ঘৰ-সংসাৰ
২৭
চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি
ফুলিলে
ভেবেলি লতা
কৈনো কৈ
থাকিলে ওৰকে নপৰে
মোৰ
গৄহমন্ত্ৰীৰ কথা |
বিহু পালেহিয়েই | বৰাক উপত্যাকাত থাকিলে গমেই পোৱা নাযায়
কেতিয়া বিহু আহে আৰু কেতিয়া যায় | বিশেষকৈ
বিয়া কৰাৰ আগতে | আজিকালি মানে বিয়া কৰাৰ চাৰি বছৰ ধৰি কিন্তু গম পাওঁ দেই | কুলিৰ মাত শুনিব নালাগে | অলপ বেলেগকৈ | শ্ৰীমতীৰ দীঘলীয়া বজাৰৰ লিষ্টখনত যেতিয়া
দেখিব পিঠা , লাৰু , মুৰি ,চিৰা .. গম পাইয়েই যাওঁ যে কোনোবা এটা নহয়
কোনোবা বিহু পালেহিয়েই | কোৱাৰ্টাৰৰ
কাষত থকা চতিয়নাজোপাত বহি থকা কুলিজনীয়ে চাগৈ কাণ্ডটো দেখিয়েই মাত নিদিয়াকৈয়ে পলায়
, গম পালে মই বিহু অহাৰ খবৰটো পালো বুলি |
পিছে এইবাৰ শ্ৰীমতীৰ মন ডেমেজ | মুখলৈ চাবকে নোৱাৰি | গালত শালমইনাৰ অত্যাচাৰ | স্থায়ী দাগ কেইটামানো | একেবাৰে
স্থায়ী ভূমি পট্টা আন্দোলনৰ দৰে | আমাৰ গাল
আমাক লাগিবই | এনেই হোৱা নাই এইবিলাক | পোনাকনৰ স্কুলৰ পিকনিকলৈ যোৱাৰ প্ৰতিফল | হাজাৰ না কৰাৰ পাছতো গৈছিল | এতিয়া ফল ভুগি আছে |মই আকৌ ক’লো " বোলো চেম্পলৰ ঔষধ আছে , খোৱা " | শ্ৰীমতী
নাচোৰবান্দা | আগতেও ৰাইজে শ্ৰীমতীৰ পৰম্পৰাগত চিকিত্সা
প্ৰীতিৰ কথা জানেই |ন’ এলপেথী... অনলী হোমিঅপেথী | দে খা এতিয়া | মোদীৰ
ঘৰতে ৰাহুল গান্ধীক ভোটদান | ইফালে
মন্ত্ৰনা দিবলৈ “ইন ল’ সকল আছেই | শাহু আই , খুলশালী , বাই শাহুৰ| উপায় নাই | ইফালে ঘৰলৈ যাবলৈও বেছিদিন নাই | ভেকুলীৰ পিঠিহেন চেহেৰা লৈ কেনেকৈ যায়
এতিয়া | শ্ৰীমতীক অলপ খঙেৰেই অৰ্ডাৰ দিলো
"ঔষধ নোখোৱা নলগোৱা কোনো কথা নাই , কিন্তু বিহুৰ এদিনৰ আগত একদম আগৰ টিকিৰ টিপটপ চেহেৰা লাগিব | যি লগোৱা লগাই থাকা | টপিক অভাৰ |"
ৰাতিলৈ অনলাইনযোগে শ্ৰীমতীৰ লেপন ৰেচিপি
আহিল | হোৱাটছ এপৰ যোগেদি | পুৱালৈ মোৰ হাতত আকৌ এখন লিষ্ট পৰিল | কেঁচা হালধি , মূলতানি মাটি আৰু এগালমান | লগতে ঘৰৰ পাচলিৰ বজাৰ | বজাৰৰ পৰা আহি দেখো শ্ৰীমতীক চৰ্দিয়েও লগ
ল’লে | উপায় নাই | সোনকালে ওপৰৱালাই ঠিক কৰিলেই হয় আৰু | ৰাতিলৈ ভাত পানী খাই শুবলৈ লৈছোহে | পাকঘৰৰ পৰা শ্ৰীমতীৰ চীত্কাৰ | তৰানৰা চিঙি পালোগৈ | দেখিছো শ্ৰীমতীৰ গালত লেপন লগতে চী্ত্কাৰ
| জ্ব্লিছে ... ঔ মা... | পানীৰে মুখখন ধুৱাই শোৱা কোঠাত আনি
সোমোৱালোহি | হাততে থকা ঔষধ কেইটামান লগাই দিলো | লেপনটো কি লগাইছিল চালোগৈ | হে হৰি , শ্ৰীমতীয়ে কেঁচা হালধি বুলি মৰাণ আদা কেইটুকুৰাকে পিচি লৈ ...তাতে নাকত
চৰ্দিও আছিল ..ওপৰিঞ্চি হাতেৰে শালমইনা
দুটামানৰ ছাল বাকলিও এৰুৱাই থৈছিল হেনো ... ৰাইজে বুজিছেই আৰো বাকীখিনি
কেনেকোৱা হৈছে | সাতে পাঁচে সব মিলি ভালকৈ এপালি দিলে | পুৱালৈ গাল সেন্দুৰ ৰঙা হ’ল, শালমইনাই ভীমাকাৰ ৰৄপ ধাৰণ কৰিলে
| ঘৰলৈ যোৱাৰ আশা জলাঞ্জলি দি চৰ্মৰোগ
বিশেজ্ঞৰ ওচৰলৈ পঠিয়াইছো শ্ৰীমতীক | যোৱাৰ আগতে অৱশ্যে জৰী-বুটি চিকিত্সা বাদ দিলো বুলি কৈ গৈছে দেই
শ্ৰীমতীয়ে :)
No comments:
Post a Comment