কালৰ আঁচোৰ কিয় কৰুনাময় ??
কাতৰ চিঞৰ কিয় যাতনাময় ??
দয়া কৰা হে প্ৰভূ
তুমি নিৰাময়……
কালৰ আঁচোৰ কিয় কৰুনাময় ??
“চিঞৰ” বোলছবিৰ গীতটিৰ দৰে কালৰ আঁচোৰ কৰুনাময়
হয় নে নহয় নাজানো, কিন্তু যোৱা দিনটো মোৰ কাৰণে কৰুণাময় আছিল সেইটো খাটাং | মোৰ
কাৰণে আচলতে নহয় | আচলতে আমাৰ কাৰণে | বৰুৱাদা আৰু মোৰ|নতুনকৈ ডাক্তৰ দুজনে যোগদান
কৰিলেহি আমাৰ হস্পিতালত | নতুন ল’ৰা | ডিউটি দি দিছো বাপ্পেকে | পুৰাপুৰি দুটা
দুটা নাইট | অৰ্থাত্ মোৰ আৰু বৰুৱাদাৰ এদিন ফ্ৰী | ইয়াহু | বহুত দিন হ’ল
ঘৰ-সংসাৰলৈ চকু নিদিয়াৰ | শ্ৰীমতীৰ মুখখনেই ভালকৈ চাবলৈ পোৱা নাই L|”লং দ্ৰাইভ” বোলা বস্তু এটা পৄথিৱীত আছিল পাহৰিয়েই থাকিলো |( এবাৰ শ্ৰীমতীৰ
লগত এনেকুৱা কথা পাতি থাকোঁতে মায়েতো মোক সুধিয়েই পেলালে , এই “লং দ্ৰাইভ” বস্তুটো
কি অ? “পেন দ্ৰাইভ” টাইপৰ নেকি ? :P )
“হেৰা শইকীয়া ক’ত হেৰাই গ’লা হে ? , বহুত দিনৰ
পাছত শ্ৰীমতীৰ লগত কালিলৈ ওলাই যাম বুজিছা ... তুমিও পাৰিলে উলাবা তোমাৰ গৰাকীক লৈ
| বুজিছা”
বৰুৱাদাইও বৰ সুখত কথাষাৰ ক’লে যেন লাগিছে |নিজেওটো
সেইবিলাকেই ভাবি আছিলো | “ফাষ্ট ফাষ্ট’ পৄথিৱীৰ “ফাষ্ট ফাষ্ট” কথাত পৰি পাহৰি
গৈছিলো নিজৰ কথা | পোনাকনক স্কুলত দিবৰে পৰা “হমৱৰ্ক” কৰি কৰি নিজকো একেজি নে
দুকেজিৰ ছাত্ৰৰ দৰে লগা হৈছেগৈ | ক’ত হেই আমাৰ নাইলনৰ থৈলা আৰু বেয়া “চেইন”ৰ মুখ
মেলি থকা “হাফ পেন্ট”ৰ “কম্বিনেশ্যন” আৰু ক’ত পোনাকনৰ কিতাপ আৰু বহী ভৰ্তি “ডিজেল”ৰ
আধুনিক মোনা আৰু টেটু চেপি মৰা “টাই” |
হুহ | পঢ়িবলৈ আৰু জীৱনটো বুজিবলৈ ইমান কম বয়সতে টেটু চেপা “টাই”ডাল আৰু পিঠি বিষাই
যোৱাকৈ গাধৰ ওজন কঢ়িয়াটো অপৰিহাৰ্য্য নেকি বাৰু ?
যিকিনহওক বৰুৱাৰ লগত কথাবোৰ পাতিলো | দুই জনে
নিজৰ শ্ৰীমতীক “চাৰপ্ৰাইজ” আৰু “লং দ্ৰাইভ” | চাৰিদিনমান আগতে শ্ৰীমতীয়ে ডাঙৰ
ডাঙৰকৈ কোৱা মনত আছে মোৰ “ডাক্তৰ চাহাব ,
ঘৰ বুলি কোৱা “ফ্ৰী চাৰ্ভিচ”ৰ হোটেল এখন আছে দেই| মন কান দিব | হোটেলৰ মালিক ঠিক
থাকিলেহে ... নহ’লে ???” |পিছে আজি এৰাত নাই দুই হৰিভকতে | গৄহমন্ত্ৰীসকলক “ইম্প্ৰেছ”
কৰিবই লাগিব | অপাৰেচন “লং দ্ৰাইভ” |
তামাম প্লেনিং এটা ল’লো | পুৱাতে এটা “চাৰপ্ৰাইজ
গিফট” | আবেলি নিজৰ হাতেৰে ৰান্ধি দুপৰীয়াৰ সাঁজ খোৱাম | সন্ধিয়ালৈ “লং দ্ৰাইভ” |পোনাকন
মাৰ লগত | তেমাম | ভাবি ভাবি নিজৰ মাজতেই “এক্সাইটেদ” :P |
পাছদিনা পুৱা শুই উঠিয়েই শ্ৰীমতীৰ চিঞৰ
“হেৰি উঠক মহাশয় | ৮ টা বাজিল”
“অ.অ..ফ.অফ আজি ..” মইও এঙামুৰি এটা দি উত্তৰ
দিলো | মইহে গম পাইছো | কি তামাম “প্লেনিং” আজি | তুমি কি গম
পাবা কেঁচাইখাইতী গোসাঁনী ? কৰি লোৱা খং ... হুহ | তামাম “চাৰপ্ৰাইজ” দি আছো ৰ’ৱা
| ব্ৰাছ কৰিয়েই শ্ৰীমতীলৈ অনা গিফটতো মানে হেয়াৰ দ্ৰাইয়িং মেচিনটো দি দিলো |
শ্ৰীমতীয়ে চকু কেইটা উজ্জ্বল কৰি ক’লে,
“বৰ ভাল কাম কৰিলে হে | আজি বৰ দৰকাৰ আছিল” কথাষাৰৰ মাজতে আকৌ শ্ৰীমতীৰ দুটামান ফ’ন |সিফালে
কোনোবা নাৰীকণ্ঠ |
“ট্ৰিং ট্ৰিং”
ৰোগী দেখা কোঠাটোত আকৌ বাজিল এইডাল | কোনোব
পেচেণ্ট চাগৈ |
শ্ৰীমতীৰ খোঁচ, “যাওক ,আহিল আপোনাৰ মহানুভৱসকল”
“ৰ’ৱা হে .. আজি ৰোগী দেখা বন্ধ” আগফালে লগোৱা
আছে ফলক |এনেও যাবগৈ |কথাষাৰ শুনিয়েই শ্ৰীমতী আচৰিত হৈ গ’ল .. পিছে “কামোৰ” দিবলৈ
নেৰিলে
“যোৱা ভাতকেইটাকে ৰান্ধাগৈ তেতিয়াহ’লে.. ” মনটো
কোঁচ খাই আহিল | ধেত্ এনেও আজি “প্লেন” আছ্লেই দেখোন |নক’লেও হয় দেখোন L | শ্ৰীমতী অলপ বেছি “আনৰোমাণ্টিক” হৈ গৈছে নেকি বাৰু ? ২টাৰ আগত খোৱাবোৱা শেষ
| তামাম প্ৰেমিক প্ৰেমিক মুড এটা লৈ কাপোৰযোৰ লগাই গাড়ীখন উলিয়ালো |বসন্তীক
কালিয়েই ধুই থৈছো | শ্ৰীমতীক সুযোগ নিদিয়াৰ ভাৱেৰে পোনচাটেই ক’লো,
“ হেৰা , ওলোৱা... জীনচ লগাই ল’বা দেই.. অলপ
ফুৰিবলৈ ওলাই যাওঁ ”
পিছে শ্ৰীমতীয়ে মোকহে আচৰিত কৰি উলোটাই সুধিলে,
“তুমি কেনেকৈ জানিলা মই ওলাই যাম বুলি ? সৰৱজান্তা দেখোন ?”
“তুমি কেনেকৈ জানিলা মই ওলাই যাম বুলি ? সৰৱজান্তা দেখোন ?”
“বাদ দিয়া সেইবোৰ ... ওলোৱা সোনকালে”
বাকী যিকিনহওক ইভিনিং দ্ৰাইভটো অন্ততঃ হ’লগৈ | তামাম
মুড এটা লৈ ওলালো | ষ্টিয়েৰিং হাতত, শ্ৰীমতী কাষত |আৰু কি লাগে ? “ৱাওওও” | পিছে
এয়া কি ? জীনছৰ ঠাইত শাৰী L| হ’ৱ | চলি যাব | টাউনৰ প্ৰথম কেকুঁৰিটো ঘূৰাৰ
পাছতেই এন চি কলেজৰ ফিল্ডৰ কাষত শ্ৰীমতীয়ে নিজৰ হাতত “ষ্টিয়েৰিং” ল’লে |আচৰিত ! বাৰু
চলাওক , মন গৈছে চাগৈ | পিছে গাড়ী দেখোন কলেজৰ “কেম্পাছ”লৈহে সোমাল | শ্ৰীমতীয়ে “ষ্টেডিয়াম”ৰ
কাষত গাড়ী ৰখাই মোক “থেংকু” এটা দি “অডিট’ৰিয়াম”ৰ ফালে খোজ ল’লে | আঁতৰত দেখিলো
আৰু দুগৰাকীমান | ক’লৈ যোৱা বুলি সুধিবলৈও সময় নিদিলে | ওপৰলৈ মুৰ তুলি চাওঁতেহে
গম পালো |অস্থায়ী তোৰণখনত লিখা আছে “ আন্তঃজাৰ্তিক নাৰী দিৱস” | অহ |গৄহমন্ত্ৰীয়ে “ড্ৰাইভিং”
কৰি অহাৰ ৰহস্য সেয়াহে | স্বাধীন দেশৰ আত্মনিৰ্ভৰশীল নাৰী |হুহ |নিজকে শিৱৰ তাণ্ডৱ
ৰৄপটোলৈ ৰৄপাত্নৰিত কৰিবৰ মন গ’ল |পিছে নোৱাৰি |স্বভাৱজাত ঠাণ্ডা মানুহ মই | সকলো
প্লেনিং কলেজৰ সমূহীয়া ডাষ্টবিনত পেলাই বিমৰ্ষমনেৰে উভতিলো |ম’বাইলটো হঠাত্ বাজি
উঠিল |বৰুৱাদাৰ ফ’ন |
“আহক , দেখিছো আপোনাক ... |আহক আহক |মিটিং শেষ
হোৱালৈ ৰ’ৱ নালাগে | মোৰ গৰাকীয়ে লৈ আহিব আপোনাৰ গৰাকীক | স্বাধীনতা দিৱসকে পাতোগৈ
বলক |হাফ এটা ল’লে হ’বনে ?” বৰুৱাদাৰ চিধা প্ৰশ্ন মোলৈ |
মোৰ গাড়ীতে উঠি দুয়ো ওলালো ...”লং দ্ৰাইভ”ত....
বৰুৱাদাৰ গাড়ীখনো গ’ল তাৰমানে ...
No comments:
Post a Comment