আত্মজাহ -প্ৰথম পৰ্ব (উপন্যাসিকা)
স্বাধীনতাৰ আন্দোলন পুৰ্নগতিত চলি থকাৰ সময় | ১৯২৮ চন | ভাৰতৰ বিভিন্ন প্ৰান্তত স্বাধীনতাৰ জুই জ্বলিছে | খবৰবোৰ উফৰি উফৰি আহিছে মানুহৰ কাণলৈ | তেনেকোৱা সময়তে আমাৰ নেমুগুৰি অঞ্চলতো অলপ চলপ গুজৱ চলিছে আন্দোলনৰ কুচকাৱাজৰ | শিৱসাগৰৰ সদৰৰ পৰা ২৭ কিঃ মিঃ আঁতৰত থকা এটা শান্তিপূৰ্ণ ঘন জনবসতিপুৰ্ণ অঞ্চল হ’ল নেমুগুৰি | পূৱে দিৰৈ নদী |ওপৰত এখন বাঁহৰ দলং | পশ্চিমে দিচাং নদী |দিচাঙৰ ওপৰতো এখন বাঁহৰ দলং | নদীদুখনে নেমুগুৰিক প্ৰায় শিৱসাগৰৰ মূল ভূ খণ্ডৰ পৰা ভৌগলিক ভাৱে খণ্ডিত কৰি ৰাখিছে | বাৰিষা হোৱাৰ লগে লগেই সদৰৰ পৰা প্ৰায় বিছিন্ন হৈ যায় নেমুগুৰি | একমাত্ৰ নাৱৰ বাহিৰে অন্য দলঙৰ ব্যৱস্থা নাথাকে নদী দুখনত ইপাৰ সিপাৰ হ’বলৈ | পশ্চিমে আৰু অলপ ভটীয়াই আহিলেই পোৱা যায় চুনপুৰা আৰু ইতিহাস প্ৰসিদ্ধ গড়গাওঁ | তাৰ পাছত নাজিৰা | নাজিৰাতে আছে ব্ৰিটিছৰ হেদ কোৱাৰ্টাৰ | ফিৰঙ্গী সোপাই কিন্তু একোৱেই গুৰুত্ব নিদিয়ে বকতাৰ এই সৰু নেমুগুৰি অঞ্চলক | কাৰণো নথকা নহয় | কাৰণ ধান খেতিৰ বাহিৰে একো উত্পাদন নাই ইয়াত | না তেল না চাহপাত | গতিকে পষেকীয়া কৄষি কৰ তোলাৰ বাহিৰে আৰু আন কামলৈ নাহে ফিৰঙ্গীমখা | কোনো সামৰিক আস্থানো তৈয়াৰ কৰা নাই ইংৰাজে ইয়াত | এবাৰ চেপনৰ অস্ত্ৰাগাৰলৈ বাৰুদ কঢ়িয়াই নিয়া গাড়ী দুৰ্বল বাঁহৰ দলংৰ পৰা বাগৰি পৰাত যাতায়তো এইফালে বন্ধ কৰি দিয়া হৈছে | একমাত্ৰ দিচাংৰ দলংৰ ওচৰলৈকে পষেকত এবাৰ নিমখৰ গাড়ী লৈ ফিৰঙ্গীসোপা আহে আৰু ভাৰ কৰি দলং পাৰ কৰি নেমুগুৰিলৈকে গৰু গাড়ীত আনি সোপা সোপে কৄষি কৰ তুলি বিনিময়ত নিমখ আৰু অন্যান্য প্ৰয়োজনীয় কাপোৰ কানি বিক্ৰী কৰি গুছি যায় | বাকী প্ৰয়োজনীয় সামগ্ৰী ৰাইজে স্থানীয় বজাৰতে ক্ৰয় কৰে | এইয়াই নেমুগুৰিৰ দৈনন্দিন জীৱন | খেতি খোলা, ইংৰাজক কৰ দিয়া আৰু স্থানীয় ৰং ৰহইচ |
পিছে শেহতীয়াকৈ চকুত পৰিছে ইংৰাজ চোৰাংচোৱাৰ এই সৰু ঠাই খনৰ ওপৰত | কাৰণ ইতিমধ্যে গোলাঘাটৰ চোৰাংচোৱাৰ খবৰ অনুসৰি অসমৰ সশস্ত্ৰ বিপ্লৱী গোট " অসম মুক্তি সংগ্ৰাম সমিতি"ৰ উপ মূখ্য অধিনায়ক সৰ্ব্বেশ্বৰ কাকতি ছদ্মবেশে গোলাঘাটৰ পৰা নেমুগুৰিৰ উপ গোট এটাক নেতৄত্ব দিবলৈ বকতাৰ এই সৰু ঠাইখনিত উঠিছেহি | ইতিমধ্যে নেমুগুৰি নাথ গাঁৱৰ মুখিয়ালে তলে তলে এখন সভা আহ্বান কৰি যুৱকসকলক উদ্বুদ্ধ কৰি তুলিছেই বিপ্লৱৰ প্ৰতি | কিন্তু কৰ তুলিবলৈ পষেকীয়াকৈ আহি থকা নাজিৰাৰ ইংৰাজ চিপাহীয়ে একোকেই গম নাপায় ইয়াৰ বিষয়ে | কেৱল এই শান্তিপূৰ্ণ ঠাইখনত যেন নিমখ বিলোৱাই যেন কাম ইংৰাজৰ |
নেমুগুৰিত ইংৰাজে নিমখৰ ওপৰত কৰ আৰু অধিকাৰ সাব্যস্ত কৰাৰ আগতে নিমখ ব্যৱসায়ৰ ৰজা আছিল মনবৰ নাথ | নাথ গাঁৱৰ মনবৰ নাথ | শিৱসাগৰৰ কেঁয়াৰ গোলাৰ পৰা নিমখ পাইকাৰী হাৰত ধানৰ বিনিময়ত আনি নেমুগুৰিত খোলাকৈ বেচাৰ ব্যৱসায় আছিল মনবৰৰ | আঠ-ন বস্তা নিমখ আনি খোলাকৈ বেচাৰ কামেই হ’ল মনবৰৰ |ভাল মুনাফা লুটি আছিল সি | খেতি খোলা ভনী জোঁৱায়েকেক গতাই ব্যৱসায় আৰু বাকী কামতো চফল ডেকাটি হৈ ঘুৰি ফুৰিছিল |একমাত্ৰ আপোন ভনীয়েকক বিয়া দিয়াৰ পাছত সি প্ৰায় অকলশৰীয়াই হৈ গৈছিল | কিন্তু দিচাংৰ পাৰৰ ৰৄপহীক পোৱাৰ পাছতহে অলপ দুখ পাতলিছে | বিয়া দুইটাৰ মাজত প্ৰায় খাটাঙেই | কিন্তু মাকে অলপ বাধা নিদিয়া নহয় | হেজাৰ হ’লেও দুইটা বেলেগ জাতিৰ | ৰৄপহী আহোম, সি যোগী | ৰৄপহীক পোৱাৰ আগলৈকে সি প্ৰায় এটা বনৰীয়া ম’হৰ নিচিনা যতে ত’তে মহতীয়াই ফুৰিছিল বুলিবই পাৰি | কিন্তু নিমখৰ ওপৰত কৰ লগাবৰ পৰাই ফিৰঙ্গী সোপাই নিমখৰ বজাৰ নিজৰ হাতলৈ নিলে | তাৰ পাছতেই তাৰ ব্যৱসায়ৰ সিমানতে সামৰণি পৰিল | নিজে ব্যৱসায় কৰি খোৱা নিমখ যেতিয়া বেছি দামত কিনি আনে ইংৰাজৰ পৰা সি মনে মনে ভোৰভোৰাই কেতিয়াবা সি খঙত " কটা হাইজাত যোৱা ফিৰঙ্গীহঁত , থুই" | দুপইচা নঘটিলে সংসাৰ পাতিব নোৱাৰিম বুলিয়েই সি আকৌ খেতি খোলাত হাত দিছে ভনী জোঁৱায়েকৰ সৈতে | ক্ষ্ট হৈছে তাৰ | কিন্তু অহা ব’হাগত ৰৄপহীক নিজৰ কৰি আনিবই লাগিব যে , সেয়ে গাৰ কষ্ট গাতে মাৰ নিয়াইছে সি | পিছে খেতি খোলাৰ লগতে এইকেইদিন আৰু এটা উত্সাহে তাক আগুৰি আছে | গাঁৱৰ গাঁওবুঢ়াৰ ঘৰত বহা সভাখনত কিছুমান কথা শুনাৰ পাছতেই তাক ফিৰঙ্গীহীন অসম এখনৰ (আছলতে সি ফিৰঙ্গীহীন নেমুগুৰিৰ কথাহে ভাবিছে) সপোনে খেদি ফুৰিছে | আকৌ সি গৰুগাড়ীখনৰ আগত লণ্ঠন ওলমাই কেঁয়াৰ দোকানৰ পৰা নিমখ অনাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছে | সি কৰিবই এই স্বাধীনতা আন্দোলনৰ কাম | "স্বাধীনতা আৰু মুক্ত বতাহ আমাৰ জন্মস্বত্ব অধিকাৰ" গাওঁবুঢ়াই কোৱা কথাষাৰ মুখৰ ভিতৰতে বিৰবিৰাই উঠিল চতুৰ্থমানলৈকে পঢ়া মনবৰে |
এই মনবৰৰেই নলে গলে লগা বন্ধু নৰেশ্বৰ চেতিয়া | কাষৰে চেতিয়া গাঁৱৰ | চতুৰ্থমানলৈকে একেলগে পঢ়া | পঢ়াত আগ্ৰহ থকা আৰু খেতি বাতিত ধনী পুতেকৰ ল’ৰা হিচাবে যোৰহাটত প্ৰবেশিকা পাছ কৰিলে নগেনে | তাৰ পাছতেই গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত নৰেশ্বৰে গান্ধীজীৰ অহিংস পন্থাৰ আন্দোলনত যোগ দিছে | নতুনকৈ গঠন হোৱা "অসম মুক্তি সংগ্ৰাম সমিতি"ক কেতিয়াও সমৰ্থন নকৰে সি | তেজৰ ফাকু ফিৰঙ্গীসোপাইহে খেলে | ভাল মানুহে নহয় | কিন্তু "অ.মু.স.স’ৰ নেমুগুৰিত নতুনকৈ হ’ব খোৱা গোটটিৰ বিষয়ে অলপ ঘোনোক ঘানাককৈ নুশুনা নহয় | কিন্তু মনবৰে যে সভাখনত উপস্তিত আছিল সেইটোহে গম নাপায় | মনবৰৰৰ লগত তাৰ খুব মিলে | অৱশ্য কিছু ক্ষেত্ৰত অমিল নথকাও নহয় |
নৰেশ্বৰ আৰু মনবৰে জোহালতে বহি বহি সুখ দুখৰ কথা পাতে | নৰেশ্বৰে বহি বহি গান্ধীজীৰ কথা কয় " বুজিছা মিতা, বৰ গুণী মানুহ গান্ধীজী | আফ্ৰিকাত গৈ আন্দোলন কৰিলে | এতিয়া উকালতি বাদ দি ভাৰত স্বাধীন কৰাৰ কামত লাগিছে | অস্ত্ৰ শস্ত্ৰ নোহোৱাকৈও যে দেশ স্বাধীন কৰিব পাৰি তাৰে সপোন দেখোৱাইছে ভাৰতবাসীক |" মনবৰেও কয় "কি কোৱাহে মিতা? ফিৰঙ্গীসোপাৰ হাতত সেই এনফিলিড নে কি সেইডাল দেখই নাই ! কি কৰিবা সেইডালৰ আগত তুমি ?" নৰেশ্বৰেও উলোটাই কয় " বুজিছা অস্ত্ৰৰে মানুহ মাৰিব পাৰি অন্তৰ জয় কৰিব নোৱাৰি | মই গাঁৱৰ বুঢ়া মেথা গোটখুৱাই এখন অহিংস আন্দোলনৰ সভা নেমুগুৰিত পাতিম| ইতিমধ্যে মই মানুহ গোটাইছোৱেই | প্ৰথমে আমাক জ্বলা কলা দেখুওৱা নিমখৰ ওপৰত লগোৱা কৰৰ প্ৰত্যাহাৰ কৰাৰ দাবী কৰিম| লাগিব লাগিব বুজিছা মিতা" মনবৰে উভতি ধৰে " হেৰা ফিৰঙ্গীসোপাই আমাক মানুহ ভাবেনে? দেখা নাই জানো নাজিৰাৰ সেই থেনাৰ আগত লিখা আছে বোলে "ভাৰতীয় আৰু কুকুৰ সোমোৱা নিষেধ" | নৰেশ্বৰে তাৰ পাছত কৈ যায় পৄথীৱীৰ ডাঙৰ ডাঙৰ ৰাজনৈতিক ঘটনাবোৰ | মনবৰে কিছুমান বুজি পায় কিছুমান নাপায় | কথাৰ মাজতে মনবৰে সাঁজৰ বটল এটি উলিয়াই কয় " ৰৄপহীয়ে দি পঠাইছে, একেলগে বহাৰ হে কথা |" নৰেশ্বৰৰ মুখ উজলি উঠে বটলটি দেখি " বহুত্দিন খোৱা নাই মিতা, দিহা কৰা |" পকা সাঁজৰ বটলটি শেষ কৰি লুকুমজানৰ খঁৰিয়া মাছৰ আঞ্জাৰে ভাতমুঠি ধৰি দুয়ো বন্ধু শেতেলিত পৰে | নৰেশ্বৰে গহীন মাতেৰে মনবৰক সুধে " মিতা, ৰৄপহীক কেতিয়াকৈ নিজৰ কৰিবা ?" মনবৰে উত্তৰ দিয়ে " আহোম ছোৱালী মিতা, মাকে অলপ হেহোঁ নেহোঁ নকৰা নহয় | এই ব’হাগতে পলুৱাইয়েই লৈ আনিম উলাবা |" নৰেশ্বৰে হমমমম বুলি দীঘলীয়াকৈ হয় সূচক মাত এটা নাক ঘুৰঘুৰাবলৈ আৰম্ভ কৰে | ইফালে মনবৰৰ মনত নাচনী সাজেৰে ৰৄপহীয়ে উত্তেজক নৄত্য আৰম্ভ কৰে | খৰাহাটৰ ট্ৰেইনখনেও দীঘল উকি এটি মাৰি যাত্ৰা আৰম্ভ কৰে ...কুঁউৱঁ............কুঁউৱঁ......ঝক ঝক ঝক.......বহুত দুৰলৈকে মাতটো ভাহি যায়.... ফিৰঙ্গীহঁতৰ ট্ৰেইনৰ শব্দ,,,,পৄথিৱী কঁপাই |
(২)
"অসম মুক্তি সংগ্ৰাম সমিতি"ৰ উপ অধিনায়ক সৰ্ব্বেশ্বৰ কাকতিয়ে নাথ গাঁৱত সোমাইয়েই ছদ্মবেশ সলাই গাঁওবুঢ়াৰ ঘৰ অভিমুখে খোজ ল’লে | অধিনায়কৰ আদেশ মতে নাথ গাঁৱৰ গাঁওবুঢ়াৰ ঘৰত সোমায়েই সকলো খবৰ পাব | অধিনায়কৰ বাৰম্বাৰ নিৰ্দেশ "ইংৰাজ চোৰাংচোৱাৰ পৰা আঁতৰি থাকিবা | শেনচকু দি আছে আমাৰ ওপৰত |গোলাঘাটৰ সদৰ থানা আক্ৰমনৰ পাচত আমাৰ গোট এতিয়া তেঁওলোকৰ প্ৰধান লক্ষ্য |" গাঁওবুঢ়াৰ ঘৰ পোৱাৰ লগে লগেই গাঁওবুঢ়াই এটা সংগ্ৰামী অভিবাদন দি ক’লে "আহক মহাশয়, মই আপোনাৰ কাৰণেই বাট চাই আছিলো |" একেবাৰে ভিতৰৰ জুহালৰ ওচৰলৈ নি জা-জলপানেৰে আপ্যায়িত কৰি সুধিলে "কওক মহাশয় আপোনালোকৰ কাৰণে মই এতিয়া কি কৰিব পাৰো ?" কাকতিয়ে আৰম্ভ কৰিলে " মহামান্য অধিনায়ক মহোদয়ৰ নিৰ্দেশ মৰ্মে প্ৰ্থমে আপুনি মোক সংগ্ৰামলৈ চল্লিছজন যুৱক দিয়ক |" গাঁওবুঢ়াই মুৰ দুপিয়াই ক’লে " মই ইতিমধ্যেই গোপন সভাৰ যোগেদি যোগদান কৰিব বিছৰা প্ৰায় চল্লিছজন যুৱক বাচনী কৰিছো | আটাইকেইজনেই দেশৰ কাৰণে লাগিবলৈ প্ৰস্তুত |" উজলি উঠা মুখেৰে কাকতিয়ে ক’লে "মই এটুকুৰা স্থান নিৰ্বাচন কৰি দুদিন পাছৰেপৰা মই লগত অনা সামান্য অস্ত্ৰ শস্ত্ৰৰেই তেওঁলোকক প্ৰশিক্ষন দিম |ফিৰঙ্গীহঁতৰ অগোচৰে এনে কামৰ বাবে নেমুগুৰিৰ ভিতৰৰ হাবিৰ ঠাই বৰ উপযুক্ত | চেপনৰ ফালে আছে দিৰৈ আৰু নঙলামৰাৰ ফালে আছে দিচাং | চেপনত আছে এটা নতুনকৈ স্থাপন কৰা ফিৰঙ্গীহঁতৰ অস্ত্ৰাগাৰ | ৰক্ষীও কম | গতিকে হ্ঠাত্ আক্ৰমন কৰি অস্ত্ৰাগৰৰ সমস্ত বাৰুদ লৈ দিচাংৰ বুকুৱেদি নাৱত অস্ত্ৰ আৰু বাৰুদ বোজাই দি ্ভটীয়াই ব্ৰহ্মপুত্ৰলৈ যাম | তাৰ পৰা গোলাঘাটৰ আমাৰ মূখ্য কাৰ্য্যালয়লৈ | তাৰ আগতে প্ৰতিৰক্ষাৰ খাতিৰত দিচাংৰ দলং উফৰাই পেলাম | মই সোনকালে কাম সমাধা কৰিব লাগে | আপুনি মাত্ৰ সহায় কৰক |" গাঁওবুঢ়াই অলপ টলকা মাৰি ক’লে "তেন্তে কালিলৈৰ পৰাই প্ৰশিক্ষন আৰম্ভ কৰো | কেইবাজনো উত্সাহী ডেকা ল’ৰা আছে |" কাকতিয়ে ক’লে "তাৰ আগতে এখন সভা আহ্বান কৰক | মোৰ কিছু ক’ব লগা আছে |"
ৰাতিলৈ উত্সাহী ৩৮জন ডেকা ল’ৰা আহিল গাঁওবুঢ়াৰ ঘৰলৈ | কোনেও ফুটকে নোপোৱাকৈ আৰম্ভ হ’ল মিটিং | কাকতিয়ে আৰম্ভ কৰিলে " কমৰেদসকল, একো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই | আমি পৰাধীন , অৱদমিত কৰা হৈছে আমাৰ অধিকাৰ |নিজৰ নিমখ নিজেই উচ্চ দামত কিনি খাইছো | আমাৰ মাৰ বুকুত গজি উঠা নিজেই উত্পাদন কৰা ধানৰ পষেকৰ শেষত কৰ দিছো | আমাৰ মাতৄভূমিক শুহি শুহি খাইছে ফিৰঙ্গীহঁতে | আমাৰ মাক বিদেশীয়ে আহি টনা আঁজুৰা কৰিছে | আমি কি বহি থাকিম ? আমি মানে আমাৰ সংগঠন "অ.মু.স.স"য়ে ইতিমধ্যে গোলাঘাটত , যোৰহাটত আৰু নগাঁৱতো সফলতা পাইছো | এতিয়া শিৱসাগৰ | কালিলৈৰ পৰা আপোনালোক প্ৰশিক্ষণ আৰম্ভ কৰিম | আপোনালোক সাজুনে ? মনবৰকে আদি কৰি প্ৰায় ৩৮জনে সমস্বৰে চিঞৰি উঠিল "আমি সাজু , আদেশ কৰক মাত্ৰ" কাকতিৰ মনটো আনন্দত নাচি উঠিল | চকুৱেদি লোতক বাগৰি আহিল | ইমান আগ্ৰহী যোদ্ধা ক’তো পোৱা নাছিল কাকতিয়ে | বিপ্লৱী অভিবাদনেৰে সামৰণি পৰিল সভাৰ |
পাছদিনাৰ পৰা পুৰ্ণ গতিত আৰম্ভ হ’ল প্ৰশিক্ষন | আৰম্ভণী যুজঁত ধনু কাঁড়েৰে যুজিব লাগিব বাবে ধনু কাঁড়ৰ নিৰ্মানৰ কামো আগবাঢ়িল | ধনাই কমাৰে চিঞাহী কাঁড় তৈয়াৰৰ দায়িত্ব গাত ল’লে | লগত থকা কম অস্ত্ৰ শস্ত্ৰৰেই কাকতিয়ে সকলোকে প্ৰশিক্ষণ দিলে |সকলোকে বন্দুক ধৰিব পৰা কৰি তুলিলে | তাৰ লগে লগে বুজাই গ’ল ডেকাহঁতক কেনেকৈ চেপনৰ অস্ত্ৰাগাৰ লুটিব লাগিব | মাটিৰে নিৰ্মিত মেপৰ সহায়ত বুজাই গ’ল কাকতিয়ে আক্ৰমণৰ কাৰ্যপন্থা | তাৰিখো খাটাং হ’ল | ১৫ চ’ত | আছলতে নৰেশ্বৰে আৰম্ভ কৰা শান্তি সমদল আৰু সভাৰ দিনা ৰাতিয়েই এই কাম কৰা হ’ব | কাৰণ আগতে কৰিলে সভাৰ প্ৰতি ভাবুকি আহিব পাৰে |সংগঠনৰ আও ভাও ইয়াত ধৰা পৰাটো মুঠেই নিবিছাৰে কাকতিয়ে |
তিনিদিনীয়া প্ৰশিক্ষণতে পাকৈত হৈ উঠিল দ’লটো | মনবৰে ইতিমধ্যে নিপুনতা দেখোৱাইছে বন্দুকটো | কাঁড় সি আগৰে পৰা ভালকৈ চলাব জানে |প্ৰশিক্ষণৰ মাজে মাজে ৰৄপহীৰ কথা মনে মনে ভাবি আছে সি | উপ অধিনায়কে নক’লেও সি বুজি উঠিছে যে লুটি নিয়া অস্ত্ৰ শস্ত্ৰৰ লগত গোটেই গোটটিয়েই গোলাঘাটলৈ যাব | সি এতিয়া মাতৄভূমিক পাছত ৰাখি ৰৄপহীক আগস্থান দিব নোৱাৰে | ক’ব সি সকলো |পিছে এই চাৰি পাঁচদিনত যিহে ব্যস্ত হৈছে সি | কেনেকৈ যাব ৰৄপহীৰ ওচৰলৈ? নাই অস্ত্ৰাগাৰ লুটাৰ আগদিনাহে সি ক’ব | এনেও আৰু চাৰিদিন পাছতেই অস্ত্ৰাগাৰ লুটিব লাগিব | গতিকে তাৰ আগদিনা আবেলিয়েই যাব সি | অকলে পালে সমস্ত হেপাঁহেৰে মৰম কৰি আহিব শেষবাৰৰ বাবে | বুকুখন বিষাই উঠিল তাৰ কথাবোৰ ভাবি |
ইফালে নৰেশ্বৰে শান্তি সমদল আৰু লোণ কৰ প্ৰত্যাহৰৰ দাবীত গান্ধীজীৰ অধীনত এখন সভা আহ্বান কৰাৰ কামত ব্যস্ত |দুই বন্ধুৰ কৰোৰে আহৰি নাই | সদৰৰ পৰা ৰাজ্যিক পৰ্য্যায়ৰ বিখ্যাত কৰ্মী প্ৰতাপ ফুকনক নিমন্ত্ৰন কৰাৰ পৰা স্থান নিৰ্বাচনলৈকে সকলোবোৰ কৰিছে নৰেশ্বৰে | শেষত সমদল আৰু সভাৰ স্থান নিৰ্বাচন হ’ল | স্থান নেমুগুৰিৰ বজাৰৰ কাষৰ পথাৰ | তাৰিখ স্থিৰ কৰা হ’ল ১৫ চ’ত |
(৩)
গোলাঘাটৰ ইংৰাজ চোৰাংচোৱাৰ পৰা সৰ্ব্বেশ্বৰ কাকতি নেমুগুৰিলৈ অহাৰ খবৰ পাই অট্টহাস ক্কৰি উঠিল নাজিৰা থানাৰ অত্যাচাৰী ইংৰাজ বিষয়া নিক’লছনে | হাঁহি হাঁহি ভাৰতীয় বাৰ্তাবাহকক ক’লে "থুমহাৰা চাহাবক’ ব’ল দেনা ইঁহা ক’য়ি ৰিভলিউচন নহি হ’গা , চ’ আদমী মাৰনেৱালা নিক’লছন ক’ ইঁহা ত’ মত্সৰ ভি মাৰনেক’ নেহি মিল ৰহা | অগৰ হোৱা ভি ত’ মে উন ল’গ’ কুচল দালুংগা | this is a promise of Nikleson, say it to your officers" | বাৰ্তাবাহকক কথাষাৰ দম্ভালিমাৰি ক’লে যদিও নীতিমতে ক’বলৈ নাপহৰিলে যে চোৰাংচোৱা লগাই তেওঁ নিজে খবৰ ল’ব | ততক্ষণাত্ আদেশ কৰা হ’ল থানাৰ কাষতে থকা টিনৰে নিৰ্মিত বেৰেকত থকা চতুৰ চিপাহী ৰাফেলক পাচদিনাই খবৰ লবৰ বাবে | লগত ওলাল স্থানীয় মানুহৰ লগত কথা আদান প্ৰদানৰ বাবে অসমীয়া চিপাহী নকুলনেছীয়া হাজৰিকা |
পাছদিনা পুৱাই ৰাফেলে দক্ষিণ ভাৰতীয় মানুহৰ বেশ ধৰি ওলাল নকুলৰ লগত |নকুলনেছীয়া অসমীয়া হ’লেও সৰুৰে পৰাই সামৰিক ব্যৱস্থাৰ প্ৰতি আগ্ৰহী আৰু অৰ্থলোভী আছিল | চূনপুৰাৰ পৰা গৰুগাড়ীত দিচাংৰ দলঙলৈ বুলি আৰু দিচাঙৰ পাৰৰ পৰা খোজেৰে ওলাল নেমুগুৰিলৈ দুই চোৰাংচোৱা | ৰাফেলে মাত লগালে " ছাৰনে ব’লা হে কি ইয়্হাঁপৰ কয়ি আতংকবাদী নেহি হে | ছ’ল’ফেহলে গাঁৱ মেহি খবৰ লে লে’ " |তাৰ পাচত দিচাঙ পাৰ হৈয়েই এখন এখন গাঁৱ্ত সোমাই চল চাতুৰীৰে খবৰ গোতাব ধৰিলে ৰাফেল আৰু নকুলনেছীয়াই | নেমুগুৰি নৌপাওঁতেই পোৱা গাওঁ সমুহত ঘূৰি ঘূৰি ১৫ তাৰিখে হ’ব লগা শান্তি সমদল আৰু সভাৰ বাহিৰে আন একোৰেই খবৰ গোটাব নোৱাৰিলে ৰাফেল আৰু নকুলে |
আবেলি বেলি পৰো পৰো হ’বৰ হ’ল | খুদকন এটাও মুখত নপৰা দুই চোৰাংচোৱাৰ খোজৰ গতি লেহেমীয়া হ’ল | নকুলনেছীয়াই ৰাফেল’ক উদ্দেশ্যি ক’লে " ছ’লিয়ে দিচাং নদী কে পাৰ কে এক গাঁও মে কুচ খা কে থানে লৌটতে হেঁ | কুচ নেহী হ’গা ইহাঁ "| দুয়ো উভতি দিচাংৰ পাৰৰ আহোম গাওঁ অভিমুখে খোজ ল’লে | যাওঁতেই নকুলনেছীয়াই ভাবি গ’ল " কেনেবাকৈ যদি সাঁজ এটুপিও পোৱা য়ায় তেন্তে বৰ সুখৰেহ’ব |" ৰাফেলক মনৰ কথা ক’ব নোৱ্ৱাৰি |এনেও ইংৰাজ চিপাহী ভাৰতীয় চিপাহীএৰ লগত নাহে | কিন্তু ইমাৰ্জেণ্সী দেখিহে আহিছে | কথাবোৰ ভাবি ভাবি আগবাঢ়িল নকুলনেছীয়া | মূল পথত আৰু অলপ দুৰ গৈয়েই দেখা পালে এজনী ৰৄপহী গাভৰুৱে কাষত কলহ লৈ লাহি খোজেৰে গৈ আছে | নকুলনেছীয়া হাজৰিকাই ততৈয়াকৈ মাত ল’গালে " হেৰা ভনীটি.....
(৪)
ৰৄপহীয়ে দিচাংত কলহটো জুবুৰিয়াই আকাশ পাতাল ভাবি আছিল | আকাশ পাতাল মানে তাই মনবৰৰ আকাশত ঘূৰি আছিল | মনবৰক তাইৰ মনটো দিয়াৰ আজি এবছৰেই হোৱা নাই , তথাপিও কিয় জানো তাইৰ মনটো মনবৰৰ কথা ভাবিলেই উন্মনা হৈ উঠে | যোৱাবাৰ বিহুত তাইক মনবৰে সাৱটি ধৰাৰ দৄশ্যটিও তাইৰ মনত ভাহি উঠে |
যোৱাবাৰ মানুহৰ বিহুৰ দিনা নাথ গাঁৱৰ বিহুৰ দ’লটিক আমন্ত্ৰন কৰি নিচিল আহোম গাঁৱলৈ | উদ্দেশ্য আছিল নামঘৰত নাথ গাঁৱৰ বিহু উপভোগ কৰা | ঢুলীয়া বুলি নাম থকা মনবৰ নগ’লেই নহয় | পিচে তাক নিদিলেও সি গ’লহেঁতেন, কাৰণ খাঁটি গাঁৱলীয়া সাঁজকনৰ সোৱাদ ৰৄপহীৰ ঘৰতহে পাব | সি ভালকৈ জানে সেইটো | আছলতে সাঁজখোৱাতো এটা লেচু হে | আছল উদ্দেশ্য ৰৄপহীক লগ কৰাটোহে |ৰৄপহীয়ে নাজানে সি যে তাইক ইমান ভাল পায় | সি এইবাৰ শপত খাই আহিছে | ক’বই ক’ব মনৰ কথা | ঢোলৰৰ চেঁওৱে চেঁৱে নাচনী নচুৱাৰ মাজতে এটা সুৰুঙা লৈ ৰৄপহীহঁতৰ ঘৰলৈ গ’ল সি | যাওঁতে সি ৰৄপহীক ঠাঁৰে চিঁয়াৰে মাতি নিবলৈ নাপাহৰিলে | আগতীয়াকৈয়ে তাৰ চকুত প্ৰেমৰ আভাষ দেখি থকা ৰৄপহীয়েও ইঙ্গিত বুজি আহিল \ দুবাটি সাঁজ খোৱাৰ পাচতেই সি ঠাপ মাৰি ৰৄপহীৰ হাতত ধৰি বুকুৰ মাজলৈ তানি নি ক’লে "ভাল পাঁও তোক, মোলৈ আহিবিনে নাহ ক’?" | ্সেইয়াই আৰম্ভণী | সঠিক সময়ত যদি মোমায়েক নীলই চোতালত আহি গলখেকাৰিটো নমৰা হ’লে কিজানি সিহঁতক বাহু বন্ধনতে আৱিষ্কাৰ কৰিলেহি হেঁতেন | নিজেই নিজৰ আগত লাজ পায় তাই সেইবোৰ ভাবি | সেই বাবেই তাই ঘাটলৈ দিনটোত দুবাৰ আহে | পিছে তাই আজি খঙতে ভৰভোৰাই উঠিল তাই মনে মনে " এই মনবৰ কাইটি টোও যে আৰু আজিপোন্ধেৰ’দিনমান হ’ল | দেখা দেখিয়েই নাই | তাৰ কিবা চাগৈ মোলৈ মনতেই নপৰে কিজানি| আহক বাপ্পেকে দিম খুণ্ডা সাঁজ খুজিলে | বিয়া পাতে সি হেনো মোক ব’হাগত "|পিচে ভোৰভোৰাই গালি পাৰিলেও আকৌ কলহটো কাষত লৈ নদীৰ পৰা উঠোঁতেই মুখত বিয়ানাম এফাঁকি উলালেই
অ আই দৰাক নো কিনো চাবা হে
অ আই গাধৰে মুখ হে...
যোৱা সপ্তাহৰ পৰা নাথ গাঁৱৰ ওচৰৰ পাঁজৰত কিবা সভা সমিতিৰ কাম চলিছে বুলি তাই নুহুনা নহয় | কিন্তু সি যে এইবোৰত থাকিব সেইটো সম্ভৱ নহয় | যিহে একা চেকা | কিন্তু সি খবৰ এটাও দিয়া নাই কিয় ? আহি থাকোঁতে ৰৄপহী অলপ চিন্তাতেই পৰিল | নিমখৰ বেপাৰ নাইকিয়া হোৱাৰ পৰা ল’ৰাটো কিবা ভিতৰি শুকাই পৰিল |খিঙখিঙীয়াও হৈছে | হ’ব তোন | ইংৰাজসোপাই তাৰ ব্যৱসায়টোকে কাঢ়ি নিলে | তাই খুব ভয় কৰে ইংৰাজ চিপাহীবোৰক | মাত শুনিলেই কঁপি যায় তাই | সেইবোৰকে পাগুলি পাগুলি মূল পথৰ ফালে আহি থাকোঁতেই পিছফালৰ পৰা অহা মাত এটাত মুৰ তুলিবলৈ বাধ্য হ’ল তাই "হেৰা ভনীটি, জল এটোপা খোৱাব পাৰিবানে বাৰু |ভোকে পিয়াহে প্ৰায় আধামৰাই হৈছো|" উভতি চাই অচিনাকী মানুহদুজন দেখি তাই অলপ তভক মাৰি ৰ’ল | এটাক দেখি অসমীয়া মানুহ বুলি ধৰিব প্পাৰিলে কিন্তু ইটো কিবা ভূত ক’লা দেখোন | চিনি পোৱাৰ কথাও নাহে | অসমীয়াটোকো চিনি নাপালে তাই | কোনোবা আলহীও হ’ব পাৰে |কিন্তু এই ক’লামুৱাটো..... ইংৰাজ চিপাহীবোৰৰ মাজতহে এনেকোৱা থাকে | তাইও লাহেকৈ মাত লগালে "পিচে আমি হ’লে আপোনালোকৰ কাকোৱেই চিনা নাই দেই |জল এটুপি খোৱাব পাৰো অৱশ্য|" এইবুলি কৈয়েই লাহেকৈ কলহৰ মুখেদি পানী বাকি দিলে ৰাফেল আৰু নকুলনেছীয়াক |
ঘোটা ঘোটে জ্ল পি উগাৰ এটা মাৰি লৈ নকুলনেছীয়াই আৰম্ভ কৰিলে "
- আইদেউৱে ইমানকন কষ্ট কৰিলে যদি আৰু এটা কাম কৰিলে আমাৰ জীৱন ধন্য হয়
-কওকচোন বাৰু আপুনি ,,
-পাৰে যদি আমাক এমুঠিমান অন্ন দিয়ক|উচিত মূল্য দিম |
ৰৄপহী অলপ সময় ৰ’ল | মনে মনে ভাবিলে "পৰ মানুহ |আইটিও নাই ঘৰত | দিনৰ ভাত সখীহঁতৰ ঘৰতে খোৱা হ’ল | ঘৰত সান্দহৰ বাহিৰে খুদকন এতাও নাই | সান্দহ এমুঠিকে খোৱাব পাৰি | পিছে অকলে ঘৰত থাকি ...." নকুলনেছীয়াৰ মাতত তাই বাস্তবলৈ আহিল|
-যদি আইদেউৱে পৰৰ মানুহ বুলি বেয়া পাইছে তেন্তে......
-নাই নাই সেইটি নহয় ককাইদেউ, ঘৰত সান্দহৰ বাহিৰে খুদকণ এটাও নাই | সেয়েহে
-আইটিয়ে যি দিয়ে তাকে খাম আমি |নে কি কয় বন্ধু (ৰাফেল’লৈ চাই মাত লগাতে)
ৰাফেলে হয়্সূচকভাৱে মুৰ দুপিয়ালে | ৰাফেলে এতিয়ালৈকে এষাৰো মতা নাই | বুজি উঠিছে চতুৰ ৰাফেলে | যদি কিবাকৈ এষাৰি মাত লগাওঁ তেন্তে ইউৰোপীয়ান ঠাঁচৰ হিন্দী শুনিলেই এষাৰিতে ধৰি পেলাব ফিৰঙ্গী বুলি |গতিকে নমতাই শ্ৰেয় | ৰৄপহীয়ে আকৌ মাত দিলে
-আহক তেন্তে আপোনালোক মোৰ সতে |
-আপুনি আগে আগে যাওক বাইটি | আমি নেগুৰ ধৰোঁহক |
-হ’ব আহক|পিচে আপোনাৰ বন্ধু আমাৰ দেশৰ নহয় নহয় যেন লাগিছে | ককাইদেউ|
নকুলে কৈ উঠিল উত্তৰত
-হয় হয় আইটিয়ে ঠিকেই ধৰিছে| এখেত সাগৰৰ পাৰৰ মানুহ | নিমখৰ বেপাৰ কৰিছে ইংৰাজৰ লগত | এইবাৰ হেন্দেল ঘোৰোৱা টেৰাকত উঠি আমাৰ দেশ চাবলৈ আহিছে | মই নগাঁৱৰ, কামত কমাৰ | ঘোঁৰাৰ নাল তৈয়াৰ কৰিবলৈ নাজিৰালৈ আহিছিলো | বোলো এই চেগতে নেমুগুৰিৰ মোমাইতিহঁতৰ ঘৰত সোমাই যাওঁ| লগতে থানাত এখেতেৰ স’তে ভোজন সখী হ’লো |লৈ আহিলো দেশ চাই ভাল পাই বুলি গম পাই | পিচে তেখেতে মাতবোল অলপ কম কৰে |
-আই ঐ দেহি আমাৰ দেশ চাবলৈ আহিছে | ভালেটিহে মই ভাবি আছিলো ক’ৰ মানুহ ক’ৰ মানুহ | আঐ ঐ দেহি |
ৰৄপহীৰ পাছে পাছে যাওঁতেই ঠাঁৰে চিঁয়াৰে নকুলনেছীয়াই বুজাই গ’ল ৰাফেলক মনে মনে থাকিবলৈ | গাঁৱৰ প্ৰথম ঘৰটোৱেই ৰৄপহীহঁতৰ হোৱা বাবে পাওঁতে বেছি সময় নালাগিলেই | ৰৄপহীয়ে জাত যোৱাৰ ভয়ত বৰঘৰত বহিবলৈ নিদি পাচফালে উড়ালৰ ওচৰতে খাবলৈ দিলে সিহঁতক সান্দহ | পেট পুৰাই সান্দহ খোৱাৰ পাছত নকুলনেছীয়াই ৰৄপহীক উদ্দেশ্যি ক’লে
-তোমাক অশেষ ধন্যবাদ আইটি | আইটি, আৰু এটি কথা সুধো তোমাক | বেয়া পাবা নেকি?
-নাপাওঁ সোধক
-ইয়াত ক’ৰবাত সভা সমিতি বহিছে নেকি ? এনেকোৱা কিবা শুনিছানেকি যে কিবা ইংৰাজৰ বিৰুদ্ধে যুঁজিব বোলে | এনে হ’লেটো মোৰ সখীৰ নিমখৰ বেপাৰটো তেনেই মোলান পৰিব | শুনিছা নেকি বাৰু ?
-শুনিছো এখন সভা কালিলৈ বোলে নেমুগুৰিত হ’ব | দিনতেই | মোমাইটিহঁতৰ মুখত | নাজানো সঠিককৈ |
ঠিক তেনেতে চতুৰ বুলি খ্যাত ৰাফেলে নকুলনেছীয়াৰ গোটেই কাণ্ডটোৰ শ্ৰম পশু কৰি মাত লগালে " ইছখ’ পুছ’ কিয়া কয়ি হাথিয়াৰ ৱেগেৰা ধেখা হেই কিয়া উনল’গ কে পাছ?" ৰৄপহীয়ে পষেকীয়া বজাৰত শুনা ইংৰাজ চিপাহীৰ মাত শুনি কিংকৰ্তব্য বিমুঢ় হ’ল | এনেও তাই খুব বেচি ভয় কৰে ইংৰাজ চিপাহীক| কি কৰিম কি নকৰিম সেয়া চিন্তা কৰিবলৈ নোহোৱাকৈয়ে দৌৰি লগালে তাই কাষৰ ভদ্ৰকান্ত ককাইয়েকৰ ঘৰলৈ বুলি | ঘটনাই অন্য মুৰ লোৱা দেখি নকুলনেছীয়াইও ৰৄপহীক বুজাই বঢ়াই আনো বুলি তাইৰ পাছে পাছে বৰঘৰৰ মাজেদি দৌৰ লগালে | ৰাফেলেও নিজৰ ভুল ধৰিব পাৰি সিহঁতৰ পাচে পাছে চোতাললৈ বুলি দৌৰ দিলে চিঞৰি চিঞৰি "ৰুখিয়ে ৰুখিয়ে" | ৰৄপহীয়ে দৌৰি গৈ চোতালৰ মাজভাগ নাপালেগৈয়ে, পাচলৈ চাই দেখে নকুলনেছীয়া আৰু ৰাফেল | ততাতৈয়াকৈ আকৌ দৌৰ আৰম্ভ কৰোঁতেই আগফাললৈ চাই দেখে নঙলা খুলি সোমাই আহিছে মনবৰ .....
No comments:
Post a Comment