হাতৰ নিখুঁত কেটছ | বল ত্ৰিপুৰাৰ নেটত | দৰ্শকৰ চিঞৰ | বৰুৱাৰ হাতত নৱজাতকটোৰ কান্দোন |ওঁৱা..ওঁৱাও ...ওঁৱা |নগেনক ডাঙি ধৰিলে লগৰ মখাই |বৰুৱাইও বেবিটোক ডাঙি পিঠিত দুই ঠাপৰ দি দিলে |অসম জিকিল ১-০ ত | চুমিৰ মুখত সৰু অথচ প্ৰাপ্তিৰ হাঁহি | মইও লাহেকৈ মনৰ কম্পিউটাৰটো শ্বাট ডাউন কৰিলো | খেলা শেষ|
No comments:
Post a Comment