অপমৄত্যু
ভাঙ্গা, মোৰ কৰ্মস্তলী শ্ৰীগৌৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ পৰা তিনি কি;মিঃ দুৰৈত|এখন ব্যস্ত সৰু উঠি অহা চহৰ|এনেয়ে বিখ্যাত নহয় কিন্তু ভাঙ্গাৰ চুফাৰী তামোল সমগ্ৰ অসমে খায় বুলি শুনিছো|এখন ডাঙৰ চুফাৰীৰ বজাৰ আছে ভাঙ্গাত|প্ৰায়খিনিয়ে মুছলিম মানুহ|হিন্দু মানুহৰ সংখ্যা কম|সকলোবোৰ ব্যস্ত মানুহ|
নাজ আহমেদ|ভাঙ্গাৰ কোটিপতি ব্যৱসায়ী আলতাফৰ তিনি নম্বৰ সন্তান নাজ পঢ়াত ভালেই বুলি ক’ব পাৰি|স্থানীয় কলেজৰ পদাৰ্থ বিজ্ঞান শাখাৰ স্নাতক তৄতীয় বাৰ্ষিকৰ ছাত্ৰ|বাইক ৰাইদিঙত নাম্বাৰ ওৱান|পিছে নাজৰ বৰ বেয়া অভ্যাস এটা আছে|সন্ধিয়া হ’লেই সেই বিলাতীবিধ এটুপি নধৰিলে পঢ়াত মন নবঢ়ে|যদিও মুচলমান সমাজত সেইবিধ নচলে, তথাপিও অভ্যাসতো বজাই ৰাখিছে নাজে|আচলতে এই অভ্যাসৰ আঁৰত দুই এজন হিন্দু বন্ধুৰ তলে তলে হাত নথকা নহয়|তাৰ ভিতৰত ৰাজু পালৰ নাম উল্লেখযোগ্য|ভাঙ্গাৰ ওচৰৰ ৰাজু পাল|ৰাজু পাল মেকানিক হিচাপে খুব সুপৰিচিত|বাইকৰ ভাল মেকানিক|এনেও বদৰপুৰ আৰু কৰিমগঞ্জত মেকানিকগিৰি খুব চলে|কাৰণ ৰেলৱে লাইন এতিয়াও ব্ৰডগজ হোৱা নাই|সেয়ে স্থল পথেৰেই সকলো আমদানি ৰপ্তানি চলে|আৰু স্থলপথৰ বাবে গাড়ীৰ প্ৰয়োজন|ৰাজু পালৰ বন্ধু হিচাপে নাজৰ নাম এক নম্বৰত|নাজৰ শেহতীয়া মডেলৰ R15 বাইকখনৰ চোৱাচিতাৰ ভাৰ ৰাজুৰ ওপৰতে|ৰাজুৱে সকলোফালে চাই টিপটপ কৰি ৰাখে নাজৰ বাইকখন |সেয়ে হয়তো সন্ধিয়াৰ বিলাতী সুৰাৰ দামটো নাজৰ পকেটৰ পৰাই যায়|নাজেও ভাল পায়|কাৰণ লগৰ ল’ৰাৰ লগত বহি মদ খাব নোৱাৰে সি|দেউতাকে গম পায় যাব|আৰু সেইটো হ’লেই শেষ|ঘৰৰ পৰাই বাহিৰ হ’ব লাগিব|গতানুগতিক ভাৱেৰেই চলি আছিল নাজৰ জীৱন|নতুন হিন্দু গাৰ্লফ্ৰেণ্ড ৰৄপশ্ৰীৰ লগত প্ৰেম চলাৰ বাহিৰে|
নৱেম্বৰৰ ৯ তাৰিখ|সদায় যোৱাৰ দৰে সেইদিনাও বদৰপুৰৰ ঘূমটিখনৰ ভিতৰত বহি ৰাজু আৰু নাজে খুলি ল’লে এটা Signature ব্ৰেণ্ডৰ বিলাতী সুৰাৰ বটল|নাজৰ ফেভাৰিট ব্ৰেণ্ড|ৰৄপশ্ৰীক নিজৰ গাৰ্লফ্ৰেণ্ড হিচাপে পটোৱাৰ পাৰ্টিৰ নামত খাইছে সি আজি|লাহে লাহে ৰাজু আৰু নাজৰ আদ্দা জমি উঠিছে|মাজে মাজে গাজি বুট গলিয়াই গলিয়াই এঢোক এঢোক কৰি টানি আছে দুয়ো|হাফ এটা শেষ কৰাৰ পাচত আৰু খোৱাৰ মন মেলিলে নাজে|অৰ্ডাৰ পৰিল আৰু এটা হাফৰ|পিছে মদ দোকানত শেষ|গতিকে উপায়ন্তৰ হৈ কৰিমগঞ্জলৈ ঢাপলি মেলিবলৈ বাধ্য হ’ল নাজ আৰু ৰাজু|আছলতে নাজে নাযাওঁ বুলি কৈছিলেই|কিন্তু ৰাজুৰ অনুৰোধ পেলাব নোৱাৰিহে|বদৰপুৰ আৰু ভাঙ্গাৰ মাজত আছে "মকৈ ভাঙ্গা" ব্ৰীজ|ব্ৰীজখন পোৱাৰ লগে লগে বাইক চলাই গৈ থকা ৰাজুৱে বাইকখন ৰখাই কাঁহৰ ঔষধ "কৰেক্স" অলপ খাই ল’লে|নাজৰো সৰু কাঁহ এটা হৈ থকা বাবে সিও অলপ খাই ল’লে ৰাজুৰ পৰা|পিছে ৰাজুৱে কাঁহৰ কাৰণে নে অন্য কিবাৰ কাৰণে খালে ৰাজুৱেহে জানে|ৰাজুৰ ওঁঠৰ তলৰ মিচিকিয়া হাঁহিটোৱেহে কৈ গ’ল অন্য কিবা এটা|কৰিমগঞ্জৰ বাবা হোটেলত বহি এ চি ব্লেক ব্ৰেণ্ডৰ বিলাতী সুৰাৰ দুই পেগ খোৱাৰ পাছতেই বেহুচ হৈ পৰিল নাজ|পাছত নাজে কেতিয়া হুঁচ ঘুৰাই পালে নে নাপালে জনা নাযায়|তাৰ পাচৰ কাহিনী বাতৰি কাকততহে প্ৰকাশ হ’ল|কাৰন তিনিদিন পাচত বৰ হৰ ফৰ আখৰেৰে "দৈনিক যুগশঙ্খ" আৰু আন বৰাক উপত্যাকাৰ কাকতত প্ৰকাশ হ’ল "প্ৰখ্যাত তৈল ব্যৱসায়ী আলতাফ আহমদৰ পুত্ৰ নাজ আহমদক অপহৰণ কৰি হত্যা"|ৰাজু পালক তাৰ পাচৰ দিনৰ পৰা আৰু গেৰেজত দেখা নগ’ল|কাৰণ ৰাজু মেকানিকৰ আন এটা পৰিচয়ও আছে আণ্ডাৰবৰ্ল্ডত|সি বৰাক উপত্যাকাৰ এটা দুৰ্ধৰ্ষ মাফিয়া গোটৰ অপহৰণ বিশেষজ্ঞ|এটা অপহৰণ পাৰ্ফেক্ট কৰিবলৈ যি কোনো পন্থা অৱলম্বন কৰিবলৈ প্ৰ্স্তুত থাকে সি|শীতল মগজুৰে কাম কৰে ৰাজুৱে|এটা অপহৰণ সফল কৰিবলৈ মাহৰ পাচত মাহ অপেক্ষা কৰে ৰাজুৱে|নাজক অপহৰণ কৰিবলৈও সি একবছৰ চাৰি মাহ সময় লৈছিল|আৰু সময়মতে সি কাম পূৰাও কৰিলে সি|কাম শেষ কৰিয়েই ৰাতিৰ বিমানত শিলচৰৰ পৰা কলিকতালৈ|কলিকতাৰ পৰা দিল্লী|তাৰ পাছত চৌদি আৰবলৈ উৰা মাৰিছিল ৰাজুৱে|
চাৰি পাঁচবাৰমান ফৰ্মূটি মাৰি মাৰি ভাগৰি পৰিল আহাদৰ কনমানি হাতখন|মোৰ হস্পিতালৰ পাচফালে থকা ঔটেঙা জোপাৰ পকা ঔটেঙা তিনিটা তাৰ ফৰ্মূটিৰ লক্ষ্য| দহ বছৰীয়া আ্হাদৰ সবল নোহোৱা হাতৰ পেশী কেইটাই অসহযোগ কৰি উঠিল|ফৰ্মূটিডালেও যেন আদেশ মানিবলৈ প্ৰস্তুত নহয়|মনতো সেমেকি উঠিল আহাদৰ|মাকৰ কাঁহি থকা মুখখনলৈ মনত পৰিল তাৰ|লগতে দাৰিদ্ৰ সীমা ৰেখাৰ তলত থাকিও চাৰিজনী মানুহ বিয়া কৰোৱা তাৰ দুই নম্বৰ বাপেকটোলৈও|বাপেকলৈ মৰমত নহয় ঘৄনাতহে মনত পৰে তাৰ|ওৱাক থুই|ঘৄনাত থুৱাই দিলে সি|দহ বচৰতে সি মাকক দেখি দেখি বাপেকক ঘৄনা কৰিবলৈ শিকিছে কনমানি মগজুটোৰে| আগৰ দ্ৰাইভাৰ বাপেকলৈও মনত পৰে তাৰ কেতিয়াবা|আগৰ বাপেক যদি এতিয়া জীয়াই থাকিলেহেঁতেন তেন্তে নিশ্চয় মাকক তাৰ জেঠুৱেকে মানে তাৰ বৰ্তমান বাপেকে বিয়া পাতিব নোৱাৰিলেহেঁতেন|বিয়া পাতিও কি সুখ দিছে তাৰ মাকক|ভনীয়েক ইস্তানাৰ জন্মৰ পাছৰ পৰাই মাকৰ গাত অসুখে লগ নেৰা হ’ল মাকৰ|হোঃ| মনতো জোকাৰি অতীতৰ পৰা ঘূৰি আহিল আহাদ|শ্ৰীগৌৰীৰ ডাক্তৰ শইকীয়া ছাৰে মাকৰ কাৰণে লিখি দিয়া ঔষধ কেইটা আনিবলৈ সি এই ঔটেঙা কেইটা গছৰ ডালৰ পৰা নমাব লাগিবই|বাধ্য সি|কমেও তিনিশ টকাৰ জোখেৰে আজি ঔটেঙা পাৰিব লাগিব সি|আল্লাক সুঁৱৰি আকৌ ফৰ্মূটি মৰা আৰম্ভ কৰিলে আহাদে|বহুত কষ্টৰ মূৰত টকাৰ জোখাৰে ঔ টেঙা পাৰিব পাৰিলে সি|সময়ৰ অপব্যয় নকৰি খৰকৈ খোজ ল’লে সি ভাঙ্গা বজাৰ অভীমুখে|
স্থান ভাঙ্গা বজাৰ|পৰিবেশ ঠাণ্ডা|নাজৰ হত্যাত সকলো মুক হৈ আছে|এটা গজগজীয়া ডেকা ল’ৰাৰ হত্যা হ’লে সকলোৱে ম্ৰিয়মান হ’ব|হত্যাকাৰীৰ প্ৰতি এটা খং এনেয়ে উঠি আহিব|যোৱা ৰাতি ভাঙ্গাৰ ওচৰৰ কোনো কোনো ঠাইত অবৈধ মদৰ ঘাটি জ্বলাই দিয়া হৈছে|ৰাজু পালে কাম কৰা গেৰেজটো সম্পূৰ্ণকৈ জ্বলাই দিয়া হৈছে|মুঠতে গোটেই জনতা ক্ষোভত আছে|এতিয়া অলপ শান্ত পৰিবেশ| তথাপিও পেটৰ দায়ত পৰি সৰুকৈ বজাৰ এখন বহিছে|খাবতো লাগিব|সকলোৰে এটা পেট আছে|তাৰ মাজতে আহাদে ঔটেঙাখিনি লৈ বহিল|মনটো অজান আশংকাত ভূগিল|ঔটেঙা কেইটা বিক্ৰী নোহোৱাৰ আশংকাত|বিক্ৰী নহ’ব লাগিলে তাৰ বাৰ বাজিব|মাকৰ ৰোগ বাঢ়িছে|একমাত্ৰ ঔষধেহে কমাব পাৰে ৰোগ|সি সেইটো খুব ভালকৈ জানে|ঔষধৰ দোকানখনলৈ এবাৰ চালে সি|প্ৰেস্ক্ৰিপচন খনো হেপিয়াই চালে মোনাৰ ভিতৰত|আছে সকলো ঠিকেই আছে|চলটা কেইটা বিক্ৰী হ’লেই কাম শেষ|লাহে লাহে মানুহ বাঢিব ধৰিলে বজাৰত| প্ৰায় ৬ টামান ঔটেঙা বিক্ৰী হ’লেই তাৰ|মনটো ভাল লাগি গ’ল তাৰ|সেই সময়তে শোভাযাত্ৰা কৰি কৰি নাজৰ শৱ আহি পালে ভাঙ্গা|ভাঙ্গাৰ স্থানীয় ল’ৰা হিচাপে খুব জনপ্ৰিয় নাজৰ মৄতদেহ দেখাৰ পাচতেই ৰাইজৰ মাজত কান্দোনৰ ৰোল উঠিল|বজাৰ স্তব্ধ হৈ গ’ল|শোকাৰ্ত্ত হ’ল সকলো|আহাদ পিছে অন্য আশংকাতহে ভূগিল|যদিও বজাৰৰ পৰা বহু আঁতৰত জানাজাৰ স্থান|তথাপিও|নাজৰ মৄতদেহ দেখি দুই এজন ৰাইজ খঙত ফাটি পৰিল|কাৰণ মদ খোৱাৰ পৰা আৰম্ভ কৰি হত্যা কৰালৈকে সকলোখিনি তথ্যই উদ্ধাৰ কৰিছিল পুলিচে|কেৱল ধৰিব পৰা নাছিল ৰাজুক|জানাজা প্ৰায় শেষ হওঁ হওঁ|সেই সময়তে এজনে চিঞৰি উঠিল "এই মদৰ দোকানবোৰৰ কাৰণেই এনে হ’ল"|এই শাৰী বাক্য যথেষ্ঠ আছিল সকলোকে উত্তেজিত কৰাৰ বাবে|উত্তেজিত জনতাই আৰম্ভ কৰিলে আনবোৰ ঠাইত যোৱা ৰাতিৰ ভঙাৰ দৰে ভাঙ্গাৰ মদৰ দোকান আৰু মদ চুৰকৈ বেচা ঘুমটি বিলাকৰ ধ্বংস যজ্ঞ|পৰিস্থিতি দেখি লৰালৰিকৈ ঔটেঙা কেইটা বস্তাত ভৰোৱা আৰম্ভ কৰিলে আহাদে| শান্তি শৄংখলা বজায় ৰাখিবৰ বাবে চাইৰেণ বজায় আহি পুলিচ বাহিনীয়ে আহিয়েই দোকান ধংস কৰাসকলৰ ওপৰত লাঠী চালনা আৰম্ভ কৰিলে|ভয়াৰ্ত জনতাই ভাঙ্গাৰ মূল বজাৰ অভীমুখে দৌৰ লগালে|ভিৰৰ এই হেঁচা ঠেলাত আহাদৰ হাতৰ পৰা বস্তাটো এৰখাই গোটেই সোপা ঔটেঙা ৰাস্তাত সিঁচৰিত হৈ পৰিল|সি বুটলিবলৈও চেষ্টা কৰিব নোৱাৰিলে|কাৰণ ভৰিৰ উজুটিত সোপাকে ঔটেঙা দ্ৰেইনত পৰিলগৈ|সিঁচৰিত হৈ পৰা ঔটেঙাবোৰৰ পাচত দৌৰি ফুৰিল আহাদ|তথাপিও দুই তিনিটাত্কৈ বেছি ঔটেঙা ধৰি ৰখাব নোৱাৰিলে আহাদে|শোকত ফুটপাথতে বহি পৰি আহাদ|ইতিমধ্যে ঔটেঙা কেইটা দ্ৰেইনত পৰি উটি উটি গৈ আছে|লগতে আহাদৰ ঔষদ কিনাৰ সপোনটো|আহাদৰ কানত লাহে লাহে বেমাৰী মাকৰ কাঁহটো ডাঙৰ ডাঙৰকৈ বাজিবলৈ আৰম্ভ কৰিছিল|

No comments:
Post a Comment