মোৰ অনুভৱৰ নিয়ৰকণা কিছুমান আপোনালোকৰ মাজত মেলি দিছোঁ......আশা কৰিছোঁ সকলোৰে হৄদয় শ্পৰ্শ কৰিব........

Thursday, 26 July 2012

ম‍ই , জেমছ বাৰ আৰু ....এজনী বেশ্যা...


যৌৱনবোৰে ফেঁকুৰি থকা এটি সন্ধিয়া
জেমছ বাৰ, গণেশগুৰিত..
 মুখত এটা জলন্ত চিগাৰেট
তিনি নম্বৰ টেবুলত বহি বহি
বিষাদবোৰ শুহি আছিলো
লাহে লাহে...
এনেতে সোমাই আহিল তাই
"মে আই চিট ?"
উঠন বুকু
মোৰ লালসাপূৰ্ণ চকু
শ্বৰ্ট স্কাৰ্ট...শৰীৰত টপ
ৰঙা লিপষ্টিক
কামনা অহৰহ |
বিষাদবোৰ জ্বলাই
সোধা হ’ল অভিপ্ৰায়
দাম্ভিকতাৰে ক’লে
বেশ্যা তাই....হাঃ হাঃ হাঃ |
যৌনতা মোৰ বেপাৰ
তোমাৰ দৰে যুৱক মোৰ চিকাৰ |
তাৰ বাবে বাবে তুমি হ’ব  নালগে
না্ৰী দেহলোভী নতুবা
টানিব নালাগে যুৱতীৰ কাপোৰ ,
কাৰণ  সুলভ
বেশ্যা যে ম‍ই...হাঃ হাঃ হাঃ |
খিলখিলাই উঠিল তাই
নিলাজ সত্যত কঁপি উঠিল
মহানগৰীৰ অখ্যাত জেমছ বাৰ |
চিগাৰেটৰ ধোঁৱাৰ মাজেদি
চেলেকি গ’ল তাই
মুৰৰ পৰা ভৰি
নিৰ্লজ শৰীৰ..
যেন চেলেকি গ’ল
মুখাপিন্ধা সমাজৰ গুৰি...

টু লাৰ্জ পেক ভদকা
ৰঙা ওঁঠৰ চুমুক
নিষিদ্ধতাৰ পৄথিৱীত ভুমুক
গৰ্ভনিৰোধকৰ প্ৰকোপ
ৱান ম’ৰ লাৰ্জ পেক
অশ্লীল শব্দৰ কলৰোল
যৌনতাই  সুখ,
সংগীহীনতা তাইৰ দুখ
পিছে খুলিব পাৰে তাই
ভণ্ড সভ্যৰ মুখ |

ম‍ই, এজনী বেশ্যা ,জেমছ বাৰ
কেইপেগমান লাৰ্জ ভদকা
আৰু মহানগৰী....
ডুবি পৰিলো আমি আটাই
এটা বেশ্যাপূৰ্ণ...
তথাকথিত অশ্লীল ৰাতিত..
হাঃ হাঃ হাঃ ....
ভাঁহি আহে হাঁহি...
যৌনতাৰ আবেদন অহৰহ
অনুশ্চ শব্দ, অৰ্থপূৰ্ণ বাক্য
ঘূৰি থাকে অবিৰত
"বেশ্যা ম‍ই....বেশ্যা ম‍ই..."


Wednesday, 25 July 2012

শ্বহীদ কোন ? 


   ১০ দিন পাছত আজিহে মনটো ভাল লাগিছে, কি যে ডাঙৰ ডাঙৰ গাড়ী বিলাকে আহি আমাৰ ইমান ধুনীয়া ঘৰটো ভাঙি পেলাইছিল|বহুত কষ্টৰ মূৰত দেউতাই আকৌ এটা সাজি উলিয়ালে|কোৱা শুনিছো আমি কিবা ইয়াত হেনো অবৈধ ভাবে আছো বোলে|কিন্তু মোৰ আজোককাৰো দেখোন ইয়াতেই জন্ম হৈছে|বাৰু সেইবোৰ বাদ দি কালি ৰাতি ৰাজিয়া পেহীয়ে ম’বাইলত কথাটো কোৱাৰ পৰা মনটো ভাল লাগি আছে|সেয়ে ৰাতিপুৱা শুই উঠি আব্বাৰ লগতে নামাজ পঢ়ি শ্ববনম বাক কথাটো ক’ম বুলি দৌৰি গ’লো|"বা বা, ৰাজিয়া পেহীয়ে মাতি পঠাইছে|মোক বোলে ৰমজানৰ পাছত হেনো এটা জীনছ দিব"|তাই আকৌ মোক ভেকাহি মাৰি পঠালে "যাঃ দিলেহে দেখিম"|বেয়া লাগি গ’ল|অৱশ্যে কথাটো হয়|তাইক বাৰু অংক কৰি থকা সময়তহে ক’বলৈ যাব লাগেনে? ম‍ইও মোৰ কিতাপ উলিয়াই ল’লো|কিতাপ মেলিলো যদিও মনটো ৰাজিয়া পেহীৰ ঘৰত|পেহীয়ে যে কি সুন্দৰ মিষ্টি তৈয়াৰ কৰে|যোৱা বাৰ ঈদত খোৱা মনত আছে নহয়|এই আব্বাডালো যে, ১০ টা বজাতহে যাব বোলে|ম‍ই কৈছো স্কুল খটি হ’ব|নামানে বোলে দিনতহে যায়|দেখিছো নহয় কিমান পঢ়া|আব্দুল কালামৰ নিছিনা হ’বলৈ হেনো বহুত পঢ়িব লাগে|আমাৰ স্কুলত বাইদেউৱে কৈছে নহয়|কালি স্বহীদ সকলৰ কথাও কৈছিল|ভগত সিংৰ কথা বেছিকৈ কৈছিল|বৰ দেশভক্ত আছিল বোলে|মনটো অজান ভাৱনাত ডুব গৈ থাকোঁতে আম্মাই হঠাত্‍ মাতি দিলে|"ৰুবু বেটা স্নান কৰি ল’ ভাত খাবৰ হ’ল,আব্বা ওলালেই"|ম‍ইও জাপমাৰি উঠিলো|ইয়ে দেৰিয়ে হৈছিল কথাবোৰ চিন্তা কৰি থাকো্তে| ৰাজিয়া পেহীয়ে কিজানি বাট চায়েই আছে|গা পা ধুই আব্বাৰ লগত খোৱাত বহিলো|খোৱা বোৱা শেষ কৰি উলালো আব্বাৰ লগত|টাউন পোৱাৰ পাচতেই মোৰ প্ৰিয় কামটো কৰা আৰম্ভ কৰিলো|চাইনবৰ্ড বিলাক অসমীয়াত পালেটো পঢ়োৱেই, ইংৰাজীত পালেও জোটাই চাওঁ পাৰো নেকি? পিছে বেছিভাগেই নোৱাৰোঁ|বৰ ভাল লাগে|

       কি হৈছে অ’? লাহে লাহে ৰাস্তাত দেখোন মানুহ বাঢ়ি গৈছে|মেলা বহিছে যেন পাওঁ|এটা সময়ত অ’ট’ও নোযোৱা হ’ল|দেউতাই খোজ কাঢ়ি যোৱাটোকে থিৰাং কৰিলে|ম‍ইটো ভালেই পালো|বাহ ইমান মানুহ, ঈদতহে ইমান মানুহ হয়|আৰু ইমান চিঞৰিছে ,কিবা দেখোন ইনক্লাব জিন্দাবাদ|অ বুজি পালো, বাইদেউয়ে কোৱা দেশভক্ত মানুহ এইবিলাক|ইনক্লাব জিন্দাবাদ বুলি এবাৰ চিঞৰিছিলোহে আব্বাই ধমক দিলে "মনে মনে থাক"|চুপ থাকিলো|ইয়াতে চাগৈ ভগত সিংৰ নিছিনা মানুহ আছে দেই|মাইকত চিঞৰি থকাজনেই হ’ব চাগে|চাবৰ মন গৈছে যদিও নোৱাৰো|পোৱালি মানুহ ক’ত দেখা পাম|তাতে ইমান মানুহ|বুদ্ধি এটা খেলালে|"আব্বা ভৰি বিষাইছে"|আব্বাই প্ৰথমে না কৰিছিল, কিন্তু খুব ধৰিলত এবাৰ কান্ধত উঠাই ল’লে|দেখিলো এজনে মাইক লৈ কৈ আছে কিবা কিবি|ভাল লাগিল দেখি|তেখেতক টিভিটো দেখা দেখা লাগিল আগতে|প্ৰচণ্ড ভিৰ হৈ গৈ আছে|আব্বাই যেনে তেনে হেঁচি থেলি মানুহ্খিনি পাৰ কৰি গ’লেই সিপাৰে আমি গাড়ী ধৰিব পাৰিম|গৈ গৈ একেবাৰে সন্মুখ পালোগৈ|হঠাতে কিবা চাইৰেন বাজিল|আব্বাই মোক কান্ধৰ পৰা নমাই একো তত ধৰিব নোৱাৰি দৌৰ দিলে মোৰ এটা আঙুলিত ধৰি|এৰ খাই গ’লো মানুহৰ চিঞৰ বাখৰ আৰু হেঁচা থেলাত আব্বাৰ পৰা|ডাঙৰ ডাঙৰ শব্দ কেইটামান শুনিলো|হঠাত্‍ বুকুখন বিষাই যোৱা যেন পালো|তিনিডাল যাঠী বুকুত সোমায় ইপাৰ সিপাৰ হৈ যোৱা যেন লাগিল|দুৰত দেখিলো, পুলিচ মামা এজনে মোৰ ফালেই বন্দুক এটা লৈ চায় আছে|বন্দুকৰ আগত ধোঁৱা|একো নুবুজিলো..তাৰ পাছত একো মনত নাই|সাৰ পায় দেখো ম‍ই আকাশত উপঙি আছো লগত শুধ বগা দাড়িৰ এজন,মোৰ মুৰত হাত ফুৰাই মিচিকিয়াই হাঁহি আঁতৰি গ’ল|কোন চিনি নাপালো|ম‍ই তললৈ চায় দেখো মোৰ দেহটো দিছপুৰ GNRC হস্পিতাললৈ লৈ যোৱা হৈছে, তাতে মোক মৄত্যু ঘোষনা কৰা হ’ল|ইচ আব্বাই ইমান কান্দিছে|বেয়া লাগি গ’ল|
    হয় ম‍ইয়েই ৰুবুল আলি|দহ বছৰীয়া ৰুবুল আলি, গুৱাহাটীৰ দিছপুৰত হোৱা কাণ্ডৰ ভুক্তভুগী,কোনো কোনোৱে অখিল কাণ্ড বুলিও কয়|আজিও কান্দে আব্বা আৰু আম্মাই|কোনেও মোৰ কথা মনত নাৰাখিলে|ম‍ই বাৰু ভগত সিংৰ দৰে শ্বহীদ নেকি?

Thursday, 19 July 2012

চিঠি

নাই মোৰ এটা নীলা খাম
নাই এটা চিঞাহীৰ কলম
তথাপিও লিখিছো এখন চিঠি
কৄত্ৰিমতাহীন হৄদয়ৰ
আপোন আপোন লগা ..
হিচাব কৰিব নোৱাৰা
আছে আত্মীয়তাৰ সীমাহীন মৰম |
হয়তো তোমাক ভাল পোৱাৰ বাবেই....

নাই মোৰ  এখন ফুলস্কেপ কাগজ
নাই মোৰ এটা ঘণ্টাৰো সময়
তথাপিতো যুগুতাইছো ম‍ই
উপমা, বিশ্লেষনহীন ভাষাৰ
সৰল সৰল লগা...
আনে চাব নোৱাৰা
ডাক্তৰী ভাষাৰ, ডাক্তৰী পেডত খত |
হয়তো তোমাক ভাল পোৱাৰ বাবেই....

নাই মোৰ কোনো দামী আঠা
নেদেখুৱাও মোৰ অন্তৰৰ ব্যথা
তথাপিও  থাপিছো ম‍ই
চৌখিন, আড়ম্বৰতাহীন জীৱন
খালী খালী লগা
সমাজে বৰ্জন কৰা
মোৰ জীৱন গাঁথাৰ বৰ্ণন |
হয়তো তোমাক ভাল পোৱাৰ বাবেই....
নাজানো..
হয়তো তোমাক ভাল পোৱাৰ বাবেই....

Monday, 9 July 2012

শ‍ইকীয়া পুৰাণ


অসম দেশৰ বিষম কথা
এতিয়া লওক শ‍ইকীয়া পুৰাণৰ মজা |
ৰুমি বাইদেউৱে পাতিলে বিয়া
বৰাকৰ ৰাইজৰ ভাগিলে হিয়া |
ৰুমিৰ পাছত লাগিলে কমলাক্ষ
ধাৰণ কৰিছে কামাখ্যাৰ ৰুদ্ৰাক্ষ |
গৌতম ৰায়েও এৰিছে বাণ
মন্দিৰত নলয় ৰুমি-চিদ্দেকৰ নাম [:-?] |
চুৰমাৰ হ’ল হৰেণ দাসৰ গাড়ী
আঁৰত আছে হেনো কিৰিপৰ বাহিনী |
বিধায়কৰ মাজতেই নাই মিলন
বানপীড়িতক দেখা কৰিলেই পিটন |
‘নীটে’ শুহিলে কম্পিউটাৰ-আঁচনিৰ ধন
শিক্ষামন্ত্ৰীৰ দেখুন ‘টেট’তহে মন |
চৰকাৰে দিছে টেটৰ সপক্ষে যুক্তি
একেখন বিদ্যালয়তে ৫০০ৰ নিযুক্তি |
অসমত এতিয়া উত্তেজনাৰ জুই
গুৱাহাটীত চলিছে ইন্ধনবিহীন ভূঁই |
অসমত নাই দুৰ্ভিক্ষৰ লেঠা
বানপানীত উটে হিচাপহীন টকা|
বানপানীত উটিছে অসমৰ দুখীয়া জন
হাঁহিৰামৰ পিছে আমেৰিকতহে মন |
হঠাতে আহিল ছোনিয়া মেডামজী
হাঁহিৰাম দৌৰিল আমেৰিকা এৰি |
ছোনিয়াজীয়ে নাপালে ব্ৰহ্মপুত্ৰৰ পাৰাপাৰ
হাঁহিৰামৰ ক’লে "ডেট ইজ অলচ’ এ ইম্পৰ্টেণ্ট মেটাৰ"|
সামৰিলো মোৰ শ‍ইকীয়া পুৰাণ
হাঁহিৰামে গম পালে নিব মোৰ পৰাণ |

Sunday, 8 July 2012

ফাগুনৰে পচোৱা

                "মন মোৰ উৰি গুচি যায়
                কি জানো পায়ো হেৰুৱাই
                ফাগুনৰে উৰনীয়া বা
                আলশুৱা কহুঁৱাৰে ছাঁ"
            


     ফাগুন মানেই এটা আবেগ|এটা ৰিঙা ৰিঙা মনৰ নিচা নিচা আবেশ|মন মতলীয়া কৰি তোলা মাহ হ’ল ফাগুন|ফাগুনে জগাই তোলে প্ৰত্যেকটো প্ৰেমিক সত্বাক|ৰন্ধ্ৰে ৰন্ধ্ৰে জগাই তোলে প্ৰেম|এটা প্ৰেমৰ মাহ|চতুৰ্দিশ কেৱল প্ৰেম|পলাশ,শিমলু ফুলাৰ বতৰ|শুভ্ৰ কহুঁৱা পচোৱাত হালি জালি থকাৰ দিন|নীলা আকাশত শুকুলা ডাৱৰে খেলাৰ বতৰ|সকলোবোৰতে এটা মন মতলীয়া ভাৱ|যিদৰে কেতিয়াবা বৰদৈচিলাই সংহাৰ মূৰ্তি ধাৰণ কৰি মষিমুৰ কৰি পেলায় ঠিক সেইদৰে মন মতলীয়া আবেশবোৰৰ মাজত লুকাই থাকে দুখ|ফাগুনে সুখো আনে চপচপীয়াকৈ|দুখো আনে সমানে|মুঠতে ফাগুনে কন্দোৱাইও হঁহুৱাইও|

     ফাগুন মাহ বুলিলেই মনটো লৰ মাৰে ল’ৰালিলৈ|ফিৰফিৰীয়া বতাহ্জাক অহাৰ লগে লগেই আমি ল’ৰা মখাই লৰ ধৰিছিলো অৰ্ধমৄত শুকান নৰানীৰে ভৰা পথাৰৰ মাজে মাজে|উদ্দেশ্য চিলা ধৰাৰ হেপাঁহ|আমাৰ অঞ্চলটোত এটা প্ৰায় অঘোষিত নিয়মৰ দৰেই হৈছিল চিলা উৰুৱাই দিয়াটো|মানে চিলাখন এটা নিদিষ্ট উচ্চতালৈ যোৱাৰ পাছত সূতাডালৰ মাজেদি এখন ব্লেদ সুমুৱাই দি সূতাডাল নষ্ট নোহোৱাকৈ চিলাখনৰ গুৰিতে কাটি উৰুৱাই পঠাই দিয়া হয়|তাৰ আগতে চিলাখনত নাম ঠিকনা লিখি দিয়াৰ নিয়ম|এইদৰে উৰুৱাই পঠিয়াই দিয়াৰ পাচত চিলাবোৰ কোনো ঠাইত উৰি উৰি পৰেগৈ|আমি পঠোৱাবোৰ বেলেগত|বেলেগে পঠোৱাবোৰ আমাৰ তাত|আমি তেনেকৈ কেইবাখনো চিলা গোটাই পাছত নাম ঠিকনা উলিয়াই, ওচৰত হ’লে চাইকেল মাৰি দি আহিছিলোগৈ|বন্ধুত্ব গঢ়াৰ মানসেৰে|যোৱাৰ পাচত সেইখন গাৱঁত ল’ৰাবোৰে যি পাৰে তাকে খাবলৈ দিছিল|টেঙা টুকুচা, মাধৈ মালতী,....যি পাৰে|একো নাপালে যেতেলী পকা|আমিবোৰে খুব আনন্দ পাইছিলো|ফাগুনে আনি দিছিল সেই আনন্দ|একমাত্ৰ ফাগুনেহে পাৰিছিল|কিয়নো দেহমন উৰুৱা বতাহজাক ফাগুনতহে আহিছিল|

     ফাগুন মাহত আমাৰ লুকুমজানৰ পাৰৰ কলমৌবোৰ শুকাই যায়|বাঁহ লয় ডাউক,নেউল,আৰু ক’ত জাতৰ যে বনৰীয়া চৰাইয়ে|তাৰ মাজত আমাৰ চকুত পৰা মঙহাল বিধৰ চৰাই আছিল বন কুকুৰা|আমি অকলে যাব পৰা মখাই ঘৰৰ পোহনীয়া কুকুৰ মখা লৈ ওলাই যাওঁ ৰাতিপুৱাই চিকাৰলৈ|দেওবাৰৰ দিনা|মোৰ কুকুৰটোৰ নাম "বেঞ্চি"|গোটেই চিকাৰী কুকুৰ দ’লৰ ভিতৰত এক নম্বৰ|কাৰণ সি কেঁচা মাংস নাখায়|সি নিজে ধৰা চিকাৰ সকলোবোৰ আনি মোৰ কাষত দি দিয়ে|গতিকে সি সকলোৰে প্ৰিয় পাত্ৰ|আমি চিকাৰ কৰা চৰাইবোৰৰ ভিতৰত বেছিভাগেই ডাউক আৰু বনকুকুৰা|চাৰি পাঁচটা মৰা হ’লেই উভতো বনভোজৰ আয়োজনৰ কাৰণে|মাংসৰ প্ৰথম ভাগটো যায় চিকাৰী কুকুৰ কেইটালৈ|যাতে ৰোষে নধৰে|খাওঁতে খাওঁতে সন্ধিয়া হয়|ৰাতিলৈ পঢ়াৰ টেবুলত টোপনিয়াই থাকোঁতে গালত মাৰ হাতৰ বোন্দা চৰ দুই এপাট পৰে|কেতিয়াবা কপৌচেলোৱা|তথাপি নেৰো আমি চিকাৰ কৰিবলৈ নতুবা বনভোজ খাবলৈ|গাঁৱত থাকোতে সেইয়া আছিল ল’ৰালিকালত আমাৰ ফাগুনৰ মাদকতা|ফাগুন আমি সেইদৰেই উপভোগ কৰিছিলো|

    ফাগুনৰ পচোৱাৱাই কঢ়িয়াই লৈ আহে প্ৰেমৰ বতৰা|কৈশোৰ পাৰ কৰি যৌৱনত ভৰি দিয়াৰ পাছৰ পৰাই ফাগুনৰ সেই বলিয়া বতাহ্জাকৰ প্ৰতি এক অনামী আকৰ্ষন গঢ়ি উঠিছিল|এটা যেন প্ৰেম প্ৰেম ভাৱ|তেনেকোৱা এটা মদাৰ, পলাশ ফুলাৰ বতৰতে কলেজৰ চাঁদত দিছিলো কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ|প্ৰত্যাশিত উত্তৰ "হাঁ"|মন মগজু উতলা হৈ উঠিছিল ফাগুনৰ বতাহজাকৰ দৰেই|যেন এটা ৰিঙা ৰিঙা উন্মনা মন|হোষ্টেলৰ পৰা ঘৰলৈ গ’লেই প্ৰেয়সীয়ে কলেজত দিয়া চিঠিবোৰ সামৰি সুতৰি লৈ গৈছিলো গাঁৱৰ লগৰবোৰক দেখোৱাবলৈ|পঢ়া চিঠিবোৰকে উৰাই ঘূৰাই টাকুৰ ঘূৰাই পঢ়িছিলো পঢ়িছিলো ফাগুনৰ বতাহৰ আমেজ লৈ লৈ|পথাৰৰ আমজোপাৰ তলতে বহি থাকোঁতে প্ৰেয়সীৰ কথা মনত পৰিলেই ভাল লাগিছিল|মনলৈ আহিছিলি ৰিব ৰিব মলয়াত ঢৌ খেলা চুলিৰ গৰাকীলৈ|কিন্তু সেই শ্মৄতিকে সাৱটি খোলা পথাৰৰ সোঁমাজত থকা আমগছজোপাৰ তলত নিৰলে বহি তেনেকোৱা এটা বলিয়া ফাগুনৰ দিনতে প্ৰেমত প্ৰতাৰিত হৈ নিৰলে কান্দিছিলো|হেপাঁহ পলোৱাই|কোনেও নেদেখাকৈ|সেয়ে সয়তো অনুভৱ হৈছিল|ফাগুনে সুখ আনে উভৈনদীকৈ|দুখো আনে চপচপীয়াকৈ|

   ফাগুন মাহতে আমাৰ জাতীয় জীৱনৰ গৌৰৱ, বৰপেটীয়া মানুহৰ বুকুৰ আপোন, ৰঙৰ উত্‍সৱ "ফাকুৱা"ৰ দিন|দৌল যাত্ৰা|চতুৰ্দিশে কেৱল ৰঙ আৰু আনন্দ|হয়তো ফাগুন মাহ ভাগ্যৱান ইমান সুন্দৰ এটা উত্‍সৱ নিজৰ বুকুত কঢ়িয়াবলৈ পোৱাৰ বাবে|বৰপেটাৰ এই উত্‍সৱটিয়ে হয়তো বান্ধি ৰাখিছে এখন সমাজক একতাৰ ডোলেৰে|ফাগুনৰ কাৰণেই এখন সমাজ বান্ধ খাইচে একতাৰ ডোলেৰে|উত্‍সৱৰ মাজেদি|কি যে মহান এই ফাগুন|

   ফাগুন আহিলেই মন উৰা মাৰে ল’ৰালিকাললৈ, ডেকা জীৱনৰ মাদকতাবোৰলৈ|বলিয়া ফাগুনে মতলীয়া কৰা জীৱনৰ প্ৰ্ত্যকটো ক্ষনলৈ|ফাগুনৰ পচোৱাত উৰি ফুৰা শিমলু তুলাৰ পাছে পাছে দৌৰি ফুৰা দিনবোৰলৈ|গাঁৱৰ ডাঙৰমখাই ফুটবল,ভলীবল লৈ ব্যস্ত থকাৰ সেই দিনবোৰত আমিবোৰ ব্যস্ত হৈছিলো শিমলু তুলাৰ পাছে পাছে দৌৰাত|সেই দৌৰ যি আৰম্ভ হ’ল তুলাৰ পাছত|শেষেই নোহোৱা হ’ল|সেইয়া দৌৰ পৰিবৰ্তিত হ’ল জীৱনৰ দৌৰলৈ|কিন্তু ফাগুন একেই থাকিল|একেই থাকিল নীলা আকাশ,শিমলু তুলা, পলাশৰ ৰঙ, ফাগুনৰ পচোৱা আৰু মন মতলীয়া কৰা এটা আবেশ|মাত্ৰ সলনি হ’ল জীৱনৰ দৌৰ|ফাগুনে দৌৰ নামাৰে, আকৌ কাৰোবাক উত্‍সাহ দিব|মন মতলীয়া কৰাব|জীৱন যুজঁলৈ আগুৱাই দিব কাৰোবাক|কিন্তু ফাগুন একেদৰেই থাকিব|

                "তুমি অহাবাটেৰেই ফুলি উঠে
                হাজাৰ প্ৰেমৰ কলি,
                তুমি কোৱা কথাবোৰত ফুটি উঠে
                মৰুময় জীৱনত আশাৰ ৰেঙনি|
                আহিবা,আহিবা, আহিবা তুমি
                ফাগুনৰ গাতে আউঁজি
                জোনাক কৰিবলে মোৰ আউঁসী|"

                                        -প্ৰদ্যুত্‍ জ্যোতি শ‍ইকীয়া

Saturday, 7 July 2012

ম‍ই,সাহিত্যৰ আদ্দা,খোজনীয়া মানুহ,প্ৰীতিভোজ,ৰীতা বাউদেউ ইত্যাদি ইত্যাদি.......অগতানুগতিক



    কোনটো তাৰিখত আছিল? পাহৰিলো|পঙ্কজদাৰ লগত হোৱা ব্যক্তিগত বাৰ্তালাপত উলাইছিল "সাহিত্যৰ আদ্দা আৰু প্ৰীতিভোজৰ কথা"|মানে গেট-টুগেদাৰ টাইপ|মোক ক’লে ত‍ইয়েই আৰম্ভণী কৰি দেছোন|কিমান সঁহাৰি আহে চাঁও|কথা মতেই কাম|অ কে বছ বুলি দিলো এটা আপদেট মাৰি|ৰাইজৰো চেগা চোৰোকাকৈ সঁহাৰি আহিবলৈ ধৰিলে|তাৰ পাচত ধ্ৰুবদা,জ্যোতিদা, দেবব্ৰত্দা আৰু হৄষীৰাজদাই মিলি জঁকাটো তৈয়াৰ কৰি পেলালে|মানে ১৮ তাৰিখ ফাইনেল হ’ল|প্ৰথমেটো ২০ জনৰ ওপৰত মানুহে লাইক বুটামটো টিপিলে|পাচতহে গম পালো |মানে প্ৰমাণেই পালো|কিছুমানে সেইটো চখতহে টিপে|শেষত টানি আঁজুৰি ১৩ জন ওলাল|তাকো শেষ মূহুৰ্তলৈকে অনিশ্চয়তা|কোন য়াব কোন নাযাব|পিচে সকলো কথা বাদ দি যদি ভোজ নহয় তেন্তে দেবব্ৰত ককাইদেউৰ ঘৰতে দবনি পিটি এসাঁজ খাম বুলি ১৫ তাৰিখৰ সন্ধিয়া ৭.৩০ৰ বাছ এখনত খিৰীকিৰ ফালে টিকট এটা কাটি পেলালো ৩৪০ টকা গাঁঠিৰ ধন ভাঙি|ৰাইজ গাঁঠিৰ ধন বুজিটো পাইছেই ম‍ই গাঁৱলীয়া ডাক্তৰ|

    গাড়ীলৈ বুলি ওলাই আহিলো ৬.০০ বজাতেই|আগতীয়া উদ্দেশ্য শ্ৰীমা হোটেলত ভালকৈ চাহ একাপ খোৱা|স্থান বদৰপুৰ বাছষ্টেণ্ড|চাহৰ হোটেলত সোমাবলৈ লওঁতেই মুখৰ আগত নিশকতীয়া ক’লা হাত দুখন আগবাঢ়ি আহিল|উদ্দেশ্য ভিক্ষা|কাঠেৰে সজা এখন গাড়ীত বহি থকা মানুহটোৰ তললৈ চাঁওতেহে গম পালো তেখেতৰ ভৰি দুইখন আঁঠুৰ পৰা তললৈ নাই|সুধিবৰ সাহস নহ’ল|কাৰণ তেনেকোৱা মানুহ দেখিলেই ম‍ই বৰ অস্বস্তিত পৰো|টকা দহোটা হাতত গুজি দি সুধিলো "কি কৰিবা এই টকাৰে?"|চাউলৰ দোকানখনৰ ফালে আঙুলিয়াই ক’লে "চাউল ল’ম ছাৰ"|"ঘৰত পোনাটি অকলে আছে" তিনিবছৰ হৈছেহে তাৰ,ছাৰ"|ছাৰ শব্দটোৱে মোৰ কাণত ডবা কোবাই থৈ গ’ল|মানে সি মোক চিনি পায়|মোৰ পকেটত তেতিয়া চাৰিখন সদ্য এ.টি.এমৰ পৰা উলিয়াই অনা ৫০০ টকীয়া নোট আছিল|কিন্তু ম‍ই দিব নোৱাৰিলো তাক|কাৰণ ম‍ই যে আধুনিক সমাজৰ এটা স্বাৰ্থপৰ মানুহ|সি বল বিয়েৰিং বিহীন গাড়ীখন ঠেলি ঠেলি গ’লগৈ|ৰাস্তাৰ স’তে কৰা গাড়ীখনৰ চকাৰ ঘৰ্ষণৰ ফলত উত্‍পন্ন হোৱা ঘৰ ঘৰ ঘৰ শব্দটো মোৰ বুকুত বহুত সময় বাজি থাকিল|দীঘলীয়া হুমুনিয়াহ এটা ওলাল|চাহ খোৱা ন্হ’ল|গ’ল্ড ফ্লেক চিগাৰেট এটাকে জ্বলাই দিলো|যাওক জ্বলে যদি বুকুখনকে জ্বলক|সেইটো ভাৱত|

    অৱশেষত গাড়ী আহিল|জগন্নাথ ট্ৰেভেলছৰ গাড়ী|অলপ সময় যোৱাৰ পাছতেই ভাত খাবৰ বাবে গাড়ীখন ৰ’ল|কালাইনত|সুধি গ’ম পালো আজিকালি হেনো মেঘালয়ত গাড়ী নাৰাখে|খাই বৈ উঠি আকৌ এটা চিগাৰেট জ্বলিল|অকস্মাতে আহি উলাল আমাৰ হস্পিতাল থকা পঞ্চায়তৰ প্ৰেচিডেণ্ট মহোদয়|চিগাৰেট লুকুৱাৰ সময়কে নাপালো|জ্বলিয়েই থাকিল|তেওঁ প্ৰায় চিত্‍কাৰ কৰি উঠিল|"কি কৰছে আপনি শ‍ইকীয়া বাবু? অত চোট বয়সে চিগাৰেট|খাইন না জানি আৰ"|এইবাৰ ভঙা ভঙা অসমীয়াত "এনেকে খালেটো আপোনাৰ খাৰাপ হ’ব|আজিকালি বাছটো বেছ মানুহে খাই|দলিয়াই দিলো চিগাৰেটতো|লাজেই পালো ম‍ই|পিছে ক’ত যায় সোধাত ফাঁকি মাৰিলো "ঘৰত আজকে গেছ ছেছ|ভাত খাৱাৰ লাগি আইছিলাম"|আৰু দুই তিনি মিনিট কথা পাতি তেখেত হোটেলৰ ভিতৰলৈ গ’ল|সেই চেগতে গাড়ীত উঠি ১৮ নম্বৰ চিটত লগত অনা পাতল ক্কপাহী কাপোৰখনেৰে গা মুৰ ঢাকি পেলালো|ভাত ঘুমটিয়ে হেঁচি ধৰিলে|পিচে মাইকী মানুহৰ কাঁহৰ শব্দ এটাত সাৰ পালো|নাকত চিগাৰেটৰ গোন্ধ লাগিল|খাঁওতাজনক দেখি চকু কপালত উঠিল|্প্ৰেচিডেণ্ট মহোদয়|ম‍ই এনেও ৰাজহুৱা ঠাইত ধুমপান কৰাৰ পৰিপন্থী|পিচে বৰাক ভেলীলৈ অহা গাড়ীত বৰাক ভেলীত সোমোৱাৰ পাছত বাছৰ ভিতৰত চিগাৰেট জ্ব্লি উঠা কথাটো কোনো ডাঙৰ কথা নহয়|কাৰণ ইয়াত প্ৰায় ৮-৯ বছৰ বয়সৰ পৰা বিঢ়ি খোৱা আৰম্ভ কৰে|আওকান কৰিলো সেই কাৰণে|অলপ দেৰি ফেচবুকাই শুই পৰিলো গাড়ীৰ চিটতেই|

   সাৰ পালো শ্বিলংত জাম লাগোতে|চৰকাৰে খুব ফটা ঢোল বজাইছে|৪ লেন হাইৱে ৪ লেন হাইৱে|পিছে তাৰ বহুত বছৰ আগতে কাম আৰম্ভ কৰা লামডিং আগৰতলা ব্ৰদগজ ৰেলপথটোকে দেখোন ঠিক কৰিব পৰা নাই|শ্বিলংত ফঁচিলো চাৰি ঘণ্টা|মুঠতে সকলোবোৰ মিলাই ১২ ঘণ্টাৰ ঠাইত লাগিল ১৭ ঘণ্টামান|মানে ১১.৩০ বজাত পালোগৈ গুৱাহাটী|গৈয়েই ঢলি পৰি দিলো বিচনাত|লগত সাৰথি ফেচবুক|পিছে ভবা কথা নহয় সিদ্ধি বাটত আছে কনা বিধি|সেইটোৱেই হ’ল|আই মাতৄ ককাইদেউ সহিতে বাহৰ পাতি আছেহি গুৱাহাটীত| স্বাস্থ্যজনিত কাৰণত|ইফালে "সাহিত্যৰ আদ্দা আৰু প্ৰীতিভোজ"ৰ আলোচনাৰ বাবেও যাব লাগে|মাতৄক আগস্থান দি কামবোৰ শেষ কৰি বিদায়ৰ সেৱা এটি দি দেবব্ৰত দালৈ ফোন কৰোঁতে প্ৰায় ৮ টাই বাজিল|মানে মিটিং শেষ|বিষাদ মনেৰে গণেশগুৰিৰ আত্মীয় ককাইদেউৰ ঘৰতে ৰাতিটো থকাৰ দিহা কৰিলোঁ|মানে কটালো ৰাতিটো|ৰাতি ফোন আহিল পঙ্কজদাৰ পৰা|কালিলৈ উলাবি অংকুৰদাৰ ফ্ৰেণ্ডচৰ উন্মোচনী অনুষ্ঠানলৈ যাম|কথা মতেই কাম|পুৱা গা পা ধুই পঙ্কজদাৰ ব্যক্তিগত গাড়ীত বি,বৰুৱা কলেজ অভীমুখে ৰাওনা দিলো|তাতেই লগ পালো অংকুৰদাক|আমেৰিকাৰ মাইক্ৰছফটত কাম কৰিও আমাৰ অসমৰ কথা ভবা ইশ্বৰ সদৄশ অংকুৰদাক|লগতে পালো ৰিয়েল লাইফ হিৰ’ কেইজনমানক|প্ৰথমেই নাম লব লাগিব উত্তম টেৰনৰ|পাৰিজাত একাদেমীৰ উত্তম টেৰন|কনমানি শিশুৰ ভৱিষ্যতৰ কাৰণে কাম কৰা উত্তম টেৰন সঁচাই এজন হিৰ’|মুম্বাইত আই বি এন ১৮য়ে দিয়া ৰিয়েল হিৰ’ এৱাৰ্ডটো যেন সৰু হৈছে তেওঁৰ কামৰ আগত|তাৰ পাছত আছে শাৰীৰিক আৰু মানসিক ভাৱে বাধাগ্ৰ্স্ত শিশুঅৰ হকে কাম কৰা লানু এ. আইমল|আৰু বহু কেইজন আছিল|প্ৰত্যেকেই একো একো জন বাস্তৱৰ হিৰ’|তাতে লগ পালো নাট’ৰ অৱসৰ প্ৰাপ্ত বিষয়া ডক্টৰ. আথিকুল এইচ লস্কৰ ডাঙৰীয়াক|তেওঁৰ গুৰু গম্ভীৰ ভাষনে মোক প্ৰায় মুহিয়েই পেলালে|৪০ বছৰ ধৰি আমেৰিকাতে থকা লস্কৰ ডাঙৰীয়াই অসমৰ কাৰণে যে এতিয়াও ভাৱে|নিজৰ জন্মভূমিখনৰ কাৰণে|নিজৰ ভাষাটোৰ বাবে|মিটিঙৰ সামৰণী পৰিল পঙ্কজদাৰ ভাষণেৰে|খুব ধুনীয়াকৈ পঙ্কজদাই যুৱ প্ৰজন্ম আৰু দায়বদ্ধতাৰ বিষয়ে ক’লে|আমি সমাজৰ বাবে কি কৰিব পাৰো|নিজৰ আয়ত্বৰ ভিতৰত থকাৰ পৰাই|তাৰ পাছত আমাৰ ৱেৱ চাইট সাহিত্য.অৰ্গৰো শ্লাইদ প্ৰদৰ্শন কৰা হ’ল|লগতে অ.ক.বৰো|সাহিত্য আৰু টেকনল’জীৰ সংম্ৰিশ্ৰন|লগতে এটা খুব জৰুৰী কথা ক’লে পঙ্কজদাই ইন্টাৰনেটৰ সাহিত্যবোৰৰ যদি প্ৰিণ্টিং মিদিয়াৰ স’তে জড়িত নহয়|তেন্তে ইয়াৰ সফলতা কমি যায়|এইদৰে সামৰণি পৰিল মিটিঙৰ|তাৰ পাছত আমি লগ ধৰিলো আমাৰ বনভোজৰ কোষাধক্ষ্য জ্যোতিদাক|থুতুৰিত চুটিকৈ দাড়িৰে মানুহজন বেছ ৰসাল|৬ টা বজাত প্ৰীতিভোজৰ বজাৰ কৰাৰ প্ৰতিশ্ৰুতি দি আগদিনাৰ দিহা মতেই এৰাএৰি হ’লো|ম‍ই পালোগৈ চিকিত্‍সা শিক্ষা বিভাগৰ সঞ্চালকৰ অফিচ|দুই ঘণ্টা মাথা মাৰিও কাকো লগ কৰিব নোৱাৰি ওলাই আহিলো|তেনেতে এটা ফ’ন|জাগৰণ থিয়েটাৰৰ পৰি দেৱীৰ| "নাটক চাই যদি আহক, হাতীগাঁৱলৈ"|ঘঢ়ী চাই দেখো ৫.৪৫|মানে প্ৰীতিভোজৰ বজাৰ শেষ চাগৈ(পাছত ল’গ পালে পিটন নিদিব দেই প্ৰীতিভোজৰ ৰাইজসকল,ক্ষমাহে)| সাত পাঁচ গনিবলৈ বাদ দি জপিয়াই উঠিলো ট্ৰেকাৰ এখনত হাতীগাঁৱলৈ বুলি|তাতেই ল’গ পালো ফেচবুকত স’ততে লগ পাই থকা ময়ূৰী বাইদেউক|পোনচাটেই "ঘৰ-সংসাৰ"ৰ কথা|লগতে "কামোৰ" দিবলৈ নেপাহৰিলে "তুমি বহুত পোৱালি দেই"|নাটক চালো|হেমন্ত দত্তৰ "লাজ"|ভাল লাগিল (সেইখনৰ বিষয়ে পিছত লিখিম)|পৰি দেৱী আছিল নিগেটিভ চৰিত্ৰত|সুন্দৰ অভিনয় সকলোৰে|১০ টা বজাত আহি গনেশগুৰি পালো|তাতে ঘটিল কাণ্ড এটা|প্ৰায় সকলো দিশে  ভাল(মানে হাত মুৰ আৰু বাকী অংগৰ কথা কৈছো)বোকাৰে লুতুৰি পুতুৰি ডেকা মানুহ এটাই হাত পাতিলেহি|ম‍ই তেতিয়া গনেশগুৰিৰ ৱাইন শ্বপ এখনৰ বাহিৰত|পাঁচটকা দিলো|পিছে সি সেই পাঁচ টকা মিলাই পকেটৰ পৰা আৰু অলপ টকা উলিয়ালেহে|ম‍ই অবাক| কি কৰে ই? তাৰ পাছত ৱাইন শ্বপৰ পৰা কিনি আনিলে এটা ৰামচন্দ্ৰ(ৰাম)|চানাৱালাৰ পৰা চানা এমুঠি খুজি গলিয়াই মোক আচৰিত কৰি ৰামচন্দ্ৰটোৰ আধা গলাত ঢালি আধা পকেটত সোমোৱাই ঢেলেং পেলেং খোজেৰে আঁতৰি গ’ল সি|বেঙেমুতা গৰুৰ দৰে ম‍ই চাই থাকিলো|চানাৱালাটোৱে ক’লে "ভাইচাব ৱ ল’গ এইচাহি হেই|মেই ইন ল’গ’ ক’ ৰ’জ দেখতা হু"|ম‍ইও বদৰপুৰত লগ পোৱা দুই ভৰিবিহীন মগনীয়া আৰু ৰামচন্দ্ৰ খোৱা মগনীয়াৰ ক্থা ভাৱি ভাৱি ককাইদেউৰ ৰুমলৈ গুচি অহিলো|শুই থাকোতেহে মনত পৰিল গ্ৰন্থমেলা যোৱাই নহ’ল আজি|ইফালে দেবব্ৰতদাক ফ’ন কৰিলো|বজাৰ কৰি শেষ|মানুহবোৰ আশংকাত ভুগিছে|আহিবনে সকলো?আমাৰ(?) পৰম আকাংশিত "সাহিত্যৰ আদ্দা আৰু প্ৰীতিভোজলৈ"?

  পিছদিনা ৰাতিপুৱা ৮.০১ত শুই উঠি বাথৰুমলৈ যাওঁতেই জ্যোতিদাৰ ফ’ন|গাড়ী আহিল|সোনকালে ওলোৱা|জ্যোতিদাৰ লাইন কাটিছোহে|ধ্ৰুৱদাৰ ফ’ন|ম‍ই আহি ৰৈ আছো|জীৱনত কিজানি সেইদিনাই দুই মিনিটতে মোৰ গা ধোৱা হ’ল|লৰালৰিকৈ আহি ধ্ৰুৱদাক লগ কৰিলো|পুৰি তিনিখন ফটাফট মুখত গুজি দিলো|কিবা এটা খাই ল’লে ভাল|সেই সময়তে আহি পালে পঙ্কজ নেওগদা, অয়নদা,দীপাংকৰদা আৰু কৌশিক|কৌশিকক আকৌ ভাইটী বুলি মাতি বৰ ভাল লাগে|কাৰন গোটেইসোপাৰ মাজত একমাত্ৰ সিহে মোতকৈ সৰু :)|তাৰ পৰা সকলো উঠি যাত্ৰা আৰম্ভ কৰিলো জু তিনি আলি|দেবব্ৰতদা আৰু বৌক লবলৈ|বৌহঁত নিজৰ গাড়ীতেই যাব|আমি মাত্ৰ স্ক্ৰীন আৰু বাঁহৰ খুটা ললো|তাৰ পাচত আৰু ৰবলৈ সময় নাই|তেতিয়াহে অকনমান মুখলৈ পানী আহিল|মানে ভোজটো হ’ব|আদ্দাও হ’ব|তথাপি আৰু এটা আশংকা থাকি গ’ল, ৰীতাবাইদেউ আহে বা নাহে? সেই বিলাক চিন্তা ভাৱনা বাদ দি বাটত বিকাশদা,মিল্ট্নদা আৰু ধনজীত্‍দাক উঠাই ল’লো|লগত ল’লো দৈ|মানে জ্যোতিদাই ল’লে|তাৰ পাচত আমাৰ গন্তব্যস্থান হাতীশিলা অভীমুখে গাড়ী দৌৰিল|মাজতে আকৌ খৰি ল’লো|লগতে ফ্ৰেছ হ’বৰ বাবে একাপ চাহ|চাহৰ দোকানতে চিনাকি হ’ল চিলেটৰ পৰা বাংলাদেশ স্বাধীন হ’বৰ সময়ত ভাৰতলৈ গুচি অহা মণ্দল উপাধিৰ বয়স্ক মানুহ এজনৰ লগত|অলপ চিলেটী পাগুলি ল’লো মণ্ডল কাইৰ লগত|ধেমালি কৰিবৰ মনেৰেই মোৰ ছদ্মনাম ক’লো "আফতাব আলি"|বাকী আমাৰ লগত থকা দুই এজনৰ মুখটিপা হাঁহি|চাহ খাই আকৌ যাত্ৰা|১০ মিনিট পাছত পালোগৈ হাতীশিলা|আমাৰ বনভোজৰ ঠাই|

  গাড়ীৰ পৰা নামিয়েই ঠাই বিছৰাত লাগিলো|লগত ধ্ৰুৱদা আৰু নেওগদা|ঠাই বিচাৰি হোৱাত স্ক্ৰীন ফিটিং আৰু পৰিষ্কাৰত লাগি গ’ল আমাৰ কৰ্মদ’ল বাহিনী|প্ৰথমে ওপৰত ছামিয়ানা দিয়াৰ কথা ভৱা হৈছিল|পিছে যিহে বতাহ, ছামিয়ানা উৰুৱাই ক’ৰবাত পেলালেগৈহেঁতেন|তাৰ পাছত তিনিদিশ বেৰা দি প্ৰথমে কণী সিদ্ধ কৰা হ’ল|তাৰ পাছত টেকেলি পিঠা আৰু কণীৰ সৈতে চাহ|জ্যোতিদাই ছটামান খালে|বকাসুৰ:(|তাৰ পাচত পাচলি কটা পৰ্ব|তাৰ মাজতে মিতালীবাৰ ফ’ন|সকলোৰে খবৰ ল’লে|বেচেৰী মিতালী বাইদেউৱে যে বাৰুকৈ মিছ কৰিলে গম পালো আমি|ধ্ৰুৱদা আৰু ম‍ই ব্যস্ত হ’লো অলপ ল’ৰালিকাললৈ উভতি যোৱাৰ প্ৰচেষ্টাত|মানে লুইতৰ বালিচৰত বালি ঘৰ সাজি|তেতিয়ালৈকে আকৌ আমাৰ পঙ্কজ বৰা ডাঙৰীয়াৰ দেখাদেখি নাই|বুকুখন এনেই বিষাই গ’ল|কালি যাবৰ পৰত কৈ গৈছিল পঙ্কজদাই "মোৰ অলপ ঘৰুৱা প্ৰব্লেম আছে"|গৈয়েই ঘুৰি আহিম|এতিয়া দেখোন ঘূৰি যাবলৈও দেখা দেখি নাই|কৄষ্ণ ১২ জনেই প্ৰীতিভোজ খাম নেকি?পিছে খানা পিনা তৈয়াৰ কৰাৰ মাজতে পঙ্কজদাৰ ফ’ন "ৰীতাবাইদেউক লৈ আহি আছো|ত‍ই অলপ আগবাঢ়ি আহ"|তেতিয়াহে মুখলৈ পানী আহিল|ৰীতা বাইদেউ আহিছে যেতিয়া সাহিত্যৰ আদ্দা নিশ্চয় হ’ব|ধ্ৰুৱদা আৰু ম‍ই ৰীতা বাইদেউক আগবঢ়াই আনিব গ’লো|আনিবলৈ যাঁওতে আমাক আচৰিত কৰিলে ৰীতাবাইদেউৰ লগৰ দুজন অতিথিয়ে|দিলীপদা আৰু নতুন প্ৰজন্মৰ লেখিকা মনালিছা শ‍ইকীয়া|সেই সময়ত মোৰ কেনে লাগিছিল তাক আৰু কলমৰ ভাষাৰে বুজাবলৈ মোৰ অলপ অসুবিধা|সাহিত্যৰ আদ্দা বাৰুকৈয়েই জমিব তাৰ মানে আজি|অতিথি আপ্যায়নত আগভাগ ল’লে জ্যোতিদাই||অতিথি আপ্যায়নৰ পাছত আৰম্ভ হ’ল আমাৰ আদ্দা|আদ্দা মানে অন্তৰংগ আলাপ|ৰীতা বাইদেউক উদ্দেশ্যি উত্‍সুক অ.ক.বৰ সদস্যৰ প্ৰশ্ন|যেন তৰাটিকে ঢুকি পালো আজি|জনপ্ৰিয় লেখ্ক বা আন কোনো ক্ষেত্ৰৰ জনপ্ৰিয় মানুহ ওচৰত থাকিলে তেনেকুৱাই হয় চাগে|ৰীতা বাইদেউৱে ক’লে "মানুহৰ মাজত এটা পোহৰ থাকে|সেই পোহৰটো লৈয়েই মানুহ জীয়াই থাকে|যদি তুমি তাক ভাল কামত লগোৱা তেন্তে ই ভাল ফলেই দিব|আৰু যদি বেয়াত লগোৱা তেন্তে বেয়া হ’ব|সমাজত আৰু কিছুমান মানুহ আছে যিবিলাকে তোমাৰ এই পোহৰটো শুহি ল’ব বিছাৰিব|নাযাবা তেনেকুৱা মানুহৰ ওচৰলৈ|তেনেকুৱা মানুহেৰে ভৰি আছে এই সমাজ"|ৰীতা বাইদেউৰ এই শাৰী কথাই চুই গৈছিল মোক|ৰীতা বাইদেউৱে উপন্যাস সন্দৰ্ভত ক’লে "উপন্যাস এখন লিখোঁতে সকলো মন কৰিব লগা হয়|সমাজ ব্যৱস্থা,চৰকাৰ, অৰ্থনীতি আৰু আন আন আনুসাংগিক উপন্যাসখনৰ লগত জড়িত বস্ত|কিন্তু তোমাৰ যিটো অন্তঃ দৄষ্টি,সেইটো তুমি উপন্যাসখনত সঠিক ভাৱে পেলাব পাৰিব লাগিব|তুমি নায়ক বা নায়িকাক যি ৰৄপতেই উপস্থাপন নকৰা কিয়|তাৰ সপক্ষে তোমাৰ হাতত (উপন্যাসৰ মাজতেই) যুক্তি থাকিব লাগিব|তেতিয়াহে উপন্যাসখনে পূৰ্নতা পাব|তেতিয়াও তুমি সফলতা আহিব বুলি ক’ব নোৱাৰা|সেইয়া পাঠকে নিৰ্ধাৰণ কৰিব"|এইদৰে বহুত ভাল ভাল কথাই কৈ গৈছিল ৰীতা বাইদেউৱে|বহুত ধন্যবাদ ৰীতা বাইদেউক|বহুত নজনা কথা শিকিলোঁ|আন এগৰাকী প্ৰখ্যাত লেখিকা মনালিছা শকীয়াইও বালিচৰত বহি বহি সাহিত্য সম্বন্ধে বহুত কথাই ক’লে|দিলীপদাইও অন্তৰংগ আলাপত থাকি শোভা বঢ়ালে|তাৰ পাচতেই আহিলামাৰ ভোজন পৰ্ব|ৰান্ধনি গণেশৰ মাছ আৰু মাংস তৰকাৰীৰ সোৱাদ এতিয়াও জিভাত লাগি আছে|শেষত শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সামৰণি পৰে|আমিও ৱিংগাৰত উঠি নিজ নিজ বাসস্থানলৈ উভতি আহোঁ এসোপামান অভিজ্ঞতা আৰু স্মৄতি লগত লৈ|ধন্যবাদ "অসমীয়াত কথা বতৰা"|

কৰিমগঞ্জ আৰু মোৰ কিছু ব্যক্তিগত অনুভৱ


         ২০১০ চনৰ জুলাই মাহৰ ২৫ তাৰিখে চাকৰি সূত্ৰে আহিছিলো কৰিমগঞ্জলৈ | মোক নিযুক্ত কৰা হৈছিল গ্ৰাম্য  চিকিত্‍সক  হিচাবে  "মৰ্জাত্‍কান্দি"  স্বাস্থ্য উপকেন্দ্ৰত | কিন্তু কৰিমগঞ্জৰ স্বাস্থ্য বিভাগৰ যি অৱস্থা |  স্বাস্থ্য উপকেন্দ্ৰ বহুত দূৰৈৰ কথা , খণ্ড প্ৰাথমিক চিকিত্‍সা কেন্দ্ৰটো চিকিত্‍সকৰ অভাৱ |সাধাৰণতে বৰাক উপত্যাকাত চিকিত্‍সকে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰে | ম‍ই অন্তৰ্গত হৈ থকা  খণ্ড প্ৰাথমিক চিকিত্‍সালয়ৰ নাম হ’ল " কচুৱাদাম খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ" | পিছে সেই খন কাৰ্য্যক্ষম নহয় | ইয়াৰ পাছতো এটা কাহিনী আছে | প্ৰায় ১৯৮৩ চন মানলৈকে সকলো ফালৰ পৰা কাৰ্য্যক্ষম হৈ আছিল চিকিত্‍সালয়খন | তেতিয়াৰ চিকিত্‍সক আছিল  ডা০ হীৰেণ্দ্ৰ দাস | চিকিত্‍সালয়খন বহুত ভিতৰুৱা ঠাইত অৱস্থিত | এটা সৰু কথাতেই উত্তেজিত হৈ চিকিত্‍সালয়ৰ একমাত্ৰ ৰেছিডেণ্সিয়ে ডাক্টৰ ডা০ হীৰেন্দ্ৰ দাসৰ মুখত এচিদ ধালি দি হত্যাৰ চেষ্টা কৰে কচুৱাদামবাসীৰ মাজৰে কেইজনমান দুষ্কৄতিকাৰীয়ে |ভাগ্য ডা০ দাস সেইবাৰলৈ ৰক্ষা পৰিল| কিন্তু তেওঁ আৰু পুনৰাই তাত যোগদান নকৰিলে | গুছি গ’ল বেলেগ চিকিত্‍সালয়লৈ | তাৰ পাছতেই সুৰক্ষা আৰু যাতায়তজনিত কাৰণত চিকিত্‍সালয়খন বন্ধ হৈ পৰিল | প্ৰধানতঃ সুৰক্ষাজনিত | তাৰ পাছৰ পৰা আজিৰ দিনটোলৈকে কাৰ্য্যক্ষম হোৱা নাই চিকিত্‍সালয়খন |"কচুৱাদাম প্ৰাথমিক চিকিত্‍সালয়"ৰ সকলো বিভাগীয় কাম আৰু চিকিত্‍সা বিভাগসমূহ বদৰপুৰৰ  "শ্ৰীগৌৰী সমূহীয়া স্বাস্থ্যকেন্দ্ৰ"ত সম্পাদন কৰা হয় | পিছে এতিয়া ভগৱান অলপ সু প্ৰসন্ন হৈছে হয়তো | কাৰণ শেহতীয়াকৈ অসম চৰকাৰে পুনৰ চিকিত্‍সালয়খনি কাৰ্য্যক্ষম কৰাৰ সিধান্ত লৈছে | টকাৰ অনুদান গ্ৰিহিত হৈছে | কামো আৰম্ভ হৈছে মেৰামতিৰ | কিন্তু এতিয়াও তালৈ কোনো ডাক্টৰ যোৱাৰ নাম নলয় | তাত চিকিত্‍সক নিয়োগ কৰিলেই নিয়োগপত্ৰ পোৱাৰ আগতেই পদত্যাগ পত্ৰ লিখে  নতুবা বদলিৰ কাগজ উলিয়াই |মেৰামতিৰ আৰু নিৰ্মান নিৰীক্ষনৰ কামত মোৰ তালৈ যোৱাৰ সৌভাগ্য(?) হৈছিল | তালৈ গৈয়েই দেখিছিলো চিকিত্‍সালয়ৰ নিজা দুটা প্ৰকাণ্ড ফিচাৰীৰে সৈতে এক মনোৰম প্ৰাকৄতিক পৰিবেশ | প্ৰকাণ্ড চিকিত্‍সালয়ৰ চৌহদটো | ফলমুলৰ গছ, খেলা ঠাই , জহি খহি যোৱা ঘৰবোৰে সোঁৱৰাই আছিল অতীজৰ গৌৰৱ |আশা কৰিছোঁ চিকিত্‍সালয়খন খুব সোনকালে আৰম্ভ হ’ব |

          এতিয়া আহোঁ আচল কথালৈ | মোৰ নিযুক্তি কৰিমগঞ্জত হৈছে বুলি জানিয়েই মায়ে মূছকছেই খাইছিল প্ৰায় | ফ’নতেই  উপদেশ "বোপাই চাকৰি বাদ দে, গুছি আহ ঘৰলৈ | খেতি কৰিবি |" পিছে চাকৰিৰ খাতিৰত মাৰ কথা পেলাই ওলালো একেদিনাই কৰিমগঞ্জলৈ | উঠিলো কৰিমগঞ্জ অভিমুখী বাহনত | তাৰ পাছত চাকৰিত যোগদান কৰাৰ পৰা কোৱাৰ্টাৰ লোৱালৈকে প্ৰায় এসপ্তাহ মানেই গ’ল | তাৰ পাচতহে কামৰ ফাঁকে ফাঁকে কৰিমগঞ্জৰ মানুহ আৰু সমাজ ব্যৱস্থাৰ বিষয়ে জানিব পাৰিলো |

         কৰিমগঞ্জৰ জিলাৰ মাটিকালি হ’ল ১৮০৯ বৰ্গ কিঃমিঃ| জনসংখ্যা  ১,২১৭,০০২ | শিক্ষিতৰ হাৰ ৭৯.৭২(?) | অৰ্ধেকত্কৈ বেছি মানুহেই ইছলাম ধৰ্মালম্বী মানুহ | প্ৰায়ভাগেই কৄষি নিৰ্ভৰশীল | ৯৩ % মানুহ গ্ৰাম্যবাসী | কিছু সংখ্যক চাকৰিয়াল আৰু বাকীবোৰ ব্যৱসায়ী | কৰিমগঞ্জৰ মাজ মজিয়াইদি আগৰতলা অভিমুখী ৪৪ নং ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হৈ গৈছে | যিহেতু আগৰতলাৰ প্ৰায় সংখ্যক সামগ্ৰী স্থল পথেদি ট্ৰাক যোগে পৰিবহন কৰা হয়, সেয়ে কৰিমগঞ্জৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত মালবাহী গাড়ীৰ মেৰামতি আৰু ওপৰৰ খোলা তৈয়াৰ কৰা গেৰেজ প্ৰচুৰ পোৱা যায় |এক প্ৰকাৰৰ এটা সুন্দৰ জীৱিকা নিৰ্বাহৰ উপায় কৰিমগঞ্জ বাসীৰ বাবে | গ্ৰাম্য অঞ্চলত চিন্তাজনক ভাৱে শিক্ষিতৰ হাৰ কম | জনসংখ্যাও খুব বেছিকৈয়ে বৄদ্ধি হৈছে কৰিমগঞ্জত | ১৯৭১ চনলৈকে জনসংখ্যা বৄদ্ধিৰ হাৰ ৪৩% আছিল কৰিমগঞ্জত | য’ত অসমৰ হাৰ আছিল ২৬.৫৬ % | তাৰ পাছৰে পৰা কিছু কমিছে যদিও লক্ষনীয় ভাৱে অন্য জিলাতকৈ বেছি | বিশেষকৈ গ্ৰাম্য অঞ্চলত |

         কৰিমগঞ্জত জনসংখ্যা বৄদ্ধি গ্ৰাম্য নিৰক্ষৰতাৰ  এটা প্ৰধান কাৰণ |যদিও শিক্ষিতৰ হাৰ বেছি, কিন্তু চাক্ষুস অভিজ্ঞতাৰ ফালৰ পৰা দেখিছো , ইয়াত এতিয়াও শিক্ষাই প্ৰকৄত প্ৰসাৰতা পোৱা নাই | উন্নত মানদন্দৰ বিদ্যালয়ৰ প্ৰায়েই অভাৱ দেখা যায় | ধনী শ্ৰেণীৰ মানুহে ল’ৰা ছোৱালীক দূৰৈত পঢ়োৱাই | দুখীয়া শ্ৰেণীটোৰ কাৰণে বিশেষ ব্যৱস্থা নাই | খুব কম বয়সতে বিয়া কৰোৱাৰ এটা প্ৰৱণতা আছে কৰিমগঞ্জবাসীৰ | বিশেষকৈ দোষাৰোপ কৰিব পাৰি ইছলাম ধৰ্মালম্বী লোকসকলক | কম বয়সতে বিয়া বাৰু কৰাই জীৱিকা নিৰ্বাহৰ পথত জপিয়াই পৰে | সৰু সৰু গুমটি, দোকান, যাত্ৰী কঢিওৱা গাড়ী আদিত নিয়োজিত কৰে নিজকে | পঢ়া শুনা সিমানতে ইতি হয় | নিৰক্ষৰতাৰ ফলস্বৰৄপে পৰিয়ালবোৰত সন্তানৰ সংখ্যা বাঢ়ে | আৰু জনসংখ্যা বৄদ্ধিত অৰিহনা যোগায় |

          জনসংখ্যা বৄদ্ধিৰ আন এটা অপ্ৰিয় কাৰণ হ’ল ধৰ্মীয় | কৰিমগঞ্জ জিলাৰ জনসংখ্যা বৄদ্ধিৰ হাৰত চকু দিয়া হয় তেন্তে আন ধৰ্মৰ লোকতকৈ ইছলাম ধৰ্মী লোকসকলৰ জনসংখ্যা বৄদ্ধিৰ হাৰ বেছি দেখা পোৱা যাব |লেখাটোৰ জৰিয়তে ইছলাম ধৰ্মক অবমাননা কৰা হোৱা নাই বা আঙুলিটোঁৱাই দেখোৱাই দিয়া হোৱা নাই | প্ৰধানতঃ লেখকে নিজেই দেখা,উপলব্ধি আৰু অভিজ্ঞতাৰ ফালৰ পৰাহে কৈছো |পিছে যদি আমি অলপ পৰিসংখ্যাৰ ফাললৈ চকু দিওঁ তেন্তে দেখিম যে ২০০১ৰ ইছলামধৰ্মী লোকৰ জনসংখ্যা আৰু হিন্দুলোকৰ জনসংখ্যা পাৰ্থক্য আৰু বৰ্তমানৰ হিন্দু আৰু ইছলামধৰ্মী লোকৰ জনসংখ্যাৰ  পাৰ্থ্ক্যৰ মাজত এটা ডাঙৰ পাৰ্থক্য চকুত পৰিব | উলাই পৰিব ইছলামধমী লোকৰ দ্ৰুত জনসংখ্যা বৄদ্ধি |অন্য পৰিসংখ্যাইও কয় ইছলামধৰ্মী সকলৰ জনসংখ্যা বৄদ্ধিৰ হাৰ বেছি |

        অন্য এটা জনসংখ্যা বৄদ্ধিৰ কাৰণ বাংলাদেশী প্ৰবজন বুলি কোৱা হয় | যদিও তাক ন দি ক’ব পৰা নাযায় | কাৰণ প্ৰমাণৰ    অভাৱ  | কিন্তু  নুই      কৰিব পৰাও নাযায় | কথাটো যেন এটা খোলা সত্য, কিন্তু চৰকাৰৰ ঘৰৰ পৰা প্ৰতিষ্ঠিত নহয় |

     কৰিমগঞ্জ জিলাত জনসংখ্যা বৄদ্ধি আৰু নিৰক্ষৰতা ৠনাত্মক দিশ হ’লেও | কিছু কিছু ধনাত্মক দিশো কঢ়িয়াই ফুৰিছে |প্ৰথম ক্ষেত্ৰতেই আছে মোৰ চকুত পৰাৰ ফালৰ পৰা স্থানীয় বিচাৰ ব্যৱস্থা |ইয়ালৈ অহাৰ পাছত হিন্দী কথাছবিত দেখি থকা পঞ্চায়তৰ বিচাৰ ব্যৱস্থাৰ চাক্ষুস ৰৄপ দেখিছোঁ |

        আমি মানুহবোৰ সমাজপ্ৰিয় হ’লেও, কাজিয়া পেচালৰ পৰা হাত হাৰি থাকিব নোৱাৰো |কৰিমগঞ্জও ব্যতিক্ৰম নহয় | ইয়াতো দেখিছো বাদ বিবাদ | ইয়াত সকলো সম্প্ৰদায়ৰ মাজত প্ৰায়েই কাজিয়া পেচাল মাৰ পিট দেখিছো | কিন্তু তাৰ মাজতে এটা ভাল দিশ  হ’ল  গাৱঁৰ   মাজতে বিবাদ মীমাংসা কৰাটো | বিবাদৰ মীমাংসাৰ বাবে মাহৰ পাচত মাহ আদালতত দৌৰি থকাতকৈ নিজৰ মাজতে মীমাংসা কৰাটো এটা ভাল উপায় |আমাৰ উজনি অসমৰ ফালেও মেল পতা হয় | কিন্তু ডাঙৰ কাজিয়া মীমাংসা কৰা আজিলৈকে দেখা নাই | কিন্তু কৰিমগঞ্জত ঘৰুৱা পাৰিবাৰিক সমস্যাৰ পৰা মাটি বাৰীৰ সমস্যালৈকে মেল পাতি মীমাংসা কৰা দেখিছো | আদালতত নিগনিৰ দৌৰ দিয়াতকৈ এইটো বৰ ভাল ৱ্যবস্থা |

       প্ৰথমে কোনো বিবাদ হ’লেই থানাত গোচৰ ৰজু কৰা হয় | কিন্তু গোচৰ দিলেও দুই  পক্ষকে  আপোচ  মীমাংসাৰ  বাবে  মান্তি কৰে  গাঁৱৰ  বৰমুৰীয়াই বা নিজেও মান্তি হয় | নিজে মান্তি হোৱাৰ প্ৰৱণতাই বেছি দেখিছো | তাৰ পাচতেই বিচাৰৰ প্ৰাৰম্ভিক কাম আৰম্ভ হয় |প্ৰথমে  দুই  পক্ষৰ পৰা বিচাৰ পতি নিৰ্বাচন কৰা হয় | যদি দুই পক্ষৰ মানুহ একে ধৰ্মালম্বীৰ হয় তেন্তে বিচাৰপতি প্ৰায়ে অন্য ধৰ্মৰ হয় | উমৈহতীয়া বিচাৰপতিৰ নিয়োগৰ পাছত প্ৰত্যকেই নিজৰ পচণ্ডৰ একো একোজন বিচাৰপতি দিয়ে | সাধাৰণতে বিচাৰপতি সকল সমাজৰ অলপ উচ্চখাপৰ  অভিজ্ঞতা সম্পন্ন মানুহ হয় | তাৰ পাছত বিচাৰপতি বা অন্য উভয়পক্ষৰ সন্মতি সম্পন্ন বিশ্বাসী মানুহৰ হাতত আমানতৰ ধন ৰখা হয় |যদি বিবাদত কোনো লোক আঘাত প্ৰাপ্ত হৈছে তেন্তে আমানতৰ ধনৰ পৰা ৰোগীৰ চিকিত্‍সা কৰা হয় | ৰোগী সুস্থ হোৱাৰ পাছত বিচাৰ আৰম্ভ হয় |দুই তিনিলানি আলোচনাৰ পাচত উমৈহতীয়াকৈ নিৰ্বাচন কৰা নিৰপেক্ষ বিচাৰপতিয়ে ৰায় দিয়ে | উভয়পক্ষ ৰায়ত মান্তি হ’লে গোচৰ থানাৰ পৰা উঠাই লোৱা লৈ বিবাদ মীমাংসা হ’ল বুলি ঘোষনা দিয়া হয় |যদি কোনো এটা পক্ষ‍ইও ৰায় মানি লোৱাত আপত্তি কৰে বা ৰায় উপেক্ষা কৰে তেন্তে গোচৰ থানাৰ পৰা উঠাই লোৱাৰ সলনি আদালতলৈ ঠেলি দিয়া হয় |


       এই স্থানীয় বিচাৰ ব্যৱস্থা খুব সুন্দৰ হ’লেও খুঁত নথ্কা নহয় | পুলিশ থানাত গোচৰ ৰজু কৰাৰ পাচতেই পয়মাল আৰম্ভ হয় | যিহেতু অসমৰ সৰ্বাধিক দুৰ্নীতি গ্ৰস্ত বিভাগ হ’ল গৄহ বিভাগ | উত্‍কচ নোপোৱালৈকে উভয়পক্ষৰ মানুহক অনুসন্ধানৰ নামত হাৰাহাস্তি কৰাটো প্ৰায় অঘোষিত নিয়মৰ দৰে হৈ পৰিছে | সেইবাবে অপ্ৰিয় হ’লেও সত্য যে দুই পক্ষ‍ই উত্‍কচ হিচাপে টকা আগবঢ়ায় | অনুসন্ধানকাৰী পুলিচ বিষয়াৰ পকেট গৰম হয় | কেতিয়াবা ৰোগীৰ চিকিত্‍সাৰ নামতো প্ৰসহন হয় | চিকিত্‍সক নিজৰ চিনাজনা হ’লে আঘাত প্ৰাপ্ত পক্ষৰ কৰচ বাঢ়ি যায় |আমানতৰ ধনৰ অবাবত খৰচ হয় | এই দুইটা কাৰণেই স্থানীয় বিচাৰ ব্যৱস্থা কেতিয়াবা প্ৰসহনত পৰিণত  হয় |

     এই দুইটা খুঁতৰ পৰা হাত হাৰিবলৈ এতিয়া গাঁৱৰ মানুহে এটা খুব সুন্দৰ উপায় উলিয়াইছে | গোচৰ থানাত ৰজু কৰাৰ সলনি পঞ্চায়ত পৰ্য্যায়ত গোচৰ বিলাক দিয়া হয় | অথবা গাঁৱৰ বৰমুৰীয়াক জনোৱা হয় | গোচৰ থানা নাপায়গৈ | পঞ্চায়তপতিয়ে এখন গোচৰ পঞ্জীয়ন বহী তৈয়াৰ কৰি লৈ গোচৰসমূহ পঞ্জীয়ন ভুক্ত কৰি গ’লেই কাম শেষ হয় | সুন্দৰ পন্থা |লেখকে নিজেও এবাৰ এনে এটা বিচাৰত ৮০ হাজাৰ টকাৰ আমানতৰ ধন লৈ বহি আছিল(পিছে বিচাৰ ব্যৱস্থাটোত সোমাই চোৱাৰ ইচ্ছাৰ বাবেহে ) |

     এই স্থানীয় বিচাৰ ব্যৱস্থাৰ ওপৰিও আৰ্ৰু এটা লক্ষনীয় দিশ হ’ল কৄষি কৰ্মৰ ব্যাপক উন্নতি |জনসংখ্যা বৄদ্ধিৰ বাবেই হওক বা অন্য কাৰণেই হওক বৰাক ভেলীৰ ভৈয়ামৰ সমতল ভূমিত বাসকৰা সকলে বছেৰেকত তিনি চাৰিটা খেতিৰে কৄষি ভূমি শ্যামলা কৰিছে | ৰবি আৰু খাৰিফ শস্য উত্‍পাদন কৰাৰ ওপৰিও বাম জলাশয় বিলাকত পানী বেছিকৈ দৰকাৰ হোৱা খৰালি কৰা ধান খেতিৰে উপচাই পেলাইছে | মুঠতে এটা সেউজ বিপ্লৱ নীৰৱে গঢ়ি উঠিছে ইয়াত | খেতিৰ কামত লাগি থকা মানুহবোৰক দেখিলে খৰালিৰ উজনিৰ উকা পথাৰখনলৈ মনত পৰে | য’ত সেউজ বিপ্লৱ এটা সপোন হৈ আছে |তাৰ ওপৰিঞ্চিও জলাশয় বিলাকত মাছৰ উত্‍পাদনো প্ৰচুৰ হয় | বিস্ব বিখ্যাত "সোন বিল"ৰ এটা অংশ কৰিমগঞ্জতো পৰিছে | তাৰ পৰাও বৰাক ভেলীৰ এটা অংশক মাছৰ যোগান ধৰা হয় আৰু বাহিৰলৈও যায় | কৰিমগঞ্জৰ ইলিছৰ কথা নকলোৱেই বা | এটা জলাশয়ত মাছ মেলাৰ পৰা প্ৰতিপাল কৰি ডাঙৰ কৰালৈকে বহুত কেইটা স্তৰ থাকে | সকলোবোৰ কৰাৰ ওপৰিও বজাৰৰ কথা আছেই | সকলোবোৰ স্থানীয় পৰ্য্যায়তে সমাধা হয় | স্থানীয় বজাৰত উত্‍পাদিত উৰহী, ফ্ৰেন্সবিন,সুগন্ধিযুক্ত টেঙা আদি পাছলি বাংলাদেশলৈ ৰপ্তানি হয় স্থানীয় বজাৰৰ পৰাই | মুঠতে গ্ৰাম্য উদ্যোগীকৰণৰ এক ভাল উদাহৰণ হ’ব পাৰে কৰিমগঞ্জ | কৰ্মঠ মানুহবোৰে ঘন্টাৰ পাছত ঘন্টা লাগি থাকিও পথাৰখন সেউজীয়া কৰিব বিছাৰে, যাতে ঘৰৰ সকলোবোৰে এমুঠি সুখৰ ভাত খাব পাৰে | শেষত কওঁ কৰিমগঞ্জবাসীৰ মঙ্গল হওক |

 সাহিত্য ডট অৰ্গত মোৰ সম্পাদকীয়


 
“at the strike  of midnight hour
when the world sleeps
India will awake to
life and freedom”

   জৱাহৰলাল নেহেৰুৱে কথাষাৰ কৈছিল ভাৰতৰ স্বাধীনতা লাভৰ মুহূৰ্তত । ভাৰতে হাজাৰ হাজাৰ ৰাতি উজাগৰে থাকি স্বাধীনতা লাভ কৰিলে ঠিকেই, কিন্তু থাকি গ’ল ভাৰতত ভোকাতুৰ জনতা । ব্ৰিটিছে কোৱা “poor people hungry people” । ভোক আঁতৰাব পৰা নগ’ল । কৌটি কৌটি মানুহ ভোকত এতিয়াও ককবকাই আছে । পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ গৰম খবৰে কাকতত ঠাই পালে । কৃষকৰ আত্মহত্যাৰ খবৰ এচুকত পৰি ৰ’ল । আমাৰ অসমতো স্বাধীনতাৰ বা বলিল । ৰাজনীতিয়ে গতি পালে । তোষামোদৰ ৰাজনীতিয়ে পোখা মেলিলে । ভোকাতুৰ জনতাৰ খবৰ লোৱাৰ আহৰি কাৰো নহ’ল । ১৯৬২ চনৰ চীনৰ ভাৰত আক্ৰমণৰ সময়ত নেহেৰুৱেটো কৈয়েই পেলালে "বিদায় উত্তৰ-পূৱ" । হয়তো সেই মাহীআইৰ  দৃষ্টিৰ বাবেই উত্তৰ-পূৱৰ বিশেষকৈ অসমত জাতীয়তাবাদী ভাৱধাৰাবোৰে গা কৰি উঠিল । ভাগ্যৰ বলত তেজপুৰৰ পৰা গুচি গ’ল চাইনীজসকল । নহ’লে আমাৰ ৰাইজে কি দিন দেখিব লাগিলহেঁতেন ভগৱানেহে জানে ! তাৰ পাচত আঞ্চলিকতাবাদী শক্তিবোৰ আহিল । চৰকাৰ হ’ল । আকৌ কংগ্ৰেছ আহিল । কিছুমানে হাতত অস্ত্ৰ ল’লে । বিপ্লৱ চলিল, চলি আছে । গুপ্তহত্যা চলিল । জাতীয়তাবাদী ভাল ভাল মগজুবোৰৰ হত্যালীলা চলিল ; যিসকলে চিন্তা কৰিছিল অৰ্থনীতিৰ সৱলীকৰণৰ ওপৰত । এইদৰেই চলি থাকিল । কিন্তু ভোকাতুৰ জনতাৰ সংখ্যা নকমিল । বৰঞ্চ বাঢ়িল ।
    এইবোৰৰ মাজতে ১৯৭০ চন মানত এটা আশাৰ ৰেঙনি বিৰিঙি ভাৰতত আৰম্ভ হৈছিল সেউজ বিপ্লৱৰ । অন্তৰ্নিহিত মূল উদ্দেশ্য ভোকাতুৰ জনতাৰ  ভোক গুচোৱা । চৰকাৰে উৎসাহিত কৰিছিল খেতিয়কসকলক । গাখীৰ, তেল আৰু মাছ-মাংসৰ উৎপাদনকাৰীসকলক প্ৰচুৰ উদ্গনি দিয়া হৈছিল । কিন্তু সেয়া সীমাবদ্ধ থাকিল উত্তৰ ভাৰতৰ সমভূমি অঞ্চল আৰু পঞ্জাবৰ মাজতে । অসমেও বহুত কিবা কিবি পাব পাৰিলেহেঁতেন । যদিওবা অসমক চুইছিল কিন্তু সিমান প্ৰভাৱশালী নহ’ল । কাৰণ কেন্দ্ৰৰ অনীহা ! "অপাৰেচন ফ্লাদ"ৰ সহায়ত কেন্দ্ৰীয় চৰকাৰে সেই সময়ত গাখীৰৰ উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল|তাৰ পূর্ণ সুযোগ গ্ৰহণ কৰাৰ কাৰণে এতিয়া আমাৰ সকলোৰে ঘৰে ঘৰে গুজৰাটৰ "আমুল(আনন্দ মিল্ক ইউনিয়ন লিমিটেদ)"ৰ দুগ্ধজাত সামগ্ৰী উপলব্ধ । কিন্তু অসমত তেনে এটা খাদ্য সামগ্ৰীজাত উদ্যোগ গঢ় লৈ নুঠিল । সেই সময়ত অসম চৰকাৰ আৰু অসমীয়া ব্যস্ত আছিল "ভাষা আন্দোলন"ৰ কুচ কাৱাজত । তাৰ পাছত আৰম্ভ হ’ল অসম আন্দোলন । এই দৰেই আমি অসমীয়াবোৰে সুযোগবোৰ হেৰুৱালোঁ । যদিও "ভাষা আন্দোলন" আৰু "অসম আন্দোলন" জৰুৰী আছিল, কিন্তু তাৰ পৰা আমি পালোঁ কি ? ছটা বিদেশীও খেদা নহ’ল এই ২৭ বছৰত । ভাষা আন্দোলনৰ পৰা আমি ভাষা পালোঁ ঠিকেই । কিন্তু "ব্ৰেইন-দ্ৰেইন" প্ৰতিহত কৰিব পাৰিছোঁ জানো ? "ব্ৰেইন-দ্ৰেইন" হোৱা ৮০%ই অসমৰ কথা নাভাৱে । অসম আন্দোলনৰ পৰা গাদী লোৱা নেতা-পালিনেতাবোৰৰ বেংকত কৌটি টকা জমা হ’ল । কিন্তু অসমৰ ভোকাতুৰ জনতাৰ ভোক হ’লে নুগুছিল ।

   সাম্প্ৰতীক সময়ত অসম উত্তাল কৰি থকা এটা বিষয় হৈছে নদী-বান্ধ । নদী-বান্ধৰ পৰা হ’ব পৰা ভয়ংকৰ পৰিনামৰ লিখনি আৰু বা-বাতৰিৰে ভৰি পৰিছে অসমৰ বাতৰি কাগজ আৰু নিউজ চেনেলবোৰ । এটা বহুতদিনীয়া চলি থকা খবৰ । অখিল গগৈয়ে শিৰোনামা দখল কৰিছে । তেওঁৰ নেতৃত্বত গঢ়ি উঠিছে প্ৰবল জনমত । নদীবান্ধ বন্ধৰ দাবীত । চৰকাৰ উদাসীন । বৰঞ্চ চিন্তা কৰিছে কেনেকৈ টাৰ্বাইন নিব পাৰি ধেমাজিলৈ । সুযোগ ওলাল । আমাৰ অতিকৈ আদৰৰ ভূপেনমামা ঢুকাল । সুবৰ্ণ সুযোগ চৰকাৰৰ । শৱদেহ অনাৰ পৰা অন্ত্যোষ্টিক্ৰিয়ালৈকে জাকজমকতা । আমি আৱেগপ্ৰৱণ অসমীয়ায়ো আদৰৰ ভূপেনমামাৰ বিয়োগত শোকাকুল হ’লোঁ । পাহৰি গ’লোঁ নদীবান্ধ । টাৰ্বাইন গৈ ধেমাজী পালেগৈ । অখিল গগৈয়ে চকু ৰাখিছ্ল যদিও এমুঠিমান মানুহেৰে কি কৰিব ? এতিয়া জনা মতে, ভূপেনমামাৰ সমাধিৰো কাম আৰম্ভ হোৱা নাই । বিভিন্ন চৰকাৰী অজুহাত । আমি ইমান সমস্যাটোৰ প্ৰতি উদ্বিগ্ন তেন্তে সকলোবোৰতে চকু ৰখাটো আমাৰ দায়িত্ব । কিন্তু আমি অসমীয়াবোৰ যে বহুত বেচি আবেগপ্ৰবণ তাৰেই প্ৰমাণ বাৰে বাৰে দিওঁ । "অসম আন্দোলন" তাৰ জলন্ত উদাহৰণ । শেহতীয়াকৈ নদীবান্ধ । আবেগেৰে কাম নচলে । বুদ্ধিমত্তাৰেহে কাম সিজে । ইমানবোৰৰ পাছতো এটা কথা ক’ব‍ লাগিব । যোৱাটো বছৰত গুৱাহাটীত "অসম কৃষক মুক্তি সংগ্ৰাম সমিতি"ৰ তত্বাবধানত হোৱা প্ৰতিবাদী কাৰ্য্যসূচী এটাত ৰুবুল আলি নামৰ এটা নিষ্পাপ দহ বছৰীয়া শিশুৰ চৰকাৰী গুলীৰ আঘাটত মৃত্যু হৈছিল । চৰকাৰ আৰু "অসম কৃষক মুক্তি সংগ্ৰাম সমিতি"য়ে কি ব্যবস্থা ল’লে তাৰ খবৰ হ’লে নাপালোঁ । শেষত একেটাই কথা হ’ল । ভোকাতুৰ জনতাৰ মাজৰ এজনে অনাহকত প্ৰাণ দিলে । তাকো এটি দেৱশিশু । সমস্যাৰ প্ৰতি সদা সষ্টম আবেগ প্ৰৱণ অসমীয়াৰ কিন্তু সেইয়া খবৰ ৰখাৰ সময় নাই ।
   এচামে সপোন দেখিছে স্বাধীন অসমৰ । হাতত সক্ৰিয় আগ্নেয়াস্ত্ৰ । দুহাত ৰাঙলী ধেমাজীৰ কণমানিহঁতৰ তেজেৰে । বিপ্লৱ সেইয়া । বিপ্লৱৰ নামতো জাহ গ’ল ভোকাতুৰ জনতাৰ কণমানিহঁত । সেইদৰে জাহ গৈছে অসমীয়া ডেকা ল’ৰাও । চৰকাৰী গুলিৰ আগত । এইবাৰ চৰকাৰৰ হাত ৰাঙলী । সেই অসমীয়া ডেকা ল’ৰাটো‍ও কোনোবা ভোকাতুৰ অসমীয়াৰে সন্তান । মুঠতে হত্যা,সন্ত্ৰাস,আন্দোলনৰ নামত লুকাই পৰিল অসমৰ অৰ্থনৈতিক উন্নয়ন । অসমক যদি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আগুৱাই দেখুৱাব লাগে তেন্তে আমি অৰ্থনৈতিক সৱলীকৰণৰ ওপৰত গুৰুত্ব দিব লাগিব । অৰ্থনৈতিক সৱলীকৰণৰ কাৰণে কেৱল আমাৰ খাৰুৱা তেল,প্ৰাকৃতিক গেছ এইবোৰতে গুৰুত্ব দিলে নহ’ব । যিহেতু অসম এখন কৃষি প্ৰধান ৰাজ্য, গতিকে গুৰুত্ব দিব লাগিব খাদ্য সামগ্ৰীৰ অধিক উৎপাদনৰ ওপৰত । মানে "সেউজ বিপ্লৱ" । আমাৰ পথাৰবোৰ সৰুৰে পৰাই দেখিছোঁ বছেৰেকত এটাহে খেতি হয় । সেইটো সময়তে ১৯৭০ চনত “সেউজ বিপ্লৱ”ৰ এশ শতাংশ লাভ উঠোৱা পঞ্জাৱ, এতিয়া খেতিৰেই গঢ়ি তুলিছে নিজ ৰাজ্যৰ উন্নতি । সৰু সৰু বজাৰবোৰতো খাদ্য সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা আহিছে । কৃষিৰে সৱল পঞ্জাবৰ অৰ্থনীতি । উৎপাদনক্ষম মাটিৰ সুব্যৱহাৰৰ জলন্ত উদাহৰণ । অসমত থকা উৎপাদনক্ষম সমভূমিবোৰক ছটা ভাগত ভগাব পাৰি,
 ১) উত্তৰ পাৰৰ সমভূমি [ধেমাজী,লক্ষীমপুৰ,শোনিতপুৰ আৰু দৰং]
 ২)উজনি ব্ৰহ্মপুত্ৰ উপত্যাকা [গোলাঘাট,যোৰহাট,শিৱসাগৰ,ডিব্ৰুগড় আৰু তিনিচুকীয়া]
৩)মধ্য ব্ৰহ্মপুত্ৰ উপত্যাকা [ নগাঁও আৰু মৰিগাঁও]
৪)নামনি ব্ৰহ্মপুত্ৰ উপত্যাকা [বঙাইগাঁও,ধুবুৰী,কোকোৰাঝাৰ,গোৱালপাৰা,বৰপেটা,নলবাৰী আৰু কামৰূপ]                                                       
 ৫)বৰাক উপত্যাকা [কৰিমগঞ্জ,কাছাৰ আৰু হাইলাকান্দি]
৬)পাহাৰীয়াজিলা (কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলা )
   এই সমভূমিবোৰক যদি আমি "সেউজ বিপ্লৱ"ৰ যোগেদি কাৰ্য্যক্ষম কৰি বছৰত তিনি চাৰিটা খেতি কৰিব পৰা কৰোঁ তেন্তে অসমৰ অৰ্থনীতি ফো-ফোৱাই ওপৰলৈ যোৱাটো খাটাং । ইয়াতে এটা কথা উল্লেখ কৰাটো ভাল হ’ব । উপৰোক্ত ছটা ভাগৰ ভিতৰত বৰাক উপত্যাকাত জনসংখ্যাৰ প্ৰৱল হেঁচাৰ বাবে ইতিমধ্যে বছেৰেকত তিনি চাৰিটা খেতি আৰম্ভ হৈছে । বাকীবোৰ সমভূমি এতিয়াও সিমান এটা আগবঢ়া নাই । বিশেষকৈ উজনিৰ বৰহ্মপুত্ৰ উপত্যাকাত । তাত এতিয়াও বছৰৰ ৭টা মাহ মাটি এনেই পৰি থাকে ; সেয়া উল্লেখনীয় ।আমি কেৱল সেউজ বিপ্লৱৰ ওপৰতে গুৰুত্ব দিলে নহ’ব গুৰুত্ব দিব লাগিব খাদ্যজাত সামগ্ৰী নিৰ্ভৰশীল উদ্যোগীকৰণৰ ওপৰত । মানে গ্ৰাম্য উদ্যোগীকৰণ । চৰকাৰৰ মুনাফা হোৱা লোহা, চিমেণ্টৰ উদ্যোগে আমাক নুখুৱায় । ধনতন্ত্ৰৰ গোলামসকলকহে চহকী কৰিব । ভোকাতুৰ জনতা ভোকাতুৰ হৈয়েই ৰ’ব । গ্ৰাম্য উদ্যোগীকৰণ বুলি কওঁতে থলুৱা আন খাদ্যজাত সামগ্ৰীকো সামৰি লোৱা হৈছে । গ্ৰাম্য উদ্যোগীকৰণৰ লগতে সমানে গুৰুত্ব দিব লাগিব স্থানীয় বজাৰৰ উন্নতিকৰণত । স্থানীয় বজাৰবোৰক সংযুক্ত কৰিব লাগিব খাদ্য সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ লগত । তেহে কৃষকে সমুচিত মান পাব । থলুৱা বেপাৰীৰ মুনাফা বাঢ়িব । জনমূৰি আয় উৰ্দ্ধগামী হ’ব । মুঠতে অসমক  এতিয়া এটা ছয়োটা উৎপাদনক্ষম সমভূমিত সমানে প্ৰভাৱ পৰাকৈ এটা "সেউজ বিপ্লৱ" লাগে । তেতিয়াহে অসমখন ৰসৰাজৰ সুজলা সুফলা, শস্য শ্যামলা হ’ব । তেহে স্বৰাজোত্তৰ ৬৫ বছৰীয়া  ভোকাতুৰ জনতাৰ ভোক গুচিব ।

(কিছু সংখ্যক তথ্য আন্তঃজাল যোগে প্ৰাপ্ত)

Friday, 6 July 2012

খেল-২
       সময় ১০ বাজি ৩০ মিনিট.. জলালবাদ, আফগানিস্থান | এই মাত্ৰ আফগানিস্থানৰ এই ঠাইটুকুৰাত থকা আমেৰিকান "ছীল" বাহিনীৰ কেম্পলৈ অহা এটা বাৰ্তাত সকলো ব্যস্ত হৈ উঠিছে | কেপ্তেইন নিকোলাছ ব’লনস্কিয়ে প্ৰায়ে চিঞৰিয়েই উঠিল সতীৰ্থ সকলক উদ্দ্যেশ্যি " ফ্ৰেণ্ডছ, ইটছ ডা টাইম টু ৰিভেঞ্জ | ডা ৰিভেঞ্জ অৱ ৯/১১ | গেট ৰেডি ফ’ৰ ডা মিছন ..অপাৰেছন নেপচুন স্পীয়েৰ | হাৰী আপ |আই নীড অল পিপ’ল ৰেডি ইন টেন মিনিটছ হু ইনভ’লভড ইন ডা মিছন " | অৰ্ডাৰ পায়েই ফৰিং চিটিকা দিলে কেম্পৰ সকলো আমেৰিকান সৈনিকে | ইফালে এয়াৰ অপাৰেটৰ চীফ ততাতৈয়াকৈ সোমাই আহিল নিকোলাছৰ ৰুমলৈ | "ছাৰ , ব’থ ব্লেক হক আৰ ৰেডি টু ফ্লাই | ইউ কেন প্ৰচীড ছাৰ |" ইফালে সকলো সৈনিকৰ পোচাক পিন্ধা আৰু অস্ত্ৰ পৰীক্ষনৰ শব্দৰে ভৰি পৰিল কেম্পৰ চৌদিশ | নিকোলাছে আকৌ হেডফ’নটো কানত সোমোৱাই পেণ্টাগন আৰু হোৱাইট হাউচৰ চিটুৱেচন ৰুমৰ লগত সংযোগ ৰক্ষাত ব্যস্ত হৈ পৰিল | চিটুৱেচন ৰুম , য’ত বহি আমেৰিকাৰ ৰাষ্ট্ৰপতি বৰাক অবামাই ১৫ মিনিট আগত ঘোষনা কৰিছিল অপাৰেচনৰ আৰম্ভণীৰ মাত্ৰ এটা বাক্যৰে "ইটছ এ গ’" |

    স্থান দিচাং নৈৰ ওচৰৰ পটিলাহাবি ষ্টেডিয়াম | ফাইনেল খেলা | নাথ গাওঁ বনাম মলিয়াচুক  | বছেৰেকৰ শেষত অনুষ্ঠিত হোৱা স্বৰ্গীয় হেম নাথ সোঁৱৰণী প্ৰাইজমাণী ফুটবল প্ৰতিযোগীতাৰ ফাইনেল | সমগ্ৰ বকতা মৌজাৰ ৰাইজ গোট খাইছে | ঘন গোঁহাই বৰদেউতাৰ হাতত বৰতালযোৰ | গ’ল হ’লেই ৰক্ষা নাই | বৰতাল বাজিব‍ই | নাথ গাঁৱৰ দুৰ্ঘোৰ সমৰ্থক তেওঁ |  এই খেলাখন আমাৰ মৌজাৰ প্ৰাণ বুলিয়েই ক’ব পাৰি | সৰু ঠাইত ৰাইজে ইয়াৰে মজা লয় | মলিয়া চুকে ছেমি ফাইনেলত ট্ৰাই ব্ৰেকাৰত গোঁহাই গাঁৱক হৰুৱাই ফাইনেল পাইছে চতুৰ্থ বাৰৰ বাবে | নাথ গাৱঁৰ কেপ্তেইন কাম ষ্ট্ৰাইকাৰ বলোৰ কানৰ তলেদি এটুপাল ঘাম বৈ আহিল | কি হ’ব আজি ? গাঁৱৰ সন্মানৰ কথা | ১০ বছৰৰ পাছত প্ৰ্থম ফাইনেল পাইছে দলটোৱে | ট্ৰফীটো আৰু প্ৰাইজমাণী হাতত ল’ব‍ই ল’ব‍ই লাগিব | লগতে গাৰ্লফ্ৰেণ্ড নিশাও আছে আজিৰ মেছত | কৰ্নাৰত বায়েকৰ স’তে বহি আছে | ফিল্ডত নামি টছ কৰাৰ পাছত গোলাকাৰ হৈ গোট খালে নাথ গাওঁ বাহিনী | বলোৰ লগতে ষ্ট্ৰাইকাৰ নগেন আৰু বীৰেণ | বলোৱে এষাৰেই ক’লে মাত্ৰ " মোক ট্ৰফীটো লাগে , মানে আমাক " | কৈয়েই ওপৰলৈ হাত দি চিঞৰি উঠিল " হু....ৱা" | লগৰ কেইটাইও চিঞৰি উঠিল "হু...ৱা" |

    পাকিস্থানৰ এবেটাবাদ অভিমুখী হেলিকপ্টাৰত উঠি কেপ্তেইন নিকোলাছ ৰাডাৰৰ আগত বহিল | আফগানিস্থান আৰু পাকিস্থানৰ সীমান্তবৰ্ত্তী ৰাডাৰে ঢুকি নোপোৱা অঞ্চলেদি আগবাঢ়িল ব্লেক হক দুখন | মাজতে এবাৰ পোহৰ পৰিল পাকিস্থানি চাৰ্চ লাইটৰ | নিকোলাছৰ নিৰ্দেশ আনখন ব্লেক হক হেলিকপ্তাৰলৈ "ম’ভ টু হিলি এৰিয়া |এস্কেপ ফ্ৰম ডা চাৰ্চ লাইটছ | মেনটেইন ১০ মিটাৰ ডিচটেণ্স ফ্ৰম আৰ্থ |ম’ভ ম’ভ ..কুইকলি " | পাকিস্থানি লাইটে ভালকৈ দেখা পোৱাৰ আগতেই শব্দহীন হেলিকপ্টাৰ দুখন লুকাই পৰিল পাহাৰৰ আঁৰত | নিকোলাচে স্বস্তিৰ উশাস এটা ল’লে | ভূ পৄষ্ঠৰ পৰা ১০ মিটাৰ ওপৰেৰে ব্লেক হক দুখনে গতি ল’লে | নিকোলাচৰ হঠাতে নিজৰ ভায়েকলৈ মনত পৰিল | কি বা কৰি আছে সি ? অপাৰেচন চাকছেছ কৰৰ নামত গোটেই ইউনিট টোকেই আত্মীয় স্বজনৰ পৰা আঁতৰাই ৰখা হৈছে |নিকোলাছকো | দুসপ্তাহ আঁতৰি আছে তাৰ একমাত্ৰ ভায়েকৰ লগত কথা পতাৰ পৰা | মাজে মাজে ভাৱ হয় তাৰ কিয়নো এইখনত সোমাইছিল সি | আকৌ বৰ্তমান লাইঅফলৈ ঘূৰি আহিল সি | অৰ্ডাৰ দিলে সতীৰ্থসকলক " পুট ইয়ৰ নাইট গ্লাছেছ  এণ্ড চেক ইয়ৰ ৱেপনছ ৱানচ এগেইন " | লাইটৰ পৰা হাত সাৰি আকৌ লাহে লাহে আগবাঢ়িল এবেটাবাদ অভিমুখে হেলিকপ্টাৰ দুখন | মাত্ৰ ৫ মিনিটৰ দূৰৈত আছে এবেটাবাদ আৰু এবেটাবাদৰ সেই বিশেষ ঘৰটোৰ বিশেষ অপাৰেচনত মৰিবলগীয়া মানুহজন  |

      ফাইনেলত জমিছে | ঘন বৰদেউতাৰ তাল বাজো বাজো | বীৰেণে বল মিড ফিল্ডৰ পৰা আগুৱাই লৈ গৈছে মলিয়াচুকৰ গ’লপোষ্টৰ ফালে | দুৰন্ত গতি | পাত্তাই পোৱা নাই মলিয়াচুকে | নগেনৰ চিঞৰ  "পাছ দে পাছ দে " | নৰ’ল বীৰেণ | পিছে  বীৰেণৰ গতি ৰুদ্ধ কৰিলে মলিয়াচুকৰ ডিফেণ্ডাৰ "নাকুৱা"ই | "নাকুৱা"ৰ ষ্ট্ৰেইট পাছ  গাখীৰৰ দৰে বগা মলিয়াচুকৰ  মিডফিল্ডাৰ "তালা"লৈ | মিডফিল্ডাৰ "তালা"‍ই বল ৰিচিভ কৰাৰ পাছতেই চিঞৰি উঠিল মলিয়াচুকৰ ষ্ট্ৰাইকাৰ মাৰ্ধুৰ্য্যই " কমন তালা..... পাছ ....." | তালাৰ দিঘলীয়া পাছ মাধুৰ্য্যলৈ | মাধুৰ্য্যৰ ভৰিত বল | নাথ গাঁৱৰ ডিফেণ্ডাৰ "অকন"ক নচুৱাই মাৰ্ধুয্য‍ আগাবাঢ়িল নাথ গাঁৱৰ গ’ল পোষ্ট অভিমুখে | এটা নিখুঁত শ্বট নাথ গাঁৱৰ গ’ল পোষ্টলৈ | পিছে ৰেফাৰীৰ লগে লগে হুইচেল |  অফচাইড | মাধুৰ্য‍ই  গল কৰি আনন্দ কৰাৰ সুযোগেই নাপালে | মাটিত দুটা প্ৰচণ্ড ভুকু মাৰি উভতি আহিল মাধুৰ্য্য | মাত লাগি ধৰা তালাই দৌৰি দৌৰি মাধুৰ্য্যৰ কান্ধত থপৰিয়াই ক’লে " কু..কু..কু...ল...ল..মা মা মা মা ধু,....কু..কু..কু...কু...ল" | নগেনেও এটা হুমুনিয়াহ এৰিলে | এইবাৰ মলিয়াচুকক কণ্ট্ৰল কৰা কষ্ট হ’ব | ঘন বৰদেউতাই এবাৰ বৰতাল এনেই বজালে | বলো আকৌ এবাৰ ঘামি উঠিল | সন্মানৰ কথা আছে | হমমমম |হুমুনিয়াহ এটা কাঢ়িলে সি |
     এবেটাবাদৰ ওচৰ পোৱাৰ লগে লগে সতৰ্কিত হ’ল নিকোলাছ আৰু সতীৰ্থসকল | সেই  ত্ৰিভূজাকাৰ চাৰিসীমাৰ বিশেষ ঘৰটোৰ খালী ময়দানত শব্দহীন ব্লেক হক দুখনৰ প্ৰথমখন লেণ্ডিং কৰাওঁতেই পাংখা এখন টেলিফ’নৰ তাঁৰত লাগি পাকঘূৰণি খাবলৈ আৰম্ভ কৰিলে | নিকোলাছৰ চিঞৰ "হল্ড ইউৰ পজিছনছ এণ্ড ডণ্ট মেক নয়জ, পাইলট অফ ডা ইঞ্জিন " | হেলিক্প্টাৰখন মাটিত খুণ্ডা খাই ৰ’ল | দ্বিতীয়খনে খুব সন্তৰ্পনে লেণ্ড কৰিলে | ক্ৰেছ হোৱা হেলিকপ্টাৰখনৰ পৰা নিকোলাছ আৰু পাঁচজন সৈনিক প্ৰায় অক্ষত অৱস্থাত উলাই আহিল | আহিয়েই নিকোলাছৰ অৰ্ডাৰ "ম’ভ টু ডা বিল্ডিং..অন ইয়ৰ কেমেৰাজ..প্ৰেচিডেণ্ট নীড লাইভ টেলিকাষ্ট..ম’ভ..মভ.." | প্ৰায় দৌৰিয়েই গ;ল নিকোলাছ | আগত দুজন সৈনিক | ঘৰটোৰ সন্মুখৰ ইষ্টিলৰ দুৱাৰখন বিস্ফোৰকেৰে উৰাই দিলে আমেৰিকান ছীল বাহিনীয়ে | ভিতৰলৈ ততাত্য়াকৈ সোমাই গ’ল নিকোলাছ বাহিনী | সোমায়েই দুজন গাৰ্ডৰ লাওখোলা উৰুৱাই দিলে আগ্নেয়াস্ত্ৰৰে আমেৰিকান সৈনিকে | সিটো ৰুমৰ দুৱাৰৰ কাষত ৰিভলভাৰ লৈ ৰৈ থকা ওপৰ মহলত থকা বিশেষ মানুহজনৰ বিশস্ত "খালিদ"ৰ দেহাটো ততালিকে তপত বুলেটেৰে চালনী কৰি পেলালে নিকোলাছৰ সৈন্যগনে  | নিকোলাছৰ সৰু শব্দৰে অৰ্ডাৰ " ম’ভ টু্ৱাৰ্ডছ দা মেটেল দ’ৰ.....আপ ষ্টেয়াৰছ .....আপ ষ্টেয়াৰছ " | সৰু অথচ কঠিন নিৰ্দেশ | প্ৰায় অপাৰেচনৰ সামৰনিৰ ফালে আহিল নিকোলাছ | এতিয়ালৈকে সকলো ঠিকে আছে |
     নাথ গাঁৱৰ মিডফিল্ডাৰ "দীপক"ৰ ভৰিত বল | মলিয়াচুকৰ তাৰকা ডিফেণ্ডাৰ "জ্যোতি" বেগেৰে আগুৱাই আহিল | দীপকৰ পাছ বীৰেণলৈ | বীৰেণৰ চাতুৰীৰে ভৰা পাছ আকৌ দীপকলৈ | মাজতে বল থপিয়ালে মলিয়াচুকৰ মিডফিল্ডাৰ "তালা"ই | তালাৰ পাছ মাৰ্ধুয্যলৈ | মাধুৰ্য্যৰ আকৌ দিঘলীয় শ্বট নাথ গাঁৱৰ গল পোষ্টলৈ | জপিয়াই হেড কৰিলে ডিফেণ্ডাৰ "অকনে" | বল আকৌ দীপকৰ ভৰিত | চলন্ত অৱস্থাতে ওপৰৰেৰে মাৰি পঠালে ষ্ট্ৰাইকাৰ "বলো"লৈ | মলিয়াচুকৰ দুজন ডিফেণ্ডাৰৰ মাজত বল ৰিচিভ কৰিলে বলোৱে | নাথ গাঁৱৰ মানুহে চিঞৰি উঠিল | ব..লো..ব..লো | ডিফেণ্ডাৰ জ্যোতিক ঠগি মলিয়াচুকৰ গলকীপাৰে কিবা কৰিবলৈ পোৱাৰ আগতে এটা শক্তিশালী শ্বট বলোৰ | গল | গলপোষ্টৰ সোঁকোনত সোমাল বলটো | য়েছ য়েছ য়েছ | বলোৰ উল্লাস | ঠাং...ঠাং ..ঠাং..| ঘন বৰদেউতাৰ বৰতালৰ কোব | জপিয়াই পৰিল লগৰবোৰ বলোৰ গাৰ ওপৰত | বলোৰ কিন্তু মনলৈ আহিল ককায়েকৰ কথাহে | কি বা কৰি আছে সি | উল্লাহ আনন্দৰ মাজতে  চেৰেঙকৈ মনত পৰিল |বহুত দিন খবৰ পোৱা নাই | আকৌ  চেন্টাৰ লোৱাৰ পাচতেই জংঘলী হৈ উঠিল মলিয়াচুকৰ ষ্ট্ৰাইকাৰ "মাৰ্ধুৰ্য্য" আৰু "নৰেন" | যেন ক্ষুধাতুৰ বাঘহে | তালাৰ পাছ মাধুৰ্য্যলৈ | মাধুৰ্য্যই গাৰ জোৰেৰে বল আগুৱাই নিলে | ডিফেণ্ডাৰ "অকন"ক বগৰাই আগবাঢ়িল মাধুৰ্য্য | ফাউল হোৱা নাই |নাথ গাঁৱৰ গলপোষ্টৰ ওচৰত  মাধুৰ্য্যৰ পাছ নৰেনলৈ | নৰেনৰ এটা লুজ শ্বট | বল বাৰত লাগি উফৰিল কৰ্নাৰৰ ফালে |কৰ্নাৰৰ পৰা  মিডফিল্ডা্ৰ "জ্যোতি"ৰ শূন্যত বেঁকাকৈ যোৱা শ্বট গল  পোষ্টৰ অলপ আগলৈ | এটা শক্তিশালী জাপ মাধুৰ্য্য আৰু অকনৰ | একেলগে | এটা নিখুঁত হেড মাধুৰ্য্যৰ | গল | ঘন বৰদেউতাৰ বৰতাল আকৌ বাজিল | খেল ড্ৰ |

      সময় ১২.৪০ এবটাবাদ | নিকোলাছে সতীৰ্থক আদেশ দিলে " ব্ৰেক ডা দ’ৰ " | লগালগ সৈনিক কেইজনে বিষ্ফোৰক লগাই গধুৰ ধাতৱ দুৱাৰখন খুলি ওপৰলৈ সোমাই গ’ল নিকোলাচ বাহিনী | এক্সট্ৰা টাইম | মাত্ৰ আৰু ১০ মিনিট বাকী খেল শেষ হ’বলৈ | বলোবাহিনীৰ আপ্ৰান চেষ্টা | প্লেনিং চেঞ্জ | তিনিজন ষ্ট্ৰাইকাৰ ল’লে বলোৱে | দুৱাৰ খোলা আৰু গুলীৰ শব্দত সাৰ পালে বিশেষ মানুহজনে | সাৰ পালে পি এইচ ডি ডিগ্ৰীধাৰী পত্নী "আমাল" | কোঠাৰ ধাতুৰ দুৱাৰখন খুলি পেলালে মানুহজনে | যেন নিজৰ মৄত্যুক আহ্বান | ইফালে নিকোলাছে সন্তৰ্পনে আগবাঢ়িল বিশেষ মানুহজনৰ কোঠা অভিমুখে | মাধুৰ্য্যৰ ভৰিত বল | মাধুৰ্য্যৰ বেকৱাৰ্ড পাছ মিডফিল্ডাৰ তালালৈ | তালাৰ পাছে পাছে আগবাঢ়িল  দীপক | বল কঢ়াৰ নিষ্ফল চেষ্টা | তালাৰ পাছ ষ্ট্ৰাইকাৰ নৰেনলৈ |খোলা ধাতৱ দুৱাৰেৰে ভুমুকিয়াই চালে বিশেষ মানুহজনে | নিকোলাছে মুখখন দেখিয়েই চিনাত ভুল নকৰিলে | নৰেনৰ দুৰন্ত শ্বট নাথ গাঁৱৰ গলপোষ্টলৈ | নাথ গাঁৱৰ জধলা ডিফেণ্ডাৰ জালিয়াৰ জধলা শ্বট | শূন্যত বল আগবাঢ়িল মিডফিল্ডৰ ফালে | নিকোলাছে খুব সন্তৰ্পনে দুজন সৈনিকক লগত লৈ সোমাল খোলা ধাতৱ দুৱাৰ খনৰ ভিতৰত | বিশেষ মানুহজনৰ পত্নী আমলাই তিনিজন অচিনাকি মানুহক দেখি চীত্‍কাৰ কৰি উঠিল আৰৱী ভাষাত | আমলাক ঠেলা মাৰি দিলে এজন সৈনিকে | মিডফিল্ডত বল ৰিচিভ কৰিলে দীপকে | দীপকৰ দুৰন্ত বেগ মলিয়াচুকৰ গল পোষ্ট অভিমুখে | চলন্ত পাছ বলোলৈ | নিকোলাছৰ এজন সৈনিকে আমলাক উদ্দেশ্যি গুলী কৰিলে | ডিঙিত গুলী লাগি শুই পৰিল আমলা | বিশেষ মানুহজনে নিজৰ পত্নীৰ মৄত্যু দেখি কিং কতৰ্ব্য বিমূঢ় হ’ল | বলোৰ তীব্ৰ শ্বট | হেণ্ড বল | ডিফেণ্ডাৰ জ্যোতিয়ে হেণ্ড কৰিলে | হুইট হুইট | পেনাল্টী | মলিয়াচুক ভাগি পৰিল | ষ্ট্ৰাইকাৰ বীৰেণে শ্বট ল’লে | চু...ই.ই.ই..ট | তীব্ৰ শ্বট | বিশ্বৰ সকলোৱে ভয় কৰা সেই বিশেষ মানুহ জনৰ বুকুত আৰু চকুত এটাকৈ গুলী কৰিলে নিকোলাছে | লাওখোলা উৰি গ’ল | বাৰত লাগি বীৰেনৰ শ্বট উভতি আহিল | অ...উ..উ.উ | ৰাইজৰ চিঞৰ | মানুহজনৰ লাওখোলা চিলিঙত লাগি ধৰিল | বাৰত লাগি দীপকৰ ভৰিত বল | মানুহজনৰ শৰীৰ ঢলি পৰিল | দীপকৰ শূন্যত পাছ বলোলৈ | নিকোলাছৰ আকৌ দুটা গুলী | থিচিউ..থিচিউ | বলোৰ এটা ফ্লায়িং কিক বলটোত | মানুহজনে এটা গেঙনি দি শেষ উশাহ ল’লে | এটা নিখুঁত শ্বট বলোৰ | গল | নিকোলাছৰ হেডফনত বাৰ্তা প্ৰেৰন পেণ্টাগন আৰু হোৱাইট হাউচলৈ "অপাৰেচন নেপচুন স্ফীয়েৰ চাকচেছ .....অপাৰেচন চাকচেছফুল....টাৰগেট ইজ ডাউন...বেক টু বেছ....অভাৰ" | বলোক ডাঙি ধৰিলে সতীৰ্থবৄন্দ‍ই | বলোৱে ততাতৈয়াকৈ গ্ৰীনৰুমলৈ সোমাল | ফ’নটো উঠাইয়েই লগালে বৈমাত্ৰাকি ভাতৄলৈ | নিকোলাছৰ ফ’নটো বাজিল | ৰিচিভ কৰিলে সি
- " বলোভাই , লাডেন ইজ ডেড **** ....আহি আছো এমাহৰ ছূটীত"
-" আমিও জিকিলো , আহি যা ত‍ই | মা ৰৈ আছে তোলৈ | তোৰ লগতে এইবাৰ ম‍ইও আমেৰিকালৈ যাম..এতিয়া চিয়েৰ্ছ " কৈয়েই ফ’ন কাটিলে বলোৱে |
   ইফালে হোৱাইট হাউচৰ চিটুৱেচন ৰুমত লাদেনক শেষ কৰাৰ বাবে অভিনন্দন জনোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল | ৰাষ্ট্ৰপতি বৰাক অবামাই আনুষ্ঠানিক ঘোষনা কৰিলে "অপাৰেচন নেপচুন ষ্ফীয়েৰ ইজ চাকচেচফুল....অচামা বিন লাদেন ইজ ডেড " |

খেল


      লোকপ্ৰিয় গোপীনাথ বৰদলৈ ষ্টেডিয়াম | লোকে লোকাৰণ্য |ফাইনেল খেলা | অসম বনাম ত্ৰিপুৰা | চু.....ই.....ট | অসমৰ ডিফেণ্ডাৰ ৰবেন্দ্ৰ মুছাহাৰীৰ এটা সুতীব্ৰ শ্বট | গলকীপাৰৰ ওচৰৰ পৰা মিডফিল্ড পাৰ হৈ ষ্ট্ৰাইকাৰ নগেনৰ ভৰিত লাগিলগৈ বলটো | নগেনে ত্ৰিপুৰাৰ ডিফেণ্ডাৰৰ লগত অলপ চাতুৰী খেলিছে | আমাৰ ভাষাত নচুৱাইছে | গলকীপাৰৰ পৰা মাত্ৰ কেইফুটমান আগলৈকে আগুৱাই গ’ল নগেন | অপ্ৰতিৰোধ্য হৈ উঠিছে নগেন আজি | তিনিজন ডিফেন্সাৰক নচুৱাই এটা সুতীব্ৰ শ্বট ল’লে নগেনে | লক্ষ্য ত্ৰিপুৰাৰ গল পোষ্টৰ সোঁ কোনা | এক শ্বাসৰৄদ্ধকাৰী পৰিবেশ |দৰ্শকে চিঞৰি উঠিল "উফফফ" | বলে নেট টাচ্ছ কৰিবলৈ নেপালে | বান্দৰৰ দৰে জপটিয়াই ধৰি পেলালে ত্ৰিপুৰাৰ গলকীপাৰ থাং চুঙে | হতাশ মনেৰে মাটিত এটা প্ৰচণ্ড গোৰ সোধালে নগেনে |আকাশলৈ এবাৰ চাই আকৌ নিজৰ পজিচনৰ ফালে
দৌৰ দিলে নগেনে |

       চুমি থিয় হৈ থাকিব পৰা নাই তল পেটৰ বিষত | প্ৰচণ্ড বিষ | ইকাতি সিকাতি | যেন এখন যুঁজ | বিষত তত নাপাই চীত্‍কাৰ কৰি উঠিছে তাই | নাৰ্চবোৰে লৰা ধপৰা কৰিছে | স্ত্ৰী আৰু প্ৰসূতি ৱাৰ্ডৰ গাতে লাগি থকা প্ৰসৱ কোঠা সাজু কৰা হৈছে | চুমিৰ দেউতাকে বাহিৰত পাইচাৰী কৰিছে |প্ৰসূতি বিশেষজ্ঞ ডাঃ বি. বৰুৱাৰ অলপ চিন্তাই হৈছে | তথাপিও ৯ বছৰীয়া ডাঃ জ্ঞানৰ ফালৰ পৰা নিজকে প্ৰবোধ দিছে | হ’ব |পাৰিব তাই | "আই ঐ মা মৰিলো ঔ " |চুমিৰ এটা এটা প্ৰকাণ্ড চীত্‍কাৰত কঁপি উঠে সৰু চহৰ খনৰ একমাত্ৰ ব্যক্তিগত চিকিত্‍সালয়খন | নাৰ্ছৰ ডাঃ বৰুৱাক উদ্দেশ্যি বাক্য " ছাৰ , এভ্ৰিথিং ইজ ৰেদি " |ডাঃ বৰুৱাই খপজপকৈ নাৰ্ছক উদ্দেশ্যি কৈ উঠে "চিফট হাৰ "| যেন এখন খেলৰ বাবেহে প্ৰস্তুতি চলিছে |

      কোনেও গল কৰিব পৰা নাই মেচখনত |দৰ্শক বাৰে বাৰে উত্তেজিত হৈ উঠিছে | সুদক্ষ ষ্ট্ৰাইকাৰ নগেনে ইতিমধ্যে তিনিটা ভাল শ্বট লৈছে |তাৰে দুটা লুজ শ্বট | এটা নিশ্চিত স্কৰ কৰিব পৰা শ্বট বাৰৰ ওপৰেৰে মাৰি পঠিয়াইছে |অধিনায়ক কৌশিকে মৄদুভাৱে নগেনক ধমকিয়াই উঠিছে "কুল কুল কুল  নগ্গু কুল" | বল আকৌ এবাৰ মিডফিল্ডাৰ বিৰাজ বল্লভৰ হাতত | বাওঁফালৰ মিডফিল্ডাৰ নিশান্তৰ চিঞৰ বিৰাজক উদ্দেশ্যি "পাছ পাছ পাছ বি.বি পাছ দে "| ত্ৰিপুৰাৰ ডিফেন্সাৰ দুজন অলপ আগবাঢ়ি আহি বিৰাজক আগুৰি ধৰিছে | নিশান্তলৈ বল পাছ নিদি সোঁফালে থকা নগেনলৈ এটা আকাশী শ্বটৰ যোগেদি পাছ দি পঠালে বিৰাজে | নগেনে বল লোৱাৰ লগে লগেই ৰেফাৰীৰ হুইচেল বাজি উঠিল |"হু.....ই......ট.| অফচাইদ |

       চুমিক পৰীক্ষা কৰি চাবলৈ ডাঃ বৰুৱাই এপ্ৰন এটা পিন্ধি ল’লে | নাৰ্ছে এজোৰ গ্লভছ আগবঢ়াই দিলে | ডাঃ বৰুৱাক দেখি আকৌ চীত্‍কাৰ কৰি উঠিল চুমিয়ে | ছাৰ হেল্প মি| হোৱেৰ ইজ মাই হাজবেণ্ড? আই টল্ড হিম ন’ট টু গ’ টুদে | ডাঃ বৰুৱাই  পৰীক্ষা কৰিলে | চুমিক উদ্দেশ্যি ক’লে "ইউ হেভ ন’ট এনাফ টাইম টু ৰেফাৰ|ছ’ | প্লিজ ডণ্ট ৱৰী|এভ্ৰিথিং ইজ অলৰাইট " |  " নাৰ্ছ, ষ্টেৰিলাইজ দা ইনষ্ট্ৰুমেন্টছ |এষ্টিমেটেদ টাইম ৱান আৱাৰ | কীপ হাৰ আন্দাৰ ইষ্ট্ৰিক্ট অৱজাৰ্ৱেচন " নাৰ্ছক উদ্দেশ্যি কৈ উঠিল | চুমিয়ে বুজিলেও নুবুজিলেও | আকৌ হঠাত্‍ বিষটোৱে পকাই ধৰিলে | "মা.......ঐ " |চুমিৰ মুখৰ ফৰফৰাই থকা ইংৰাজী বিষ আহিলেই বিশুদ্ধ অসমীয়ালৈ ৰৄপান্তৰিত হয় | নাৰ্ছে ইনষ্ট্ৰুমেন্টবোৰ ষ্টেৰিলাইজাৰত দি বৰ্ডৰ চুইচটো অন কৰি দিলে | চুমিয়েও আকৌ এবাৰ চিঞৰি উঠিল " পা...পা...."

      মিডফিল্ডাৰ বিৰাজ আৰু ষ্ট্ৰাইকাৰ নগেন দুৰন্ত হৈ উঠিছে হাফ টাইমৰ পাছত | যেন একো একোটা ক্ষুধাতুৰ বাঘহে | গলকীপাৰ ফেদ্ৰিক দৈমাৰীয়ে দিয়া চৰ্ট শ্বটতো ৰিচিভ কৰি বিৰাজ আকৌ চেণ্টাৰৰ পৰা ত্ৰিপুৰাৰ গলপোষ্ট  অভীমুখে আগবাঢ়িব ধৰিলে | মাজতে ভেটি ধৰিলে ত্ৰিপুৰাৰ মিডফিল্ডাৰ চাঞ্চুমাই | নিশান্তলৈ এটা দীঘলীয়া পাছ | নিশান্ত‍ই ত্ৰিপুৰাৰ ডিফেন্সাৰ দুটাক  পাছ পেলাই আগবাঢ়িব ধৰোঁতেই হাম খুৰি খাই পৰিল | নিশান্ত‍ই চিঞৰি উঠিল "ফা.....উউউ.....ল" | ৰেফাৰীয়ে গুৰুত্ব নিদিলে  | ত্ৰিপুৰাও কোনো গুনে কম নহয় | আকৌ এবাৰ জোৰ দি চাব খুজিলে | ত্ৰিপুৰাৰ ষ্ট্ৰাইকাৰ মিথিলেশে ফাউল হোৱা ঠাইৰ পৰাই বল আগুৱাই লৈ গ’ল | মিডফিল্ডাৰ বিৰাজক চাতুৰালিৰে ঠগি বল  লৈ গ’ল | আৰু দুজনক ঠগি দুৰন্ত গতিত আগবাঢ়িল মিথিলেশ | অসমৰ দুৰ্দশ ডিফেন্সাৰ ৰবেন্দ্ৰ মুছাহাৰীয়ে তলকিব‍ই নোৱাৰিলে কেতিয়া বল ভৰিৰ তলেৰে বল লৈ গ’ল মিথিলেশে | দৰ্শকৰ সমবেত চিঞৰ | অ....উ......উ....উ....| চলন্ত অৱস্থাতে মিথিলেশৰ ঘণ্টাত ১৩৮ কিমি গতিৰ শ্বট |বহি পৰিল মিথিলেশ | বাওঁ পোষ্টত লাগি উফৰি কৰ্নাৰ ফাললৈ বলটোগুচি গ’ল | মিথিলেশে গম পালে অসমে আৰু এনেকোৱা সুযোগ কেতিয়াও নিদিয়ে |

       চুমিৰ বিষ বাঢ়ি আহিছে | নাৰ্ছে এটা চেলাইন সংযোগ কৰিছে | মাকক অনুমতি দিয়া হৈছে কাষত থাকিবলৈ | চুমিয়ে মাজে মাজে চিঞৰি আছে |নাৰ্ছগৰাকীয়ে ষ্টেৰিলাইজাৰটোৰ পৰা ইনষ্ট্ৰুমেন্টবোৰ এটা এটাকৈ উলিয়াইছে | ট্ৰেত ধালিছে |ঠং ঠং শব্দ | বাহিৰত উদ্বিগ্ন ভাৱে চুমিৰ দেউতাকৰ খোজ | ডাঃ বৰুৱা আকৌ সোমাই আহিল |  এপ্ৰণ গাত আছেই | নাৰ্ছে বৰুৱাৰ ফালে চালে |মাক্স লগোৱা মুখেৰে বৰুৱাই কৈ উঠিল "ফুল ডাইলেট | এদ হাফ এম্পোল অক্সিট’চিন  ইন দা আই ভি দ্ৰিপ" |পিন্ধি থকা গ্লভছজোৰৰ ওপৰত আৰু এযোৰ গ্লভছ লগাই ল’লে বৰুৱাই |চুমিৰ আকৌ মৰনকাতৰ চিঞৰ "মা...অ ...উ " |বৰুৱাই ইতিমধ্যে অন্যান্য আনুষাংগিক কামবোৰ আৰম্ভ কৰি দিছিল |

       অসমৰ কাৰণে এটা কৰ্নাৰ কিক | শ্বট লব বিৰাজে | ইতিমধ্যে যোৱা দুখন খেলত কৰ্নাৰ কিকেৰে গ’ল কৰি অসমক জয়ৰ মুখ দেখোৱাইছে বিৰাজে |এটা দীঘলীয়া শ্বট | দেহৰ সৰ্বশক্তিৰে জাপ দিলে ত্ৰিপুৰাৰ ডিফেন্সাৰজনৰ লগত নিশান্ত আৰু নগেনে |নিশান্তৰ মুৰত লগি বলটো নেটৰ ফাললৈ আগুৱাব লওঁতেই ত্ৰিপুৰাৰ ডিফেন্সাৰ এজনে বেক ভলী মাৰি বলটো চেণ্টাৰত পোৱাই দিলে |টৰ্জেনে বলটো সুন্দৰ ৰিচিভ কৰিলে | ত্ৰিপুৰাৰ মিডফিল্ডাৰ টৰ্জেনৰ আগত সুযোগ |খুব সাৱধানে বল আগুৱাই লৈ গ’ল অসমৰ গল পোষ্ট অভীমুখে |ৰবেন্দ্ৰ মুছাহাৰী আকৌ আগুৱাই আহিল | ৰবীন্দ্ৰ‍ই ঢুকি পোৱাৰ আগতেই শ্বট ল’লে টৰ্জেনে |চিধাই বল গৈ অসমৰ গলকীপাৰ নবেন্দুৰ হাতত | মুখেৰে ভোৰ ভোৰাই উভতি আহিল টৰ্জেন |

       ডাঃ বৰুৱা ব্যস্ত হৈ উঠিছে | নাৰ্ছৰ ওপৰত অৰ্ডাৰ ঘনাই পৰিছে | অসম ত্ৰিপুৰাৰ ফাইনেলত  এক্সট্ৰা টাইম | বল ৰবেন্দ্ৰ মুছাহাৰীৰ ভৰিত| লাহে লাহে আগুৱাই নিছে মিডফিল্ডলৈ | চুমিৰ দাঁত কামোৰ মাৰি মৰা চিঞৰ " অ..মা" | মুচাহাৰীৰ পাছ বিৰাজলৈ | বৰুৱাৰ নিৰ্দেশ নাৰ্ছলৈ " ইনক্ৰিজ দা আই ভি লাইন ফ্ল’|লেট ফ্ল ইট ফাৰ্ষ্টাৰ |চুমি অলপ জোৰ দিয়া" | বিৰাজক আগুৰি ধৰিছে মিড্ফিল্ডাৰ আৰু ডিফেন্সাৰ এটাই | ডাঃ বৰুৱাৰ মুখৰ ভিতৰত ভোৰভোৰনি "অৱষ্ট্ৰাকচন " |বিৰাজে বল ঠেলিলে নগেনলৈ |নগেন আগুৱাব নোৱাৰিলে ডিফেন্সাৰৰ পৰা | নিশান্তলৈ দীঘলীয়া পাছ | চুমিয়ে ঘামি জামি চিঞৰি উঠিল "আৰু নোৱাৰো ছাৰ | পেটতোকে ফালি পেলাওক"| নগেনৰ ওচৰৰ পৰা আগুৱাই যোৱা ডিফেণ্ডাৰ দুটাক ঠগিবলৈ নিশান্ত‍ই পাচ দিলে  পুনৰ বিৰাজলৈ | বিৰাজে আকৌ নিশান্তলৈ | বৰুৱাই চিঞৰি উঠিল "নাৰ্ছ, গিভ অ লাইট ফাণ্ডেল প্ৰেছাৰ |মাইণ্ড ইট ,লাইটলী "| বৰুৱাই চাৰ্জিকেল ট্ৰেখনৰ পৰা ষ্টেৰাইল পেদ এটা ল’লে | নিশান্ত‍ই ঠেলিলে ষ্ট্ৰাইকাৰ গোবিন্দলৈ | বিৰাজ সোমাই আহিছে ষ্ট্ৰাইকাৰ পজিছনলৈ |বিৰাজৰ ভৰিত বল |পুনৰ কৰ্নাৰত থকা  নগেনলৈ | নাৰ্ছৰ ফাণ্ডেল প্ৰেছাৰ চুমিৰ পেটত | চুমিৰ দাঁত কৰচাৰ শব্দ "কট কট কট কট" | নগেনৰ পাছ পোষ্টৰ ফ্ৰণ্টত থকা বিৰাজলৈ | বৰুৱাৰ অৰ্ডাৰ নাৰ্ছক " চিজাৰ " | বিৰাজৰ তীব্ৰ শ্বট গল পোষ্টলৈ | চুমিৰ এইবাৰ আগতকৈ ডাঙৰ চিঞৰ " ই...ই ....ই ..ই.....মা.....ঔ" | ত্ৰিপুৰাৰ গলকীপাৰৰ জপিয়াই বলত এখন হাতেৰে খুণ্ডা | বৰুৱাৰ চিঞৰ "পুছ ইট নাৰ্ছ |আই এম গিভিং গাৰ্ড|" শূন্যত বল |বৰুৱাৰ কপালত ঘাম | নগেনৰ শূন্যত এটা দীঘলীয়া দ্ৰাইভ | বৰুৱাৰ স্বৰ্গোক্তি "হেদ ইজ কামিং "|এটা নিখুঁত শ্বট নগেনৰ | ডাঃ বৰুৱাৰো অভিজ্ঞ হাতৰ  নিখুঁত কেটছ | বল ত্ৰিপুৰাৰ নেটত | দৰ্শকৰ চিঞৰ | বৰুৱাৰ হাতত নৱজাতকটোৰ কান্দোন |ওঁৱা..ওঁৱাও ...ওঁৱা |নগেনক ডাঙি ধৰিলে লগৰ মখাই |বৰুৱাইও বেবিটোক ডাঙি পিঠিত দুই ঠাপৰ দি দিলে |অসম জিকিল ১-০ ত | চুমিৰ মুখত সৰু অথচ প্ৰাপ্তিৰ হাঁহি | ম‍ইও লাহেকৈ মনৰ কম্পিউটাৰটো শ্বাট ডাউন কৰিলো | খেলা শেষ|

 উপন্যাসিকা-দ্বিতীয় পৰ্ব(উপন্যাসিকা)

                                                                             (৫)
 
        মনবৰে খেতিৰ পৰা আহি ভাগৰে জোগৰে ঘৰ সোমাইছেহি | এই একসপ্তাহ তাৰ বৰ ব্যস্ততাৰে গৈছে | পুৱা আৰু সন্ধিয়া "অ.মু.স.স"ৰ অস্ত্ৰ চালনা আৰু মেপ প্ৰশিক্ষণৰ কামত গৈছে | সি এই কেইটা দিনতে অধিনায়ক কাকতিৰ কথাবোৰ শুনি শুনি বিপ্লৱৰ অলপ হ’লেও অৰ্থ বুজি উঠিছে |  দিনত খেতি খোলা আৰু বজাৰ সমাৰ | অৱশ্যে তাৰ নিচিনা অকলশৰীয়া ডেকা এটাৰ  কাৰণে   বজাৰ সমাৰ একো ডাঙৰ কথা নহয় |আছলতে সেইটো সময়তে সি অলপ উলাই মেলি ফুৰে ব্যস্ততাৰ মাজতে | কিন্তু আজি সি ওলাই যাব নোৱাৰে | অলপ পাছতে সি যাব ৰৄপহীক লগ কৰিবলৈ যাব | ৰৄপহীক কিছুমান কথা বুজাই ক’ব লাগিব | যদি তাই মানে তেন্তে তাইক নিজৰ কৰি আনিব পাৰিব সংগ্ৰাম শেষ কৰাৰ পাচত | কিন্তু কেতিয়া শেষ হ’ব এই সংগ্ৰাম | কিন্তু কথাবোৰ যে সি ভবাৰ দৰে নহ’ব সি সেইটো জানে | আৰু ৰৄপহীয়েও তাক কেতিয়াও এই কামলৈ যাবলৈ নিদিব | তথাপিও সি যাব সি | লুটিব অস্ত্ৰাগাৰ | যুজিঁব দেশৰ কাৰণে | কাৰণ সি বুজি উঠিচে যদি দেশ স্বাধীন নহয় তেন্তে তাৰ পিছৰ কেইটা পুৰুষলৈ নিমখ উচ্চ কৰ দি কিনি খাব খাব লাগিব সি নিজেই নাজানে | এই কথাবোৰ কাকতি ছাৰে বুজাই কোৱা দেখিহে বুজি পাইছে | তাৰ ভাৱ হয় ৰৄপহীয়ে তাক নেৰিব চাগৈ |
       এই কথাবোৰ মনৰ ভিতৰত পাগুলি থাকোঁতেই বাহিৰত সখা নৰেশ্বৰৰ মাতষাৰ শুনা পালে "
- অ মিতা , অ মিতা. কি কৰিছা হে ? একসপ্তাহমান হ’ল দেখা দেখিয়েই নাই যে ?
-কি কোৱাহে মিতা তোমাৰহে দেখা দেখি নাই | কিবা বোলে হেনো সভা পাতি ফুৰিছা |
- হেঃ ভালেই শুনিছা | অহা কালিলৈ নেমুগুৰিতেই এখন সভা আহ্বান কৰিছো |শান্তি সমদল এটাও উলিয়াম | নিমখৰ ওপৰত লগোৱা কৰৰ প্ৰতিবাদ কৰোঁ বুলি ভাবিছোঁ |
       মনবৰে মনে মনে ভাবিলে |কালিলৈ ৰাতি আমাৰো ভাল যুদ্ধ এখন হ’ব | ভগৱানেহে জানে কি হয় | ভবি থাকোঁতেই আকৌ নৰেশ্বৰে আৰম্ভ কৰিলে |
-তোমাক তাৰে নিমন্ত্ৰন দিবলৈ আহিলো | যাবা তুমি | পিছে ৰৄপহীৰ খবৰ কি ?
-ভাল চাগৈ মিতা | আজি আবেলি যাওঁ বুলি ভাবিছোঁ |
-অ, যাবা মিতা | মই এতিয়া এৰিলোহে | ঢেৰ কাম আছে কৰিবলৈ |

        নৰেশ্বৰ যোৱাৰ পাছতেই মনবৰ ৰৄপহীহঁতৰ ঘৰলৈ যাবলৈ যা যোগাৰ আৰম্ভ কৰিলে | যা যোগাৰনো কি ? অলপ নিজে কৰা হালধী আৰু মাহ ল’লে | বেলি পৰাৰ অলপ আগতেই যাত্ৰা আৰম্ভ কৰিলে সি | লাহে লাহে গৈ গৈ ৰৄপহীৰ গাওঁ সোমোৱা ৰাস্তা পাওঁ মানে প্ৰায় বেলি পৰিলেই আৰু | কিন্তু ৰাঙলী হৈ আছে আকাশখন | সি খোজকেইটা খৰকৈ দিলে | সোনকালে উভতিব লাগিব

       কেকুঁৰীটো ঘূৰি ৰৄপহীহঁতৰ ঘৰত সোমাব লওঁতেই দেখে বাউলী হৈ ৰৄপহীয়ে  দৌৰি আহিছে ৰাস্তাৰ ফালে | মনবৰক দেখি তাই ৰ’ৱ‍ই নোৱাৰিলে | দৌৰি আহি তাৰ পাছফালে ৰ’ল মনবৰৰ হাত এখন খামুচি | মনবৰে আগলৈ চাই দেখে এটা অসমীয়া ডেকা ল’ৰা তাইক ধৰিবলৈ  পাছে পাছে দৌৰিছে আৰু এটা লগতকেঁয়াৰ গোলাত দেখাৰ দৰে দক্ষিণ ভাৰতীয় মানুহ | মনবৰৰ আৰু বুজিবলৈ বাকী নাথাকিল কি ঘটিছে |তাৰ মানে ইহঁত দুটাই ৰৄপহীক........| খুচনিত থকা চুটি মিতদাখন উলিয়াই খেদি গ’ল অসমীয়াটোক | মনবৰৰ প্ৰথম ঘাপটো তাৰ কলাফুলতে পৰিল | এটা পূৰ্ণহতীয়া কোব পৰিল নকুলনেছীয়াৰ কলাফুলত | চিঞৰি বাগৰি পৰিল সি | নকুলনেছীয়াক বচাবলৈ যুজঁৰ মাজত সোমাই পৰিল ফিৰঙ্গী চিপাহী ৰাফেল  | টনা আজোঁৰাত সুলকি পৰিল ৰাফেলৰ নকল ড়াৰি মোচ | গুচোৱা পিয়াঁজহেন ইউৰোপীয়ান চেহেৰাটো তাৰ ওলাই পৰিল | মনবৰে তাৰ আচল ৰৄপ দেখি আৰু খঙত অগ্নি শৰ্ম্মা হ’ল |**** ফিৰঙ্গীৰ জাত বুলি কৈ আৰু দুগুন খঙত জপিয়াই পৰিল | মনবৰৰ ৰৄপ দেখি ৰৄপহীয়ে ভিৰাই লৰ মাৰিলে মোমায়েক নীলৰ ওচৰলৈ | মোমায়েক নীলক লৈ আহে মানে ইতিমধ্যে ৰাফেলে মনবৰৰ হাতত ইহলীলা সম্বৰণ কৰিলে | কলাফুলত এটা দাৰ ঘাপ লৈ নকুলনেছীয়া দিচাঙৰ পাৰৰ হাবিৰ ফাললৈ পলাই হাৰিল | মনবৰৰ লাহে লাহে খঙ জামৰিল কিন্তু যি হ’ব লগা আছিল হৈ গ’ল ভাৱত ৰাফেলৰ দেহলৈ থুই এটা মাৰি উঠি আহিল | ৰৄপহীয়ে মনবৰৰ তেজেৰে লুতুৰি পুতুৰি দেহতো দেখি অবাক লাগিল | এনেকোৱা মানুহ এটা ইমান ভয়ংকৰ হ’ব পাৰেনে ? খঙ উঠিলেও মনবৰ প্ৰায়ে মনে মনেই থাকে | চতুৰ মোমায়েক নীলই ইতিমধ্যে চিঞৰ বাখৰ শুনি গোট খোৱা গাঁৱৰ মানুহক মনবৰে যিদৰে বুজিলে সেই দৰেই বুজাই ক’লে | মনবৰক ৰৄপহীৰ মাকে পাছফললৈ নি ধুৱাই মেলি লৈ আহিল জুহাললৈ |
 
       গাঁৱৰ মানুহে পলাই যোৱা নকুলনেছীয়াৰ কথা জানিব পাৰি ভয়তে পেপুৱা লাগিল | সকলোবোৰ এজন এজনকৈ নাইকীয়া হ’ল | নাজিৰাৰ থানাত গম পালেই যে কালিলৈ গোটেই আহোম গাঁও এফালৰ পৰা বখলিয়াই যাব সেইয়া সকলোৱে জানে | গতিকে জানি শুনি জীয়া জুইক নিজৰ  বুকুত কোনে জ্বলাই | সকলো আঁতৰিল | মানুহ নোহোৱাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি আহোম গাঁৱৰ একমাত্ৰ "অ.মু.স.স"ৰ সদস্য বসুধৰ আৰু ৰৄপহীৰ মোমায়েক নীল‍ই ৰাফেলৰ দেহটো দিচাংলৈকে টানি নি খৰস্ৰোতা গতিৰ নদীৰ পানীত বিসৰ্জন দিলে | ততাতৈয়াকৈ আহি জোহালিত বহি থকা মনবৰৰ ওচৰলৈ আহিল | মনবৰৰ চকুত যেন জুইহে ফুটিছে | মোমায়েকেই আৰম্ভ কৰিলে লাহে লাহে
--যি হ’ল হ’ল আৰু | এতিয়া কালিলৈ থানাৰ পৰা মানুহ আহিলেই কথা গভীৰ হ’ব | ৰৄপহীৰ জীৱনৰ কথা এটাও আছে | নকুলনেছীয়া নাজিৰাৰ থানা  গৈ পাই মানে কমেও তিনি ঘন্টা লাগিব | মনবৰ এইখিনি সময়তে আঁতৰি যোৱা ভাল হ’ব | যদি ইচ্ছা কৰা তেন্তে ৰৄপহীক এতিয়াই লগত লৈ যোৱা মনবৰ | ভনীয়েৰৰ ঘৰতে ৰাখিবা | বিপদ নোযোৱালৈকে |
-তাইক ম‍ই ইয়াত নেৰো মোমাইটি | আপোনাৰ কথা মতেই কৰিম |মনবৰে মোমায়েকক কৈ উঠিল | মনবৰে সকলোবোৰ নিজৰ মনৰ কথা কৈ পেলালে মোমায়েকৰ আগত |
-আৰু দেৰি নকৰো মোমাইটি | আমি উঠোঁৱেই | বাকী বিয়াৰ নামত যি নিয়ম অৰা লাগে সেয়া পাচত কৰিম |
         নিজৰ মন আবেগ উত্তেজনা সকলো সামৰি আকৌ নিজ কৰ্ত্তব্যৰ বাবে সাজু হ’ল মনবৰ| মনত আকৌ অহা কালি ৰাতি হ’বলগীয়া অস্ত্ৰাগাৰ লুটৰ মেপখন ভাঁহি উঠিছে | সি  ততাতৈয়াকৈ মাক আৰু মোময়েক নীলক সেৱা এটা জনাই ৰৄপহীক লৈ ওলাই আহিল নেমুগুৰি অভীমুখে | লগত "অ.মু.স.স"ৰ বসুধৰ |আহোঁতে মনবৰেই আৰম্ভ কৰিলে
-ত‍ই ভ্নীটিৰ তাতে থাকিবি ৰৄপ | মোৰ অলপ কাম আছে আজি ৰাতি | মোৰ দেৰি হ’ব |
-কি কাম ?মোক ক’ব নোৱাৰ’ নেকি ?
     চেপা মাত এটাৰে কৈ উঠিল ৰৄপহীয়ে |তাইৰ চকুৰ আগৰ পৰা এতিয়াও নাই যোৱা মনবৰৰ সেই বিধ্বংসী ৰৄপ| তাই সপোনতো ভবা নাছিল মনবৰ তেনেকোৱা হ’ব পাৰে বুলি | ইমান সৰল মানুহটোৱে যে এনেকোৱা এটা ৰৄপ ল’ব পাৰে তাই ভাবিবও পৰা নছিল |
-নোৱাৰো | ত‍ই ভনীটিক এইবোৰ নক’বি | লাহে লাহে তাই নিজেই গম পাব |

                                                                                   (‍৬)

           আধাঘণ্টাৰ ভিতৰত ভনীয়েকৰ ঘৰত ৰৄপহীক লৈ সোমাল মনবৰ |  ভনীয়েক প্ৰথমে আছৰিত হৈছিল যদিও তাৰ পাছত সকলো বুজি পালে | গা পা ধুৱাই ৰৄপহীৰ কপালত এটা ডাঙৰ সেন্দুৰৰ ফোঁট দিবলৈ লওঁতেই শোৱনি কোঠালৈ মনবৰ সোমাই আহিল | ভনীয়েক তৰাই ফোঁট নিদিয়াকৈ য়ে ওলাই গ’ল বৰঘৰলৈ | মনবৰে নিজেই  এটা সেন্দুৰীয়া ফোঁট সাজিদিলে ৰৄপহীৰ কপালত | ৰৄপহীয়ে আবেগত ৰৱ নোৱাৰি সোমাই পৰিল মনবৰৰ নহল বুকুত     |  মনবৰেহে জানে  সি  কি কৰিছে আজি ? যদি ভগৱানে ভাৱে তেন্তে কেইঘণ্টামানৰ বাবেহে ৰৄপহী সধৱা হৈ থাকিব পাৰে | অথবা.........| কপালতে চুমা এটা আঁকি মনবৰ সেমেকা চকুৰে ৰৄপহীক  থৈ সি ওলাই গ’ল উপ অধিনায়ক সৰ্ব্বেশ্বৰ কাকতি আশ্ৰয় লৈ থকা গাঁৱৰ একেবাৰে শেষ মানুহ ঘৰলৈ | লগত ব্সুধৰ  | বসুধৰে মনবৰক একো প্ৰশ্ন নকৰাকৈয়েই বুজি উঠিছিল কিছুমান কথা |  কাকতিক সকলো বুজাই কোৱাত কাকতিয়ে চীত্‍কাৰ কৰি উঠিল | কাকতিয়ে ক’লে মনবৰক
-কালিলৈ পুৱা বা আজি শেষ ৰাতিয়েই তেন্তে ফিৰঙ্গীসোপাই ইয়াত বিচাৰ খোচাৰ আৰম্ভ কৰিব পাৰে | আমি আজিয়েই অস্ত্ৰাগাৰ লুটিব লাগিব |
-তেন্তে ইমানবোৰ মানুহক এতিয়া গোটাব কোনে? মনবৰৰ প্ৰশ্ন |
-তুমিয়েই গোটাব লাগিব | তিনি ঘণ্টাৰ ভিতৰত আমি চেপন পাবি লাগিব | আধাঘণ্টাৰ ভিতৰত অস্ত্ৰাগাৰ লুটি শেষ কৰি দিচাঙেদি ভটীয়াই আমি সকলো যোদ্ধা যাম গোলাঘাটলৈ |তুমি এতিয়াই গাঁৱৰ সকলো যোদ্ধাকে সাজু কৰা | ম‍ইও সাজু হওঁ | সকলোকে খবৰ কৰা |
 কৈয়েই দৰ্জা জপাই যুজঁৰ সাজ পিন্ধাত ব্যস্ত হ’ল কাকতি | একো মতাৰ সুযোগ নিদিলে মনবৰ আৰু বসুধৰক |
           মনবৰ আৰু বসুধৰে কেইমিনিটমানৰ ভিতৰতে প্ৰশিক্ষণ প্ৰাপ্ত সকলোকে গোট খুৱাই ককতিৰ ঘৰলৈ পঠাই দিলে |শেষবাৰলৈ ৰৄপহীক এবাৰ  চাই আহিল মনবৰে | যেন  এদিনীয়া বোৱাৰীহে তাই | ৰৄপহীক অলপ্দেৰিকৈ ঘৰ সোমাম বুলি কৈ ধনু কাঁড়যোৰ নিজৰ ঘৰৰ পৰা লগত লৈ কাকতিৰ ঘৰৰ কাষলৈ আহিল মনবৰ | প্ৰায় দহটা বাজো বাজো হৈছে তেতিয়া | কাকতি আৰু বাকী সকলো বিপ্লৱীয়ে দহখন গৰু গাড়ীত উঠি আৰম্ভ কৰিলে চেপন অভীমুখী যাত্ৰা | কাকতিৰ হাতত অস্ত্ৰ , বাকীবোৰৰ হাতত ধনু আৰু কাঁড় |সকলোৱে আৰম্ভ কৰিলে  দিৰৈৰ পাৰৰ চেপনৰ অস্ত্ৰাগাৰ লুটাৰ সপোন দেখি | "অ.মু.স.স"ৰ সকলো নতুন সদস্যই এক অজান আশংকাত ভুগি আছিল |

          ইফালে নকুলনেছীয়াই কলাফুলত ঘাপ খাই পলাই দিচাংৰ ইপাৰ পালেগৈ | অবিৰাম ৰক্তক্ষৰণ হৈ থকা কলাফুলটো লৈ সি আগুৱাব নোৱাৰা হ’ল | বান্ধি ল’লে সি কলাফুলটো | আগুৱাই থাকিল পাৰে মানে চুচৰি চুচৰি | এইদৰে সি কালিলৈ পুৱাহে পাবগৈ পাৰে | পুৱা পালে নহ’ব | তাৰ আগতেই পাব লাগিব | নহ’লে সি জীয়াই থকাৰ আশাও খীন | এনেকৈ তেজ গৈ থাকিব লাগিলে আধাবাটতে সি মৰিইব সেইটো খাটাং | আৰু অলপ গৈয়েই বহি পৰিল সি | আকৌ অলপ আগুৱালে লাহে লাহে | আকৌ বহি পৰিল | বুজি উঠিছে সি | তাৰ জীৱনৰ সীমাৰেখাডাল বেছি দূৰলৈ আগুৱাই নাযায় | আকৌ দুগুণ মনোবলেৰে আগুৱালে সি |নাজিৰা  গৈ পাওঁতে পাওঁতে কাউৰীয়ে কা কৰিলেই | থানাত সোমায়েই নকুলনেছীয়া ঢলি পৰিল লগৰ চিপাহী বঙালী চিপাহী ৰবীন্দ্ৰ চক্ৰবৰ্ত্তীৰ কোলাত | ৰবীন্দ্ৰৰ চিঞৰত অফিছাৰ নিক’লছন আৰু বাকী ইংৰাজ চিপাহীসকল উঠি আহিল | কেইটামানহে শব্দ উচ্ছাৰণ কৰিব পাৰিলে সি অফিছাৰ নিক’লছনৰ আগত " ছাৰ , ৰাফেল মৰ গয়া.....আহ....হিক...কল নেমুগুৰি মে....চভা হেই.....দি......চা........ং........ক......এ....এ.....|বাক্যটো সম্পূৰ্ণ কৰিবলৈ নৌ পাওঁতেই ঢলি পৰিল নকুলনেছীয়া ৰবীন্দ্ৰৰ কোলাত | কথাবোৰ শুনিয়েই নিক’লছনৰ দাঁত কৰছি উঠিল | চীত্‍কাৰ কৰি আদেশ দিলে " ফুৰে বেটেলিয়ন ক’ জগাও , ৰেদি ৱিথ আৰ্মছ | হামল’গ সুভহ হী নিকল জায়েঙ্গে  বি ৰেদি ” | আদেশ দিয়েই নিজৰ ৰুমত থকা ব্যক্তিগত অস্ত্ৰবোৰ পৰীক্ষা কৰাত লাগিল নিক’লছন |
 
          ৰাতি ১২ বজাত গৈ পালে দিৰৈৰ নদীৰ পাৰ কাকতিৰ দলটোৱে | দুৰ্বল নদীখন পাৰ হৈয়েই ১ কিঃ মিঃ আঁতৰত অস্ত্ৰাগাৰটো | কাকতিয়ে তাতে দলটো ৰখাই নিজেই এজন লৈ আগতে ৰক্ষী বাহিনীৰ শক্তিৰ উমান ল’বলৈ গ’ল | ১৫ মিনিটমান পাছত ঘুৰি আহি সকলোকে কেনেকৈ আক্ৰমণ কৰিব লাগিব বুজাই ক’লে | আঠ জনীয়া ৰক্ষী দলটোএকেলগে কাবু কৰি বেৰেকত থকা বাকী আঠজনকো সাজু হোৱাৰ আগতেই মৄত্যুৰ শীতল নিদ্ৰাত শুৱাই গোদাম লুটিব লাগিব | ৱায়াৰ্লেছৰ খবৰত মৰাণৰ পৰা আহিব লগা জোৰদাৰ বাহিনী চেপন পোৱাৰ আগতেই দিৰৈ দলং পাৰ হৈ দলং খন ভাঙি দিচাঙ অভীমুখে আগবঢ়াই মূল আচনি | আগবাঢ়িল সকলো | কাকতি্ৰ নিৰ্দেশ মৰ্মে ৩৯ জনৰ সকলোৱে আগুৰি ধৰিলে মনে মনে অস্ত্ৰাগাৰটো |ঘন হাবিৰ মাজৰ পৰা ধনু কাঁড়েৰে প্ৰত্যেকজন চিপাহীক লক্ষ্য কৰি ল’লে বিপ্লৱী সকলে | কাকতিৰ সংকেতসূচক "বাক চৰাই"ৰ মাত এটাত একেবাৰতে এটা এটা মৰণকাতৰ চিঞৰ মাৰি ধলি পৰিল আঠ্জন চিপাহী | বাকী বেৰেকত থকা আঠজনক কাকতি আৰু মনবৰৰ নেতৄত্বত ১২ জনে আক্ৰমণ কৰি ধৰাশায়ী কৰিলে | কিন্তু বেৰেকৰ পৰা উলাই আহিবলৈ লওঁতেই পিচফালৰ পৰা ইংৰাজ চিপাহী এজনৰ শুই শুই মৰা এটা গুলীত কাকতিৰ বাওঁ বাহু ভেদী গ’ল | বাগৰি পৰিল কাকতি | খঙত মনবৰে চিপাহীটোৱে দ্বিতীয়টো গুলী চলাবলৈ পোৱাৰ আগতেই প্ৰচণ্ড ঘাপ এটাৰে ডিঙিটো দুচেওঁ কৰি দিলে | যেন তাৰ বাবে সেইটো এটা সাধাৰণ কথাহে | কাকতিৰ চকু বিষৰৰ মাজতো বহল হৈ গ’ল মনবৰক দেখি |

        খৰতকীয়াকৈ অস্ত্ৰাগাৰৰ পৰা সকলো বন্দুক বাৰুদ দিৰৈৰ ্পাৰত থকা গৰু গাড়ীত বোজাই দি বিচাৰি অহা ফিৰঙ্গীসোপা আহিব নোৱাৰাকৈ দিৰৈৰ দলঙখন ভাঙিপেলালে বিপ্লৱীদলটোৱে | খৰতকীয়া গৰুগাড়ীৰ খোজেৰে  আগবাড়িল দলটো দিচাঙ অভীমুখে | মনবৰৰ মনত আকৌ এবাৰ ভাঁহি উঠিল ৰৄপহীৰ মুখখন | নতুন বোৱাৰী হৈ কেনেকৈ যে শুইছে তাই | কেতিয়াবা লগ পাব তাইক আকৌ | কাকতিৰ নিৰ্দেশ মৰ্মে এতিয়াই দিচাঙত বান্ধি থোৱা নাৱত উঠি ভটীয়নী যাত্ৰা কৰিব লাগিব গোলাঘাটলৈ | মনবৰে আৰু ভাবিব নোৱাৰিলে | হুমুনিয়াহ এটা পেলাই উঠি অহা গৰু গাড়ীখনৰ লণ্ঠনটোলৈ একেঠিৰে চাই ৰ’ল |

            ৰৄপহীয়ে বিচননাত পৰি পৰি ভাবি আছিল গোটেই ঘটনাটো | ক’ৰ পৰা যে কি হৈ গ’ল | মাত্ৰ কেইপৰমান আগলৈকে তাই মাকৰ বুকুৰ আপোন জীয়ৰী আছিল | এতিয়া মনবৰৰ পত্নী | কিন্তু পত্নী হোৱাৰ পাছত ফুলশয্যাৰ নিশা অকলশৰে বিচনাত পৰি থাকিব লগা হৈছে| হঠাত্‍ এটা ডাঙৰ শব্দ আৰু লগে লগে কেইটামান আৰু সৰু সৰু শব্দ শুনি বুকু কঁপি উঠিল ৰৄপহীৰ বুকু | কিবা এক অজান আশংকাই ডুবাই পেলালে ৰৄপহীৰ দেহ মন | কোনোদিন শুনি নাপালেও বন্দুকৰ শব্দ যেন লাগিল ৰৄপহীৰ সেইকেইটা শব্দ |

             ইফালে পুৱাই যাত্ৰা আৰম্ভ কৰিলে নিক’লছনে নেমুগুৰি অভিমুখে |লগত থকা সকলো মাৰনাস্ত্ৰ সাজু কৰি | প্ৰয়োজনতকৈ অধিক গুলী বোজাই দিলে গাড়ীত | যাতে কোনো বিপ্লাৱী পালে সমূলঞ্চে নাশ কৰিব পাৰি | সভা হোৱাৰ কথাটোৱে ব্যতিবস্ত কৰি তুলিছে নিক’লছনক | ৰাফেলক হেৰুৱালেই | প্ৰতিশোধৰ জুইত জ্বলি উঠিল নিক’লছনৰ চকু |  কাকো যেন ৰেহাই নিদিব |

                                                                               (৭)
 
           নৰেশ্বৰে পুৱাই সকলো জা যোগাৰ কৰি পেলালে সভাখনৰ | ৰাতিপুৱাই খবৰ এটা পালে সি লগৰে শান্তি সমদলৰ সদস্য বৄকোদৰৰ পৰা | কিবা মনবৰে হেনো ৰৄপহীক পলোৱাই আনিলে ৰাতিয়েই | ক’ত আহিব সি আৰু | এতিয়া চাগৈ কৰ্ম ধৰ্ম কৰাত ব্যস্ত | মোকো খবৰ এটা দিব নোৱাৰিলে সি |  ৮ টা বজাত আৰম্ভ হ’ব লগা সভাখনলৈ লাহে লাহে এক দুই মানুহ আহিব ধৰিলে | মানুহ বহোৱাই লৈ  নৰেশ্বৰে আৰম্ভ কৰিলে সভাৰ উদ্দেশ্য | সভা আৰম্ভ হোৱাৰ ঠিক আধাঘণ্টা পাছতেই গৰু গাড়ী সহ নিক’লছন আৰু বেটেলিয়ন বাহিনী হাজিৰ হ’ল | বেটেলিয়ন দেখিয়েই বহি থকা ডেকা ল’ৰাসকল উঠি লৰ মাৰিব ধৰিলে | নিক’লছনে ঠিৰাং কৰিলে নকুলনেছীয়াই কোৱা সভা আৰু সিহঁতেই বিপ্লৱী | বেটেলিয়ন বাহিনীক আদেশ কৰিলে নিক’লছনে "টেক পজিছন " | শাৰীপাতি বন্দুক টোঁৱাই থিয় হৈ ৰ’ল বন্দুক বাহিনী | মানুহবোৰে আৰু ভয় খালে | নৰেশ্বৰে স্তিৰ হৈ থাকিবলৈ কৈ কৈ ভাগৰি গ’ল | নিক’লছনে আদেশ কৰিলে "ফায়াৰ" | ২০ জনীয়া বন্দুকধাৰীৰ গুলীত ঢলি পৰিল প্ৰায় ৫০ জন তিৰি মুনিহ সহিতে ল’ৰা ছোৱালী | প্ৰথম গুলীটো লাগিল নৰেশ্বৰৰ গাত | একেবাৰে ওচৰৰ পৰা মৰা গুলীটোৱে কেইফুটমান পিছলৈ ঠেলি নিলে নৰেশ্বৰক | তাৰ পাছত বাকীবোৰো ঢলি পৰিল | ৰক্তাক্ত হৈ পৰিল শান্ত শিষ্ট নেমুগুৰি |আকৌ এবাৰ কলংকিত ইতিহাস লিখিলে অফিছাৰ নিক’লছনে নিজৰ জীৱনৰ |কিন্তু নিক’লছনৰ মুখত নিষ্ঠুৰ হাঁহি | তেজেৰে তুমুৰলি পথাৰত কান্দোনৰ ৰোল উঠিল | এনে কান্দোনে নিলচনৰ হৄদয় গলাব নোৱাৰে | গাঁৱৰ সকলো দৰ্জা বন্ধ হ’ল | কলংকিত হ’ল নেমুগুৰি প্ৰথমবাৰৰ বাবে নিৰীহৰ তেজেৰে | কিজানি শেষবাৰৰ বাবেও | নিক’লছন উভতিব লওঁতেই দ্বিতীয় প্লেটুনৰ চিপাহী ৰবাৰ্টৰ চিঞৰি কোৱা ৰিপৰ্টিং " ছাৰ , একচুৱেল মেম্বাৰছ অৱ ৰিভলিউচন গয়িং টুৱাৰ্ডছ দা ৰিভাৰ "দিচাং", ডিজ আৰ ইন’চেণ্ট পিপ’লছ....ডে কিলড আৱাৰ বেটেলিয়ন "  | নিক’লছনে কথাষাৰ শুনিয়েই আদেশ কৰিলে প্লেটুনটোক "ম’ভ , মভ টুৱাৰ্ড্ছ ৰিভাৰ "
 
           ৰৄপহী আৰু মনবৰ ভনীয়েকক থৈ পুৱাই মনবৰৰ ভনী জোঁৱায়েক ওলাল মনবৰক বিচাৰি | যোৱাকালি ঘটনাৰ পাছত ক’লৈ গৈছে বৌয়েকেক ৰাখি সি | প্ৰশ্নটোৱে খু দুৱাই আছিল ভনীজোঁৱায়েক হৰেণৰ মনত | তাৰ কথা সোধাত সকলো মানুহে মনবৰৰ সখীয়েক নৰেশ্বৰে আয়োজন কৰা সভাত থাকিব পাৰে বুলিহে উত্তৰ দিলে | ভনীজোঁৱায়েকে হৰেণেও তালৈকে বুলি খোজ ল’লে | সভাৰ কাম ইতিমধ্যে আৰম্ভ হৈচিল |অলপ দেৰি ডিঙি মেলি মেলি  মনবৰক বিচাৰিব লওঁতেই ডেকা ল’ৰাবোৰক ফৰিং চিটিকা দি পলোৱা দেখিহে গাত সম্বিত আহিল যে ইতিমধ্যে ফিৰঙ্গী চিপাহী আহি উপস্থিত হৈছে | সিও একো নভবাকৈ লৰ ধৰিলে | মিছামিছি ফিৰঙ্গীসোপাৰ লাঠীৰ কোব খাই কি লাভ ? পিছে আজি হৰেণৰ ভাগ্যত বেলেগ কিবাহে লিখা আছিল | ১০ ফুটমান যাবলৈ নওঁ পাওঁতেই মূৰৰ লাওখোলা এটা এনফিল্ড ৰাইফলৰ গুলীয়ে বখলিয়াই লৈ গ’ল | দেহাটোৰ মুৰৰ তলৰ অংশ কপি কপি ভীমকলৰ গুৰিৰ দৰে ঢলি পৰিল |

        ইফালে হৰেণ ওলাই যোৱাৰ পাছতেই একেবাৰে ওচৰত গুলীৰ শব্দ শুনি ঘৰৰ ভিতৰতে পেপুঁৱা লাগিল বনবৰৰ ভনীয়েক আৰু ৰৄপহী |গুলীৰ শব্দবোৰে ভয়ত বিতত কৰাৰ ওপৰিও ভবাই তুলিলে ৰৄপহীক | ওলাই আহিব খোজা কান্দোনটো চেপি ধৰি আঁচলৰ আগটো ককাঁলত খুচি ওলাই আহিল ৰৄপহী মুলপথৰ ফালে | নেমুগুৰিৰ মৄতদেহৰ বজাৰ হোৱাঠাই টুকুৰা পাইয়েই মাত বন্ধ হৈ গ’ল তাইৰ | দুইগালেদি চকুলো বাগৰি আহিল | উদ্দেশ্যহীন ভাৱে তাই খোজ আগবঢ়াব লওঁতেই ওচৰৰে গাঁৱৰ বগলী বুঢ়াই কান্দি কান্দি ক’লে " আই নাতিটোৱে ইয়ালৈ কি হৈছে চাবলৈ আহিছিল | এতিয়া তাক ক’ত বিছাৰো? পুৱাই তোমালোকৰ গাঁৱৰ মনবৰক গাঁৱৰ মাজৰ ৰাষ্টাৰ মাজেদি বন্দুক বাৰুদ লৈ যোৱা দেখিছো | কি হৈছে এইবোৰ অ’আই ? ইয়াত দেখিছো মৰাশ’ৰ বজাৰেই বহুৱাই গ’ল কটা নিধক সোপাই ..হুক হুক হুক " একেলগে কন্দি উঠা হাজাৰজন মানুহৰ মাজত হেৰাই গ’ল বুঢ়াৰ কান্দোনৰ সুৰ | ৰৄপহীয়ে আৰু দেৰি নকৰিলে বুঢ়াৰ কথা শুনি | খৰখোজেৰে আগবাড়িল দিচাঙৰ পাৰৰ মাকৰ ঘৰৰ ফালে |
  
          প্ৰায় পুৱা ৫ টা বজাত নেমুগুৰি পালে কাকতিৰ বাহিনীটোৱে , কিন্তু ৰাফেলৰ মৄত্যুৰ বাতৰিয়ে যে অফিছাৰবোৰক উত্তেজিত কৰিব পাৰে সেই  বিষয়ে জ্ঞাত আছিল কাকতি | সেই বাবে মূল পথেদি নগৈ খোজ কাঢ়ি গাঁৱৰ মাজে মাজে যোৱাৰ সিদ্ধান্ত ল’লে | অলাগতিয়াল বস্তু বাহিনী বাদ দি কেৱল অস্ত্ৰ শস্ত্ৰ আৰু বাৰুদ কান্ধত বোজাই কৰি ল’লে "অ.মু.স.স"ৰ কাকতিৰ অধীনৰ দলটোৱে | বিপ্লৱীৰ দলটোৱে  মূলপথ গা এৰা দি যাওঁতে দেখিলে নিক’লছনক নিজ বাহিনীৰ স’তে | কোনোমতে অস্ত্ৰৰ বোজাবোৰৰ স’তে লুকাই হাৰিল বাহিনীটো | গাঁৱলীয়া লুংলুঙীয়া পথেৰে খৰতকীয়া খোজেৰে আগবাঢ়িল দলটো |অলপ সময়ৰ পাছত সকলোৰে কানত পৰিল গুলীৰ শব্দ | বুজি উঠিল সকলোৱে | তাৰ মাজৰে হয়তো কোনোবাই কাৰোবাক হেৰুৱালে | কোনোবাই মাকক কোনোবাই ভায়েকক | শোকাৰ্ত হৈ উঠিল দলটো | কিন্তু অলপ পাছতেই কাকতিৰ বুজনিত সকলো আকৌ কঠোৰ হৈ উঠিল | লক্ষ্য দিচাঙৰ পাৰ | সোনকালেই নাঁৱত বোজাই দি নাঁৱ মেলি দিব লাগিব |দুই ঘণ্টামানৰ পাছত দলঙৰ ওচৰত উপস্থিত হৈয়েই দেখে ইফালৰ পৰা আহি আছে নিক’লছনৰ প্ৰায় বিশজনীয়া দ্বিতীয়  দলটো | গধুৰ বোজা কেইটা লুকোৱাই থৈ গোটেই কেইজন বিদ্ৰোহী লুকাই পৰিল | সকলোৱে এটা মাৰণাস্ত্ৰ হাতত ল’লে |সকলো সাজু | ফিৰঙ্গীদলটোৱে  দলংখন পাৰ হোৱাৰ পাছতেই প্ৰায় মূলপথৰ দুই কাষে লুকাই থকা কাকতিৰ দ’লটোৱে গুলীবৰ্ষণ আৰম্ভ কৰিলে | সকলোবোৰ ধৰাষায়ী হ’ল | মাত্ৰ এজন পলাই হাৰিল | নেমুগুৰিৰ ফালে দৌৰি পলাই যোৱা চিপাহীজনেই আছিল ৰবাৰ্ট |
 
         প্লেটুনটোৰ হাতত পোৱা সকলো অস্ত্ৰ শস্ত্ৰ বুটলি দিচাঙৰ গড়াৰ কাষত লুকাই ৰখা নাঁও কেইখন উলিয়াই অনাত ব্যস্ত হ’ল মনবৰ আৰু সতীৰ্থগন | কাকতিয়ে মনবৰক আদেশ দিলে " আমি নাওঁকেইখন উলিয়াম | তুমি দলঙখন পেলোৱাৰ ব্যৱস্থা কৰা |লগত দুজন নিয়া | দলঙখন বগৰাই দিলে ফিৰঙ্গীসোপাই ভাবিব আমি ইপাৰ হৈ গৈছো | নিধকসোপাই নাঁও যোগাৰ কৰি পাৰ হৈ আমাক বিচাৰি নাপাই ঘুৰি অহালৈ আমি বহুত দুৰ আগুৱাব পাৰিম | যোৱা | যোৱা এতিয়াই " কথামতেই মনবৰে বন্দুকটো কান্ধত ওলমাই পিন্ধি থকা চুৰিয়াখন চুটি কৰি পোন্ধ এটা মাৰি আগবাঢ়িল | বাৰুদখিনি ঠিক ঠাক কৰি শলিতাডালত জুই লগাবলৈ লওঁতেই ৰৈ গ’ল সি | গুৰুপ..গুৰুপ...তাৰ বুজিবলৈ বাকী নাথাকিল সেয়া যে ফিৰঙ্গীৰ জোতাৰ শব্দ | ততাতৈয়াকৈ জুই দি দৌৰি আহিল নাঁৱৰ কাষলৈ | ইতিমধ্যে নাঁওবোৰ সাজু হৈছে |
-চিপাহীবোৰ পালেহিয়েই | আপোনালোক আঁতৰ হওক | মোক অলপ গুলী দিয়ক | আপোনালোক যাওক মহাশয় | কাকতিক উদ্দেশ্যি কৈ উঠিল মনবৰে |
-কিন্তু মনবৰ তুমি কি কৰিবা ?
-মূৰ কথা চিন্তা নকৰিব মহাশয় | বিপ্লৱ দীৰ্ঘজীৱি কৰক | আমাৰ দেশকখনক মুক্ত কৰক | এই বুলি কৈয়েই গুলীৰ বাকছৰ পৰা অলপ গুলী নিজৰ বনিয়নৰ ভিতৰত ভৰাই ল’লে মনবৰে , লগত ল’লে এটা বাৰুদ | নাঁৱ কেইখন ঠেলি দি অলপ সময় তভক মাৰি চাই ৰ’ল সি কাকতিলৈ | কাকতিয়েও চালে | কাকতি নিজ কৰ্তব্যৰ কাৰণে মনবৰক অকলে এৰি কিবা এক দুখত ডুবি গ’ল |

         গুৰুপ....গুৰুপ |জোতাৰ শব্দত সি সচকিত হৈ উঠিল  | দৌৰ মাৰি  মূলপথটো পাৰ হৈ সিপাৰলৈ গুছি গ’ল সি লুকাবলৈ | উদ্দেশ্য তাক ধৰিলেও সি কাকতিহঁতৰ বিপৰীত দিশত দৌৰিব |জোপোহাৰ আঁৰত লুকাই বাৰুদটো উলিয়াই নিক’লছন বাহিনীৰ  অপেক্ষাত ৰ’ল মনবৰ |

        অলপ পাচতে আহি পালে নিক’লছনৰ বাহিনী | সাৱধানে গণি পেলালে মনবৰে গোটেই বেটেলিয়নটো | মুঠ ৩৫ জন | বৰুদটো পেলালে কমেও ২০ জন ঘায়ল হ’ব | তাৰ পাচত স্থান সলনি কৰি গুলীয়াই বাকীবোৰক কাবু কৰিব লাগিব | নহ’লে চিকাৰী কুকুৰে বিচাৰি উলিওৱাৰ দৰে কাকতিহঁতক বিচাৰি উলিয়াব ফিৰঙ্গীমখাই | আৰু চিন্তা নকৰি বাৰুদটো জুমৰ মাজলৈ দলিয়াই দিলে মনবৰে | বিকট শব্দ এটা কৰি ফুটি উঠিল বাৰুদটো ইংৰাজ চিপাহীৰ জুমৰ মাজত | মনবৰে স্থান সলনি কৰি দেখে ২২ জন আঘাত পাই উঠিব নোৱাৰা হ’ল | বাকী থকা কেইটাই নিক’লছনৰ নিৰ্দেশত তত্‍কালে লুকাই সি বাৰুদ দলিওৱা ঠাইলৈ অবিৰাম গুলী বৰ্ষণ কৰিলছে |তাৰ বন্দুকটো পোনাই আকৌ চাৰিটাক ধৰাশায়ী কৰিলে সি | নিক’লছনে একো বুজিব পোৱাৰ আগতেই | নিক’লচনক চাব পৰা নাই সি | ঢাকি ৰাখিছে সি নিজকে বাকী থকা চিপাহীকেইটাৰ আঁৰত | মনবৰে চুঁচৰি স্থান সলাওঁতে কানৰ কাষেদি এটা গুলী পাৰ হৈ গ’ল | সি যি ঠাইৰ পৰা গুলী মাৰিছিল , মানুহ নেদেখি তালৈকে গুলীয়াইছে ফিৰঙ্গী চিপাহীয়ে | বাকী থকা কেইটাকো কাবু কৰিবলৈ বেছি সময় নালাগিল মনবৰৰ | তাৰ আগত এতিয়া কেৱল নিক’লছন | নিক’লছনৰ মুৰলৈ বন্দুকটো টোঁৱাই ট্ৰিগাৰ টিপিবলৈ লওঁতেই দেখে গুলী শেষ হৈছে | মাটিত গোৰ এটা মাৰিলে সি | জোপোহাৰ আঁৰেৰে দেখে নিক’লছনৰ বন্দুক খালী হৈছে | লুকাই লুকাই নিক’লচনক পাছফালৰ পৰা জাপ মাৰি  জপটিয়াই ধৰিলে মনবৰে | শক্তিশালী নিক’লছনেও মনবৰক আগফাললৈ  টানি মূলপথৰ ওপৰত পেলাই এটা প্ৰচণ্ড গোৰ সোধালে | মনবৰ কেঁকাই উঠিল | সময়ৰ অপব্যয় নকৰি নিক’লছনে ককাঁলত থকা তৰোৱালখনেৰে এটা প্ৰচণ্ড ঘাপ দিয়ে মনবৰ পিঠিত | ভাগ্য মনবৰে বাগৰ মাৰি উঠি গ’ল | মনবৰেও ককাঁলত থকা মিতদাখন উলিয়াইল’লে | ৰাফেলক কটাৰ পাছত সেইখন তাৰ ককাঁলতেই আছিল | দুইটাই গোনা ম’হৰ দৰে যুঁজি থাকিল | এবাৰত মনবৰক ঠেলা মাৰি পেলাই নিক’অলছনে তৰোৱাল খন মনবৰৰ বুকুত গুঁজি দিব লওঁতেই মনবৰৰ মিতদাখন নিক’লছনে তৰকিবলৈ পোৱাৰ আগতেই তলপেটৰ আধালৈকে সোমাই গ’ল | চীত্‍কাৰ কৰি ঊঠিল নিক’লছনে |বাগৰি পৰিল নিক’লছন মনবৰৰ গাৰ ওপৰতে | মিতদাখন ৰাস্তাৰ ওপৰতে দলিয়াই উঠি দেখে দূৰৈৰ পৰা দৌৰি আহিছে ৰৄপহী | দৌৰি আহি ৰৄপহীয়ে সাৱটি ধৰিলে মনবৰক | কিন্তু ৰৄপহীয়ে সাৱটি ধৰাৰ লগে লগেই পিছফালৰ পৰা কিবা এটা পিঠিত সোমাই যোৱা যেন পালে মনবৰে | ৰৄপহীক ঠেলি আঁতৰাই পিছফালে ঘুৰি চাই দেখে তৰোৱালখন তাৰ পিঠিত আধালৈকে গুজি ঠিয় হৈ আছে নিক’লছন | মুখত সেই কুটিল হাঁহিটো | ৰাস্তাত পৰি থকা বন্দুকৰ আগত লগোৱা চুৰি এখন বুটলি মনবৰে চিঞৰ এটা মাৰি খেদি গ’ল নিক’লছনক | " কুকুৰৰ পুতেক, পাছফালৰ পৰা মাৰ !!  এনেয়ে মানুহবোৰে কোৱা নাই ইংৰাজে পাছফালৰ পৰা মাৰে বুলি " এই বুলি কৈয়েই গোটেই চুৰিখন নিক’লছনৰ পেটত সোমৱাই ঠেলি নি দুইটাই ৫০ ফুট ওখ গড়াৰ পৰা দিচাঙত পৰি দিলে | দৄশ্যটো দেখি ৰৄপহীয়ে দৌৰমাৰি আহি তললৈ চাই দেখে ইতিমধ্যে ডাঙৰ পকনীয়া এটা মাৰিছে দিচাঙৰ মাজত | তাইৰ বুজিবলৈ বাকী নাথাকিল | তাই চকু পানী মোহাৰি অলপ ওখ গড়া এটা চাই শৰীৰৰ সমস্ত শক্তিৰে নদীলৈ বুলি জাপ দিলে মনবৰক পকনীয়াৰ মাজত বিচাৰি............

          কাকতিয়ে নাঁৱ বাই বাই গৈ আছে | গুৰি বঠা ধৰিছে | নাঁৱৰ মাজত মনবৰে সহায় কৰি লুটি পঠোৱা অস্ত্ৰবোৰ | পাছলৈ উভতি চাওঁতে এবাৰ দেখে তিনিটা মৰাশ একেলগে উপঙি আহিছে | এটাৰ গাত ইংৰাজ কাপোৰ | এটা মহিলাৰ সাজৰ | আৰু...আৰু আনটো !! কাকতিৰ চিনিবলৈ বাকী নাথাকিল | চুটিকৈ পোন্ধ মৰা সেইয়া মনবৰৰ মৰাশ | লাহে লাহে উপঙি আহিছে বিপ্লৱ দীৰ্ঘজীৱী কৰিবলৈ | চকুহাল আকৌ এবাৰ সেমেকি উঠিল কাকতিৰ......

আত্মজাহ -প্ৰথম পৰ্ব (উপন্যাসিকা)


     স্বাধীনতাৰ আন্দোলন পুৰ্নগতিত চলি থকাৰ সময় | ১৯২৮ চন | ভাৰতৰ বিভিন্ন প্ৰান্তত স্বাধীনতাৰ জুই জ্বলিছে | খবৰবোৰ উফৰি উফৰি আহিছে মানুহৰ কাণলৈ | তেনেকোৱা সময়তে আমাৰ নেমুগুৰি অঞ্চলতো অলপ চলপ গুজৱ চলিছে আন্দোলনৰ কুচকাৱাজৰ | শিৱসাগৰৰ সদৰৰ পৰা ২৭ কিঃ মিঃ আঁতৰত থকা এটা শান্তিপূৰ্ণ ঘন জনবসতিপুৰ্ণ অঞ্চল হ’ল নেমুগুৰি | পূৱে দিৰৈ নদী |ওপৰত এখন বাঁহৰ দলং | পশ্চিমে দিচাং নদী |দিচাঙৰ ওপৰতো এখন বাঁহৰ দলং |   নদীদুখনে নেমুগুৰিক প্ৰায় শিৱসাগৰৰ মূল ভূ খণ্ডৰ পৰা ভৌগলিক ভাৱে খণ্ডিত কৰি ৰাখিছে | বাৰিষা হোৱাৰ লগে লগেই সদৰৰ পৰা প্ৰায় বিছিন্ন হৈ যায় নেমুগুৰি | একমাত্ৰ নাৱৰ বাহিৰে অন্য দলঙৰ ব্যৱস্থা নাথাকে নদী দুখনত ইপাৰ সিপাৰ হ’বলৈ  | পশ্চিমে আৰু অলপ  ভটীয়াই আহিলেই পোৱা যায় চুনপুৰা আৰু ইতিহাস প্ৰসিদ্ধ গড়গাওঁ | তাৰ পাছত নাজিৰা | নাজিৰাতে আছে ব্ৰিটিছৰ হেদ কোৱাৰ্টাৰ | ফিৰঙ্গী সোপাই কিন্তু একোৱেই গুৰুত্ব নিদিয়ে বকতাৰ এই সৰু নেমুগুৰি অঞ্চলক | কাৰণো নথকা নহয় | কাৰণ ধান খেতিৰ বাহিৰে একো উত্‍পাদন নাই ইয়াত | না তেল না চাহপাত | গতিকে পষেকীয়া কৄষি কৰ তোলাৰ বাহিৰে আৰু আন কামলৈ নাহে ফিৰঙ্গীমখা | কোনো সামৰিক আস্থানো তৈয়াৰ কৰা নাই ইংৰাজে ইয়াত | এবাৰ চেপনৰ অস্ত্ৰাগাৰলৈ বাৰুদ কঢ়িয়াই নিয়া গাড়ী দুৰ্বল বাঁহৰ দলংৰ পৰা বাগৰি পৰাত যাতায়তো এইফালে বন্ধ কৰি দিয়া হৈছে | একমাত্ৰ দিচাংৰ দলংৰ ওচৰলৈকে পষেকত এবাৰ নিমখৰ গাড়ী লৈ ফিৰঙ্গীসোপা আহে আৰু ভাৰ কৰি দলং পাৰ কৰি নেমুগুৰিলৈকে গৰু গাড়ীত আনি সোপা সোপে কৄষি কৰ তুলি বিনিময়ত নিমখ আৰু অন্যান্য প্ৰয়োজনীয় কাপোৰ কানি বিক্ৰী কৰি গুছি যায় | বাকী প্ৰয়োজনীয় সামগ্ৰী ৰাইজে স্থানীয় বজাৰতে ক্ৰয় কৰে |  এইয়াই নেমুগুৰিৰ দৈনন্দিন জীৱন | খেতি খোলা, ইংৰাজক কৰ দিয়া আৰু স্থানীয় ৰং ৰহ‍ইচ |

       পিছে শেহতীয়াকৈ চকুত পৰিছে ইংৰাজ চোৰাংচোৱাৰ এই সৰু ঠাই খনৰ ওপৰত | কাৰণ ইতিমধ্যে গোলাঘাটৰ চোৰাংচোৱাৰ খবৰ অনুসৰি অসমৰ সশস্ত্ৰ বিপ্লৱী গোট " অসম মুক্তি সংগ্ৰাম সমিতি"ৰ উপ মূখ্য অধিনায়ক সৰ্ব্বেশ্বৰ কাকতি ছদ্মবেশে গোলাঘাটৰ পৰা নেমুগুৰিৰ উপ গোট এটাক নেতৄত্ব দিবলৈ বকতাৰ এই সৰু ঠাইখনিত উঠিছেহি | ইতিমধ্যে নেমুগুৰি নাথ গাঁৱৰ মুখিয়ালে তলে তলে এখন সভা আহ্বান কৰি যুৱকসকলক উদ্বুদ্ধ কৰি তুলিছেই বিপ্লৱৰ প্ৰতি | কিন্তু কৰ তুলিবলৈ পষেকীয়াকৈ আহি থকা নাজিৰাৰ ইংৰাজ চিপাহীয়ে একোকেই গম নাপায় ইয়াৰ বিষয়ে | কেৱল এই শান্তিপূৰ্ণ ঠাইখনত যেন নিমখ বিলোৱাই যেন কাম ইংৰাজৰ |

      নেমুগুৰিত ইংৰাজে নিমখৰ ওপৰত কৰ আৰু অধিকাৰ সাব্যস্ত কৰাৰ আগতে নিমখ ব্যৱসায়ৰ ৰজা আছিল মনবৰ নাথ | নাথ গাঁৱৰ মনবৰ নাথ | শিৱসাগৰৰ কেঁয়াৰ গোলাৰ পৰা নিমখ পাইকাৰী হাৰত ধানৰ বিনিময়ত আনি নেমুগুৰিত খোলাকৈ বেচাৰ ব্যৱসায় আছিল মনবৰৰ | আঠ-ন বস্তা নিমখ আনি খোলাকৈ বেচাৰ কামেই হ’ল মনবৰৰ |ভাল মুনাফা লুটি আছিল সি | খেতি খোলা  ভনী জোঁৱায়েকেক গতাই ব্যৱসায় আৰু বাকী কামতো চফল ডেকাটি হৈ ঘুৰি ফুৰিছিল |একমাত্ৰ আপোন ভনীয়েকক বিয়া দিয়াৰ পাছত সি প্ৰায় অকলশৰীয়াই হৈ গৈছিল | কিন্তু দিচাংৰ পাৰৰ ৰৄপহীক পোৱাৰ পাছতহে অলপ দুখ পাতলিছে | বিয়া দুইটাৰ মাজত প্ৰায় খাটাঙেই | কিন্তু মাকে অলপ বাধা নিদিয়া নহয় | হেজাৰ হ’লেও দুইটা বেলেগ জাতিৰ | ৰৄপহী আহোম, সি যোগী | ৰৄপহীক পোৱাৰ আগলৈকে সি প্ৰায় এটা বনৰীয়া ম’হৰ নিচিনা যতে ত’তে মহতীয়াই ফুৰিছিল বুলিব‍ই পাৰি | কিন্তু নিমখৰ ওপৰত কৰ লগাবৰ পৰাই ফিৰঙ্গী সোপাই নিমখৰ বজাৰ নিজৰ হাতলৈ নিলে | তাৰ পাছতেই তাৰ ব্যৱসায়ৰ সিমানতে সামৰণি পৰিল | নিজে ব্যৱসায় কৰি খোৱা নিমখ যেতিয়া বেছি দামত কিনি আনে ইংৰাজৰ পৰা সি মনে মনে ভোৰভোৰাই কেতিয়াবা সি খঙত " কটা হাইজাত যোৱা ফিৰঙ্গীহঁত , থুই" | দুপ‍ইচা নঘটিলে সংসাৰ পাতিব নোৱাৰিম বুলিয়েই সি আকৌ খেতি খোলাত হাত দিছে ভনী জোঁৱায়েকৰ সৈতে | ক্ষ্ট হৈছে তাৰ | কিন্তু অহা ব’হাগত ৰৄপহীক নিজৰ কৰি আনিব‍ই লাগিব যে , সেয়ে গাৰ কষ্ট গাতে মাৰ নিয়াইছে সি | পিছে খেতি খোলাৰ লগতে এইকেইদিন আৰু এটা উত্‍সাহে তাক আগুৰি আছে | গাঁৱৰ গাঁওবুঢ়াৰ ঘৰত বহা সভাখনত কিছুমান কথা শুনাৰ পাছতেই তাক ফিৰঙ্গীহীন অসম এখনৰ (আছলতে সি ফিৰঙ্গীহীন নেমুগুৰিৰ কথাহে ভাবিছে) সপোনে খেদি ফুৰিছে | আকৌ সি গৰুগাড়ীখনৰ আগত লণ্ঠন ওলমাই কেঁয়াৰ দোকানৰ পৰা নিমখ অনাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছে | সি কৰিব‍ই এই স্বাধীনতা আন্দোলনৰ কাম | "স্বাধীনতা আৰু মুক্ত বতাহ আমাৰ জন্মস্বত্ব অধিকাৰ" গাওঁবুঢ়াই কোৱা কথাষাৰ মুখৰ ভিতৰতে বিৰবিৰাই উঠিল চতুৰ্থমানলৈকে পঢ়া মনবৰে |

      এই মনবৰৰেই নলে গলে লগা বন্ধু নৰেশ্বৰ চেতিয়া | কাষৰে  চেতিয়া গাঁৱৰ | চতুৰ্থমানলৈকে একেলগে পঢ়া | পঢ়াত আগ্ৰহ থকা আৰু খেতি বাতিত ধনী পুতেকৰ ল’ৰা হিচাবে যোৰহাটত প্ৰবেশিকা পাছ কৰিলে নগেনে | তাৰ পাছতেই গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত নৰেশ্বৰে গান্ধীজীৰ অহিংস পন্থাৰ আন্দোলনত যোগ দিছে | নতুনকৈ গঠন হোৱা "অসম মুক্তি সংগ্ৰাম সমিতি"ক কেতিয়াও সমৰ্থন নকৰে সি | তেজৰ ফাকু ফিৰঙ্গীসোপাইহে খেলে | ভাল মানুহে নহয় | কিন্তু "অ.মু.স.স’ৰ নেমুগুৰিত নতুনকৈ হ’ব খোৱা গোটটিৰ বিষয়ে অলপ ঘোনোক ঘানাককৈ নুশুনা নহয় | কিন্তু মনবৰে যে সভাখনত উপস্তিত আছিল সেইটোহে গম নাপায় | মনবৰৰৰ লগত তাৰ খুব মিলে | অৱশ্য কিছু ক্ষেত্ৰত অমিল নথকাও নহয় |

         নৰেশ্বৰ আৰু মনবৰে জোহালতে বহি বহি সুখ দুখৰ কথা পাতে | নৰেশ্বৰে বহি বহি গান্ধীজীৰ কথা কয় " বুজিছা মিতা, বৰ গুণী মানুহ গান্ধীজী | আফ্ৰিকাত গৈ আন্দোলন কৰিলে | এতিয়া উকালতি বাদ দি ভাৰত স্বাধীন কৰাৰ কামত লাগিছে | অস্ত্ৰ শস্ত্ৰ নোহোৱাকৈও যে দেশ স্বাধীন কৰিব পাৰি তাৰে সপোন দেখোৱাইছে ভাৰতবাসীক |" মনবৰেও কয় "কি কোৱাহে মিতা? ফিৰঙ্গীসোপাৰ হাতত সেই এনফিলিড নে কি সেইডাল দেখই নাই ! কি কৰিবা সেইডালৰ আগত তুমি ?" নৰেশ্বৰেও উলোটাই কয় " বুজিছা অস্ত্ৰৰে মানুহ মাৰিব পাৰি অন্তৰ জয় কৰিব নোৱাৰি | ম‍ই গাঁৱৰ বুঢ়া মেথা গোটখুৱাই এখন অহিংস আন্দোলনৰ সভা নেমুগুৰিত পাতিম| ইতিমধ্যে ম‍ই মানুহ গোটাইছোৱেই | প্ৰথমে আমাক জ্বলা কলা দেখুওৱা নিমখৰ ওপৰত লগোৱা কৰৰ প্ৰত্যাহাৰ কৰাৰ দাবী কৰিম| লাগিব লাগিব বুজিছা মিতা" মনবৰে উভতি ধৰে " হেৰা ফিৰঙ্গীসোপাই আমাক মানুহ ভাবেনে? দেখা নাই জানো নাজিৰাৰ সেই থেনাৰ আগত লিখা আছে বোলে "ভাৰতীয় আৰু কুকুৰ সোমোৱা নিষেধ" | নৰেশ্বৰে তাৰ পাছত কৈ যায় পৄথীৱীৰ ডাঙৰ ডাঙৰ ৰাজনৈতিক ঘটনাবোৰ | মনবৰে কিছুমান বুজি পায় কিছুমান নাপায় | কথাৰ মাজতে মনবৰে সাঁজৰ বটল এটি উলিয়াই কয় " ৰৄপহীয়ে দি পঠাইছে, একেলগে বহাৰ হে কথা |" নৰেশ্বৰৰ মুখ উজলি উঠে বটলটি দেখি " বহুত্দিন খোৱা নাই মিতা, দিহা কৰা |" পকা সাঁজৰ বটলটি শেষ কৰি লুকুমজানৰ খঁৰিয়া মাছৰ আঞ্জাৰে ভাতমুঠি ধৰি দুয়ো বন্ধু শেতেলিত পৰে | নৰেশ্বৰে গহীন মাতেৰে মনবৰক সুধে " মিতা, ৰৄপহীক কেতিয়াকৈ নিজৰ কৰিবা ?" মনবৰে উত্তৰ দিয়ে " আহোম ছোৱালী মিতা, মাকে অলপ হেহোঁ নেহোঁ নকৰা নহয় | এই ব’হাগতে পলুৱাইয়েই লৈ আনিম উলাবা |" নৰেশ্বৰে হমমমম বুলি দীঘলীয়াকৈ হয় সূচক মাত এটা নাক ঘুৰঘুৰাবলৈ আৰম্ভ কৰে | ইফালে মনবৰৰ মনত নাচনী সাজেৰে ৰৄপহীয়ে উত্তেজক নৄত্য আৰম্ভ কৰে | খৰাহাটৰ ট্ৰেইনখনেও দীঘল উকি এটি মাৰি যাত্ৰা আৰম্ভ কৰে ...কুঁউৱঁ............কুঁউৱঁ......ঝক ঝক ঝক.......বহুত দুৰলৈকে মাতটো ভাহি যায়.... ফিৰঙ্গীহঁতৰ ট্ৰেইনৰ শব্দ,,,,পৄথিৱী কঁপাই |

                                                         (২)
      "অসম মুক্তি সংগ্ৰাম সমিতি"ৰ উপ অধিনায়ক সৰ্ব্বেশ্বৰ কাকতিয়ে নাথ গাঁৱত সোমাইয়েই ছদ্মবেশ সলাই গাঁওবুঢ়াৰ ঘৰ অভিমুখে খোজ ল’লে | অধিনায়কৰ আদেশ মতে নাথ গাঁৱৰ গাঁওবুঢ়াৰ ঘৰত সোমায়েই সকলো খবৰ পাব | অধিনায়কৰ বাৰম্বাৰ নিৰ্দেশ "ইংৰাজ চোৰাংচোৱাৰ পৰা আঁতৰি থাকিবা | শেনচকু দি আছে আমাৰ ওপৰত |গোলাঘাটৰ সদৰ থানা আক্ৰমনৰ পাচত আমাৰ গোট এতিয়া তেঁওলোকৰ প্ৰধান লক্ষ্য |" গাঁওবুঢ়াৰ ঘৰ পোৱাৰ লগে লগেই গাঁওবুঢ়াই এটা সংগ্ৰামী অভিবাদন দি ক’লে "আহক মহাশয়, ম‍ই আপোনাৰ কাৰণেই বাট চাই আছিলো |" একেবাৰে ভিতৰৰ জুহালৰ ওচৰলৈ নি জা-জলপানেৰে আপ্যায়িত কৰি সুধিলে "কওক মহাশয় আপোনালোকৰ কাৰণে ম‍ই এতিয়া কি কৰিব পাৰো ?" কাকতিয়ে আৰম্ভ কৰিলে " মহামান্য অধিনায়ক মহোদয়ৰ নিৰ্দেশ মৰ্মে প্ৰ্থমে আপুনি মোক সংগ্ৰামলৈ চল্লিছজন যুৱক দিয়ক |" গাঁওবুঢ়াই মুৰ দুপিয়াই ক’লে " ম‍ই ইতিমধ্যেই গোপন সভাৰ যোগেদি যোগদান কৰিব বিছৰা প্ৰায় চল্লিছজন যুৱক বাচনী কৰিছো | আটাইকেইজনেই দেশৰ কাৰণে লাগিবলৈ প্ৰস্তুত |" উজলি উঠা মুখেৰে কাকতিয়ে ক’লে "ম‍ই এটুকুৰা স্থান নিৰ্বাচন কৰি দুদিন পাছৰেপৰা ম‍ই লগত অনা সামান্য অস্ত্ৰ শস্ত্ৰৰেই তেওঁলোকক প্ৰশিক্ষন দিম |ফিৰঙ্গীহঁতৰ অগোচৰে এনে কামৰ বাবে নেমুগুৰিৰ ভিতৰৰ হাবিৰ ঠাই বৰ উপযুক্ত | চেপনৰ ফালে আছে দিৰৈ আৰু নঙলামৰাৰ ফালে আছে দিচাং | চেপনত আছে এটা নতুনকৈ স্থাপন কৰা ফিৰঙ্গীহঁতৰ অস্ত্ৰাগাৰ | ৰক্ষীও কম | গতিকে হ্ঠাত্‍ আক্ৰমন কৰি অস্ত্ৰাগৰৰ সমস্ত বাৰুদ লৈ দিচাংৰ বুকুৱেদি নাৱত  অস্ত্ৰ আৰু বাৰুদ বোজাই দি ্ভটীয়াই ব্ৰহ্মপুত্ৰলৈ যাম | তাৰ পৰা গোলাঘাটৰ আমাৰ মূখ্য কাৰ্য্যালয়লৈ | তাৰ আগতে প্ৰতিৰক্ষাৰ খাতিৰত দিচাংৰ দলং উফৰাই পেলাম | মই সোনকালে কাম সমাধা কৰিব লাগে | আপুনি মাত্ৰ সহায় কৰক |" গাঁওবুঢ়াই অলপ টলকা মাৰি ক’লে "তেন্তে কালিলৈৰ পৰাই প্ৰশিক্ষন আৰম্ভ কৰো | কেইবাজনো উত্‍সাহী ডেকা ল’ৰা আছে |" কাকতিয়ে ক’লে "তাৰ আগতে এখন সভা আহ্বান কৰক | মোৰ কিছু ক’ব লগা আছে |"

           ৰাতিলৈ উত্‍সাহী ৩৮জন ডেকা ল’ৰা আহিল গাঁওবুঢ়াৰ ঘৰলৈ | কোনেও ফুটকে নোপোৱাকৈ আৰম্ভ হ’ল মিটিং | কাকতিয়ে আৰম্ভ কৰিলে " কমৰেদসকল, একো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই | আমি পৰাধীন , অৱদমিত কৰা হৈছে আমাৰ অধিকাৰ |নিজৰ নিমখ নিজেই উচ্চ দামত কিনি খাইছো | আমাৰ মাৰ বুকুত গজি উঠা নিজেই উত্‍পাদন কৰা ধানৰ পষেকৰ শেষত কৰ দিছো | আমাৰ মাতৄভূমিক শুহি শুহি খাইছে ফিৰঙ্গীহঁতে |  আমাৰ মাক বিদেশীয়ে আহি টনা আঁজুৰা কৰিছে | আমি কি বহি থাকিম ? আমি মানে আমাৰ সংগঠন "অ.মু.স.স"য়ে ইতিমধ্যে গোলাঘাটত , যোৰহাটত আৰু নগাঁৱতো সফলতা পাইছো | এতিয়া শিৱসাগৰ | কালিলৈৰ পৰা আপোনালোক প্ৰশিক্ষণ আৰম্ভ কৰিম | আপোনালোক সাজুনে ? মনবৰকে আদি কৰি প্ৰায় ৩৮জনে সমস্বৰে চিঞৰি উঠিল "আমি সাজু , আদেশ কৰক মাত্ৰ" কাকতিৰ মনটো আনন্দত নাচি উঠিল | চকুৱেদি লোতক বাগৰি আহিল | ইমান আগ্ৰহী যোদ্ধা ক’তো পোৱা নাছিল কাকতিয়ে | বিপ্লৱী অভিবাদনেৰে সামৰণি পৰিল সভাৰ |
 
       পাছদিনাৰ পৰা পুৰ্ণ গতিত আৰম্ভ হ’ল প্ৰশিক্ষন | আৰম্ভণী যুজঁত ধনু কাঁড়েৰে যুজিব লাগিব বাবে ধনু কাঁড়ৰ নিৰ্মানৰ কামো আগবাঢ়িল | ধনাই কমাৰে চিঞাহী কাঁড় তৈয়াৰৰ দায়িত্ব গাত ল’লে | লগত থকা কম অস্ত্ৰ শস্ত্ৰৰেই কাকতিয়ে সকলোকে প্ৰশিক্ষণ দিলে |সকলোকে বন্দুক ধৰিব পৰা কৰি তুলিলে | তাৰ লগে লগে বুজাই গ’ল ডেকাহঁতক কেনেকৈ চেপনৰ অস্ত্ৰাগাৰ লুটিব লাগিব | মাটিৰে নিৰ্মিত মেপৰ সহায়ত বুজাই গ’ল কাকতিয়ে আক্ৰমণৰ কাৰ্যপন্থা | তাৰিখো খাটাং হ’ল | ১৫ চ’ত | আছলতে নৰেশ্বৰে আৰম্ভ কৰা শান্তি সমদল আৰু সভাৰ দিনা ৰাতিয়েই এই কাম কৰা হ’ব | কাৰণ আগতে কৰিলে সভাৰ প্ৰতি ভাবুকি আহিব পাৰে |সংগঠনৰ আও ভাও ইয়াত ধৰা পৰাটো মুঠেই নিবিছাৰে কাকতিয়ে |
 
       তিনিদিনীয়া প্ৰশিক্ষণতে পাকৈত হৈ উঠিল দ’লটো | মনবৰে ইতিমধ্যে নিপুনতা দেখোৱাইছে বন্দুকটো | কাঁড় সি আগৰে পৰা ভালকৈ চলাব জানে |প্ৰশিক্ষণৰ মাজে মাজে ৰৄপহীৰ কথা মনে মনে ভাবি আছে সি | উপ অধিনায়কে নক’লেও সি বুজি উঠিছে যে লুটি নিয়া অস্ত্ৰ শস্ত্ৰৰ লগত গোটেই গোটটিয়েই গোলাঘাটলৈ যাব | সি এতিয়া মাতৄভূমিক পাছত ৰাখি ৰৄপহীক আগস্থান দিব নোৱাৰে | ক’ব সি সকলো |পিছে এই চাৰি পাঁচদিনত যিহে ব্যস্ত হৈছে সি | কেনেকৈ যাব ৰৄপহীৰ ওচৰলৈ? নাই অস্ত্ৰাগাৰ লুটাৰ আগদিনাহে সি ক’ব | এনেও আৰু চাৰিদিন পাছতেই অস্ত্ৰাগাৰ লুটিব লাগিব | গতিকে তাৰ আগদিনা আবেলিয়েই যাব সি | অকলে পালে সমস্ত হেপাঁহেৰে মৰম কৰি আহিব শেষবাৰৰ বাবে | বুকুখন বিষাই উঠিল তাৰ কথাবোৰ ভাবি |

        ইফালে নৰেশ্বৰে শান্তি সমদল আৰু লোণ কৰ প্ৰত্যাহৰৰ দাবীত গান্ধীজীৰ অধীনত এখন সভা আহ্বান কৰাৰ কামত ব্যস্ত |দুই বন্ধুৰ কৰোৰে আহৰি নাই | সদৰৰ পৰা ৰাজ্যিক পৰ্য্যায়ৰ বিখ্যাত কৰ্মী প্ৰতাপ ফুকনক নিমন্ত্ৰন কৰাৰ পৰা স্থান নিৰ্বাচনলৈকে সকলোবোৰ কৰিছে নৰেশ্বৰে | শেষত সমদল আৰু সভাৰ স্থান নিৰ্বাচন হ’ল | স্থান নেমুগুৰিৰ বজাৰৰ কাষৰ পথাৰ | তাৰিখ স্থিৰ কৰা হ’ল ১৫ চ’ত |
                                                                       (৩)

        গোলাঘাটৰ ইংৰাজ চোৰাংচোৱাৰ পৰা সৰ্ব্বেশ্বৰ কাকতি নেমুগুৰিলৈ  অহাৰ খবৰ পাই অট্টহাস ক্কৰি উঠিল নাজিৰা থানাৰ অত্যাচাৰী ইংৰাজ বিষয়া নিক’লছনে | হাঁহি হাঁহি ভাৰতীয় বাৰ্তাবাহকক ক’লে "থুমহাৰা চাহাবক’ ব’ল দেনা ইঁহা ক’য়ি ৰিভলিউচন নহি হ’গা  , চ’ আদমী মাৰনেৱালা নিক’লছন ক’  ইঁহা ত’ মত্‍সৰ ভি মাৰনেক’ নেহি মিল ৰহা | অগৰ হোৱা ভি ত’ মে উন ল’গ’ কুচল দালুংগা | this is a promise of Nikleson, say it to your officers" | বাৰ্তাবাহকক কথাষাৰ দম্ভালিমাৰি ক’লে যদিও নীতিমতে ক’বলৈ নাপহৰিলে যে চোৰাংচোৱা লগাই তেওঁ নিজে খবৰ ল’ব | ততক্ষণাত্‍ আদেশ কৰা হ’ল থানাৰ কাষতে থকা টিনৰে নিৰ্মিত বেৰেকত থকা চতুৰ চিপাহী ৰাফেলক পাচদিনাই খবৰ লবৰ বাবে | লগত ওলাল স্থানীয় মানুহৰ লগত কথা আদান প্ৰদানৰ বাবে অসমীয়া চিপাহী নকুলনেছীয়া হাজৰিকা |

         পাছদিনা পুৱাই ৰাফেলে দক্ষিণ ভাৰতীয় মানুহৰ বেশ ধৰি ওলাল নকুলৰ লগত |নকুলনেছীয়া অসমীয়া হ’লেও সৰুৰে পৰাই সামৰিক ব্যৱস্থাৰ প্ৰতি আগ্ৰহী আৰু অৰ্থলোভী আছিল | চূনপুৰাৰ পৰা গৰুগাড়ীত দিচাংৰ দলঙলৈ বুলি আৰু দিচাঙৰ পাৰৰ পৰা খোজেৰে ওলাল নেমুগুৰিলৈ দুই চোৰাংচোৱা | ৰাফেলে মাত লগালে " ছাৰনে ব’লা হে কি ইয়্হাঁপৰ কয়ি আতংকবাদী নেহি হে | ছ’ল’ফেহলে গাঁৱ মেহি খবৰ লে লে’ " |তাৰ পাচত দিচাঙ পাৰ হৈয়েই এখন এখন গাঁৱ্ত সোমাই চল চাতুৰীৰে খবৰ গোতাব ধৰিলে ৰাফেল আৰু নকুলনেছীয়াই | নেমুগুৰি নৌপাওঁতেই  পোৱা গাওঁ সমুহত ঘূৰি ঘূৰি ১৫ তাৰিখে হ’ব লগা শান্তি সমদল আৰু সভাৰ বাহিৰে আন একোৰেই খবৰ গোটাব নোৱাৰিলে ৰাফেল আৰু নকুলে |

       আবেলি বেলি পৰো পৰো হ’বৰ হ’ল | খুদকন এটাও মুখত নপৰা দুই চোৰাংচোৱাৰ খোজৰ গতি লেহেমীয়া হ’ল | নকুলনেছীয়াই ৰাফেল’ক উদ্দেশ্যি ক’লে " ছ’লিয়ে দিচাং নদী কে পাৰ কে এক গাঁও মে কুচ খা কে থানে লৌটতে হেঁ | কুচ নেহী হ’গা ইহাঁ "| দুয়ো উভতি দিচাংৰ পাৰৰ আহোম গাওঁ অভিমুখে খোজ ল’লে | যাওঁতেই নকুলনেছীয়াই ভাবি গ’ল " কেনেবাকৈ যদি সাঁজ এটুপিও পোৱা য়ায় তেন্তে বৰ সুখৰেহ’ব |"  ৰাফেলক মনৰ কথা ক’ব নোৱ্ৱাৰি |এনেও ইংৰাজ চিপাহী ভাৰতীয় চিপাহীএৰ লগত নাহে | কিন্তু ইমাৰ্জেণ্সী দেখিহে আহিছে | কথাবোৰ ভাবি ভাবি আগবাঢ়িল নকুলনেছীয়া | মূল পথত আৰু অলপ দুৰ গৈয়েই দেখা পালে এজনী ৰৄপহী গাভৰুৱে কাষত কলহ লৈ লাহি খোজেৰে গৈ আছে | নকুলনেছীয়া হাজৰিকাই ততৈয়াকৈ মাত ল’গালে " হেৰা ভনীটি.....
                                                                        (৪)

       ৰৄপহীয়ে দিচাংত কলহটো জুবুৰিয়াই আকাশ পাতাল ভাবি আছিল | আকাশ পাতাল মানে তাই মনবৰৰ আকাশত ঘূৰি আছিল | মনবৰক তাইৰ মনটো দিয়াৰ আজি এবছৰেই হোৱা নাই , তথাপিও কিয় জানো তাইৰ মনটো মনবৰৰ কথা ভাবিলেই উন্মনা হৈ উঠে | যোৱাবাৰ বিহুত তাইক মনবৰে সাৱটি ধৰাৰ দৄশ্যটিও তাইৰ মনত ভাহি উঠে |

        যোৱাবাৰ মানুহৰ বিহুৰ দিনা নাথ গাঁৱৰ বিহুৰ দ’লটিক আমন্ত্ৰন কৰি নিচিল আহোম গাঁৱলৈ | উদ্দেশ্য আছিল নামঘৰত নাথ গাঁৱৰ বিহু উপভোগ কৰা | ঢুলীয়া বুলি নাম থকা মনবৰ নগ’লেই নহয় | পিচে  তাক নিদিলেও সি গ’লহেঁতেন, কাৰণ খাঁটি গাঁৱলীয়া সাঁজকনৰ সোৱাদ ৰৄপহীৰ ঘৰতহে পাব | সি ভালকৈ জানে সেইটো | আছলতে সাঁজখোৱাতো এটা লেচু হে | আছল উদ্দেশ্য ৰৄপহীক লগ কৰাটোহে |ৰৄপহীয়ে নাজানে সি যে তাইক ইমান ভাল পায় | সি এইবাৰ শপত খাই আহিছে | ক’ব‍ই ক’ব মনৰ কথা | ঢোলৰৰ চেঁওৱে চেঁৱে নাচনী নচুৱাৰ মাজতে এটা সুৰুঙা লৈ ৰৄপহীহঁতৰ ঘৰলৈ গ’ল সি | যাওঁতে সি ৰৄপহীক ঠাঁৰে চিঁয়াৰে মাতি নিবলৈ নাপাহৰিলে  | আগতীয়াকৈয়ে তাৰ চকুত প্ৰেমৰ আভাষ দেখি থকা ৰৄপহীয়েও ইঙ্গিত বুজি আহিল \ দুবাটি সাঁজ খোৱাৰ পাচতেই সি ঠাপ মাৰি ৰৄপহীৰ হাতত ধৰি বুকুৰ মাজলৈ তানি নি ক’লে "ভাল পাঁও তোক, মোলৈ আহিবিনে নাহ ক’?"  | ্সেইয়াই আৰম্ভণী | সঠিক সময়ত যদি মোমায়েক নীল‍ই চোতালত আহি গলখেকাৰিটো নমৰা হ’লে কিজানি সিহঁতক বাহু বন্ধনতে আৱিষ্কাৰ কৰিলেহি হেঁতেন | নিজেই নিজৰ আগত লাজ পায় তাই সেইবোৰ ভাবি | সেই বাবেই তাই ঘাটলৈ দিনটোত দুবাৰ আহে | পিছে তাই আজি খঙতে ভৰভোৰাই উঠিল তাই মনে মনে " এই মনবৰ কাইটি টো‍ও যে আৰু আজিপোন্ধেৰ’দিনমান হ’ল | দেখা দেখিয়েই নাই | তাৰ কিবা চাগৈ মোলৈ মনতেই নপৰে কিজানি| আহক বাপ্পেকে দিম খুণ্ডা সাঁজ খুজিলে | বিয়া পাতে সি  হেনো মোক ব’হাগত "|পিচে ভোৰভোৰাই গালি পাৰিলেও আকৌ কলহটো কাষত লৈ নদীৰ পৰা উঠোঁতেই মুখত বিয়ানাম এফাঁকি উলালেই
অ আই দৰাক নো কিনো চাবা হে
অ আই গাধৰে মুখ  হে...

       যোৱা সপ্তাহৰ পৰা নাথ গাঁৱৰ ওচৰৰ পাঁজৰত কিবা সভা সমিতিৰ কাম চলিছে বুলি তাই নুহুনা নহয় | কিন্তু সি যে এইবোৰত থাকিব সেইটো সম্ভৱ নহয় | যিহে একা চেকা | কিন্তু সি খবৰ এটাও দিয়া নাই কিয় ? আহি থাকোঁতে ৰৄপহী অলপ চিন্তাতেই পৰিল | নিমখৰ বেপাৰ নাইকিয়া হোৱাৰ পৰা ল’ৰাটো কিবা ভিতৰি শুকাই পৰিল |খিঙখিঙীয়াও হৈছে | হ’ব তোন | ইংৰাজসোপাই তাৰ ব্যৱসায়টোকে কাঢ়ি নিলে | তাই খুব ভয় কৰে ইংৰাজ চিপাহীবোৰক | মাত শুনিলেই কঁপি যায় তাই | সেইবোৰকে পাগুলি পাগুলি মূল পথৰ ফালে আহি থাকোঁতেই পিছফালৰ পৰা অহা মাত এটাত মুৰ তুলিবলৈ বাধ্য হ’ল তাই "হেৰা ভনীটি,  জল এটোপা খোৱাব পাৰিবানে বাৰু |ভোকে পিয়াহে প্ৰায় আধামৰাই হৈছো|" উভতি চাই অচিনাকী মানুহদুজন দেখি তাই অলপ তভক মাৰি ৰ’ল | এটাক দেখি অসমীয়া মানুহ বুলি ধৰিব প্পাৰিলে কিন্তু ইটো কিবা ভূত ক’লা দেখোন | চিনি পোৱাৰ কথাও নাহে | অসমীয়াটোকো চিনি নাপালে তাই  | কোনোবা আলহীও হ’ব পাৰে |কিন্তু এই ক’লামুৱাটো..... ইংৰাজ চিপাহীবোৰৰ মাজতহে এনেকোৱা থাকে | তাইও লাহেকৈ মাত লগালে "পিচে আমি হ’লে আপোনালোকৰ কাকোৱেই চিনা নাই দেই |জল এটুপি খোৱাব পাৰো অৱশ্য|" এইবুলি কৈয়েই লাহেকৈ কলহৰ মুখেদি পানী বাকি দিলে ৰাফেল আৰু নকুলনেছীয়াক |
       ঘোটা ঘোটে জ্ল পি উগাৰ এটা মাৰি লৈ নকুলনেছীয়াই আৰম্ভ কৰিলে "
 - আইদেউৱে ইমানকন কষ্ট কৰিলে যদি আৰু এটা কাম কৰিলে আমাৰ জীৱন ধন্য হয়
-কওকচোন বাৰু আপুনি ,,
-পাৰে যদি আমাক এমুঠিমান অন্ন দিয়ক|উচিত মূল্য দিম |
ৰৄপহী অলপ সময় ৰ’ল | মনে মনে ভাবিলে "পৰ মানুহ |আইটিও নাই ঘৰত | দিনৰ ভাত সখীহঁতৰ ঘৰতে খোৱা হ’ল | ঘৰত সান্দহৰ বাহিৰে খুদকন এতাও নাই | সান্দহ এমুঠিকে খোৱাব পাৰি | পিছে অকলে ঘৰত থাকি ...." নকুলনেছীয়াৰ মাতত তাই বাস্তবলৈ আহিল|
-যদি আইদেউৱে পৰৰ মানুহ বুলি বেয়া পাইছে তেন্তে......
-নাই নাই সেইটি নহয় ককাইদেউ, ঘৰত সান্দহৰ বাহিৰে খুদকণ এটাও নাই | সেয়েহে
-আইটিয়ে যি দিয়ে তাকে খাম আমি |নে কি কয় বন্ধু (ৰাফেল’লৈ চাই মাত লগাতে)
ৰাফেলে হয়্সূচকভাৱে মুৰ দুপিয়ালে  | ৰাফেলে এতিয়ালৈকে এষাৰো মতা নাই | বুজি উঠিছে  চতুৰ ৰাফেলে | যদি কিবাকৈ এষাৰি মাত লগাওঁ তেন্তে ইউৰোপীয়ান ঠাঁচৰ হিন্দী শুনিলেই এষাৰিতে ধৰি পেলাব ফিৰঙ্গী বুলি |গতিকে নমতাই শ্ৰেয় | ৰৄপহীয়ে আকৌ মাত দিলে
-আহক তেন্তে আপোনালোক মোৰ সতে |
-আপুনি আগে আগে যাওক বাইটি | আমি নেগুৰ ধৰোঁহক |
-হ’ব আহক|পিচে আপোনাৰ বন্ধু আমাৰ দেশৰ নহয় নহয় যেন লাগিছে | ককাইদেউ|
নকুলে কৈ উঠিল উত্তৰত
-হয় হয় আইটিয়ে ঠিকেই ধৰিছে| এখেত সাগৰৰ পাৰৰ মানুহ | নিমখৰ বেপাৰ কৰিছে ইংৰাজৰ লগত | এইবাৰ হেন্দেল ঘোৰোৱা টেৰাকত উঠি আমাৰ দেশ চাবলৈ আহিছে | ম‍ই নগাঁৱৰ, কামত কমাৰ | ঘোঁৰাৰ নাল তৈয়াৰ কৰিবলৈ নাজিৰালৈ আহিছিলো | বোলো এই চেগতে নেমুগুৰিৰ মোমাইতিহঁতৰ ঘৰত সোমাই যাওঁ| লগতে থানাত এখেতেৰ স’তে ভোজন সখী হ’লো |লৈ আহিলো দেশ চাই ভাল পাই বুলি গম পাই | পিচে তেখেতে মাতবোল অলপ কম কৰে |
-আই ঐ দেহি আমাৰ দেশ চাবলৈ আহিছে | ভালেটিহে ম‍ই ভাবি আছিলো ক’ৰ মানুহ ক’ৰ মানুহ | আঐ ঐ দেহি |

         ৰৄপহীৰ পাছে পাছে যাওঁতেই ঠাঁৰে চিঁয়াৰে নকুলনেছীয়াই বুজাই গ’ল ৰাফেলক মনে মনে থাকিবলৈ | গাঁৱৰ প্ৰথম ঘৰটোৱেই ৰৄপহীহঁতৰ হোৱা বাবে পাওঁতে বেছি সময় নালাগিলেই | ৰৄপহীয়ে জাত যোৱাৰ ভয়ত বৰঘৰত বহিবলৈ নিদি পাচফালে উড়ালৰ ওচৰতে খাবলৈ দিলে সিহঁতক সান্দহ | পেট পুৰাই সান্দহ খোৱাৰ পাছত নকুলনেছীয়াই ৰৄপহীক উদ্দেশ্যি ক’লে
-তোমাক অশেষ ধন্যবাদ আইটি | আইটি, আৰু এটি কথা সুধো তোমাক | বেয়া পাবা নেকি?
-নাপাওঁ সোধক
-ইয়াত ক’ৰবাত সভা সমিতি বহিছে নেকি ? এনেকোৱা কিবা শুনিছানেকি যে কিবা ইংৰাজৰ বিৰুদ্ধে যুঁজিব বোলে | এনে হ’লেটো মোৰ সখীৰ নিমখৰ বেপাৰটো তেনেই মোলান পৰিব | শুনিছা নেকি বাৰু ?
-শুনিছো এখন সভা কালিলৈ বোলে নেমুগুৰিত হ’ব | দিনতেই | মোমাইটিহঁতৰ মুখত | নাজানো সঠিককৈ |

       ঠিক তেনেতে চতুৰ বুলি খ্যাত ৰাফেলে নকুলনেছীয়াৰ গোটেই কাণ্ডটোৰ শ্ৰম পশু কৰি মাত লগালে " ইছখ’ পুছ’ কিয়া কয়ি হাথিয়াৰ ৱেগেৰা ধেখা হেই কিয়া উনল’গ কে পাছ?"  ৰৄপহীয়ে পষেকীয়া বজাৰত শুনা ইংৰাজ চিপাহীৰ মাত শুনি কিংকৰ্তব্য বিমুঢ় হ’ল | এনেও তাই খুব  বেচি ভয় কৰে ইংৰাজ চিপাহীক| কি কৰিম কি নকৰিম সেয়া চিন্তা কৰিবলৈ নোহোৱাকৈয়ে দৌৰি লগালে তাই কাষৰ ভদ্ৰকান্ত ককাইয়েকৰ ঘৰলৈ বুলি | ঘটনাই অন্য মুৰ লোৱা দেখি নকুলনেছীয়াইও ৰৄপহীক বুজাই বঢ়াই আনো বুলি তাইৰ পাছে পাছে বৰঘৰৰ মাজেদি দৌৰ লগালে | ৰাফেলেও নিজৰ ভুল ধৰিব পাৰি সিহঁতৰ পাচে পাছে চোতাললৈ বুলি দৌৰ দিলে  চিঞৰি চিঞৰি "ৰুখিয়ে ৰুখিয়ে" | ৰৄপহীয়ে দৌৰি গৈ চোতালৰ মাজভাগ নাপালেগৈয়ে, পাচলৈ চাই দেখে নকুলনেছীয়া আৰু ৰাফেল | ততাতৈয়াকৈ আকৌ দৌৰ আৰম্ভ কৰোঁতেই আগফাললৈ চাই দেখে নঙলা খুলি সোমাই আহিছে মনবৰ .....