মই,সাহিত্যৰ আদ্দা,খোজনীয়া মানুহ,প্ৰীতিভোজ,ৰীতা বাউদেউ ইত্যাদি ইত্যাদি.......অগতানুগতিক
কোনটো তাৰিখত আছিল? পাহৰিলো|পঙ্কজদাৰ লগত হোৱা ব্যক্তিগত বাৰ্তালাপত উলাইছিল "সাহিত্যৰ আদ্দা আৰু প্ৰীতিভোজৰ কথা"|মানে গেট-টুগেদাৰ টাইপ|মোক ক’লে তইয়েই আৰম্ভণী কৰি দেছোন|কিমান সঁহাৰি আহে চাঁও|কথা মতেই কাম|অ কে বছ বুলি দিলো এটা আপদেট মাৰি|ৰাইজৰো চেগা চোৰোকাকৈ সঁহাৰি আহিবলৈ ধৰিলে|তাৰ পাচত ধ্ৰুবদা,জ্যোতিদা, দেবব্ৰত্দা আৰু হৄষীৰাজদাই মিলি জঁকাটো তৈয়াৰ কৰি পেলালে|মানে ১৮ তাৰিখ ফাইনেল হ’ল|প্ৰথমেটো ২০ জনৰ ওপৰত মানুহে লাইক বুটামটো টিপিলে|পাচতহে গম পালো |মানে প্ৰমাণেই পালো|কিছুমানে সেইটো চখতহে টিপে|শেষত টানি আঁজুৰি ১৩ জন ওলাল|তাকো শেষ মূহুৰ্তলৈকে অনিশ্চয়তা|কোন য়াব কোন নাযাব|পিচে সকলো কথা বাদ দি যদি ভোজ নহয় তেন্তে দেবব্ৰত ককাইদেউৰ ঘৰতে দবনি পিটি এসাঁজ খাম বুলি ১৫ তাৰিখৰ সন্ধিয়া ৭.৩০ৰ বাছ এখনত খিৰীকিৰ ফালে টিকট এটা কাটি পেলালো ৩৪০ টকা গাঁঠিৰ ধন ভাঙি|ৰাইজ গাঁঠিৰ ধন বুজিটো পাইছেই মই গাঁৱলীয়া ডাক্তৰ|
গাড়ীলৈ বুলি ওলাই আহিলো ৬.০০ বজাতেই|আগতীয়া উদ্দেশ্য শ্ৰীমা হোটেলত ভালকৈ চাহ একাপ খোৱা|স্থান বদৰপুৰ বাছষ্টেণ্ড|চাহৰ হোটেলত সোমাবলৈ লওঁতেই মুখৰ আগত নিশকতীয়া ক’লা হাত দুখন আগবাঢ়ি আহিল|উদ্দেশ্য ভিক্ষা|কাঠেৰে সজা এখন গাড়ীত বহি থকা মানুহটোৰ তললৈ চাঁওতেহে গম পালো তেখেতৰ ভৰি দুইখন আঁঠুৰ পৰা তললৈ নাই|সুধিবৰ সাহস নহ’ল|কাৰণ তেনেকোৱা মানুহ দেখিলেই মই বৰ অস্বস্তিত পৰো|টকা দহোটা হাতত গুজি দি সুধিলো "কি কৰিবা এই টকাৰে?"|চাউলৰ দোকানখনৰ ফালে আঙুলিয়াই ক’লে "চাউল ল’ম ছাৰ"|"ঘৰত পোনাটি অকলে আছে" তিনিবছৰ হৈছেহে তাৰ,ছাৰ"|ছাৰ শব্দটোৱে মোৰ কাণত ডবা কোবাই থৈ গ’ল|মানে সি মোক চিনি পায়|মোৰ পকেটত তেতিয়া চাৰিখন সদ্য এ.টি.এমৰ পৰা উলিয়াই অনা ৫০০ টকীয়া নোট আছিল|কিন্তু মই দিব নোৱাৰিলো তাক|কাৰণ মই যে আধুনিক সমাজৰ এটা স্বাৰ্থপৰ মানুহ|সি বল বিয়েৰিং বিহীন গাড়ীখন ঠেলি ঠেলি গ’লগৈ|ৰাস্তাৰ স’তে কৰা গাড়ীখনৰ চকাৰ ঘৰ্ষণৰ ফলত উত্পন্ন হোৱা ঘৰ ঘৰ ঘৰ শব্দটো মোৰ বুকুত বহুত সময় বাজি থাকিল|দীঘলীয়া হুমুনিয়াহ এটা ওলাল|চাহ খোৱা ন্হ’ল|গ’ল্ড ফ্লেক চিগাৰেট এটাকে জ্বলাই দিলো|যাওক জ্বলে যদি বুকুখনকে জ্বলক|সেইটো ভাৱত|
অৱশেষত গাড়ী আহিল|জগন্নাথ ট্ৰেভেলছৰ গাড়ী|অলপ সময় যোৱাৰ পাছতেই ভাত খাবৰ বাবে গাড়ীখন ৰ’ল|কালাইনত|সুধি গ’ম পালো আজিকালি হেনো মেঘালয়ত গাড়ী নাৰাখে|খাই বৈ উঠি আকৌ এটা চিগাৰেট জ্বলিল|অকস্মাতে আহি উলাল আমাৰ হস্পিতাল থকা পঞ্চায়তৰ প্ৰেচিডেণ্ট মহোদয়|চিগাৰেট লুকুৱাৰ সময়কে নাপালো|জ্বলিয়েই থাকিল|তেওঁ প্ৰায় চিত্কাৰ কৰি উঠিল|"কি কৰছে আপনি শইকীয়া বাবু? অত চোট বয়সে চিগাৰেট|খাইন না জানি আৰ"|এইবাৰ ভঙা ভঙা অসমীয়াত "এনেকে খালেটো আপোনাৰ খাৰাপ হ’ব|আজিকালি বাছটো বেছ মানুহে খাই|দলিয়াই দিলো চিগাৰেটতো|লাজেই পালো মই|পিছে ক’ত যায় সোধাত ফাঁকি মাৰিলো "ঘৰত আজকে গেছ ছেছ|ভাত খাৱাৰ লাগি আইছিলাম"|আৰু দুই তিনি মিনিট কথা পাতি তেখেত হোটেলৰ ভিতৰলৈ গ’ল|সেই চেগতে গাড়ীত উঠি ১৮ নম্বৰ চিটত লগত অনা পাতল ক্কপাহী কাপোৰখনেৰে গা মুৰ ঢাকি পেলালো|ভাত ঘুমটিয়ে হেঁচি ধৰিলে|পিচে মাইকী মানুহৰ কাঁহৰ শব্দ এটাত সাৰ পালো|নাকত চিগাৰেটৰ গোন্ধ লাগিল|খাঁওতাজনক দেখি চকু কপালত উঠিল|্প্ৰেচিডেণ্ট মহোদয়|মই এনেও ৰাজহুৱা ঠাইত ধুমপান কৰাৰ পৰিপন্থী|পিচে বৰাক ভেলীলৈ অহা গাড়ীত বৰাক ভেলীত সোমোৱাৰ পাছত বাছৰ ভিতৰত চিগাৰেট জ্ব্লি উঠা কথাটো কোনো ডাঙৰ কথা নহয়|কাৰণ ইয়াত প্ৰায় ৮-৯ বছৰ বয়সৰ পৰা বিঢ়ি খোৱা আৰম্ভ কৰে|আওকান কৰিলো সেই কাৰণে|অলপ দেৰি ফেচবুকাই শুই পৰিলো গাড়ীৰ চিটতেই|
সাৰ পালো শ্বিলংত জাম লাগোতে|চৰকাৰে খুব ফটা ঢোল বজাইছে|৪ লেন হাইৱে ৪ লেন হাইৱে|পিছে তাৰ বহুত বছৰ আগতে কাম আৰম্ভ কৰা লামডিং আগৰতলা ব্ৰদগজ ৰেলপথটোকে দেখোন ঠিক কৰিব পৰা নাই|শ্বিলংত ফঁচিলো চাৰি ঘণ্টা|মুঠতে সকলোবোৰ মিলাই ১২ ঘণ্টাৰ ঠাইত লাগিল ১৭ ঘণ্টামান|মানে ১১.৩০ বজাত পালোগৈ গুৱাহাটী|গৈয়েই ঢলি পৰি দিলো বিচনাত|লগত সাৰথি ফেচবুক|পিছে ভবা কথা নহয় সিদ্ধি বাটত আছে কনা বিধি|সেইটোৱেই হ’ল|আই মাতৄ ককাইদেউ সহিতে বাহৰ পাতি আছেহি গুৱাহাটীত| স্বাস্থ্যজনিত কাৰণত|ইফালে "সাহিত্যৰ আদ্দা আৰু প্ৰীতিভোজ"ৰ আলোচনাৰ বাবেও যাব লাগে|মাতৄক আগস্থান দি কামবোৰ শেষ কৰি বিদায়ৰ সেৱা এটি দি দেবব্ৰত দালৈ ফোন কৰোঁতে প্ৰায় ৮ টাই বাজিল|মানে মিটিং শেষ|বিষাদ মনেৰে গণেশগুৰিৰ আত্মীয় ককাইদেউৰ ঘৰতে ৰাতিটো থকাৰ দিহা কৰিলোঁ|মানে কটালো ৰাতিটো|ৰাতি ফোন আহিল পঙ্কজদাৰ পৰা|কালিলৈ উলাবি অংকুৰদাৰ ফ্ৰেণ্ডচৰ উন্মোচনী অনুষ্ঠানলৈ যাম|কথা মতেই কাম|পুৱা গা পা ধুই পঙ্কজদাৰ ব্যক্তিগত গাড়ীত বি,বৰুৱা কলেজ অভীমুখে ৰাওনা দিলো|তাতেই লগ পালো অংকুৰদাক|আমেৰিকাৰ মাইক্ৰছফটত কাম কৰিও আমাৰ অসমৰ কথা ভবা ইশ্বৰ সদৄশ অংকুৰদাক|লগতে পালো ৰিয়েল লাইফ হিৰ’ কেইজনমানক|প্ৰথমেই নাম লব লাগিব উত্তম টেৰনৰ|পাৰিজাত একাদেমীৰ উত্তম টেৰন|কনমানি শিশুৰ ভৱিষ্যতৰ কাৰণে কাম কৰা উত্তম টেৰন সঁচাই এজন হিৰ’|মুম্বাইত আই বি এন ১৮য়ে দিয়া ৰিয়েল হিৰ’ এৱাৰ্ডটো যেন সৰু হৈছে তেওঁৰ কামৰ আগত|তাৰ পাছত আছে শাৰীৰিক আৰু মানসিক ভাৱে বাধাগ্ৰ্স্ত শিশুঅৰ হকে কাম কৰা লানু এ. আইমল|আৰু বহু কেইজন আছিল|প্ৰত্যেকেই একো একো জন বাস্তৱৰ হিৰ’|তাতে লগ পালো নাট’ৰ অৱসৰ প্ৰাপ্ত বিষয়া ডক্টৰ. আথিকুল এইচ লস্কৰ ডাঙৰীয়াক|তেওঁৰ গুৰু গম্ভীৰ ভাষনে মোক প্ৰায় মুহিয়েই পেলালে|৪০ বছৰ ধৰি আমেৰিকাতে থকা লস্কৰ ডাঙৰীয়াই অসমৰ কাৰণে যে এতিয়াও ভাৱে|নিজৰ জন্মভূমিখনৰ কাৰণে|নিজৰ ভাষাটোৰ বাবে|মিটিঙৰ সামৰণী পৰিল পঙ্কজদাৰ ভাষণেৰে|খুব ধুনীয়াকৈ পঙ্কজদাই যুৱ প্ৰজন্ম আৰু দায়বদ্ধতাৰ বিষয়ে ক’লে|আমি সমাজৰ বাবে কি কৰিব পাৰো|নিজৰ আয়ত্বৰ ভিতৰত থকাৰ পৰাই|তাৰ পাছত আমাৰ ৱেৱ চাইট সাহিত্য.অৰ্গৰো শ্লাইদ প্ৰদৰ্শন কৰা হ’ল|লগতে অ.ক.বৰো|সাহিত্য আৰু টেকনল’জীৰ সংম্ৰিশ্ৰন|লগতে এটা খুব জৰুৰী কথা ক’লে পঙ্কজদাই ইন্টাৰনেটৰ সাহিত্যবোৰৰ যদি প্ৰিণ্টিং মিদিয়াৰ স’তে জড়িত নহয়|তেন্তে ইয়াৰ সফলতা কমি যায়|এইদৰে সামৰণি পৰিল মিটিঙৰ|তাৰ পাছত আমি লগ ধৰিলো আমাৰ বনভোজৰ কোষাধক্ষ্য জ্যোতিদাক|থুতুৰিত চুটিকৈ দাড়িৰে মানুহজন বেছ ৰসাল|৬ টা বজাত প্ৰীতিভোজৰ বজাৰ কৰাৰ প্ৰতিশ্ৰুতি দি আগদিনাৰ দিহা মতেই এৰাএৰি হ’লো|মই পালোগৈ চিকিত্সা শিক্ষা বিভাগৰ সঞ্চালকৰ অফিচ|দুই ঘণ্টা মাথা মাৰিও কাকো লগ কৰিব নোৱাৰি ওলাই আহিলো|তেনেতে এটা ফ’ন|জাগৰণ থিয়েটাৰৰ পৰি দেৱীৰ| "নাটক চাই যদি আহক, হাতীগাঁৱলৈ"|ঘঢ়ী চাই দেখো ৫.৪৫|মানে প্ৰীতিভোজৰ বজাৰ শেষ চাগৈ(পাছত ল’গ পালে পিটন নিদিব দেই প্ৰীতিভোজৰ ৰাইজসকল,ক্ষমাহে)| সাত পাঁচ গনিবলৈ বাদ দি জপিয়াই উঠিলো ট্ৰেকাৰ এখনত হাতীগাঁৱলৈ বুলি|তাতেই ল’গ পালো ফেচবুকত স’ততে লগ পাই থকা ময়ূৰী বাইদেউক|পোনচাটেই "ঘৰ-সংসাৰ"ৰ কথা|লগতে "কামোৰ" দিবলৈ নেপাহৰিলে "তুমি বহুত পোৱালি দেই"|নাটক চালো|হেমন্ত দত্তৰ "লাজ"|ভাল লাগিল (সেইখনৰ বিষয়ে পিছত লিখিম)|পৰি দেৱী আছিল নিগেটিভ চৰিত্ৰত|সুন্দৰ অভিনয় সকলোৰে|১০ টা বজাত আহি গনেশগুৰি পালো|তাতে ঘটিল কাণ্ড এটা|প্ৰায় সকলো দিশে ভাল(মানে হাত মুৰ আৰু বাকী অংগৰ কথা কৈছো)বোকাৰে লুতুৰি পুতুৰি ডেকা মানুহ এটাই হাত পাতিলেহি|মই তেতিয়া গনেশগুৰিৰ ৱাইন শ্বপ এখনৰ বাহিৰত|পাঁচটকা দিলো|পিছে সি সেই পাঁচ টকা মিলাই পকেটৰ পৰা আৰু অলপ টকা উলিয়ালেহে|মই অবাক| কি কৰে ই? তাৰ পাছত ৱাইন শ্বপৰ পৰা কিনি আনিলে এটা ৰামচন্দ্ৰ(ৰাম)|চানাৱালাৰ পৰা চানা এমুঠি খুজি গলিয়াই মোক আচৰিত কৰি ৰামচন্দ্ৰটোৰ আধা গলাত ঢালি আধা পকেটত সোমোৱাই ঢেলেং পেলেং খোজেৰে আঁতৰি গ’ল সি|বেঙেমুতা গৰুৰ দৰে মই চাই থাকিলো|চানাৱালাটোৱে ক’লে "ভাইচাব ৱ ল’গ এইচাহি হেই|মেই ইন ল’গ’ ক’ ৰ’জ দেখতা হু"|মইও বদৰপুৰত লগ পোৱা দুই ভৰিবিহীন মগনীয়া আৰু ৰামচন্দ্ৰ খোৱা মগনীয়াৰ ক্থা ভাৱি ভাৱি ককাইদেউৰ ৰুমলৈ গুচি অহিলো|শুই থাকোতেহে মনত পৰিল গ্ৰন্থমেলা যোৱাই নহ’ল আজি|ইফালে দেবব্ৰতদাক ফ’ন কৰিলো|বজাৰ কৰি শেষ|মানুহবোৰ আশংকাত ভুগিছে|আহিবনে সকলো?আমাৰ(?) পৰম আকাংশিত "সাহিত্যৰ আদ্দা আৰু প্ৰীতিভোজলৈ"?
পিছদিনা ৰাতিপুৱা ৮.০১ত শুই উঠি বাথৰুমলৈ যাওঁতেই জ্যোতিদাৰ ফ’ন|গাড়ী আহিল|সোনকালে ওলোৱা|জ্যোতিদাৰ লাইন কাটিছোহে|ধ্ৰুৱদাৰ ফ’ন|মই আহি ৰৈ আছো|জীৱনত কিজানি সেইদিনাই দুই মিনিটতে মোৰ গা ধোৱা হ’ল|লৰালৰিকৈ আহি ধ্ৰুৱদাক লগ কৰিলো|পুৰি তিনিখন ফটাফট মুখত গুজি দিলো|কিবা এটা খাই ল’লে ভাল|সেই সময়তে আহি পালে পঙ্কজ নেওগদা, অয়নদা,দীপাংকৰদা আৰু কৌশিক|কৌশিকক আকৌ ভাইটী বুলি মাতি বৰ ভাল লাগে|কাৰন গোটেইসোপাৰ মাজত একমাত্ৰ সিহে মোতকৈ সৰু :)|তাৰ পৰা সকলো উঠি যাত্ৰা আৰম্ভ কৰিলো জু তিনি আলি|দেবব্ৰতদা আৰু বৌক লবলৈ|বৌহঁত নিজৰ গাড়ীতেই যাব|আমি মাত্ৰ স্ক্ৰীন আৰু বাঁহৰ খুটা ললো|তাৰ পাচত আৰু ৰবলৈ সময় নাই|তেতিয়াহে অকনমান মুখলৈ পানী আহিল|মানে ভোজটো হ’ব|আদ্দাও হ’ব|তথাপি আৰু এটা আশংকা থাকি গ’ল, ৰীতাবাইদেউ আহে বা নাহে? সেই বিলাক চিন্তা ভাৱনা বাদ দি বাটত বিকাশদা,মিল্ট্নদা আৰু ধনজীত্দাক উঠাই ল’লো|লগত ল’লো দৈ|মানে জ্যোতিদাই ল’লে|তাৰ পাচত আমাৰ গন্তব্যস্থান হাতীশিলা অভীমুখে গাড়ী দৌৰিল|মাজতে আকৌ খৰি ল’লো|লগতে ফ্ৰেছ হ’বৰ বাবে একাপ চাহ|চাহৰ দোকানতে চিনাকি হ’ল চিলেটৰ পৰা বাংলাদেশ স্বাধীন হ’বৰ সময়ত ভাৰতলৈ গুচি অহা মণ্দল উপাধিৰ বয়স্ক মানুহ এজনৰ লগত|অলপ চিলেটী পাগুলি ল’লো মণ্ডল কাইৰ লগত|ধেমালি কৰিবৰ মনেৰেই মোৰ ছদ্মনাম ক’লো "আফতাব আলি"|বাকী আমাৰ লগত থকা দুই এজনৰ মুখটিপা হাঁহি|চাহ খাই আকৌ যাত্ৰা|১০ মিনিট পাছত পালোগৈ হাতীশিলা|আমাৰ বনভোজৰ ঠাই|
গাড়ীৰ পৰা নামিয়েই ঠাই বিছৰাত লাগিলো|লগত ধ্ৰুৱদা আৰু নেওগদা|ঠাই বিচাৰি হোৱাত স্ক্ৰীন ফিটিং আৰু পৰিষ্কাৰত লাগি গ’ল আমাৰ কৰ্মদ’ল বাহিনী|প্ৰথমে ওপৰত ছামিয়ানা দিয়াৰ কথা ভৱা হৈছিল|পিছে যিহে বতাহ, ছামিয়ানা উৰুৱাই ক’ৰবাত পেলালেগৈহেঁতেন|তাৰ পাছত তিনিদিশ বেৰা দি প্ৰথমে কণী সিদ্ধ কৰা হ’ল|তাৰ পাছত টেকেলি পিঠা আৰু কণীৰ সৈতে চাহ|জ্যোতিদাই ছটামান খালে|বকাসুৰ:(|তাৰ পাচত পাচলি কটা পৰ্ব|তাৰ মাজতে মিতালীবাৰ ফ’ন|সকলোৰে খবৰ ল’লে|বেচেৰী মিতালী বাইদেউৱে যে বাৰুকৈ মিছ কৰিলে গম পালো আমি|ধ্ৰুৱদা আৰু মই ব্যস্ত হ’লো অলপ ল’ৰালিকাললৈ উভতি যোৱাৰ প্ৰচেষ্টাত|মানে লুইতৰ বালিচৰত বালি ঘৰ সাজি|তেতিয়ালৈকে আকৌ আমাৰ পঙ্কজ বৰা ডাঙৰীয়াৰ দেখাদেখি নাই|বুকুখন এনেই বিষাই গ’ল|কালি যাবৰ পৰত কৈ গৈছিল পঙ্কজদাই "মোৰ অলপ ঘৰুৱা প্ৰব্লেম আছে"|গৈয়েই ঘুৰি আহিম|এতিয়া দেখোন ঘূৰি যাবলৈও দেখা দেখি নাই|কৄষ্ণ ১২ জনেই প্ৰীতিভোজ খাম নেকি?পিছে খানা পিনা তৈয়াৰ কৰাৰ মাজতে পঙ্কজদাৰ ফ’ন "ৰীতাবাইদেউক লৈ আহি আছো|তই অলপ আগবাঢ়ি আহ"|তেতিয়াহে মুখলৈ পানী আহিল|ৰীতা বাইদেউ আহিছে যেতিয়া সাহিত্যৰ আদ্দা নিশ্চয় হ’ব|ধ্ৰুৱদা আৰু মই ৰীতা বাইদেউক আগবঢ়াই আনিব গ’লো|আনিবলৈ যাঁওতে আমাক আচৰিত কৰিলে ৰীতাবাইদেউৰ লগৰ দুজন অতিথিয়ে|দিলীপদা আৰু নতুন প্ৰজন্মৰ লেখিকা মনালিছা শইকীয়া|সেই সময়ত মোৰ কেনে লাগিছিল তাক আৰু কলমৰ ভাষাৰে বুজাবলৈ মোৰ অলপ অসুবিধা|সাহিত্যৰ আদ্দা বাৰুকৈয়েই জমিব তাৰ মানে আজি|অতিথি আপ্যায়নত আগভাগ ল’লে জ্যোতিদাই||অতিথি আপ্যায়নৰ পাছত আৰম্ভ হ’ল আমাৰ আদ্দা|আদ্দা মানে অন্তৰংগ আলাপ|ৰীতা বাইদেউক উদ্দেশ্যি উত্সুক অ.ক.বৰ সদস্যৰ প্ৰশ্ন|যেন তৰাটিকে ঢুকি পালো আজি|জনপ্ৰিয় লেখ্ক বা আন কোনো ক্ষেত্ৰৰ জনপ্ৰিয় মানুহ ওচৰত থাকিলে তেনেকুৱাই হয় চাগে|ৰীতা বাইদেউৱে ক’লে "মানুহৰ মাজত এটা পোহৰ থাকে|সেই পোহৰটো লৈয়েই মানুহ জীয়াই থাকে|যদি তুমি তাক ভাল কামত লগোৱা তেন্তে ই ভাল ফলেই দিব|আৰু যদি বেয়াত লগোৱা তেন্তে বেয়া হ’ব|সমাজত আৰু কিছুমান মানুহ আছে যিবিলাকে তোমাৰ এই পোহৰটো শুহি ল’ব বিছাৰিব|নাযাবা তেনেকুৱা মানুহৰ ওচৰলৈ|তেনেকুৱা মানুহেৰে ভৰি আছে এই সমাজ"|ৰীতা বাইদেউৰ এই শাৰী কথাই চুই গৈছিল মোক|ৰীতা বাইদেউৱে উপন্যাস সন্দৰ্ভত ক’লে "উপন্যাস এখন লিখোঁতে সকলো মন কৰিব লগা হয়|সমাজ ব্যৱস্থা,চৰকাৰ, অৰ্থনীতি আৰু আন আন আনুসাংগিক উপন্যাসখনৰ লগত জড়িত বস্ত|কিন্তু তোমাৰ যিটো অন্তঃ দৄষ্টি,সেইটো তুমি উপন্যাসখনত সঠিক ভাৱে পেলাব পাৰিব লাগিব|তুমি নায়ক বা নায়িকাক যি ৰৄপতেই উপস্থাপন নকৰা কিয়|তাৰ সপক্ষে তোমাৰ হাতত (উপন্যাসৰ মাজতেই) যুক্তি থাকিব লাগিব|তেতিয়াহে উপন্যাসখনে পূৰ্নতা পাব|তেতিয়াও তুমি সফলতা আহিব বুলি ক’ব নোৱাৰা|সেইয়া পাঠকে নিৰ্ধাৰণ কৰিব"|এইদৰে বহুত ভাল ভাল কথাই কৈ গৈছিল ৰীতা বাইদেউৱে|বহুত ধন্যবাদ ৰীতা বাইদেউক|বহুত নজনা কথা শিকিলোঁ|আন এগৰাকী প্ৰখ্যাত লেখিকা মনালিছা শকীয়াইও বালিচৰত বহি বহি সাহিত্য সম্বন্ধে বহুত কথাই ক’লে|দিলীপদাইও অন্তৰংগ আলাপত থাকি শোভা বঢ়ালে|তাৰ পাচতেই আহিলামাৰ ভোজন পৰ্ব|ৰান্ধনি গণেশৰ মাছ আৰু মাংস তৰকাৰীৰ সোৱাদ এতিয়াও জিভাত লাগি আছে|শেষত শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সামৰণি পৰে|আমিও ৱিংগাৰত উঠি নিজ নিজ বাসস্থানলৈ উভতি আহোঁ এসোপামান অভিজ্ঞতা আৰু স্মৄতি লগত লৈ|ধন্যবাদ "অসমীয়াত কথা বতৰা"|
No comments:
Post a Comment