মোৰ অনুভৱৰ নিয়ৰকণা কিছুমান আপোনালোকৰ মাজত মেলি দিছোঁ......আশা কৰিছোঁ সকলোৰে হৄদয় শ্পৰ্শ কৰিব........

Sunday, 23 February 2014

বিদ্ৰোহ ?



সোনালী পথাৰখন কা হল আজি
নাই সোণগুটি নাই লেচেৰি ,
ৰজাৰ আদেশত চলিছে কাৰাখানাৰ চকৰী ,
মাটি নিলে , আসন দিছে ,গ’ল “অসম ৰত্ন”
"নদীচুক্তি"য়ে নিব নেকি বাৰু
মোৰ মৰমৰ দিচাংখন কাঢ়ি ?
কুকৈ দদাইটিৰ ঘৰত বহিছে বৰমেল
"মুক্তি" আহিব বুলি.....
নদাই আৰু ভদাইয়ে বুজিছে নক্সাল, কমিউনিজম, পাৰকেপিটা...
পেট-ভাতৰ চিন্তা এৰি |
ককাইদেউ মুঠিত  নাই আজি নাঙল
সীমা বিবাদে নিলে কাঢ়ি বলদহালৰ ৰাচন ,
গাভৰুঘাটৰ পানীত বাজিছে কীটনাশকৰ মাদল
হিলৈ,বাৰুদৰে ভৰিছে আইৰ আখল |
তেজেৰে ৰাঙলী দেউতাৰ প্ৰাণৰ লখিমী
মৰণ পণ কৰিছে হেনো
স্বাধীনতাৰ আগে নুচুৱে নাঙল-যুঁৱলি |
নদীকো বান্ধিছে ঘূৰাইছে চকৰী  
বৰপীৰাত বহি বহিৰাগতৰ দপদপনি
নোদোকা শিয়ালৰ সুযোগবুজা খুপনি |
ৰজাৰ ভৄত্যৰ চৰকাৰী দুন্দুভী
ভাহি আহিছে উন্নতিৰ ফটাঢোলৰ ধ্বনি ,
আজি দেখোন প্ৰজাৰ ওলোটা চাৱনি
আকৌ হব নেকি এখন
পথৰুঘাট নতুবা  নেলী ?

No comments:

Post a Comment