সোনালী
পথাৰখন উকা
হ’ল আজি
নাই সোণগুটি নাই লেচেৰি ,
ৰজাৰ আদেশত চলিছে কাৰাখানাৰ চকৰী ,
মাটি নিলে , আসন দিছে ,গ’ল “অসম ৰত্ন”
"নদীচুক্তি"য়ে নিব নেকি বাৰু
মোৰ মৰমৰ দিচাংখন কাঢ়ি ?
কুকৈ
দদাইটিৰ ঘৰত বহিছে বৰমেল
"মুক্তি" আহিব বুলি.....
নদাই
আৰু ভদাইয়ে বুজিছে নক্সাল, কমিউনিজম, পাৰকেপিটা...
পেট-ভাতৰ চিন্তা এৰি
|
ককাইদেউৰ মুঠিত নাই আজি নাঙল
সীমা
বিবাদে নিলে কাঢ়ি বলদহালৰ
ৰাচন ,
গাভৰুঘাটৰ
পানীত বাজিছে কীটনাশকৰ মাদল
হিলৈ,বাৰুদৰে ভৰিছে আইৰ আখল
|
তেজেৰে
ৰাঙলী দেউতাৰ প্ৰাণৰ লখিমী
মৰণ পণ
কৰিছে হেনো
স্বাধীনতাৰ
আগে নুচুৱে নাঙল-যুঁৱলি |
নদীকো
বান্ধিছে ঘূৰাইছে চকৰী
বৰপীৰাত
বহি বহিৰাগতৰ দপদপনি
নোদোকা
শিয়ালৰ সুযোগবুজা খুপনি |
ৰজাৰ
ভৄত্যৰ চৰকাৰী দুন্দুভী
ভাহি
আহিছে উন্নতিৰ ফটাঢোলৰ ধ্বনি
,
আজি দেখোন
প্ৰজাৰ ওলোটা চাৱনি
আকৌ হ’ব নেকি এখন
পথৰুঘাট
নতুবা
নেলী ?