বেঞ্চিৰ আত্মকথা
পুখুৰীটোৰ পাৰত থিয় হৈ বেঞ্চিয়ে ইফালে সিফালে চায় এটুকুৰা ছাঁ পৰা ঠাই বাচি আৰামত বহি ল’লে|ছেঃ অথনি ককাইদেউয়ে যিটোহে শিশুপাল খেদা দিলে|হয়, তাৰ গাতেই দুখ, ককাইদেউয়ে তাৰ কথা বুজিলেহে উত্তৰ দিব|সিনো বাৰু ককাইদেউৰ ওচৰত ইমান লাগি থাকিব লাগেনে? ককাইদেউহঁতৰ বহাগ’ত গা সাত খন আঠখন কৰে, তাৰ আকৌ এই আপদীয়া ভাদ মাহত হে প্ৰেম হ’ব লাগেনে.|কিয় এনে হয় সেইটোকে সি ককায়েকেক সুধিব গৈছিল তাৰ ভাষাত,খেদাহে খালে|তাৰ পাছত মূৰটো দুভৰি মাজত গুজি সি চিন্তা কৰিব ধৰিলে তাৰ গা মন ৰঞ্জিত ৰঞ্জিত কৰি যোৱা গোপনীয় কথাটো|বগী তিনি বছৰৰ পাছত ঘুৰি আহিছে|কানপুৰত নে ক’ত আছিলগৈ|বৰ ধুনীয়াজনী লাগিছে এতিয়া, যৌৱনে ভৰপক দিছেটো|একেবাৰে ককাইদেউৰ লগত TVত দেখা শীলা কি জৱানীৰ নিচিনা যৌৱন আৰু জেলেপী বাইৰ নিচিনা চঞ্চল|পিছে হ’লে কি হ’ব মুন্নীটো এদিন বদনাম হ’বই|বদনাম হবলে আছেনে?হ’লেই|সিয়েইটো কৰিছে|হাঁহি উঠি গ’ল তাৰ| আজিকালি তাই বৰ open কৈ ঘুৰি ফুৰে|খোলা দিছে ঘৰৰ মানুহে, কেনেকোৱা যে অভিভাৱক হ’ব আৰু?অৱশ্যে ভালেই হৈছে, নহ’লে যোৱাকালি মথাউৰিৰ পাৰৰ আঁহত্জোপাৰ তলত ১ ঘণ্টা সময় dating মাৰিব নোৱাৰিলেহেঁতেন|পিছে তাৰ খঙতো উঠিছিল ভলু ওৰফে ভলুকা নামেৰে চুবুৰীত জনাজাত তাৰ সমন্ধীয় সৰু ভাইটোলৈহে|কি যে আপদীয়া সেইটো|datingৰ সময়তহে উলাব পাৱনে?কটা নিধক কৰবাৰ|স্বভাৱ জাত মহাৰণ এখনৰ সৄষ্টি হৈছিলেই, যদি বলোৰামকাই সেই সময়ত কোৰ খনলৈ থিয় নহ’লহেঁতেন|ভলুকাৰ ৰঙিলীক লৈ হেপাঁহ নপলায় চাগৈ|ভলুকাক ভাই ভাবিয়েই যোৱাবছৰৰ তাৰ টিপটপ girlfreind ভদ্ৰকান্তহঁতৰ ৰঙিলীক মাঘ মাহত তাক দি দিছিল|পাহৰিলে হ’বলা সি|মাঘৰ ভোজটো বৰ ভাল হৈছিল|উঠিব নোৱাৰাকৈ খাইছিল সি|সেই ভোজৰ পাছতেই ভলুৰ হাতত গতাইছিল ৰঙিলীক|সম্পূৰ্ণ ৫ মাহ তাৰ girlfreind আছিল ৰঙিলী|কিন্তু সেই ভলুৱে কালি তাক "গাদ্দাৰী" কৰিব ওলাইছিল বগীৰ লগত "dating"ৰ সময়ত|হোঃ চাই লম তোক|এনেও মোৰ চুবুৰীত ৰজা বুলি নাম আছে|ডাঙৰ ডাঙৰ মানুহে বাট এৰি দিয়ে|সম্ভবতঃ সেইটো সুবাদতে বগীৰ তালৈ হিয়া উথলি যোৱা মৰম|ফত্কৰে তাৰ আকৌ বগীৰ মুখখন তাৰ চকুৰ আগত ভাঁহি উঠিল|ৰাতিকৈ বগীহঁতৰ খেৰী ঘৰটোৰ পাছফালে হ’বলগীয়া নতুন "dating"টোৰ কথা ভাবি সি মছ্গুল হ’ল|লাহে লাহে সি সপোনৰ জগতত প্ৰৱেশ কৰিলেই| তাক তুলি লোৱা ককায়েকৰ মাকে তাৰ নাম ধৰি মতাত হে সম্বিত আহিল যে আজি কুৰুৰাৰ মাংসৰ আঞ্জা আছে|মাকে আকৌ চিঞৰিলে|বেঞ্চি ..আহ ..আহ ..আহ..., সি তত্ক্ষনাত্ কান মুৰ জোকাৰি নেগুৰডাল দুভৰিৰ মাজত সোমোৱাই ১০০ মিটাৰ ৰেচৰ দৌৰ লগালে, বগীলৈ gift হিচাপে কুকুৰাৰ ঠেংৰ হাড় এডাল পোৱাৰ আশাত|

No comments:
Post a Comment