সাহিত্য ডট অৰ্গত মোৰ সম্পাদকীয়
“at the strike of midnight hour
when the world sleeps
India will awake to
life and freedom”
জৱাহৰলাল নেহেৰুৱে কথাষাৰ কৈছিল ভাৰতৰ স্বাধীনতা লাভৰ মুহূৰ্তত । ভাৰতে হাজাৰ হাজাৰ ৰাতি উজাগৰে থাকি স্বাধীনতা লাভ কৰিলে ঠিকেই, কিন্তু থাকি গ’ল ভাৰতত ভোকাতুৰ জনতা । ব্ৰিটিছে কোৱা “poor people hungry people” । ভোক আঁতৰাব পৰা নগ’ল । কৌটি কৌটি মানুহ ভোকত এতিয়াও ককবকাই আছে । পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ গৰম খবৰে কাকতত ঠাই পালে । কৃষকৰ আত্মহত্যাৰ খবৰ এচুকত পৰি ৰ’ল । আমাৰ অসমতো স্বাধীনতাৰ বা বলিল । ৰাজনীতিয়ে গতি পালে । তোষামোদৰ ৰাজনীতিয়ে পোখা মেলিলে । ভোকাতুৰ জনতাৰ খবৰ লোৱাৰ আহৰি কাৰো নহ’ল । ১৯৬২ চনৰ চীনৰ ভাৰত আক্ৰমণৰ সময়ত নেহেৰুৱেটো কৈয়েই পেলালে "বিদায় উত্তৰ-পূৱ" । হয়তো সেই মাহীআইৰ দৃষ্টিৰ বাবেই উত্তৰ-পূৱৰ বিশেষকৈ অসমত জাতীয়তাবাদী ভাৱধাৰাবোৰে গা কৰি উঠিল । ভাগ্যৰ বলত তেজপুৰৰ পৰা গুচি গ’ল চাইনীজসকল । নহ’লে আমাৰ ৰাইজে কি দিন দেখিব লাগিলহেঁতেন ভগৱানেহে জানে ! তাৰ পাচত আঞ্চলিকতাবাদী শক্তিবোৰ আহিল । চৰকাৰ হ’ল । আকৌ কংগ্ৰেছ আহিল । কিছুমানে হাতত অস্ত্ৰ ল’লে । বিপ্লৱ চলিল, চলি আছে । গুপ্তহত্যা চলিল । জাতীয়তাবাদী ভাল ভাল মগজুবোৰৰ হত্যালীলা চলিল ; যিসকলে চিন্তা কৰিছিল অৰ্থনীতিৰ সৱলীকৰণৰ ওপৰত । এইদৰেই চলি থাকিল । কিন্তু ভোকাতুৰ জনতাৰ সংখ্যা নকমিল । বৰঞ্চ বাঢ়িল ।
এইবোৰৰ মাজতে ১৯৭০ চন মানত এটা আশাৰ ৰেঙনি বিৰিঙি ভাৰতত আৰম্ভ হৈছিল সেউজ বিপ্লৱৰ । অন্তৰ্নিহিত মূল উদ্দেশ্য ভোকাতুৰ জনতাৰ ভোক গুচোৱা । চৰকাৰে উৎসাহিত কৰিছিল খেতিয়কসকলক । গাখীৰ, তেল আৰু মাছ-মাংসৰ উৎপাদনকাৰীসকলক প্ৰচুৰ উদ্গনি দিয়া হৈছিল । কিন্তু সেয়া সীমাবদ্ধ থাকিল উত্তৰ ভাৰতৰ সমভূমি অঞ্চল আৰু পঞ্জাবৰ মাজতে । অসমেও বহুত কিবা কিবি পাব পাৰিলেহেঁতেন । যদিওবা অসমক চুইছিল কিন্তু সিমান প্ৰভাৱশালী নহ’ল । কাৰণ কেন্দ্ৰৰ অনীহা ! "অপাৰেচন ফ্লাদ"ৰ সহায়ত কেন্দ্ৰীয় চৰকাৰে সেই সময়ত গাখীৰৰ উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল|তাৰ পূর্ণ সুযোগ গ্ৰহণ কৰাৰ কাৰণে এতিয়া আমাৰ সকলোৰে ঘৰে ঘৰে গুজৰাটৰ "আমুল(আনন্দ মিল্ক ইউনিয়ন লিমিটেদ)"ৰ দুগ্ধজাত সামগ্ৰী উপলব্ধ । কিন্তু অসমত তেনে এটা খাদ্য সামগ্ৰীজাত উদ্যোগ গঢ় লৈ নুঠিল । সেই সময়ত অসম চৰকাৰ আৰু অসমীয়া ব্যস্ত আছিল "ভাষা আন্দোলন"ৰ কুচ কাৱাজত । তাৰ পাছত আৰম্ভ হ’ল অসম আন্দোলন । এই দৰেই আমি অসমীয়াবোৰে সুযোগবোৰ হেৰুৱালোঁ । যদিও "ভাষা আন্দোলন" আৰু "অসম আন্দোলন" জৰুৰী আছিল, কিন্তু তাৰ পৰা আমি পালোঁ কি ? ছটা বিদেশীও খেদা নহ’ল এই ২৭ বছৰত । ভাষা আন্দোলনৰ পৰা আমি ভাষা পালোঁ ঠিকেই । কিন্তু "ব্ৰেইন-দ্ৰেইন" প্ৰতিহত কৰিব পাৰিছোঁ জানো ? "ব্ৰেইন-দ্ৰেইন" হোৱা ৮০%ই অসমৰ কথা নাভাৱে । অসম আন্দোলনৰ পৰা গাদী লোৱা নেতা-পালিনেতাবোৰৰ বেংকত কৌটি টকা জমা হ’ল । কিন্তু অসমৰ ভোকাতুৰ জনতাৰ ভোক হ’লে নুগুছিল ।
সাম্প্ৰতীক সময়ত অসম উত্তাল কৰি থকা এটা বিষয় হৈছে নদী-বান্ধ । নদী-বান্ধৰ পৰা হ’ব পৰা ভয়ংকৰ পৰিনামৰ লিখনি আৰু বা-বাতৰিৰে ভৰি পৰিছে অসমৰ বাতৰি কাগজ আৰু নিউজ চেনেলবোৰ । এটা বহুতদিনীয়া চলি থকা খবৰ । অখিল গগৈয়ে শিৰোনামা দখল কৰিছে । তেওঁৰ নেতৃত্বত গঢ়ি উঠিছে প্ৰবল জনমত । নদীবান্ধ বন্ধৰ দাবীত । চৰকাৰ উদাসীন । বৰঞ্চ চিন্তা কৰিছে কেনেকৈ টাৰ্বাইন নিব পাৰি ধেমাজিলৈ । সুযোগ ওলাল । আমাৰ অতিকৈ আদৰৰ ভূপেনমামা ঢুকাল । সুবৰ্ণ সুযোগ চৰকাৰৰ । শৱদেহ অনাৰ পৰা অন্ত্যোষ্টিক্ৰিয়ালৈকে জাকজমকতা । আমি আৱেগপ্ৰৱণ অসমীয়ায়ো আদৰৰ ভূপেনমামাৰ বিয়োগত শোকাকুল হ’লোঁ । পাহৰি গ’লোঁ নদীবান্ধ । টাৰ্বাইন গৈ ধেমাজী পালেগৈ । অখিল গগৈয়ে চকু ৰাখিছ্ল যদিও এমুঠিমান মানুহেৰে কি কৰিব ? এতিয়া জনা মতে, ভূপেনমামাৰ সমাধিৰো কাম আৰম্ভ হোৱা নাই । বিভিন্ন চৰকাৰী অজুহাত । আমি ইমান সমস্যাটোৰ প্ৰতি উদ্বিগ্ন তেন্তে সকলোবোৰতে চকু ৰখাটো আমাৰ দায়িত্ব । কিন্তু আমি অসমীয়াবোৰ যে বহুত বেচি আবেগপ্ৰবণ তাৰেই প্ৰমাণ বাৰে বাৰে দিওঁ । "অসম আন্দোলন" তাৰ জলন্ত উদাহৰণ । শেহতীয়াকৈ নদীবান্ধ । আবেগেৰে কাম নচলে । বুদ্ধিমত্তাৰেহে কাম সিজে । ইমানবোৰৰ পাছতো এটা কথা ক’ব লাগিব । যোৱাটো বছৰত গুৱাহাটীত "অসম কৃষক মুক্তি সংগ্ৰাম সমিতি"ৰ তত্বাবধানত হোৱা প্ৰতিবাদী কাৰ্য্যসূচী এটাত ৰুবুল আলি নামৰ এটা নিষ্পাপ দহ বছৰীয়া শিশুৰ চৰকাৰী গুলীৰ আঘাটত মৃত্যু হৈছিল । চৰকাৰ আৰু "অসম কৃষক মুক্তি সংগ্ৰাম সমিতি"য়ে কি ব্যবস্থা ল’লে তাৰ খবৰ হ’লে নাপালোঁ । শেষত একেটাই কথা হ’ল । ভোকাতুৰ জনতাৰ মাজৰ এজনে অনাহকত প্ৰাণ দিলে । তাকো এটি দেৱশিশু । সমস্যাৰ প্ৰতি সদা সষ্টম আবেগ প্ৰৱণ অসমীয়াৰ কিন্তু সেইয়া খবৰ ৰখাৰ সময় নাই ।
এচামে সপোন দেখিছে স্বাধীন অসমৰ । হাতত সক্ৰিয় আগ্নেয়াস্ত্ৰ । দুহাত ৰাঙলী ধেমাজীৰ কণমানিহঁতৰ তেজেৰে । বিপ্লৱ সেইয়া । বিপ্লৱৰ নামতো জাহ গ’ল ভোকাতুৰ জনতাৰ কণমানিহঁত । সেইদৰে জাহ গৈছে অসমীয়া ডেকা ল’ৰাও । চৰকাৰী গুলিৰ আগত । এইবাৰ চৰকাৰৰ হাত ৰাঙলী । সেই অসমীয়া ডেকা ল’ৰাটোও কোনোবা ভোকাতুৰ অসমীয়াৰে সন্তান । মুঠতে হত্যা,সন্ত্ৰাস,আন্দোলনৰ নামত লুকাই পৰিল অসমৰ অৰ্থনৈতিক উন্নয়ন । অসমক যদি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আগুৱাই দেখুৱাব লাগে তেন্তে আমি অৰ্থনৈতিক সৱলীকৰণৰ ওপৰত গুৰুত্ব দিব লাগিব । অৰ্থনৈতিক সৱলীকৰণৰ কাৰণে কেৱল আমাৰ খাৰুৱা তেল,প্ৰাকৃতিক গেছ এইবোৰতে গুৰুত্ব দিলে নহ’ব । যিহেতু অসম এখন কৃষি প্ৰধান ৰাজ্য, গতিকে গুৰুত্ব দিব লাগিব খাদ্য সামগ্ৰীৰ অধিক উৎপাদনৰ ওপৰত । মানে "সেউজ বিপ্লৱ" । আমাৰ পথাৰবোৰ সৰুৰে পৰাই দেখিছোঁ বছেৰেকত এটাহে খেতি হয় । সেইটো সময়তে ১৯৭০ চনত “সেউজ বিপ্লৱ”ৰ এশ শতাংশ লাভ উঠোৱা পঞ্জাৱ, এতিয়া খেতিৰেই গঢ়ি তুলিছে নিজ ৰাজ্যৰ উন্নতি । সৰু সৰু বজাৰবোৰতো খাদ্য সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা আহিছে । কৃষিৰে সৱল পঞ্জাবৰ অৰ্থনীতি । উৎপাদনক্ষম মাটিৰ সুব্যৱহাৰৰ জলন্ত উদাহৰণ । অসমত থকা উৎপাদনক্ষম সমভূমিবোৰক ছটা ভাগত ভগাব পাৰি,
১) উত্তৰ পাৰৰ সমভূমি [ধেমাজী,লক্ষীমপুৰ,শোনিতপুৰ আৰু দৰং]
২)উজনি ব্ৰহ্মপুত্ৰ উপত্যাকা [গোলাঘাট,যোৰহাট,শিৱসাগৰ,ডিব্ৰুগড় আৰু তিনিচুকীয়া]
৩)মধ্য ব্ৰহ্মপুত্ৰ উপত্যাকা [ নগাঁও আৰু মৰিগাঁও]
৪)নামনি ব্ৰহ্মপুত্ৰ উপত্যাকা [বঙাইগাঁও,ধুবুৰী,কোকোৰাঝাৰ,গোৱালপাৰা,বৰপেটা,নলবাৰী আৰু কামৰূপ]
৫)বৰাক উপত্যাকা [কৰিমগঞ্জ,কাছাৰ আৰু হাইলাকান্দি]
৬)পাহাৰীয়াজিলা (কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলা )
এই সমভূমিবোৰক যদি আমি "সেউজ বিপ্লৱ"ৰ যোগেদি কাৰ্য্যক্ষম কৰি বছৰত তিনি চাৰিটা খেতি কৰিব পৰা কৰোঁ তেন্তে অসমৰ অৰ্থনীতি ফো-ফোৱাই ওপৰলৈ যোৱাটো খাটাং । ইয়াতে এটা কথা উল্লেখ কৰাটো ভাল হ’ব । উপৰোক্ত ছটা ভাগৰ ভিতৰত বৰাক উপত্যাকাত জনসংখ্যাৰ প্ৰৱল হেঁচাৰ বাবে ইতিমধ্যে বছেৰেকত তিনি চাৰিটা খেতি আৰম্ভ হৈছে । বাকীবোৰ সমভূমি এতিয়াও সিমান এটা আগবঢ়া নাই । বিশেষকৈ উজনিৰ বৰহ্মপুত্ৰ উপত্যাকাত । তাত এতিয়াও বছৰৰ ৭টা মাহ মাটি এনেই পৰি থাকে ; সেয়া উল্লেখনীয় ।আমি কেৱল সেউজ বিপ্লৱৰ ওপৰতে গুৰুত্ব দিলে নহ’ব গুৰুত্ব দিব লাগিব খাদ্যজাত সামগ্ৰী নিৰ্ভৰশীল উদ্যোগীকৰণৰ ওপৰত । মানে গ্ৰাম্য উদ্যোগীকৰণ । চৰকাৰৰ মুনাফা হোৱা লোহা, চিমেণ্টৰ উদ্যোগে আমাক নুখুৱায় । ধনতন্ত্ৰৰ গোলামসকলকহে চহকী কৰিব । ভোকাতুৰ জনতা ভোকাতুৰ হৈয়েই ৰ’ব । গ্ৰাম্য উদ্যোগীকৰণ বুলি কওঁতে থলুৱা আন খাদ্যজাত সামগ্ৰীকো সামৰি লোৱা হৈছে । গ্ৰাম্য উদ্যোগীকৰণৰ লগতে সমানে গুৰুত্ব দিব লাগিব স্থানীয় বজাৰৰ উন্নতিকৰণত । স্থানীয় বজাৰবোৰক সংযুক্ত কৰিব লাগিব খাদ্য সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ লগত । তেহে কৃষকে সমুচিত মান পাব । থলুৱা বেপাৰীৰ মুনাফা বাঢ়িব । জনমূৰি আয় উৰ্দ্ধগামী হ’ব । মুঠতে অসমক এতিয়া এটা ছয়োটা উৎপাদনক্ষম সমভূমিত সমানে প্ৰভাৱ পৰাকৈ এটা "সেউজ বিপ্লৱ" লাগে । তেতিয়াহে অসমখন ৰসৰাজৰ সুজলা সুফলা, শস্য শ্যামলা হ’ব । তেহে স্বৰাজোত্তৰ ৬৫ বছৰীয়া ভোকাতুৰ জনতাৰ ভোক গুচিব ।
(কিছু সংখ্যক তথ্য আন্তঃজাল যোগে প্ৰাপ্ত)
No comments:
Post a Comment