মোৰ অনুভৱৰ নিয়ৰকণা কিছুমান আপোনালোকৰ মাজত মেলি দিছোঁ......আশা কৰিছোঁ সকলোৰে হৄদয় শ্পৰ্শ কৰিব........

Thursday, 5 July 2012

আইগি যাম লছ ৱেগ্ৰে

    কা কা কা....... কাউৰীয়ে ৰমলীয়ালে ঢলপুৱাতেই|বাদুলীবোৰো চুঙাত সোমাল|ফেচাঁকেইটাইও নিজৰ ঠাই বিছাৰি ল’লে|লুকুমজানত নিজৰ চিকাৰ বিছাৰি থকা দীঘলটুপীয়া বাকচৰাই কেইটাইও পোহৰ দেখি উৰি গ’ল|ভাটৌ জাক এটাই ইউকেলিপ্টাছ গছজোপাত বহি ৰাতিপুৱাৰ জৰুৰী বৈঠকখন সমাপন কৰি উৰি গ’ল|ঠিক সেই সময়তে আদৰ্শবাদী শিক্ষক দিগন্ত বৰাইও টোপনিৰ পৰা সাৰ পাই চিন্তা কৰিলে বিচনাতে, কি দৰে নিজৰ এই দুখী সংসাৰৰ অবস্থাৰ স’তে মোকামিলা কৰা যায়|দিগন্ত বৰা, বিষয় শিক্ষক, শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়|আদৰ্শবাদী শিক্ষক|সেইয়াও চৰকাৰী হিচা্পত নধৰা এখন অ প্ৰাদেশীকৄত বিদ্যালয়ৰ|১৮ বছৰ হ’ল শিক্ষকতাৰ|কিন্তু একো ফল নধৰিল বৰা চাৰৰ জীৱনৰ|৮৩’ৰ পদাৰ্থ বিঞ্জানৰ স্নাতক বৰা ছাৰৰ জীৱনত আদৰ্শ মূল হ’ল|সেই বাবেই আগুৱাই নগ’ল বৰা ছাৰৰ আদৰ্শগত জীৱন|সকলো সুবিধাবাদী লগৰ বন্ধুৱে দল গায় চাকৰি ল’লে|তেওঁ নোৱাৰিলে|ইণ্টাৰভিউৰ ওপৰত ইণ্টাৰভিউ পৰিল| কিন্তু চৰকাৰী চাকৰি হ’লে নিমিলিল বৰা ছাৰৰ|সেইয়াই বৰা ছাৰ|যোৱা ১৮ টা বছৰৰ প্ৰথম পাঁচটা বছৰ বিনা বেতনে আৰু তাৰ পাছৰে পৰা তিনি হাজাৰ টকাত খাটি আছে বৰা ছাৰে|ভাগ্য দেউতাক প্ৰতাপ বৰাই হাইৱেৰ কাষতে গঢ়ি যোৱা প্ৰকাণ্ড ঘৰটোৰ হাইৱেৰ ফালৰ কোঠালিকেইটা আছিল বুলিহে|সেই কোঠা চাৰিটা ভাৰাত দিয়েই চলি আছে বৰা ছাৰৰ জোৰা টাপলি মৰা সংসাৰ|এটা অৰ্থত বাৰে যোৰা মাৰি আছে বৰা ছাৰে|কানে কান মাৰি খাই আছে|তথাপিও সুখতেই আছিল|

     সংসাৰ বুলিবলৈ ছাৰৰ ল’ৰা-ছোৱালী এহাল|ল’ৰা প্ৰনবেশ|অষ্টম শ্ৰেনীত পঢ়ে|ছোৱালীজনী ডাঙৰ|নাম মঙ্গলিমা দেৱী|ঘৰত মৰমতে মাতি থকা নাম হ’ল ৰিয়া|আচলতে বিঞ্জানৰ শিক্ষক হ’লেও বৰা ছাৰ তামাম ৰোমাণ্টিক আছিল ডেকাকালত|সেই ডেকা বয়সীয়া ৰোমাণ্টিজিমৰ চাইদ এফেক্ট হিচাপেই বৰা ছাৰে বিয়া কৰালে শ্বিলংৰ মণিপুৰী ছোৱালী কিয়াৰাক|মানে ৰিয়াৰ মাকক|এতিয়া ৰিয়া মাকৰ নিচিনাই ধুনীয়া হৈ উঠিছে|১৬ বছৰীয়া ৰিয়া অপূৰ্ব সুন্দৰী হৈ উঠিছে|চুটি স্কাৰ্টৰ সৈতে যেতিয়া নীলা চাৰ্ট লগাই স্থানীয় জুনিয়ৰ কলেজখনত ক্লাছ কৰিবলৈ যায়|নোচোৱা ডেকা ল’ৰা নাইয়েই কিজানি|বৰা ছাৰৰ সেইয়াও এক চিন্তা|কিজানি বেলেগ পথে খোজ পেলায় মৰমৰ বৰ জীয়াৰীয়ে|বিস্বাস আছে ছাৰৰ ৰিয়াৰ ওপৰত|ৰিয়াও খুব নম্ৰ আৰু ভদ্ৰ|মাৰ্জিত ব্যৱহাৰ|দেউতাকৰ আত্মসন্মানত আঘাত লাগিব পৰা কাম তাই এতিয়ালৈকে কৰা নাই|কিন্তু সদ্য নগাওঁ নগৰৰ ভিতৰত সোমোৱা বৰা ছাৰৰ সৰু ঠাই টুকুৰালৈ এই কেইদিন বগা স্কৰপ্ৰিয় গাড়ী এখন প্ৰায়ে আহিছে|গৰাকী নগাৱঁৰ মেয়ৰ পুত্ৰ|তাকো ৰিয়া পঢ়া জুনিয়ৰ কলেজখনৰ সন্মুখলৈকে|যেন চিকাৰ বিচাৰি বিচাৰি আকাশত উৰি ফুৰা চিকাৰী শেনহে|

     হেম্বা....|পাটী গৰুজনীৰ চিঞৰত উঠি বহিল বৰা ছাৰ|মুখ ধুইয়েই গাখীৰ খীৰুৱা কামত ব্যস্ত হ’ল বৰা ছাৰ|সেই সময়তে হাইৱেদি বিকট শব্দ কৰি পাৰ হৈ গ’ল গাড়ীবোৰৰ মাজত ৰাক্ষসৰৄপী বিৰাটকায় গাড়ীখন|মানে JCBখন|বৰ খৰখেদাকৈ নিৰ্মান কৰি আছে ফ’ৰলেন হাইৱেটো|"গোটেই শব্দ প্ৰদূষণেৰে ভৰ্ত্তি হৈ গৈছে, টকা খোৱাৰ বুদ্ধি"|ভোৰভোৰালে বৰা ছাৰে|আছলতে বৰা ছাৰৰ বিষেদাগাৰ বেলেগত|ফ’ৰ লেন হাইৱেৰ কাৰণে যিধৰণে ৰাস্তাৰ কাষৰ মানুহৰ ঘৰ ভাঙি পেলোৱা হৈছে আৰু যিটো গতিত আগবাঢ়ি আহিছে, দুই এদিনতে বৰা ছাৰৰ ঘৰ পোৱাটো খাটাং|বৰা ছাৰৰ সন্দেহ তেওঁৰ ভাৰাতীয়া থকা কোঠালি চাৰিটাৰ দুটা যাব পাৰে|ভাঙি পেলালে আকৌ পিছুৱাই আনি তৈয়াৰ কৰিবৰ কাৰণে ইমান ধন নাই বৰা ছাৰৰ|মনটো ভাৰাক্ৰান্ত হৈ উঠিল বৰা ছাৰৰ|ইফালে ৰিয়াৰ ডেৰাদুনত পৰিবেশ অভিযন্ত্ৰা পঢ়াৰ মন|টকাও যথেষ্ট লাগে|ইতিমধ্যে ৰিয়াৰ উচ্চতৰ মাধ্যমিক বিজ্ঞানশাখাৰ ফাইনেল পৰীক্ষাও সমাগত|পৰীক্ষা ভালকৈ পাছ কৰিব তাই|ডেৰাদুনত চিটো পাব|বৰা ছাৰে জানে|কিন্তু যদি ভাৰা কোঠালি দুটা ফৰ লেন হাইৱেৰ নামত যাহ যায় তেন্তে ঘৰ চলোৱাটোৱেই মস্কিল হ’ব|ৰিয়াক ডেৰাদুন পঠিয়াবটো পাৰিব কিন্তু ঘৰ নচলিব|কথাবোৰ ভাবি মাথাই কাম নকৰা হয় কেতিয়াবা বৰা ছাৰৰ|সাত পাঁচ নুগুনি কেতিয়াবা পৈত্ৰিক সম্পত্তি বিক্ৰী কৰিবৰ মন যায়|কিন্তু ইচ্ছা কৰিও নোৱাৰে ঘৈনীয়েক কিয়াৰাৰ পৰা|জকজকাই উঠে|কি কৰিব একো উৱাদিহ নোপোৱা হ’ল বৰা ছাৰে|

    বৰা ছাৰৰ সন্দেহ সঁচাত পৰিনত কৰি পিছদিনাই জোখমাখ লোৱা মানুহে ভাৰা কোঠালি দুটাৰ সোঁমাজলৈকে দাগ দি গ’ল|লগতে নিজেই ভাঙি আঁতৰাই পেলালে বেচি ভাল হ’ব বুলি অনুৰোধ কৰি গ’ল|ইঞ্জিনিয়াৰজনৰ মুখত অনুৰোধটো ধমকি যেনহে লাগিল বৰা চাৰৰ|ৰাতিটো টোপনি নাহিল বৰা ছাৰৰ|ঘৰৰ গোটেই কেইটা প্ৰানীৰে মুখৰ মাত নাইকীয়া হ’ল|ৰিয়াইও পঢ়াৰ টেবুলত বঢ়িব নোৱাৰিলে|সেইখিনি সময়তে বাহিৰত কেইবাখনো গাড়ী ৰোৱাৰ শব্দ হ’ল|সকলোৱে আচৰিত হৈ ইটোৱে সিটোৰ মুখলৈ চালে|বৰা ছাৰৰ নিজৰ গাড়ীটো নায়েই|সম্পৰ্কীয় মানুহৰো খুবেই কম আছে|থাকিলেও এখন|গতিকে আচৰিত হোৱাটো স্বাভাবিক|তেনেতে কলিং বেলত হেঁচা পৰিল|টিং টং টিং টং|দুৱাৰ খুলি দিলে কিয়াৰাই|হাঁহি এটা মাৰি সোমাই আহিল নগাৱঁৰ মেয়ৰ জগদীশ বৰকাকতি|কপালৰ আগত নমষ্কাৰ এটা লৈ|বৰাই ভাবিলে "আগলৈ নেতা হোৱাৰ লক্ষণ আছে বপুৰাৰ"|বহিবলৈ দি বৰাই আন কথাৰ অৱতাৰণা নকৰি আৰম্ভ কৰিলে,
-"কি ভাগ্য আমাৰ|মেয়ৰ চাহাব আমাৰ ঘৰত|কি বা সকামত আহিলে? ৰিয়াৰ মাক অ, চাহ তাহ অকনমান কৰা"|
মেয়ৰে বাধা দি ক’লে-
-"নালাগে নালাগে বৰা দেউ|আচলতে ম‍ই আহিছিলো এটা প্ৰস্তাব লৈ|সেইটোৱেই পাতোঁ|আপোনাৰ ছোৱালী ৰিয়াক মোৰ ল’ৰা ইশান্ত‍ই পচন্দ কৰিছে|যদি আপোনালোকে হয়ভৰ দিয়ে, তেন্তে .....
বৰাই মাজতে বাধা দি কৈ উঠিল
-কিন্তু তাই বহুত সৰু হৈ আছে|ইফালে তাইৰ আৰু পঢ়াৰ মন|
মেয়ৰে কৈ উঠিল
-পঢ়ি শুনিনো কি কৰিব? ইচ্ছা কৰিলে বাৰু পঢ়িব|দৰকাৰ পৰিলে চাৰ্টিফিকেট এখন কিনি আনিম|হাঃ হাঃ হাঃ|
-মেয়ৰ চাহাব পিছে ইশান্ত‍ই হেনো যোৱা বছৰ বিয়া কৰাইছিল|কি হ’ল? ভাগি গ’ল নেকি?
-নহয় হে বৰা দেউ, মন নিমিলিল|তাই গুচি গ’ল|
 কথা বতৰাবোৰ শুনি থকা ৰিয়াই পৰ্দাৰ ওচৰৰ পৰা নিজৰ ৰুমলৈ গুচি গ’ল|ভাল নালাগিল তাইৰ|নলগাটো স্বাভাৱিক|তাইও মন নকৰা নহয় এইকেইদিন|বগা স্কৰপিঅ’ এখনে তাইৰ ওঅচৰে পাজৰে ঘূৰি ফুৰা|গুৰুত্বহে দিয়া নাছিল তাই|
মেয়ৰ বহাৰ পৰা উঠিল
-যাওঁ বৰা দেউ|কথাটো ভাবিব
গপগপাই দুৱাৰৰ ফালে আগবাঢ়ি দুৱাৰৰ মুখতে হঠাত্‍ ঘূৰি বৰা ছাৰৰ ফালে চাই ক’লে
-আপোনাৰ দুটা কোঠালি গৈছে হাইৱেৰ কামত|আপুনি বিয়াত হয়ভৰ দিলেই হাইৱে আপোনাৰ ঘৰৰ পৰা ১২ ফুট আঁতৰি যাব|ভাবিব কথাষাৰ|

   বৰা ছাৰ প্ৰায় মৄতপ্ৰায়েই হ’ল|কিবা এটা দুখবোধে হেঁচি ধৰিলে বৰা ছাৰক|প্ৰনবেশৰ পঢ়াৰ খৰচো বাঢ়িছে|তাৰ মাজতে হাইৱেটোৱে কাঢ়ি নিব বিছাৰিছে দিনটোৰ ভাত সাঁজৰ উত্‍স|ঘৰৰ কাষৰ জৰীগছ জোপাত ফেচাঁ এটাই কুৰুলীয়াই উঠিল|নিওঁ নিওঁ নিওঁ|ঘৰৰ সকলো নিমাত|কোনেও টু এটাও মাত দিয়া নাই|"সকলো নিলি আৰু কি লাগে?" ফেচাঁটোক উদ্দেশ্যি ভোৰ ভোৰাই উঠিল বৰা ছাৰ|

    দ্বিতীয় দিনা মেয়ৰ চাহাবৰ ফ’ন আহিল|বৰা ছাৰে ইতিমধ্যে এটা সিদ্ধান্ত লৈ পেলাইছিল ৰাতি শুৱা পাটীত পৰাৰ আগতেই|ফ’নৰ উত্তৰত এষাৰেই মাথোঁ কথা ক’লে "ন্হ’ব মেয়ৰ চাহাব ম‍ই ৰাজী নহয়"|কাট খাই গ’ল ফ’নটো|আদৰ্শবাদী বৰা ছাৰ আদৰ্শৰ পৰা পিছ নুহুকিল|এমুঠি নিজৰ সুখৰ বাবে জীয়েকক বলিদান দিব নোৱাৰে বৰা ছাৰে|

    পাছৰদিনা জেচিবি এখন আহিল|ভাৰাতীয়া ল’ৰাকেইটাই টোপোলা আগতেই বান্ধি থৈছিল|জেচিবিখনে মহতীয়াই গ’ল দিগন্ত বৰা ঘৰৰ কোঠা দুটা|বৰাৰ মনটো এনেকোৱা লাগিল যেন জেচিবি খনে তেওঁক ঠেলি নি সংসাৰৰ গড় খাৱৈত পেলাই দিলে|আধা ভঙা হওঁতেই হঠাত্‍ ৰৈ গ’ল জেচিবিখন|ৰ’ল মানে গুচিয়েই গ’ল গাড়ীখন|তেনেতে প্ৰনবেশে দৌৰি আহি বাপেকেৰ হাতত কাগজৰ টুকুৰা এটা দি ক’লে "বাইদেউৰ টেবুলত পালো"|কৈয়েই তলমুৰ কৰিলে সি|বৰা ছাৰে মুখৰ আগলৈ আনি পঢ়িলে "ঘৰ ভাঙিব নালাগে, ম‍ই গুচি আহিলো|ইশান্ত ভাল ল’ৰাই হ’ব"|কাগজটুকুৰা কিয়াৰালৈ আগবঢ়াই দি বৰা ছাৰে আকাশৰ ফালে চাই হুমুনিয়াহ এৰিলে|মহিলা প্ৰধান ৰাজ্য মেঘালয়ত জীৱনৰ আগবয়স কটোৱা ৰিয়াৰ মাকে কাগজ টুকুৰা পঢ়ি, আধাভঙা ঘৰটোলৈ চাই মণিপুৰী ভাষাত স্বৰ্গোক্তি কৰিলে "আইগি যাম লছ ৱেগ্ৰে"|মানে "আমি বৰ লছ খালো দেই"|

   ইতিমধ্যে আকাশত কলীয়া ডাৱৰ এজাক আহি থুপ পাতিছেহি|টুপ টুপকৈ সৰু সৰু বৰষুণৰ টোপাল পৰিবলৈ আৰম্ভ কৰিলে|এজাক ডাঙৰ বৰষুণেই হ’ব যেন লাগিছে|

No comments:

Post a Comment