মোৰ অনুভৱৰ নিয়ৰকণা কিছুমান আপোনালোকৰ মাজত মেলি দিছোঁ......আশা কৰিছোঁ সকলোৰে হৄদয় শ্পৰ্শ কৰিব........

Friday, 6 July 2012

 উপন্যাসিকা-দ্বিতীয় পৰ্ব(উপন্যাসিকা)

                                                                             (৫)
 
        মনবৰে খেতিৰ পৰা আহি ভাগৰে জোগৰে ঘৰ সোমাইছেহি | এই একসপ্তাহ তাৰ বৰ ব্যস্ততাৰে গৈছে | পুৱা আৰু সন্ধিয়া "অ.মু.স.স"ৰ অস্ত্ৰ চালনা আৰু মেপ প্ৰশিক্ষণৰ কামত গৈছে | সি এই কেইটা দিনতে অধিনায়ক কাকতিৰ কথাবোৰ শুনি শুনি বিপ্লৱৰ অলপ হ’লেও অৰ্থ বুজি উঠিছে |  দিনত খেতি খোলা আৰু বজাৰ সমাৰ | অৱশ্যে তাৰ নিচিনা অকলশৰীয়া ডেকা এটাৰ  কাৰণে   বজাৰ সমাৰ একো ডাঙৰ কথা নহয় |আছলতে সেইটো সময়তে সি অলপ উলাই মেলি ফুৰে ব্যস্ততাৰ মাজতে | কিন্তু আজি সি ওলাই যাব নোৱাৰে | অলপ পাছতে সি যাব ৰৄপহীক লগ কৰিবলৈ যাব | ৰৄপহীক কিছুমান কথা বুজাই ক’ব লাগিব | যদি তাই মানে তেন্তে তাইক নিজৰ কৰি আনিব পাৰিব সংগ্ৰাম শেষ কৰাৰ পাচত | কিন্তু কেতিয়া শেষ হ’ব এই সংগ্ৰাম | কিন্তু কথাবোৰ যে সি ভবাৰ দৰে নহ’ব সি সেইটো জানে | আৰু ৰৄপহীয়েও তাক কেতিয়াও এই কামলৈ যাবলৈ নিদিব | তথাপিও সি যাব সি | লুটিব অস্ত্ৰাগাৰ | যুজিঁব দেশৰ কাৰণে | কাৰণ সি বুজি উঠিচে যদি দেশ স্বাধীন নহয় তেন্তে তাৰ পিছৰ কেইটা পুৰুষলৈ নিমখ উচ্চ কৰ দি কিনি খাব খাব লাগিব সি নিজেই নাজানে | এই কথাবোৰ কাকতি ছাৰে বুজাই কোৱা দেখিহে বুজি পাইছে | তাৰ ভাৱ হয় ৰৄপহীয়ে তাক নেৰিব চাগৈ |
       এই কথাবোৰ মনৰ ভিতৰত পাগুলি থাকোঁতেই বাহিৰত সখা নৰেশ্বৰৰ মাতষাৰ শুনা পালে "
- অ মিতা , অ মিতা. কি কৰিছা হে ? একসপ্তাহমান হ’ল দেখা দেখিয়েই নাই যে ?
-কি কোৱাহে মিতা তোমাৰহে দেখা দেখি নাই | কিবা বোলে হেনো সভা পাতি ফুৰিছা |
- হেঃ ভালেই শুনিছা | অহা কালিলৈ নেমুগুৰিতেই এখন সভা আহ্বান কৰিছো |শান্তি সমদল এটাও উলিয়াম | নিমখৰ ওপৰত লগোৱা কৰৰ প্ৰতিবাদ কৰোঁ বুলি ভাবিছোঁ |
       মনবৰে মনে মনে ভাবিলে |কালিলৈ ৰাতি আমাৰো ভাল যুদ্ধ এখন হ’ব | ভগৱানেহে জানে কি হয় | ভবি থাকোঁতেই আকৌ নৰেশ্বৰে আৰম্ভ কৰিলে |
-তোমাক তাৰে নিমন্ত্ৰন দিবলৈ আহিলো | যাবা তুমি | পিছে ৰৄপহীৰ খবৰ কি ?
-ভাল চাগৈ মিতা | আজি আবেলি যাওঁ বুলি ভাবিছোঁ |
-অ, যাবা মিতা | মই এতিয়া এৰিলোহে | ঢেৰ কাম আছে কৰিবলৈ |

        নৰেশ্বৰ যোৱাৰ পাছতেই মনবৰ ৰৄপহীহঁতৰ ঘৰলৈ যাবলৈ যা যোগাৰ আৰম্ভ কৰিলে | যা যোগাৰনো কি ? অলপ নিজে কৰা হালধী আৰু মাহ ল’লে | বেলি পৰাৰ অলপ আগতেই যাত্ৰা আৰম্ভ কৰিলে সি | লাহে লাহে গৈ গৈ ৰৄপহীৰ গাওঁ সোমোৱা ৰাস্তা পাওঁ মানে প্ৰায় বেলি পৰিলেই আৰু | কিন্তু ৰাঙলী হৈ আছে আকাশখন | সি খোজকেইটা খৰকৈ দিলে | সোনকালে উভতিব লাগিব

       কেকুঁৰীটো ঘূৰি ৰৄপহীহঁতৰ ঘৰত সোমাব লওঁতেই দেখে বাউলী হৈ ৰৄপহীয়ে  দৌৰি আহিছে ৰাস্তাৰ ফালে | মনবৰক দেখি তাই ৰ’ৱ‍ই নোৱাৰিলে | দৌৰি আহি তাৰ পাছফালে ৰ’ল মনবৰৰ হাত এখন খামুচি | মনবৰে আগলৈ চাই দেখে এটা অসমীয়া ডেকা ল’ৰা তাইক ধৰিবলৈ  পাছে পাছে দৌৰিছে আৰু এটা লগতকেঁয়াৰ গোলাত দেখাৰ দৰে দক্ষিণ ভাৰতীয় মানুহ | মনবৰৰ আৰু বুজিবলৈ বাকী নাথাকিল কি ঘটিছে |তাৰ মানে ইহঁত দুটাই ৰৄপহীক........| খুচনিত থকা চুটি মিতদাখন উলিয়াই খেদি গ’ল অসমীয়াটোক | মনবৰৰ প্ৰথম ঘাপটো তাৰ কলাফুলতে পৰিল | এটা পূৰ্ণহতীয়া কোব পৰিল নকুলনেছীয়াৰ কলাফুলত | চিঞৰি বাগৰি পৰিল সি | নকুলনেছীয়াক বচাবলৈ যুজঁৰ মাজত সোমাই পৰিল ফিৰঙ্গী চিপাহী ৰাফেল  | টনা আজোঁৰাত সুলকি পৰিল ৰাফেলৰ নকল ড়াৰি মোচ | গুচোৱা পিয়াঁজহেন ইউৰোপীয়ান চেহেৰাটো তাৰ ওলাই পৰিল | মনবৰে তাৰ আচল ৰৄপ দেখি আৰু খঙত অগ্নি শৰ্ম্মা হ’ল |**** ফিৰঙ্গীৰ জাত বুলি কৈ আৰু দুগুন খঙত জপিয়াই পৰিল | মনবৰৰ ৰৄপ দেখি ৰৄপহীয়ে ভিৰাই লৰ মাৰিলে মোমায়েক নীলৰ ওচৰলৈ | মোমায়েক নীলক লৈ আহে মানে ইতিমধ্যে ৰাফেলে মনবৰৰ হাতত ইহলীলা সম্বৰণ কৰিলে | কলাফুলত এটা দাৰ ঘাপ লৈ নকুলনেছীয়া দিচাঙৰ পাৰৰ হাবিৰ ফাললৈ পলাই হাৰিল | মনবৰৰ লাহে লাহে খঙ জামৰিল কিন্তু যি হ’ব লগা আছিল হৈ গ’ল ভাৱত ৰাফেলৰ দেহলৈ থুই এটা মাৰি উঠি আহিল | ৰৄপহীয়ে মনবৰৰ তেজেৰে লুতুৰি পুতুৰি দেহতো দেখি অবাক লাগিল | এনেকোৱা মানুহ এটা ইমান ভয়ংকৰ হ’ব পাৰেনে ? খঙ উঠিলেও মনবৰ প্ৰায়ে মনে মনেই থাকে | চতুৰ মোমায়েক নীলই ইতিমধ্যে চিঞৰ বাখৰ শুনি গোট খোৱা গাঁৱৰ মানুহক মনবৰে যিদৰে বুজিলে সেই দৰেই বুজাই ক’লে | মনবৰক ৰৄপহীৰ মাকে পাছফললৈ নি ধুৱাই মেলি লৈ আহিল জুহাললৈ |
 
       গাঁৱৰ মানুহে পলাই যোৱা নকুলনেছীয়াৰ কথা জানিব পাৰি ভয়তে পেপুৱা লাগিল | সকলোবোৰ এজন এজনকৈ নাইকীয়া হ’ল | নাজিৰাৰ থানাত গম পালেই যে কালিলৈ গোটেই আহোম গাঁও এফালৰ পৰা বখলিয়াই যাব সেইয়া সকলোৱে জানে | গতিকে জানি শুনি জীয়া জুইক নিজৰ  বুকুত কোনে জ্বলাই | সকলো আঁতৰিল | মানুহ নোহোৱাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি আহোম গাঁৱৰ একমাত্ৰ "অ.মু.স.স"ৰ সদস্য বসুধৰ আৰু ৰৄপহীৰ মোমায়েক নীল‍ই ৰাফেলৰ দেহটো দিচাংলৈকে টানি নি খৰস্ৰোতা গতিৰ নদীৰ পানীত বিসৰ্জন দিলে | ততাতৈয়াকৈ আহি জোহালিত বহি থকা মনবৰৰ ওচৰলৈ আহিল | মনবৰৰ চকুত যেন জুইহে ফুটিছে | মোমায়েকেই আৰম্ভ কৰিলে লাহে লাহে
--যি হ’ল হ’ল আৰু | এতিয়া কালিলৈ থানাৰ পৰা মানুহ আহিলেই কথা গভীৰ হ’ব | ৰৄপহীৰ জীৱনৰ কথা এটাও আছে | নকুলনেছীয়া নাজিৰাৰ থানা  গৈ পাই মানে কমেও তিনি ঘন্টা লাগিব | মনবৰ এইখিনি সময়তে আঁতৰি যোৱা ভাল হ’ব | যদি ইচ্ছা কৰা তেন্তে ৰৄপহীক এতিয়াই লগত লৈ যোৱা মনবৰ | ভনীয়েৰৰ ঘৰতে ৰাখিবা | বিপদ নোযোৱালৈকে |
-তাইক ম‍ই ইয়াত নেৰো মোমাইটি | আপোনাৰ কথা মতেই কৰিম |মনবৰে মোমায়েকক কৈ উঠিল | মনবৰে সকলোবোৰ নিজৰ মনৰ কথা কৈ পেলালে মোমায়েকৰ আগত |
-আৰু দেৰি নকৰো মোমাইটি | আমি উঠোঁৱেই | বাকী বিয়াৰ নামত যি নিয়ম অৰা লাগে সেয়া পাচত কৰিম |
         নিজৰ মন আবেগ উত্তেজনা সকলো সামৰি আকৌ নিজ কৰ্ত্তব্যৰ বাবে সাজু হ’ল মনবৰ| মনত আকৌ অহা কালি ৰাতি হ’বলগীয়া অস্ত্ৰাগাৰ লুটৰ মেপখন ভাঁহি উঠিছে | সি  ততাতৈয়াকৈ মাক আৰু মোময়েক নীলক সেৱা এটা জনাই ৰৄপহীক লৈ ওলাই আহিল নেমুগুৰি অভীমুখে | লগত "অ.মু.স.স"ৰ বসুধৰ |আহোঁতে মনবৰেই আৰম্ভ কৰিলে
-ত‍ই ভ্নীটিৰ তাতে থাকিবি ৰৄপ | মোৰ অলপ কাম আছে আজি ৰাতি | মোৰ দেৰি হ’ব |
-কি কাম ?মোক ক’ব নোৱাৰ’ নেকি ?
     চেপা মাত এটাৰে কৈ উঠিল ৰৄপহীয়ে |তাইৰ চকুৰ আগৰ পৰা এতিয়াও নাই যোৱা মনবৰৰ সেই বিধ্বংসী ৰৄপ| তাই সপোনতো ভবা নাছিল মনবৰ তেনেকোৱা হ’ব পাৰে বুলি | ইমান সৰল মানুহটোৱে যে এনেকোৱা এটা ৰৄপ ল’ব পাৰে তাই ভাবিবও পৰা নছিল |
-নোৱাৰো | ত‍ই ভনীটিক এইবোৰ নক’বি | লাহে লাহে তাই নিজেই গম পাব |

                                                                                   (‍৬)

           আধাঘণ্টাৰ ভিতৰত ভনীয়েকৰ ঘৰত ৰৄপহীক লৈ সোমাল মনবৰ |  ভনীয়েক প্ৰথমে আছৰিত হৈছিল যদিও তাৰ পাছত সকলো বুজি পালে | গা পা ধুৱাই ৰৄপহীৰ কপালত এটা ডাঙৰ সেন্দুৰৰ ফোঁট দিবলৈ লওঁতেই শোৱনি কোঠালৈ মনবৰ সোমাই আহিল | ভনীয়েক তৰাই ফোঁট নিদিয়াকৈ য়ে ওলাই গ’ল বৰঘৰলৈ | মনবৰে নিজেই  এটা সেন্দুৰীয়া ফোঁট সাজিদিলে ৰৄপহীৰ কপালত | ৰৄপহীয়ে আবেগত ৰৱ নোৱাৰি সোমাই পৰিল মনবৰৰ নহল বুকুত     |  মনবৰেহে জানে  সি  কি কৰিছে আজি ? যদি ভগৱানে ভাৱে তেন্তে কেইঘণ্টামানৰ বাবেহে ৰৄপহী সধৱা হৈ থাকিব পাৰে | অথবা.........| কপালতে চুমা এটা আঁকি মনবৰ সেমেকা চকুৰে ৰৄপহীক  থৈ সি ওলাই গ’ল উপ অধিনায়ক সৰ্ব্বেশ্বৰ কাকতি আশ্ৰয় লৈ থকা গাঁৱৰ একেবাৰে শেষ মানুহ ঘৰলৈ | লগত ব্সুধৰ  | বসুধৰে মনবৰক একো প্ৰশ্ন নকৰাকৈয়েই বুজি উঠিছিল কিছুমান কথা |  কাকতিক সকলো বুজাই কোৱাত কাকতিয়ে চীত্‍কাৰ কৰি উঠিল | কাকতিয়ে ক’লে মনবৰক
-কালিলৈ পুৱা বা আজি শেষ ৰাতিয়েই তেন্তে ফিৰঙ্গীসোপাই ইয়াত বিচাৰ খোচাৰ আৰম্ভ কৰিব পাৰে | আমি আজিয়েই অস্ত্ৰাগাৰ লুটিব লাগিব |
-তেন্তে ইমানবোৰ মানুহক এতিয়া গোটাব কোনে? মনবৰৰ প্ৰশ্ন |
-তুমিয়েই গোটাব লাগিব | তিনি ঘণ্টাৰ ভিতৰত আমি চেপন পাবি লাগিব | আধাঘণ্টাৰ ভিতৰত অস্ত্ৰাগাৰ লুটি শেষ কৰি দিচাঙেদি ভটীয়াই আমি সকলো যোদ্ধা যাম গোলাঘাটলৈ |তুমি এতিয়াই গাঁৱৰ সকলো যোদ্ধাকে সাজু কৰা | ম‍ইও সাজু হওঁ | সকলোকে খবৰ কৰা |
 কৈয়েই দৰ্জা জপাই যুজঁৰ সাজ পিন্ধাত ব্যস্ত হ’ল কাকতি | একো মতাৰ সুযোগ নিদিলে মনবৰ আৰু বসুধৰক |
           মনবৰ আৰু বসুধৰে কেইমিনিটমানৰ ভিতৰতে প্ৰশিক্ষণ প্ৰাপ্ত সকলোকে গোট খুৱাই ককতিৰ ঘৰলৈ পঠাই দিলে |শেষবাৰলৈ ৰৄপহীক এবাৰ  চাই আহিল মনবৰে | যেন  এদিনীয়া বোৱাৰীহে তাই | ৰৄপহীক অলপ্দেৰিকৈ ঘৰ সোমাম বুলি কৈ ধনু কাঁড়যোৰ নিজৰ ঘৰৰ পৰা লগত লৈ কাকতিৰ ঘৰৰ কাষলৈ আহিল মনবৰ | প্ৰায় দহটা বাজো বাজো হৈছে তেতিয়া | কাকতি আৰু বাকী সকলো বিপ্লৱীয়ে দহখন গৰু গাড়ীত উঠি আৰম্ভ কৰিলে চেপন অভীমুখী যাত্ৰা | কাকতিৰ হাতত অস্ত্ৰ , বাকীবোৰৰ হাতত ধনু আৰু কাঁড় |সকলোৱে আৰম্ভ কৰিলে  দিৰৈৰ পাৰৰ চেপনৰ অস্ত্ৰাগাৰ লুটাৰ সপোন দেখি | "অ.মু.স.স"ৰ সকলো নতুন সদস্যই এক অজান আশংকাত ভুগি আছিল |

          ইফালে নকুলনেছীয়াই কলাফুলত ঘাপ খাই পলাই দিচাংৰ ইপাৰ পালেগৈ | অবিৰাম ৰক্তক্ষৰণ হৈ থকা কলাফুলটো লৈ সি আগুৱাব নোৱাৰা হ’ল | বান্ধি ল’লে সি কলাফুলটো | আগুৱাই থাকিল পাৰে মানে চুচৰি চুচৰি | এইদৰে সি কালিলৈ পুৱাহে পাবগৈ পাৰে | পুৱা পালে নহ’ব | তাৰ আগতেই পাব লাগিব | নহ’লে সি জীয়াই থকাৰ আশাও খীন | এনেকৈ তেজ গৈ থাকিব লাগিলে আধাবাটতে সি মৰিইব সেইটো খাটাং | আৰু অলপ গৈয়েই বহি পৰিল সি | আকৌ অলপ আগুৱালে লাহে লাহে | আকৌ বহি পৰিল | বুজি উঠিছে সি | তাৰ জীৱনৰ সীমাৰেখাডাল বেছি দূৰলৈ আগুৱাই নাযায় | আকৌ দুগুণ মনোবলেৰে আগুৱালে সি |নাজিৰা  গৈ পাওঁতে পাওঁতে কাউৰীয়ে কা কৰিলেই | থানাত সোমায়েই নকুলনেছীয়া ঢলি পৰিল লগৰ চিপাহী বঙালী চিপাহী ৰবীন্দ্ৰ চক্ৰবৰ্ত্তীৰ কোলাত | ৰবীন্দ্ৰৰ চিঞৰত অফিছাৰ নিক’লছন আৰু বাকী ইংৰাজ চিপাহীসকল উঠি আহিল | কেইটামানহে শব্দ উচ্ছাৰণ কৰিব পাৰিলে সি অফিছাৰ নিক’লছনৰ আগত " ছাৰ , ৰাফেল মৰ গয়া.....আহ....হিক...কল নেমুগুৰি মে....চভা হেই.....দি......চা........ং........ক......এ....এ.....|বাক্যটো সম্পূৰ্ণ কৰিবলৈ নৌ পাওঁতেই ঢলি পৰিল নকুলনেছীয়া ৰবীন্দ্ৰৰ কোলাত | কথাবোৰ শুনিয়েই নিক’লছনৰ দাঁত কৰছি উঠিল | চীত্‍কাৰ কৰি আদেশ দিলে " ফুৰে বেটেলিয়ন ক’ জগাও , ৰেদি ৱিথ আৰ্মছ | হামল’গ সুভহ হী নিকল জায়েঙ্গে  বি ৰেদি ” | আদেশ দিয়েই নিজৰ ৰুমত থকা ব্যক্তিগত অস্ত্ৰবোৰ পৰীক্ষা কৰাত লাগিল নিক’লছন |
 
          ৰাতি ১২ বজাত গৈ পালে দিৰৈৰ নদীৰ পাৰ কাকতিৰ দলটোৱে | দুৰ্বল নদীখন পাৰ হৈয়েই ১ কিঃ মিঃ আঁতৰত অস্ত্ৰাগাৰটো | কাকতিয়ে তাতে দলটো ৰখাই নিজেই এজন লৈ আগতে ৰক্ষী বাহিনীৰ শক্তিৰ উমান ল’বলৈ গ’ল | ১৫ মিনিটমান পাছত ঘুৰি আহি সকলোকে কেনেকৈ আক্ৰমণ কৰিব লাগিব বুজাই ক’লে | আঠ জনীয়া ৰক্ষী দলটোএকেলগে কাবু কৰি বেৰেকত থকা বাকী আঠজনকো সাজু হোৱাৰ আগতেই মৄত্যুৰ শীতল নিদ্ৰাত শুৱাই গোদাম লুটিব লাগিব | ৱায়াৰ্লেছৰ খবৰত মৰাণৰ পৰা আহিব লগা জোৰদাৰ বাহিনী চেপন পোৱাৰ আগতেই দিৰৈ দলং পাৰ হৈ দলং খন ভাঙি দিচাঙ অভীমুখে আগবঢ়াই মূল আচনি | আগবাঢ়িল সকলো | কাকতি্ৰ নিৰ্দেশ মৰ্মে ৩৯ জনৰ সকলোৱে আগুৰি ধৰিলে মনে মনে অস্ত্ৰাগাৰটো |ঘন হাবিৰ মাজৰ পৰা ধনু কাঁড়েৰে প্ৰত্যেকজন চিপাহীক লক্ষ্য কৰি ল’লে বিপ্লৱী সকলে | কাকতিৰ সংকেতসূচক "বাক চৰাই"ৰ মাত এটাত একেবাৰতে এটা এটা মৰণকাতৰ চিঞৰ মাৰি ধলি পৰিল আঠ্জন চিপাহী | বাকী বেৰেকত থকা আঠজনক কাকতি আৰু মনবৰৰ নেতৄত্বত ১২ জনে আক্ৰমণ কৰি ধৰাশায়ী কৰিলে | কিন্তু বেৰেকৰ পৰা উলাই আহিবলৈ লওঁতেই পিচফালৰ পৰা ইংৰাজ চিপাহী এজনৰ শুই শুই মৰা এটা গুলীত কাকতিৰ বাওঁ বাহু ভেদী গ’ল | বাগৰি পৰিল কাকতি | খঙত মনবৰে চিপাহীটোৱে দ্বিতীয়টো গুলী চলাবলৈ পোৱাৰ আগতেই প্ৰচণ্ড ঘাপ এটাৰে ডিঙিটো দুচেওঁ কৰি দিলে | যেন তাৰ বাবে সেইটো এটা সাধাৰণ কথাহে | কাকতিৰ চকু বিষৰৰ মাজতো বহল হৈ গ’ল মনবৰক দেখি |

        খৰতকীয়াকৈ অস্ত্ৰাগাৰৰ পৰা সকলো বন্দুক বাৰুদ দিৰৈৰ ্পাৰত থকা গৰু গাড়ীত বোজাই দি বিচাৰি অহা ফিৰঙ্গীসোপা আহিব নোৱাৰাকৈ দিৰৈৰ দলঙখন ভাঙিপেলালে বিপ্লৱীদলটোৱে | খৰতকীয়া গৰুগাড়ীৰ খোজেৰে  আগবাড়িল দলটো দিচাঙ অভীমুখে | মনবৰৰ মনত আকৌ এবাৰ ভাঁহি উঠিল ৰৄপহীৰ মুখখন | নতুন বোৱাৰী হৈ কেনেকৈ যে শুইছে তাই | কেতিয়াবা লগ পাব তাইক আকৌ | কাকতিৰ নিৰ্দেশ মৰ্মে এতিয়াই দিচাঙত বান্ধি থোৱা নাৱত উঠি ভটীয়নী যাত্ৰা কৰিব লাগিব গোলাঘাটলৈ | মনবৰে আৰু ভাবিব নোৱাৰিলে | হুমুনিয়াহ এটা পেলাই উঠি অহা গৰু গাড়ীখনৰ লণ্ঠনটোলৈ একেঠিৰে চাই ৰ’ল |

            ৰৄপহীয়ে বিচননাত পৰি পৰি ভাবি আছিল গোটেই ঘটনাটো | ক’ৰ পৰা যে কি হৈ গ’ল | মাত্ৰ কেইপৰমান আগলৈকে তাই মাকৰ বুকুৰ আপোন জীয়ৰী আছিল | এতিয়া মনবৰৰ পত্নী | কিন্তু পত্নী হোৱাৰ পাছত ফুলশয্যাৰ নিশা অকলশৰে বিচনাত পৰি থাকিব লগা হৈছে| হঠাত্‍ এটা ডাঙৰ শব্দ আৰু লগে লগে কেইটামান আৰু সৰু সৰু শব্দ শুনি বুকু কঁপি উঠিল ৰৄপহীৰ বুকু | কিবা এক অজান আশংকাই ডুবাই পেলালে ৰৄপহীৰ দেহ মন | কোনোদিন শুনি নাপালেও বন্দুকৰ শব্দ যেন লাগিল ৰৄপহীৰ সেইকেইটা শব্দ |

             ইফালে পুৱাই যাত্ৰা আৰম্ভ কৰিলে নিক’লছনে নেমুগুৰি অভিমুখে |লগত থকা সকলো মাৰনাস্ত্ৰ সাজু কৰি | প্ৰয়োজনতকৈ অধিক গুলী বোজাই দিলে গাড়ীত | যাতে কোনো বিপ্লাৱী পালে সমূলঞ্চে নাশ কৰিব পাৰি | সভা হোৱাৰ কথাটোৱে ব্যতিবস্ত কৰি তুলিছে নিক’লছনক | ৰাফেলক হেৰুৱালেই | প্ৰতিশোধৰ জুইত জ্বলি উঠিল নিক’লছনৰ চকু |  কাকো যেন ৰেহাই নিদিব |

                                                                               (৭)
 
           নৰেশ্বৰে পুৱাই সকলো জা যোগাৰ কৰি পেলালে সভাখনৰ | ৰাতিপুৱাই খবৰ এটা পালে সি লগৰে শান্তি সমদলৰ সদস্য বৄকোদৰৰ পৰা | কিবা মনবৰে হেনো ৰৄপহীক পলোৱাই আনিলে ৰাতিয়েই | ক’ত আহিব সি আৰু | এতিয়া চাগৈ কৰ্ম ধৰ্ম কৰাত ব্যস্ত | মোকো খবৰ এটা দিব নোৱাৰিলে সি |  ৮ টা বজাত আৰম্ভ হ’ব লগা সভাখনলৈ লাহে লাহে এক দুই মানুহ আহিব ধৰিলে | মানুহ বহোৱাই লৈ  নৰেশ্বৰে আৰম্ভ কৰিলে সভাৰ উদ্দেশ্য | সভা আৰম্ভ হোৱাৰ ঠিক আধাঘণ্টা পাছতেই গৰু গাড়ী সহ নিক’লছন আৰু বেটেলিয়ন বাহিনী হাজিৰ হ’ল | বেটেলিয়ন দেখিয়েই বহি থকা ডেকা ল’ৰাসকল উঠি লৰ মাৰিব ধৰিলে | নিক’লছনে ঠিৰাং কৰিলে নকুলনেছীয়াই কোৱা সভা আৰু সিহঁতেই বিপ্লৱী | বেটেলিয়ন বাহিনীক আদেশ কৰিলে নিক’লছনে "টেক পজিছন " | শাৰীপাতি বন্দুক টোঁৱাই থিয় হৈ ৰ’ল বন্দুক বাহিনী | মানুহবোৰে আৰু ভয় খালে | নৰেশ্বৰে স্তিৰ হৈ থাকিবলৈ কৈ কৈ ভাগৰি গ’ল | নিক’লছনে আদেশ কৰিলে "ফায়াৰ" | ২০ জনীয়া বন্দুকধাৰীৰ গুলীত ঢলি পৰিল প্ৰায় ৫০ জন তিৰি মুনিহ সহিতে ল’ৰা ছোৱালী | প্ৰথম গুলীটো লাগিল নৰেশ্বৰৰ গাত | একেবাৰে ওচৰৰ পৰা মৰা গুলীটোৱে কেইফুটমান পিছলৈ ঠেলি নিলে নৰেশ্বৰক | তাৰ পাছত বাকীবোৰো ঢলি পৰিল | ৰক্তাক্ত হৈ পৰিল শান্ত শিষ্ট নেমুগুৰি |আকৌ এবাৰ কলংকিত ইতিহাস লিখিলে অফিছাৰ নিক’লছনে নিজৰ জীৱনৰ |কিন্তু নিক’লছনৰ মুখত নিষ্ঠুৰ হাঁহি | তেজেৰে তুমুৰলি পথাৰত কান্দোনৰ ৰোল উঠিল | এনে কান্দোনে নিলচনৰ হৄদয় গলাব নোৱাৰে | গাঁৱৰ সকলো দৰ্জা বন্ধ হ’ল | কলংকিত হ’ল নেমুগুৰি প্ৰথমবাৰৰ বাবে নিৰীহৰ তেজেৰে | কিজানি শেষবাৰৰ বাবেও | নিক’লছন উভতিব লওঁতেই দ্বিতীয় প্লেটুনৰ চিপাহী ৰবাৰ্টৰ চিঞৰি কোৱা ৰিপৰ্টিং " ছাৰ , একচুৱেল মেম্বাৰছ অৱ ৰিভলিউচন গয়িং টুৱাৰ্ডছ দা ৰিভাৰ "দিচাং", ডিজ আৰ ইন’চেণ্ট পিপ’লছ....ডে কিলড আৱাৰ বেটেলিয়ন "  | নিক’লছনে কথাষাৰ শুনিয়েই আদেশ কৰিলে প্লেটুনটোক "ম’ভ , মভ টুৱাৰ্ড্ছ ৰিভাৰ "
 
           ৰৄপহী আৰু মনবৰ ভনীয়েকক থৈ পুৱাই মনবৰৰ ভনী জোঁৱায়েক ওলাল মনবৰক বিচাৰি | যোৱাকালি ঘটনাৰ পাছত ক’লৈ গৈছে বৌয়েকেক ৰাখি সি | প্ৰশ্নটোৱে খু দুৱাই আছিল ভনীজোঁৱায়েক হৰেণৰ মনত | তাৰ কথা সোধাত সকলো মানুহে মনবৰৰ সখীয়েক নৰেশ্বৰে আয়োজন কৰা সভাত থাকিব পাৰে বুলিহে উত্তৰ দিলে | ভনীজোঁৱায়েকে হৰেণেও তালৈকে বুলি খোজ ল’লে | সভাৰ কাম ইতিমধ্যে আৰম্ভ হৈচিল |অলপ দেৰি ডিঙি মেলি মেলি  মনবৰক বিচাৰিব লওঁতেই ডেকা ল’ৰাবোৰক ফৰিং চিটিকা দি পলোৱা দেখিহে গাত সম্বিত আহিল যে ইতিমধ্যে ফিৰঙ্গী চিপাহী আহি উপস্থিত হৈছে | সিও একো নভবাকৈ লৰ ধৰিলে | মিছামিছি ফিৰঙ্গীসোপাৰ লাঠীৰ কোব খাই কি লাভ ? পিছে আজি হৰেণৰ ভাগ্যত বেলেগ কিবাহে লিখা আছিল | ১০ ফুটমান যাবলৈ নওঁ পাওঁতেই মূৰৰ লাওখোলা এটা এনফিল্ড ৰাইফলৰ গুলীয়ে বখলিয়াই লৈ গ’ল | দেহাটোৰ মুৰৰ তলৰ অংশ কপি কপি ভীমকলৰ গুৰিৰ দৰে ঢলি পৰিল |

        ইফালে হৰেণ ওলাই যোৱাৰ পাছতেই একেবাৰে ওচৰত গুলীৰ শব্দ শুনি ঘৰৰ ভিতৰতে পেপুঁৱা লাগিল বনবৰৰ ভনীয়েক আৰু ৰৄপহী |গুলীৰ শব্দবোৰে ভয়ত বিতত কৰাৰ ওপৰিও ভবাই তুলিলে ৰৄপহীক | ওলাই আহিব খোজা কান্দোনটো চেপি ধৰি আঁচলৰ আগটো ককাঁলত খুচি ওলাই আহিল ৰৄপহী মুলপথৰ ফালে | নেমুগুৰিৰ মৄতদেহৰ বজাৰ হোৱাঠাই টুকুৰা পাইয়েই মাত বন্ধ হৈ গ’ল তাইৰ | দুইগালেদি চকুলো বাগৰি আহিল | উদ্দেশ্যহীন ভাৱে তাই খোজ আগবঢ়াব লওঁতেই ওচৰৰে গাঁৱৰ বগলী বুঢ়াই কান্দি কান্দি ক’লে " আই নাতিটোৱে ইয়ালৈ কি হৈছে চাবলৈ আহিছিল | এতিয়া তাক ক’ত বিছাৰো? পুৱাই তোমালোকৰ গাঁৱৰ মনবৰক গাঁৱৰ মাজৰ ৰাষ্টাৰ মাজেদি বন্দুক বাৰুদ লৈ যোৱা দেখিছো | কি হৈছে এইবোৰ অ’আই ? ইয়াত দেখিছো মৰাশ’ৰ বজাৰেই বহুৱাই গ’ল কটা নিধক সোপাই ..হুক হুক হুক " একেলগে কন্দি উঠা হাজাৰজন মানুহৰ মাজত হেৰাই গ’ল বুঢ়াৰ কান্দোনৰ সুৰ | ৰৄপহীয়ে আৰু দেৰি নকৰিলে বুঢ়াৰ কথা শুনি | খৰখোজেৰে আগবাড়িল দিচাঙৰ পাৰৰ মাকৰ ঘৰৰ ফালে |
  
          প্ৰায় পুৱা ৫ টা বজাত নেমুগুৰি পালে কাকতিৰ বাহিনীটোৱে , কিন্তু ৰাফেলৰ মৄত্যুৰ বাতৰিয়ে যে অফিছাৰবোৰক উত্তেজিত কৰিব পাৰে সেই  বিষয়ে জ্ঞাত আছিল কাকতি | সেই বাবে মূল পথেদি নগৈ খোজ কাঢ়ি গাঁৱৰ মাজে মাজে যোৱাৰ সিদ্ধান্ত ল’লে | অলাগতিয়াল বস্তু বাহিনী বাদ দি কেৱল অস্ত্ৰ শস্ত্ৰ আৰু বাৰুদ কান্ধত বোজাই কৰি ল’লে "অ.মু.স.স"ৰ কাকতিৰ অধীনৰ দলটোৱে | বিপ্লৱীৰ দলটোৱে  মূলপথ গা এৰা দি যাওঁতে দেখিলে নিক’লছনক নিজ বাহিনীৰ স’তে | কোনোমতে অস্ত্ৰৰ বোজাবোৰৰ স’তে লুকাই হাৰিল বাহিনীটো | গাঁৱলীয়া লুংলুঙীয়া পথেৰে খৰতকীয়া খোজেৰে আগবাঢ়িল দলটো |অলপ সময়ৰ পাছত সকলোৰে কানত পৰিল গুলীৰ শব্দ | বুজি উঠিল সকলোৱে | তাৰ মাজৰে হয়তো কোনোবাই কাৰোবাক হেৰুৱালে | কোনোবাই মাকক কোনোবাই ভায়েকক | শোকাৰ্ত হৈ উঠিল দলটো | কিন্তু অলপ পাছতেই কাকতিৰ বুজনিত সকলো আকৌ কঠোৰ হৈ উঠিল | লক্ষ্য দিচাঙৰ পাৰ | সোনকালেই নাঁৱত বোজাই দি নাঁৱ মেলি দিব লাগিব |দুই ঘণ্টামানৰ পাছত দলঙৰ ওচৰত উপস্থিত হৈয়েই দেখে ইফালৰ পৰা আহি আছে নিক’লছনৰ প্ৰায় বিশজনীয়া দ্বিতীয়  দলটো | গধুৰ বোজা কেইটা লুকোৱাই থৈ গোটেই কেইজন বিদ্ৰোহী লুকাই পৰিল | সকলোৱে এটা মাৰণাস্ত্ৰ হাতত ল’লে |সকলো সাজু | ফিৰঙ্গীদলটোৱে  দলংখন পাৰ হোৱাৰ পাছতেই প্ৰায় মূলপথৰ দুই কাষে লুকাই থকা কাকতিৰ দ’লটোৱে গুলীবৰ্ষণ আৰম্ভ কৰিলে | সকলোবোৰ ধৰাষায়ী হ’ল | মাত্ৰ এজন পলাই হাৰিল | নেমুগুৰিৰ ফালে দৌৰি পলাই যোৱা চিপাহীজনেই আছিল ৰবাৰ্ট |
 
         প্লেটুনটোৰ হাতত পোৱা সকলো অস্ত্ৰ শস্ত্ৰ বুটলি দিচাঙৰ গড়াৰ কাষত লুকাই ৰখা নাঁও কেইখন উলিয়াই অনাত ব্যস্ত হ’ল মনবৰ আৰু সতীৰ্থগন | কাকতিয়ে মনবৰক আদেশ দিলে " আমি নাওঁকেইখন উলিয়াম | তুমি দলঙখন পেলোৱাৰ ব্যৱস্থা কৰা |লগত দুজন নিয়া | দলঙখন বগৰাই দিলে ফিৰঙ্গীসোপাই ভাবিব আমি ইপাৰ হৈ গৈছো | নিধকসোপাই নাঁও যোগাৰ কৰি পাৰ হৈ আমাক বিচাৰি নাপাই ঘুৰি অহালৈ আমি বহুত দুৰ আগুৱাব পাৰিম | যোৱা | যোৱা এতিয়াই " কথামতেই মনবৰে বন্দুকটো কান্ধত ওলমাই পিন্ধি থকা চুৰিয়াখন চুটি কৰি পোন্ধ এটা মাৰি আগবাঢ়িল | বাৰুদখিনি ঠিক ঠাক কৰি শলিতাডালত জুই লগাবলৈ লওঁতেই ৰৈ গ’ল সি | গুৰুপ..গুৰুপ...তাৰ বুজিবলৈ বাকী নাথাকিল সেয়া যে ফিৰঙ্গীৰ জোতাৰ শব্দ | ততাতৈয়াকৈ জুই দি দৌৰি আহিল নাঁৱৰ কাষলৈ | ইতিমধ্যে নাঁওবোৰ সাজু হৈছে |
-চিপাহীবোৰ পালেহিয়েই | আপোনালোক আঁতৰ হওক | মোক অলপ গুলী দিয়ক | আপোনালোক যাওক মহাশয় | কাকতিক উদ্দেশ্যি কৈ উঠিল মনবৰে |
-কিন্তু মনবৰ তুমি কি কৰিবা ?
-মূৰ কথা চিন্তা নকৰিব মহাশয় | বিপ্লৱ দীৰ্ঘজীৱি কৰক | আমাৰ দেশকখনক মুক্ত কৰক | এই বুলি কৈয়েই গুলীৰ বাকছৰ পৰা অলপ গুলী নিজৰ বনিয়নৰ ভিতৰত ভৰাই ল’লে মনবৰে , লগত ল’লে এটা বাৰুদ | নাঁৱ কেইখন ঠেলি দি অলপ সময় তভক মাৰি চাই ৰ’ল সি কাকতিলৈ | কাকতিয়েও চালে | কাকতি নিজ কৰ্তব্যৰ কাৰণে মনবৰক অকলে এৰি কিবা এক দুখত ডুবি গ’ল |

         গুৰুপ....গুৰুপ |জোতাৰ শব্দত সি সচকিত হৈ উঠিল  | দৌৰ মাৰি  মূলপথটো পাৰ হৈ সিপাৰলৈ গুছি গ’ল সি লুকাবলৈ | উদ্দেশ্য তাক ধৰিলেও সি কাকতিহঁতৰ বিপৰীত দিশত দৌৰিব |জোপোহাৰ আঁৰত লুকাই বাৰুদটো উলিয়াই নিক’লছন বাহিনীৰ  অপেক্ষাত ৰ’ল মনবৰ |

        অলপ পাচতে আহি পালে নিক’লছনৰ বাহিনী | সাৱধানে গণি পেলালে মনবৰে গোটেই বেটেলিয়নটো | মুঠ ৩৫ জন | বৰুদটো পেলালে কমেও ২০ জন ঘায়ল হ’ব | তাৰ পাচত স্থান সলনি কৰি গুলীয়াই বাকীবোৰক কাবু কৰিব লাগিব | নহ’লে চিকাৰী কুকুৰে বিচাৰি উলিওৱাৰ দৰে কাকতিহঁতক বিচাৰি উলিয়াব ফিৰঙ্গীমখাই | আৰু চিন্তা নকৰি বাৰুদটো জুমৰ মাজলৈ দলিয়াই দিলে মনবৰে | বিকট শব্দ এটা কৰি ফুটি উঠিল বাৰুদটো ইংৰাজ চিপাহীৰ জুমৰ মাজত | মনবৰে স্থান সলনি কৰি দেখে ২২ জন আঘাত পাই উঠিব নোৱাৰা হ’ল | বাকী থকা কেইটাই নিক’লছনৰ নিৰ্দেশত তত্‍কালে লুকাই সি বাৰুদ দলিওৱা ঠাইলৈ অবিৰাম গুলী বৰ্ষণ কৰিলছে |তাৰ বন্দুকটো পোনাই আকৌ চাৰিটাক ধৰাশায়ী কৰিলে সি | নিক’লছনে একো বুজিব পোৱাৰ আগতেই | নিক’লচনক চাব পৰা নাই সি | ঢাকি ৰাখিছে সি নিজকে বাকী থকা চিপাহীকেইটাৰ আঁৰত | মনবৰে চুঁচৰি স্থান সলাওঁতে কানৰ কাষেদি এটা গুলী পাৰ হৈ গ’ল | সি যি ঠাইৰ পৰা গুলী মাৰিছিল , মানুহ নেদেখি তালৈকে গুলীয়াইছে ফিৰঙ্গী চিপাহীয়ে | বাকী থকা কেইটাকো কাবু কৰিবলৈ বেছি সময় নালাগিল মনবৰৰ | তাৰ আগত এতিয়া কেৱল নিক’লছন | নিক’লছনৰ মুৰলৈ বন্দুকটো টোঁৱাই ট্ৰিগাৰ টিপিবলৈ লওঁতেই দেখে গুলী শেষ হৈছে | মাটিত গোৰ এটা মাৰিলে সি | জোপোহাৰ আঁৰেৰে দেখে নিক’লছনৰ বন্দুক খালী হৈছে | লুকাই লুকাই নিক’লচনক পাছফালৰ পৰা জাপ মাৰি  জপটিয়াই ধৰিলে মনবৰে | শক্তিশালী নিক’লছনেও মনবৰক আগফাললৈ  টানি মূলপথৰ ওপৰত পেলাই এটা প্ৰচণ্ড গোৰ সোধালে | মনবৰ কেঁকাই উঠিল | সময়ৰ অপব্যয় নকৰি নিক’লছনে ককাঁলত থকা তৰোৱালখনেৰে এটা প্ৰচণ্ড ঘাপ দিয়ে মনবৰ পিঠিত | ভাগ্য মনবৰে বাগৰ মাৰি উঠি গ’ল | মনবৰেও ককাঁলত থকা মিতদাখন উলিয়াইল’লে | ৰাফেলক কটাৰ পাছত সেইখন তাৰ ককাঁলতেই আছিল | দুইটাই গোনা ম’হৰ দৰে যুঁজি থাকিল | এবাৰত মনবৰক ঠেলা মাৰি পেলাই নিক’অলছনে তৰোৱাল খন মনবৰৰ বুকুত গুঁজি দিব লওঁতেই মনবৰৰ মিতদাখন নিক’লছনে তৰকিবলৈ পোৱাৰ আগতেই তলপেটৰ আধালৈকে সোমাই গ’ল | চীত্‍কাৰ কৰি ঊঠিল নিক’লছনে |বাগৰি পৰিল নিক’লছন মনবৰৰ গাৰ ওপৰতে | মিতদাখন ৰাস্তাৰ ওপৰতে দলিয়াই উঠি দেখে দূৰৈৰ পৰা দৌৰি আহিছে ৰৄপহী | দৌৰি আহি ৰৄপহীয়ে সাৱটি ধৰিলে মনবৰক | কিন্তু ৰৄপহীয়ে সাৱটি ধৰাৰ লগে লগেই পিছফালৰ পৰা কিবা এটা পিঠিত সোমাই যোৱা যেন পালে মনবৰে | ৰৄপহীক ঠেলি আঁতৰাই পিছফালে ঘুৰি চাই দেখে তৰোৱালখন তাৰ পিঠিত আধালৈকে গুজি ঠিয় হৈ আছে নিক’লছন | মুখত সেই কুটিল হাঁহিটো | ৰাস্তাত পৰি থকা বন্দুকৰ আগত লগোৱা চুৰি এখন বুটলি মনবৰে চিঞৰ এটা মাৰি খেদি গ’ল নিক’লছনক | " কুকুৰৰ পুতেক, পাছফালৰ পৰা মাৰ !!  এনেয়ে মানুহবোৰে কোৱা নাই ইংৰাজে পাছফালৰ পৰা মাৰে বুলি " এই বুলি কৈয়েই গোটেই চুৰিখন নিক’লছনৰ পেটত সোমৱাই ঠেলি নি দুইটাই ৫০ ফুট ওখ গড়াৰ পৰা দিচাঙত পৰি দিলে | দৄশ্যটো দেখি ৰৄপহীয়ে দৌৰমাৰি আহি তললৈ চাই দেখে ইতিমধ্যে ডাঙৰ পকনীয়া এটা মাৰিছে দিচাঙৰ মাজত | তাইৰ বুজিবলৈ বাকী নাথাকিল | তাই চকু পানী মোহাৰি অলপ ওখ গড়া এটা চাই শৰীৰৰ সমস্ত শক্তিৰে নদীলৈ বুলি জাপ দিলে মনবৰক পকনীয়াৰ মাজত বিচাৰি............

          কাকতিয়ে নাঁৱ বাই বাই গৈ আছে | গুৰি বঠা ধৰিছে | নাঁৱৰ মাজত মনবৰে সহায় কৰি লুটি পঠোৱা অস্ত্ৰবোৰ | পাছলৈ উভতি চাওঁতে এবাৰ দেখে তিনিটা মৰাশ একেলগে উপঙি আহিছে | এটাৰ গাত ইংৰাজ কাপোৰ | এটা মহিলাৰ সাজৰ | আৰু...আৰু আনটো !! কাকতিৰ চিনিবলৈ বাকী নাথাকিল | চুটিকৈ পোন্ধ মৰা সেইয়া মনবৰৰ মৰাশ | লাহে লাহে উপঙি আহিছে বিপ্লৱ দীৰ্ঘজীৱী কৰিবলৈ | চকুহাল আকৌ এবাৰ সেমেকি উঠিল কাকতিৰ......

No comments:

Post a Comment