মোৰ অনুভৱৰ নিয়ৰকণা কিছুমান আপোনালোকৰ মাজত মেলি দিছোঁ......আশা কৰিছোঁ সকলোৰে হৄদয় শ্পৰ্শ কৰিব........

Thursday, 13 March 2014

ছিদ্ৰ

**ৰং ৰং নানা ৰং...

ঝুমা , ঝুমা আচাৰ্জী |দৰা কইেনা খেলি ভাল পায় তাই | ঝুমাৰ জন্ম এটা বঙালী ভদ্ৰ পৰিয়ালত | পৰিয়াল খুবেই ভদ্ৰ , কিন্তু আৰ্থিক দিশত দুৰ্বল | একমাত্ৰ ছোৱালী তাই | একলা দুকলাকৈ বাঢ়ি আহে ঝুমা |মাকৰ অতি মৰমৰ | অলপ খেলিলেই ভাগৰ লাগে তাইৰ | দৌৰ মাৰে ককাকৰ বুকুলৈ | চাওঁতে চাওঁতে বিয়াৰ বয়স পালেহি ঝুমাৰ | ল’ৰাৰ সন্ধান চলিল | সুন্দৰ পাত্ৰ ওলাল | নিলেশ দে’ | পেশাত ব্যৱসায়ী আৰু ঠিকাদাৰ নিলেশৰ মাকো জিলা পৰিষদৰ সদস্য | ধুনীয়া কাৰণে নে তাইৰ সৰলতাই নিলেশক মুহিলে গম নাপালো |বেণী গুঠিব পৰা চুলি খিনিত কলডিলীয়া খোপা এটা বান্ধি দিয়া হ’ল | ২০ খনমান গাড়ীৰ বৰযাত্ৰীৰ সমদল | গাড়ীৰ পাছফালে লগোৱা হ’ল " নিলেশ ৱেড’চ ঝুমা " |বিয়া হৈ গ’ল ঝুমাৰ |

**নিষ্ঠুৰ নিয়তি, দেখিব নোৱাৰে সুখৰ হাঁহি ...

বিয়াৰ চাৰিমাহ পাছত ঝুমা মোৰ চেম্বাৰলৈ সোমাই আহিছিল | আচলতে মই ঝুমাক বিয়াৰ পাছৰ সেই দিনটোৰ পৰাহে জানো | নিতান্তই ৰোগী হিচাবে | সোমাই আহোঁতেই তাইৰ মুখত কিবা এটা উজ্জ্বলতা লৈ আহিছিল | কিন্তু সেই উজ্জ্বলতাৰ আঁৰতো যেন কিবা এটা ক্লান্তি , অৱসাদ লাগি আছিল | লগত নিলেশ আৰু ঝুমাৰ মাক | প্ৰয়োজনীয় পৰীক্ষা নিৰীক্ষাৰ অন্তত খবৰটো তাইক দিছিলো | ঝুমা , তুমি মা হ’ব উলাইছা | নিলেশ মোতকৈ ডাঙৰ | মোক চকু কেইটা ডাঙৰ কৰি সুধিছিল " সঁচানে ছাৰ ? " | " অ’, প্ৰায় দুমাহৰ ...কিন্তু " | "কিন্তু কি ডাক্টৰ ? "নিলেশে সুধিলে | ঝুমা আৰু মাকক আঁতৰাই ফুৰ্তিত আপোন পাহৰা হোৱা নিলেশক বেয়া খবৰটো দিলো " ঝুমাৰ হৄদয়ত এটা ছিদ্ৰ থকাৰ সম্ভাৱনা আছে " | নিলেশৰ মুৰত যেন সৰগ ভাগি পৰিল | নিলেশক প্ৰয়োজনীয় কথা কেইটা ক’লো | ঝুমাই কথাবোৰ শুনি আছিল | ভিতৰলৈ সোমাই আহি তাই শিশুসুলভ হাঁহি এটা মাৰি মোক ক’লে " ছাৰে যে কি কয় আৰু ! ...মানুহৰ হৄদয়ত ফুটা থাকে জানো ?" | তাই অবুজন | মানি নলয় তাইৰ হৄদয়ত ফুটা থাকিব পাৰে বুলি | মোকেই তাই সন্দেহৰ চকুৰে চালে তাই | নিশ্চিতকৰণৰ খাতিৰত কিছু উচ্চ্খাপৰ প্ৰয়োজনীয় পৰীক্ষা নিৰীক্ষাৰ বাবে মেডিকেল কলেজলৈ পঠালো ঝুমাক | যোৱাৰ সময়ত মাত নলগালে তাই | মইত হেনো বেয়া ডাক্টৰ | ঝুমা তেনেকুৱাই | খাৰাং খাচ ...

**পেণ্ডুলাম ...

কেইদিনমানৰ পাচত নিলেশ আহিছিল আকৌ | ঝুমাও লগত | তাইক দেখিয়েই লাগিছিল যেন কিবা এটা অন্তঃদ্বন্দত ভূগিছে তাই | বুকুৰ বিষ আৰু উশাস লওঁতেও কষ্ট হৈছিল | বেয়া লাগিল দেখি | নিলেশে অকলেই কথা পাতিলে | ইতিমধ্যে মেডিকেল কলেজৰ পৰা নিশ্চিত কৰি দিছিল যে ঝুমাৰ হৄদয়ত যে ছিদ্ৰ আছে, লগতে আৰু দুটামান সহযোগী ৰোগ | নিলেশে কৈ গৈছিল কথাবোৰ | সম্ভাৱ্য সকলো হ’ব পৰা বিপদৰ কথা বুজাই দিছিল মেডিকেল কলেজৰ পৰা | মা হ’বলৈ গ’লে মৄত্যকো আকোঁৱালি ল’ব লগীয়া হ’ব পাৰে ঝুমাই | গৰ্ভ নষ্ট কৰাৰ পৰামৰ্শ দিছিল | কিন্তু তাৰ পাচত আকৌ ঝুমা মা হ’ব নোৱাৰিব | সকলো এটা গভীৰ দুখত ডুবি আছিল | নিলেশৰ মাকো আহিছিল লগত | টকাৰ জোৰে বন্ধ কৰি দিব খুজিছিল ঝুমাৰ ছিদ্ৰটো | দেৰি হৈ গৈছিল তেতিয়া্লৈ | গোলাপী সেউজীয়া হাজাৰটকীয়া নোট কেইখনে যে সেই সামান্য ছিদ্ৰটো এতিয়া বন্ধ কৰিব নোৱাৰে বুজাই দিছিলো | মাক থৰ হৈ ৰৈছিল | ঝুমাক পৰীক্ষা কৰিলো | দুৰ্বল হৈছিল তাই | যোৱাৰ সময়ত পিছে হাঁহি হাঁহি সুধিছিল আকৌ " ছাৰ , হৄদয়ত জানো ছিদ্ৰ থাকে ?" |তাই তেতিয়াও মানি লোৱা নাছিল | মই ৰৈ গৈছিলো বহা চকীখনতে ....

**জীৱনটোও এটা পৰীক্ষা মাথো ....

দিনবোৰ দ্ৰুত গতিত বাগৰিছিল |পাঁচমাহ মান পাচত আকৌ উলাইছিলহি ঝুমা | সকলোকে আচৰিত কৰি দিছিল তাই | ৭ মাহৰ গৰ্ভ | সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰি আহিছিল তাই | মুখত সেই শেতা হাঁহি | এইবাৰ লগত আহিছিল ভায়েক | ঝুমাই সমস্যাবোৰ খুলি কৈছিল | মা হ’ব বিচাৰে তাই | শেষ বাৰৰ বাবে দৰা কইনা খেলিব বিচাৰে | এইবাৰৰ দৰা কইনাৰ লগত কেঁচুৱাও থাকিব | শেষৰ ফালে কান্দি দিছিল তাই | ভায়েকে ধৰি আছিল তাইক | হেঁপাহ পলোৱাই কৈছিল মোৰ আগত যোৱা পাঁচমাহৰ কথা |নিলেশে কৰা প্ৰতাৰণাৰ কথা | নিলেশেৰ পৰিয়ালে এৰি দিয়াৰ কথা | চিকিত্‍সাৰ বাবে ঝুমাৰ পৰিয়ালক টকা খোজাৰ কথা | টকা দিব পৰা নাছিল ঝুমাৰ মাক দেউতাকে | আছলতে টকা আছল কথা নাছিল | চুজি উঠিছিল তাই নিলেশক আৰু নিলেশৰ মাকক | শেষত ঝুমাই ঘৰ ত্যাগ কৰিছিল | আগৰ দৰেই ঝুমাই হাঁহি এটা মাৰি ক’লে " ছাৰ, আপুনি ঠিকেই কৈছিল ... মানুহৰ হৄদয়ত ছিদ্ৰ থাকে ... সঁচাই থাকে .... কিছুমানৰ ছিদ্ৰবোৰ বৰ ডাঙৰ ...." | কথাষাৰ বহুতবাৰ ঘুৰি থাকিল মনৰ মাজত | হয়, কিছুমানৰ ছিদ্ৰবোৰ বৰ ডাঙৰ ... ব্হুত ডাঙৰ ...

**উপসংহাৰ

ঝুমা গ’ল যি গ’ল নাহিলেই | কিন্তু কাৰোবাক থৈ গ’ল | অলপ দিন পাচতে গৰ্ভধাৰণৰ দিন পূৰ্ণ নোহোৱাকৈয়ে সন্তান এটা জন্ম দিছিল ঝুমাই | কম ওজনৰ কন্যা সন্তানটি জীয়াই থাকিল ডাক্তৰৰ আপ্ৰাণ চেষ্টাত | ঝুমাক ৰখাব নোৱাৰিলে কোনেও | গ’লগৈ | কিন্তু আন এজনী ঝুমা থৈ গ’ল | টুম্পা তাইৰ নাম ..... | ডক্তৰ কাকু... ডক্তৰ কাকু .... ছবিটা কেমন হচ্ছে ? ক’ন না ..... টুম্পাৰ কথাত বাস্তৱলৈ ঘূৰি আহিলো | মাজে মাজে আইতাকে লৈ আহে তাইক |চাৰি বছৰীয়া হ’ল তাই ., সাইলাখ ঝুমাৰ দৰে .. সেই একেই হাঁহি .. একেই চাৱনি ....... নিলেশো আহে কিন্তু ... আনৰ স’তে | টুম্পাক দেখিলেই চকুহাল সেমেকি উঠে ... অজানিতে

No comments:

Post a Comment