মোৰ অনুভৱৰ নিয়ৰকণা কিছুমান আপোনালোকৰ মাজত মেলি দিছোঁ......আশা কৰিছোঁ সকলোৰে হৄদয় শ্পৰ্শ কৰিব........

Thursday, 13 March 2014

ছিদ্ৰ

**ৰং ৰং নানা ৰং...

ঝুমা , ঝুমা আচাৰ্জী |দৰা কইেনা খেলি ভাল পায় তাই | ঝুমাৰ জন্ম এটা বঙালী ভদ্ৰ পৰিয়ালত | পৰিয়াল খুবেই ভদ্ৰ , কিন্তু আৰ্থিক দিশত দুৰ্বল | একমাত্ৰ ছোৱালী তাই | একলা দুকলাকৈ বাঢ়ি আহে ঝুমা |মাকৰ অতি মৰমৰ | অলপ খেলিলেই ভাগৰ লাগে তাইৰ | দৌৰ মাৰে ককাকৰ বুকুলৈ | চাওঁতে চাওঁতে বিয়াৰ বয়স পালেহি ঝুমাৰ | ল’ৰাৰ সন্ধান চলিল | সুন্দৰ পাত্ৰ ওলাল | নিলেশ দে’ | পেশাত ব্যৱসায়ী আৰু ঠিকাদাৰ নিলেশৰ মাকো জিলা পৰিষদৰ সদস্য | ধুনীয়া কাৰণে নে তাইৰ সৰলতাই নিলেশক মুহিলে গম নাপালো |বেণী গুঠিব পৰা চুলি খিনিত কলডিলীয়া খোপা এটা বান্ধি দিয়া হ’ল | ২০ খনমান গাড়ীৰ বৰযাত্ৰীৰ সমদল | গাড়ীৰ পাছফালে লগোৱা হ’ল " নিলেশ ৱেড’চ ঝুমা " |বিয়া হৈ গ’ল ঝুমাৰ |

**নিষ্ঠুৰ নিয়তি, দেখিব নোৱাৰে সুখৰ হাঁহি ...

বিয়াৰ চাৰিমাহ পাছত ঝুমা মোৰ চেম্বাৰলৈ সোমাই আহিছিল | আচলতে মই ঝুমাক বিয়াৰ পাছৰ সেই দিনটোৰ পৰাহে জানো | নিতান্তই ৰোগী হিচাবে | সোমাই আহোঁতেই তাইৰ মুখত কিবা এটা উজ্জ্বলতা লৈ আহিছিল | কিন্তু সেই উজ্জ্বলতাৰ আঁৰতো যেন কিবা এটা ক্লান্তি , অৱসাদ লাগি আছিল | লগত নিলেশ আৰু ঝুমাৰ মাক | প্ৰয়োজনীয় পৰীক্ষা নিৰীক্ষাৰ অন্তত খবৰটো তাইক দিছিলো | ঝুমা , তুমি মা হ’ব উলাইছা | নিলেশ মোতকৈ ডাঙৰ | মোক চকু কেইটা ডাঙৰ কৰি সুধিছিল " সঁচানে ছাৰ ? " | " অ’, প্ৰায় দুমাহৰ ...কিন্তু " | "কিন্তু কি ডাক্টৰ ? "নিলেশে সুধিলে | ঝুমা আৰু মাকক আঁতৰাই ফুৰ্তিত আপোন পাহৰা হোৱা নিলেশক বেয়া খবৰটো দিলো " ঝুমাৰ হৄদয়ত এটা ছিদ্ৰ থকাৰ সম্ভাৱনা আছে " | নিলেশৰ মুৰত যেন সৰগ ভাগি পৰিল | নিলেশক প্ৰয়োজনীয় কথা কেইটা ক’লো | ঝুমাই কথাবোৰ শুনি আছিল | ভিতৰলৈ সোমাই আহি তাই শিশুসুলভ হাঁহি এটা মাৰি মোক ক’লে " ছাৰে যে কি কয় আৰু ! ...মানুহৰ হৄদয়ত ফুটা থাকে জানো ?" | তাই অবুজন | মানি নলয় তাইৰ হৄদয়ত ফুটা থাকিব পাৰে বুলি | মোকেই তাই সন্দেহৰ চকুৰে চালে তাই | নিশ্চিতকৰণৰ খাতিৰত কিছু উচ্চ্খাপৰ প্ৰয়োজনীয় পৰীক্ষা নিৰীক্ষাৰ বাবে মেডিকেল কলেজলৈ পঠালো ঝুমাক | যোৱাৰ সময়ত মাত নলগালে তাই | মইত হেনো বেয়া ডাক্টৰ | ঝুমা তেনেকুৱাই | খাৰাং খাচ ...

**পেণ্ডুলাম ...

কেইদিনমানৰ পাচত নিলেশ আহিছিল আকৌ | ঝুমাও লগত | তাইক দেখিয়েই লাগিছিল যেন কিবা এটা অন্তঃদ্বন্দত ভূগিছে তাই | বুকুৰ বিষ আৰু উশাস লওঁতেও কষ্ট হৈছিল | বেয়া লাগিল দেখি | নিলেশে অকলেই কথা পাতিলে | ইতিমধ্যে মেডিকেল কলেজৰ পৰা নিশ্চিত কৰি দিছিল যে ঝুমাৰ হৄদয়ত যে ছিদ্ৰ আছে, লগতে আৰু দুটামান সহযোগী ৰোগ | নিলেশে কৈ গৈছিল কথাবোৰ | সম্ভাৱ্য সকলো হ’ব পৰা বিপদৰ কথা বুজাই দিছিল মেডিকেল কলেজৰ পৰা | মা হ’বলৈ গ’লে মৄত্যকো আকোঁৱালি ল’ব লগীয়া হ’ব পাৰে ঝুমাই | গৰ্ভ নষ্ট কৰাৰ পৰামৰ্শ দিছিল | কিন্তু তাৰ পাচত আকৌ ঝুমা মা হ’ব নোৱাৰিব | সকলো এটা গভীৰ দুখত ডুবি আছিল | নিলেশৰ মাকো আহিছিল লগত | টকাৰ জোৰে বন্ধ কৰি দিব খুজিছিল ঝুমাৰ ছিদ্ৰটো | দেৰি হৈ গৈছিল তেতিয়া্লৈ | গোলাপী সেউজীয়া হাজাৰটকীয়া নোট কেইখনে যে সেই সামান্য ছিদ্ৰটো এতিয়া বন্ধ কৰিব নোৱাৰে বুজাই দিছিলো | মাক থৰ হৈ ৰৈছিল | ঝুমাক পৰীক্ষা কৰিলো | দুৰ্বল হৈছিল তাই | যোৱাৰ সময়ত পিছে হাঁহি হাঁহি সুধিছিল আকৌ " ছাৰ , হৄদয়ত জানো ছিদ্ৰ থাকে ?" |তাই তেতিয়াও মানি লোৱা নাছিল | মই ৰৈ গৈছিলো বহা চকীখনতে ....

**জীৱনটোও এটা পৰীক্ষা মাথো ....

দিনবোৰ দ্ৰুত গতিত বাগৰিছিল |পাঁচমাহ মান পাচত আকৌ উলাইছিলহি ঝুমা | সকলোকে আচৰিত কৰি দিছিল তাই | ৭ মাহৰ গৰ্ভ | সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰি আহিছিল তাই | মুখত সেই শেতা হাঁহি | এইবাৰ লগত আহিছিল ভায়েক | ঝুমাই সমস্যাবোৰ খুলি কৈছিল | মা হ’ব বিচাৰে তাই | শেষ বাৰৰ বাবে দৰা কইনা খেলিব বিচাৰে | এইবাৰৰ দৰা কইনাৰ লগত কেঁচুৱাও থাকিব | শেষৰ ফালে কান্দি দিছিল তাই | ভায়েকে ধৰি আছিল তাইক | হেঁপাহ পলোৱাই কৈছিল মোৰ আগত যোৱা পাঁচমাহৰ কথা |নিলেশে কৰা প্ৰতাৰণাৰ কথা | নিলেশেৰ পৰিয়ালে এৰি দিয়াৰ কথা | চিকিত্‍সাৰ বাবে ঝুমাৰ পৰিয়ালক টকা খোজাৰ কথা | টকা দিব পৰা নাছিল ঝুমাৰ মাক দেউতাকে | আছলতে টকা আছল কথা নাছিল | চুজি উঠিছিল তাই নিলেশক আৰু নিলেশৰ মাকক | শেষত ঝুমাই ঘৰ ত্যাগ কৰিছিল | আগৰ দৰেই ঝুমাই হাঁহি এটা মাৰি ক’লে " ছাৰ, আপুনি ঠিকেই কৈছিল ... মানুহৰ হৄদয়ত ছিদ্ৰ থাকে ... সঁচাই থাকে .... কিছুমানৰ ছিদ্ৰবোৰ বৰ ডাঙৰ ...." | কথাষাৰ বহুতবাৰ ঘুৰি থাকিল মনৰ মাজত | হয়, কিছুমানৰ ছিদ্ৰবোৰ বৰ ডাঙৰ ... ব্হুত ডাঙৰ ...

**উপসংহাৰ

ঝুমা গ’ল যি গ’ল নাহিলেই | কিন্তু কাৰোবাক থৈ গ’ল | অলপ দিন পাচতে গৰ্ভধাৰণৰ দিন পূৰ্ণ নোহোৱাকৈয়ে সন্তান এটা জন্ম দিছিল ঝুমাই | কম ওজনৰ কন্যা সন্তানটি জীয়াই থাকিল ডাক্তৰৰ আপ্ৰাণ চেষ্টাত | ঝুমাক ৰখাব নোৱাৰিলে কোনেও | গ’লগৈ | কিন্তু আন এজনী ঝুমা থৈ গ’ল | টুম্পা তাইৰ নাম ..... | ডক্তৰ কাকু... ডক্তৰ কাকু .... ছবিটা কেমন হচ্ছে ? ক’ন না ..... টুম্পাৰ কথাত বাস্তৱলৈ ঘূৰি আহিলো | মাজে মাজে আইতাকে লৈ আহে তাইক |চাৰি বছৰীয়া হ’ল তাই ., সাইলাখ ঝুমাৰ দৰে .. সেই একেই হাঁহি .. একেই চাৱনি ....... নিলেশো আহে কিন্তু ... আনৰ স’তে | টুম্পাক দেখিলেই চকুহাল সেমেকি উঠে ... অজানিতে

ঘৰ-সংসাৰ ২৬



কালৰ আঁচোৰ কিয় কৰুনাময় ??
কাতৰ চিঞৰ কিয় যাতনাময় ??
দয়া কৰা হে প্ৰভূ
তুমি নিৰাময়……
কালৰ আঁচোৰ কিয় কৰুনাময় ??

“চিঞৰ” বোলছবিৰ গীতটিৰ দৰে কালৰ আঁচোৰ কৰুনাময় হয় নে নহয় নাজানো, কিন্তু যোৱা দিনটো মোৰ কাৰণে কৰুণাময় আছিল সেইটো খাটাং | মোৰ কাৰণে আচলতে নহয় | আচলতে আমাৰ কাৰণে | বৰুৱাদা আৰু মোৰ|নতুনকৈ ডাক্তৰ দুজনে যোগদান কৰিলেহি আমাৰ হস্পিতালত | নতুন ল’ৰা | ডিউটি দি দিছো বাপ্পেকে | পুৰাপুৰি দুটা দুটা নাইট | অৰ্থাত্‍ মোৰ আৰু বৰুৱাদাৰ এদিন ফ্ৰী | ইয়াহু | বহুত দিন হ’ল ঘৰ-সংসাৰলৈ চকু নিদিয়াৰ | শ্ৰীমতীৰ মুখখনেই ভালকৈ চাবলৈ পোৱা নাই L|”লং দ্ৰাইভ” বোলা বস্তু এটা পৄথিৱীত আছিল পাহৰিয়েই থাকিলো |( এবাৰ শ্ৰীমতীৰ লগত এনেকুৱা কথা পাতি থাকোঁতে মায়েতো মোক সুধিয়েই পেলালে , এই “লং দ্ৰাইভ” বস্তুটো কি অ? “পেন দ্ৰাইভ” টাইপৰ নেকি ? :P )
“হেৰা শ‍ইকীয়া ক’ত হেৰাই গ’লা হে ? , বহুত দিনৰ পাছত শ্ৰীমতীৰ লগত কালিলৈ ওলাই যাম বুজিছা ... তুমিও পাৰিলে উলাবা তোমাৰ গৰাকীক লৈ | বুজিছা”
বৰুৱাদাইও বৰ সুখত কথাষাৰ ক’লে যেন লাগিছে |নিজেওটো সেইবিলাকেই ভাবি আছিলো | “ফাষ্ট ফাষ্ট’ পৄথিৱীৰ “ফাষ্ট ফাষ্ট” কথাত পৰি পাহৰি গৈছিলো নিজৰ কথা | পোনাকনক স্কুলত দিবৰে পৰা “হমৱৰ্ক” কৰি কৰি নিজকো একেজি নে দুকেজিৰ ছাত্ৰৰ দৰে লগা হৈছেগৈ | ক’ত হেই আমাৰ নাইলনৰ থৈলা আৰু বেয়া “চেইন”ৰ মুখ মেলি থকা “হাফ পেন্ট”ৰ “কম্বিনেশ্যন” আৰু ক’ত পোনাকনৰ কিতাপ আৰু বহী ভৰ্তি “ডিজেল”ৰ আধুনিক মোনা আৰু  টেটু চেপি মৰা “টাই” | হুহ | পঢ়িবলৈ আৰু জীৱনটো বুজিবলৈ ইমান কম বয়সতে টেটু চেপা “টাই”ডাল আৰু পিঠি বিষাই যোৱাকৈ গাধৰ ওজন কঢ়িয়াটো অপৰিহাৰ্য্য নেকি বাৰু ?
যিকিনহওক বৰুৱাৰ লগত কথাবোৰ পাতিলো | দুই জনে নিজৰ শ্ৰীমতীক “চাৰপ্ৰাইজ” আৰু “লং দ্ৰাইভ” | চাৰিদিনমান আগতে শ্ৰীমতীয়ে ডাঙৰ ডাঙৰকৈ কোৱা মনত আছে মোৰ  “ডাক্তৰ চাহাব , ঘৰ বুলি কোৱা “ফ্ৰী চাৰ্ভিচ”ৰ হোটেল এখন আছে দেই| মন কান দিব | হোটেলৰ মালিক ঠিক থাকিলেহে ... নহ’লে ???” |পিছে আজি এৰাত নাই দুই হৰিভকতে | গৄহমন্ত্ৰীসকলক “ইম্প্ৰেছ” কৰিব‍ই লাগিব | অপাৰেচন “লং দ্ৰাইভ” |
তামাম প্লেনিং এটা ল’লো | পুৱাতে এটা “চাৰপ্ৰাইজ গিফট” | আবেলি নিজৰ হাতেৰে ৰান্ধি দুপৰীয়াৰ সাঁজ খোৱাম | সন্ধিয়ালৈ “লং দ্ৰাইভ” |পোনাকন মাৰ লগত | তেমাম | ভাবি ভাবি নিজৰ মাজতেই “এক্সাইটেদ” :P |
 
পাছদিনা পুৱা শুই উঠিয়েই শ্ৰীমতীৰ চিঞৰ 
“হেৰি উঠক মহাশয় | ৮ টা বাজিল”
“অ.অ..ফ.অফ আজি ..” ম‍ইও এঙামুৰি এটা দি উত্তৰ দিলো | ম‍ইহে গম পাইছো | কি তামাম প্লেনিং আজি | তুমি কি গম পাবা কেঁচাইখাইতী গোসাঁনী ? কৰি লোৱা খং ... হুহ | তামাম “চাৰপ্ৰাইজ” দি আছো ৰ’ৱা | ব্ৰাছ কৰিয়েই শ্ৰীমতীলৈ অনা গিফটতো মানে হেয়াৰ দ্ৰাইয়িং মেচিনটো দি দিলো | শ্ৰীমতীয়ে চকু কেইটা উজ্জ্বল কৰি ক’লে,
“বৰ ভাল কাম কৰিলে হে | আজি বৰ দৰকাৰ আছিল”  কথাষাৰৰ মাজতে আকৌ শ্ৰীমতীৰ দুটামান ফ’ন |সিফালে কোনোবা নাৰীকণ্ঠ |
“ট্ৰিং ট্ৰিং” 
ৰোগী দেখা কোঠাটোত আকৌ বাজিল এইডাল | কোনোব পেচেণ্ট চাগৈ |
শ্ৰীমতীৰ খোঁচ,  “যাওক ,আহিল আপোনাৰ মহানুভৱসকল”
“ৰ’ৱা হে .. আজি ৰোগী দেখা বন্ধ” আগফালে লগোৱা আছে ফলক |এনেও যাবগৈ |কথাষাৰ শুনিয়েই শ্ৰীমতী আচৰিত হৈ গ’ল .. পিছে “কামোৰ” দিবলৈ নেৰিলে
“যোৱা ভাতকেইটাকে ৰান্ধাগৈ তেতিয়াহ’লে.. ” মনটো কোঁচ খাই আহিল | ধেত্‍ এনেও আজি “প্লেন” আছ্লেই দেখোন |নক’লেও হয় দেখোন L | শ্ৰীমতী অলপ বেছি “আনৰোমাণ্টিক” হৈ গৈছে নেকি বাৰু ? ২টাৰ আগত খোৱাবোৱা শেষ | তামাম প্ৰেমিক প্ৰেমিক মুড এটা লৈ কাপোৰযোৰ লগাই গাড়ীখন উলিয়ালো |বসন্তীক কালিয়েই ধুই থৈছো | শ্ৰীমতীক সুযোগ নিদিয়াৰ ভাৱেৰে পোনচাটেই ক’লো,
“ হেৰা , ওলোৱা... জীনচ লগাই ল’বা দেই.. অলপ ফুৰিবলৈ ওলাই যাওঁ ”
পিছে শ্ৰীমতীয়ে মোকহে আচৰিত কৰি উলোটাই সুধিলে,
“তুমি কেনেকৈ জানিলা ম‍ই ওলাই যাম বুলি ? সৰৱজান্তা দেখোন ?”
“বাদ দিয়া সেইবোৰ ... ওলোৱা সোনকালে”
বাকী যিকিনহওক ইভিনিং দ্ৰাইভটো অন্ততঃ হ’লগৈ | তামাম মুড এটা লৈ ওলালো | ষ্টিয়েৰিং হাতত, শ্ৰীমতী কাষত |আৰু কি লাগে ? “ৱাও‍ও‍ও” | পিছে এয়া কি ? জীনছৰ ঠাইত শাৰী L| হ’ৱ | চলি যাব | টাউনৰ প্ৰথম কেকুঁৰিটো ঘূৰাৰ পাছতেই এন চি কলেজৰ ফিল্ডৰ কাষত শ্ৰীমতীয়ে নিজৰ হাতত “ষ্টিয়েৰিং” ল’লে |আচৰিত ! বাৰু চলাওক , মন গৈছে চাগৈ | পিছে গাড়ী দেখোন কলেজৰ “কেম্পাছ”লৈহে সোমাল | শ্ৰীমতীয়ে “ষ্টেডিয়াম”ৰ কাষত গাড়ী ৰখাই মোক “থেংকু” এটা দি “অডিট’ৰিয়াম”ৰ ফালে খোজ ল’লে | আঁতৰত দেখিলো আৰু দুগৰাকীমান | ক’লৈ যোৱা বুলি সুধিবলৈও সময় নিদিলে | ওপৰলৈ মুৰ তুলি চাওঁতেহে গম পালো |অস্থায়ী তোৰণখনত লিখা আছে “ আন্তঃজাৰ্তিক নাৰী দিৱস” | অহ |গৄহমন্ত্ৰীয়ে “ড্ৰাইভিং” কৰি অহাৰ ৰহস্য সেয়াহে | স্বাধীন দেশৰ আত্মনিৰ্ভৰশীল নাৰী |হুহ |নিজকে শিৱৰ তাণ্ডৱ ৰৄপটোলৈ ৰৄপাত্নৰিত কৰিবৰ মন গ’ল |পিছে নোৱাৰি |স্বভাৱজাত ঠাণ্ডা মানুহ ম‍ই | সকলো প্লেনিং কলেজৰ সমূহীয়া ডাষ্টবিনত পেলাই বিমৰ্ষমনেৰে উভতিলো |ম’বাইলটো হঠাত্‍ বাজি উঠিল |বৰুৱাদাৰ ফ’ন |
“আহক , দেখিছো আপোনাক ... |আহক আহক |মিটিং শেষ হোৱালৈ ৰ’ৱ নালাগে | মোৰ গৰাকীয়ে লৈ আহিব আপোনাৰ গৰাকীক | স্বাধীনতা দিৱসকে পাতোগৈ বলক |হাফ এটা ল’লে হ’বনে ?” বৰুৱাদাৰ চিধা প্ৰশ্ন মোলৈ |
মোৰ গাড়ীতে উঠি দুয়ো ওলালো ...”লং দ্ৰাইভ”ত.... বৰুৱাদাৰ গাড়ীখনো গ’ল তাৰমানে ...