মোৰ অনুভৱৰ নিয়ৰকণা কিছুমান আপোনালোকৰ মাজত মেলি দিছোঁ......আশা কৰিছোঁ সকলোৰে হৄদয় শ্পৰ্শ কৰিব........

Friday, 11 October 2013

ঘৰ-সংসাৰ ২৫


মৌলা চুন লে ৰে
খোদায়া অ’মেৰে ....

অংগৰাগ মহন্তৰ গান এটা শুনি শুনি পুৱা পেপাৰখনত চকু ফুৰাই আছোঁ | শ্ৰী মতীক মিঠা মাত এষাৰ দিলো 
"হেৰা চাহ একাপ খোৱাবা নেকি ? "
 কথাষাৰে যেন কদোঁৰ বাঁহতহে জুই দিলে | ভিতৰৰ পৰা ঠেকেচনি মৰা উত্তৰ এটা আহিল
" আজি মোৰ পাকঘৰত ন’ এণ্ট্ৰীৰ লাষ্ট দিন বুলি পাহৰিলে নেকি ? "
শ্ৰীমতীৰ মাহেকীয়া লেঠাভাগি আছে বুলি পাহৰিয়েই গৈছিলো | কথা আগনবঢ়াই নিজেই তৈয়াৰ কৰি খোৱাই ভাল বুলি পাকঘৰলৈ আগবাঢ়িলো | মায়েও চাঞ্চ এটা পাই খোচা এটা মাৰিবলৈ নাপাহৰিলে
"আগতে ঠাণ্ডা পানী এগিলাচো নাখাৱ নহয় | এতিয়া মজাটো পা , পাৰিলে মোকো একাপ দে "
 ৰাতিপুৱাই প্ৰান্তিকখন লৈ পোনাকনৰ কাষত মা | পোনাকনৰ অ আ ক খ  আৰু মাৰ প্ৰান্তিকৰ যুগলবন্দী | পোনাকনে অ আ ক খ লিখা এৰি প্ৰান্তিকখনৰ ভিতৰফালে লাডু আঁকিহে ভাল পায় |তাক দেখি মনে মনে ভাৱো
" হেৰৌ আঙুলিৰ মুৰত লিখিব পৰা অসমীয়া উন্নত আলোচনী কেইখনমানৰ ভিতৰত সেইখনো এখন | আলৈ এথানি নকৰিবি | "  পিছে নাই , চাৰি পাঁচখনমান অসম আঁকিহে ভাল পায় সি |
       গা ধোৱা ঘৰৰ পৰা ওলায়েই শ্ৰীমতীয়ে মোলৈ কেৰাহিকৈ চালে | চালে মানে প্ৰশ্নবোধক চিন | মানে  মাৰক চাহ খোৱালা .. মোৰ কাপ ক’ত ? মোৰ দৰে বাৰু বাকী দুনীয়াৰ "হাজবেণ্ড" বোৰে পত্নীয়ে চালেই মুখ চাই কি ক’ৱ কৈ দিব পাৰে নে নোৱাৰে নাজানো | কিন্তু ম‍ই মুখ চালেই তেৰাৰ গৰ্ভ দেখা পাওঁ | বাকী মানুহৰ ঘৰত শাহুৰ অত্যাচাৰত বোৱাৰীৰ অৱস্থা বেয়া হয় , কিন্তু আমাৰ ঘৰ-সংসাৰ ওলোটা | শাহু-বোৱাৰীৰ সন্মিলিত অত্যাচাৰত পুত্ৰ ওৰফে পতিৰ অৱস্থা তথবৈচক হয় :( | তাতে ভূতৰ ওপৰত দানহ পৰাদি পোনাকন আছেই | লগতে তাৰ অদ্ভূত প্ৰশ্ন কিছুমান | মুঠতে অৱ্স্থা একেবাৰে শুকান পুখুৰীৰ বোকাত জীয়াই থকা বতীয়া মাছ কেইটাৰ দৰে | কেতিয়া বোকা শুকাই কৰকৰীয়া হ’ৱ তাৰ কোনো ঠিকনা নাই |
   বন্ধৰ দিন কাৰণে ভাত মুঠি ধৰি বিছনাত | সাৰথি কৰিছোঁ ফেচবুক | খুলিয়েই অনলাইন পালো মোৰ পুৰণা কলেজীয়া বান্ধৱী নয়না | মোৰ মেডিকেলৰ দিনৰ পাৰ্টনাৰ | অতিমাত্ৰা নাটকীয় আৰু চিনেমা প্ৰিয় নয়না | চাটিংটো ডায়ল’গ বোৰ তেনেকুৱা | কলেজত এনেও আমাৰ দুটাক বুন্দীয়া ভুজীয়া বুলি মাতিছিল | যদিও আমাৰ মাজত এটা নিভাঁজ মিঠাতেলৰ নিচিনা বন্ধুত্বহে আছিল | মোক অনলাইন দেখিয়েই তাইৰ কুচকাৱাজ আৰম্ভ হ’লেই
"হাই ডাৰ্লিং .." কলেজৰ দিনৰ পৰাই তাই মোক ডাৰ্লিং বুলি মাতে ধেমেলীয়াকৈ | আল্টিমেট য়াৰী ডোষ্টি |
"থ’ হেৰৌ নামাতিবি তেনেকৈ .....কলেজ নহয় এইখন ...মোৰ ঘৰহে .....ক’ত আচ’ বে ?" মোৰ স্বভাৱসুলভ প্ৰশ্ন |
" নাহৰগুৰি , তিনিচুকীয়া ..ত‍ই ক’ত পচি আছ বে ? তোৰ ৱাইফ বৰ ধুনীয়া হেনো ? হয় নেকি অ’ ? তাইৰ কথাষাৰ শুনিয়েই  দিল বাগ বাগ হ’ গয়া | হাজাৰ হ’লেও অন্যৰ মুখত পত্নীৰ প্ৰশংসা শুনাৰ মজাই বেলেগ |
"ধেত্‍ মোটা মুটি আৰু ডিয়েৰ ....তোৰ বিয়াৰ কি হ’ল ? তাইক সুধিলো
"এটাৰ লগত আছোঁ বে....হেঃ হেঃ "

তাইৰ খিল খিল হাঁহিতেই বুজিলো তাই যে ল’ৰাবোৰক নাকত ধৰি চাকত ঘুৰোৱা স্বভাৱটো বাদ দিয়া নাই | এনেতে শ্ৰীমতীও লাহেকৈ কাষত বহিলহি | তাৰ আগতেই চাটিং অফ | মেচেজ ডিলিট | মিছামিছি সন্দেহৰ ভাগি হোৱাতকৈ নোহোৱাই ভাল | আগতে ৰামায়ন কাণ্ড এখন হৈ গৈছে | গতিকে সাৱধানীৰ মৰণ নাই | শ্ৰীমতীয়ে বহিয়েই মোৰপৰা লেপটপ লৈ মোৰেই প্ৰফাইল পকোৱাত লাগিল | আজিলৈকে শ্ৰীমতীয়ে মোৰ প্ৰফাইল চোৱা নাই | শ্ৰীমতীৰ মোৰ প্ৰফাইল লুটিয়াই বগৰাই চোৱাৰ ষ্টাইল দেখি sony tvৰ CIDলৈ মনত পৰি গ’ল | যেন আই এছ আইৰ কোনোবা এজেন্টৰ প্ৰফাইলহে চাইছে | লাহেকৈ খোঁচ এটা মাৰিলো
"হ’ৰা কি বিছা্ৰিছা হে ? একো নোপোৱা | লাভ নাই | ৰিলেচনচিপ ষ্টেটাছ চিংগল থাকিলে কি হ’ল | দুনীয়াৰ মানুহে জানে ম‍ই বিবাহিত বুলি | অপুন নিট এণ্ড ক্লীন হেই মেডাম | "
শ্ৰীমতীয়েও হাঁহি এটা মাৰি "কাট" এটা মাৰিলে
"দুজনীমান জিৰ’ ফিগাৰৰ দেখিছোঁ ফ্ৰেণ্ড লিষ্টত | আমাৰ আকৌ শৰীৰৰ ওজন বাঢ়িছে নহয় | "  কথাষাৰৰ শেষত গলখেকাৰিটো অলপ প্ৰয়োজনত্কৈ বেছিকৈয়ে ওলাল |ম‍ইও পৰি মৰা ভকত নহয় |
"তোমাৰ প্ৰফাইল আজিলৈকে খুচৰা নাই দেই অমুকাই |"
কথাষাৰ শুনিয়েই শ্ৰীমতীৰ মুখখন প্ৰথমে গহীন হ’ল | কলীয়া ডাৱৰে আগুৰি আগন্তুক তিনি চাৰি মিনিটত মুষলধাৰে কান্দোনৰ বৄষ্টি হ’ব পৰা পৰিস্থিতিৰ উদ্ভৱ হ’ল | পৰিস্থিতি নিয়ন্ত্ৰনৰ প্ৰচেষ্টা এটা চলাবলৈ লাহেকৈ শ্ৰীমতীৰ হাতখনত ধৰি ক’লো
" হেৰা ফেচবুক ব্বাদ দিয়াহে | পোনাকনকো লগ সংগ এটাও লাগে নহয় |"
 কথাষাৰ শুনা মাত্ৰেই শ্ৰীমতীৰ মুখঘুৰাই  শোৱা কোঠাৰ চৰকাৰী দেৱালৰ সৈতে মৌনব্ৰত পালন | যেন মোৰ মৌসনা কথাষাৰ নীলকণ্ঠৰ হলাহল বিষহে | নহ’বনো কিয় ? পোনাকনৰ মেজিকাষ্ঠ হোৱাৰ অভিজ্ঞতা এতিয়াও দুইটাৰ মনত সজীৱ হৈ আছে | তাৰ পাচৰ আধাঘণ্টীয়া নেৰা নেপেৰা প্ৰচেষ্টাৰ পাছত টিকিৰ হৄদয় গলিল | তাকো এটা চৰ্তত | ইভিনিং চৰ্ট দ্ৰাইভ ৱিথ চিকেন ম’ম ট্ৰিট | হ’ব | মানি ল’লো | এষাৰ কথাৰ কাৰণেই তিনি লিটাৰ পেট্ৰল আৰু  দুই প্লেট ম’মৰ দাম শৰাধ হ’ব :(  | যায়হওক ফেচবুকৰ কথাটো যে তল পৰিল | যিহে সন্দেহবাদী মানুহ | তিলটোকে তাল কৰিব | বিয়া পতা মানুহৰ কাৰণে ফেচবুকৰ  নাৰী বন্ধুত্ব কেনেবাকৈ পত্নীৰ কানত পৰিলে প্ৰাণনাশৰ সমান বিপদ হ’ব পাৰে | সন্ধিয়ালৈ ইভিনিং দ্ৰাইভ | টিকিৰ মুখত হাঁহি | হাজাৰ হ’লেও পত্নীৰ এই হাঁহিবিলাকেই পতিসকলৰ আটাইতকৈ বিয়োগ বিন্দু অৰ্থাত্‍ "মাইনাছ প‍ইন্ট " | এই হাঁহিৰ কাৰণেই ২৫ বছৰতেই আঢ়ৈ বছৰীয়া ল’ৰাৰ বাপেক :( | যিকি নহওক ধনৰ শৰাধ হ’লেও মনৰ আন্ধাৰ আঁতৰ কৰি শৰ্ট দ্ৰাইভৰ পৰা বেক টু ঘৰ-সংসাৰ |
  পিছদিনা পুৱাই হস্পিতাল | সোনকালেই ৰোগী শেষ | চৰকাৰী কামৰ মাজতেই ফেচবুক :P | হস্পিতালৰ wi-fi | "এবচ’লুটলী ফ্ৰী" | ফেচবুক কৰাৰ মজাই বেলেগ | চৰকাৰৰ টকা | আকৌ নয়নাৰ কামোৰ আৰম্ভ হ’ল ...
’হেই ডাৰ্লিং ....চৰকাৰী কামত ফাঁকি দিছ’ ন’ ..ৰহ ... হেঃ হেঃ .."
"নাই দিয়া বে..এনেই...কি কৰি..."
মাজতে শ্ৰীমতীৰ ফ’ন | মোৰ ফেচবুক পাছৱৰ্ড লাগে | মানে ভাত খাই উঠি শ্ৰী মতী ঘৰৰ ডেক্সটপত | হৄদয় কঁপি গ’ল | | কাৰোবাক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠায় হেনো | মোৰ পৰা ???? সাতডালমান প্ৰশ্নবোধক চিন মগজৰ চাৰিওফালে উৰিল |  আকৌ মিছা সন্দেহত ফঁচিবৰ ইচ্ছা নাই | সদায় কথা পাতি  থকা কলেজীয়া বান্ধৱী কেইজনীৰ কনভাৰ্চেচন ডিলিট | লগতে বিয়াৰ আগতে গলাধঃকৰণৰ স্মৄতি ৰোমন্থন কৰা লগৰ কেইটাৰো মেচেজ ডিলিট | ততাতৈয়াকৈ পাছৱৰ্ড পাছ কৰিলো | লগে লগে এটা এটা উৰন্ত চুমা উৰি আহিল ফ’নৰ সিপাৰৰ পৰা | দিল গাৰ্ডেন গাৰ্ডেন হ’ গয়া | আকৌ কামত লাগিলো | টেনচন ফ্ৰী |
সন্ধিয়া ঘৰ পালোগৈ | শ্ৰীমতীৰ মুখলৈ চাই বতৰৰ আগজাননী ল’লো | বতৰ ফৰকাল | মানে মোৰ প্ৰফাইলত একো খুঁট নাই | ৱাহ | নিজকে আকৌ এবাৰ মিঃ নিট এণ্ড ক্লীন যেন লাগিল | চাহকাপ খাই পোনাকনক A B C Dৰ জ্ঞান আৰু লগতে ম’বাইলত ফেচবুক | অথনি নয়নাই বেয়াই পালে চাগৈ | একো নোকোৱাকৈ অফলাইন হৈ গ’লো | একো মেচেজ নাই | তাই অফলাইন এতিয়া | ডিউটিত হ’ব পায় | মেচেজ এটাকে দি দিলো |
"ছৰী ডিয়েৰ.....অথনি কামত বিজি আছিলো.....ক’ত মৰি আছ’ এতিয়া ? "
মেচেজ দিয়েই ফেচবুক অফ | পোনাকনক শিকোৱাত লাগিলো | পিছে পোনাকনৰ অধ্যয়ন অভ্যাস ভঙ্গ হ’ল পাকঘৰৰ পৰা  অহা ঠাল বাতিৰ ঠাং ঠুং  শব্দত | শ্ৰীমতীৰ কিবা হ’ল বুলি দৌৰ দিলো পাকঘৰলৈ | পিছে দুৱাৰমুখতে ডাবল ডিস্ক ব্ৰেগ মাৰি ৰ’ৱ লগীয়া হ’ল | কাৰণ দুৱাৰমুখ পাওঁতেই মোৰ মূৰ চুওঁ  নুচুওঁকৈ দিল্লী যাত্ৰাত আগ্ৰাৰ পৰা অনা কাপ প্লেটৰ চেটটোৰ কাপ এটা সোঁ সোঁৱাই পাৰ হৈ  যোৱা যেন পালো | তাৰ পাছে পাছে শ্ৰীমতীৰ হাতৰ শক্তিত পূৰ্ণ গতি পোৱা কাপটোৰ লগৰ প্লেট খনো মোৰ সিখন কানৰ কাষেদি গমন | শ্ৰীমতীৰ এই পুৰণা কেঁচাইখাইতী গোঁসানী ৰৄপ হঠাত্‍ ধাৰণৰ কোনো কাৰণ বিছাৰি নাপালো | যোৱা দুদিনৰ কথাখিনি চৰ্ট ৰিপ্লে এটা মাৰি চালো মনৰ ভিতৰত | একেবাৰে চাহ বনোৱাৰ পৰা বৰ্তমানৰ আগ্ৰাৰ কাপ প্লেটটোলৈকে | নাই, একো নাই দেখোন | চিন্তা ভাৱনাৰ মাজতে মোৰ সোঁৱে বাঁওৱে তিনি চাৰি হাজাৰমান টকাৰ  বস্তুৱে গতি কৰিছে | শ্ৰীমতীৰ এই কেঁচাইখাইতী গোঁসানীৰ ৰৄপ শান্ত কৰে কোনে ? কাৰণেই বা কি ? ছয় সাত হাজাৰমানৰ শৰাধ হোৱাৰ পাছত যেনিবা শ্ৰীমতী কেঁচাইখাইতীৰ পৰা ফোঁচফোচনি থকা দূৰ্গালৈ ৰৄপান্তৰ হ’ল | মোক মহতীয়াই শুৱনি কোঠালৈ যাওঁতে ৰঙা চকুৰে চাই (অৰ্থাত্‍ কালিলৈ চাম আকৌ ,আজিটো শুৱনি কোঠাৰ পৰাই নোলাওঁ,  কিডাল কৰিবা  ) ম’বাইলটো হাতত গুজি গ’ল | অফ স্ক্ৰীন | বেচাৰা | শ্ৰীমতীৰ খং দেখি সিও নুমাই গ’ল |  স্ক্ৰীণখন জ্বলাই ম’বাইলটো চালো | মেচেজ এটা | " আই ৱাজ অন ডিউটি ডাৰ্লিং...." | নয়নাৰ মেচেজ | শ্ৰীমতীৰ কাৰণে ডাৰ্লিংটোৱেই যথেষ্ট , মেচেজটোৰ বাকীখিনি নক’লেও হ’ব |  খাৰখোৱা মগজটোৱে লাহে লাহেহে গোটেই ফেচবুকীয়া কাৰবাৰটো ধৰিব পাৰিলে | শ্ৰীমতীৰ মৌসনা মাতেৰে মোৰ পাছৱৰ্ড হৰণ.......ফেচবুক অফলাইন থাকিলে ফেচবুকে ম’বাইললৈ নটিফিকেচন আৰু মেচেজ পঠিয়াব পৰা ব্যৱস্থা... নয়নালৈ মোৰ অফলাইন মেচেজ... তাৰ পাছত তাইৰ ৰিপ্লাই... :(.. বুজিলে ৰাইজ | হায়ৰে মোৰ ঘৰ-সংসাৰ | শাস্তি হিচাপে এতিয়া পূজাৰ কেইদিন পোনাকনক আপদাল, ফেচবুক একাউন্ট ডি-এক্টিভেট আৰু লগতে শ্ৰীমতী বন্দনা ফ্ৰী...

যা দেৱী সৰ্বভূতেষূ
পত্নী ৰৄপেন সংস্থিতা
শাৰী দিছোঁ নেকলেছ দিছোঁ
এইবাৰলৈ মাফ কৰা ..:(

"

Wednesday, 18 September 2013

"ইমান ইমান পানী - এক অনুভৱ"




যোৱা ২৫ আগষ্টত দিল্লীৰ শ্ৰীফৰ্ট অডিটৰিয়াম-২ত অনুষ্টিত হৈ যায় "ইমান ইমান পানী"নামৰ নাটখনি | মামণি ৰয়চম গোস্বামী মেম’ৰিয়েল ট্ৰাষ্টৰ আমন্ত্ৰন ক্ৰমে "অসম ভাষা সাহিত্য সন্মিলনী"ৰ তৰফৰ পৰা অনুষ্ঠিত কৰা হয় "ইমান ইমান পানী" | ২৪ তাৰিখে অসমৰ পৰা গৈ পোৱা দলটিয়ে দিল্লীবাসী ৰাইজক এখন সফল নাট উপহাৰ দিয়ে | পৄথিৱী বিখ্যাত চিত্ৰশিল্পী চালভাদৰ দালিৰ "দা পাৰ্চিচটেন্স অৱ মেমৰী" আৰু এদৱাৰ্ড মাঞ্চৰ "দা স্ক্ৰীম " নামৰ চিত্ৰ দুখনৰ ওপৰত আধাৰিত নাটখনিৰ উপস্থাপন আছিল "ষ্টাইলাইজড" | অসমীয়া , ৰাভা , বড়ো ভাষা আৰু জিবাৰিছ
ব্যৱহাৰ কৰি সংলাপ প্ৰক্ষেপণ কৰা নাটখনৰ দৈঘ্য এঘণ্টা দহ মিনিট | ৰচনা আৰু পৰিচালনা ড০ মৄনাল জ্যোতি গোস্বামী্ৰ |



ল’ৰালিকালটোৱে সকলোকে ৰিঙিয়াই মাতে | ল’ৰালিকালৰ কথা কিছুমান মনত পৰিলেই আমি নষ্টালজিক হৈ পৰোঁ | আমি আমাৰ কিছুমান ল’ৰালিকালৰ খেল যেনে ইমান ইমান পানী...গঙ্গা ৰাণী , টাংগুটি আদিবোৰ আজিকালি প্ৰায় পাহৰিয়েই পেলাইছো | জীৱনৰ মধুৰতম সময়ৰ সেই খেলবিলাক খেলি থাকোঁতে ভবা নাছিলো যে আমি এটা উদ্বিগনতাৰে ভৰা ভৱিষ্যতলৈ আগবাঢ়িছোঁ | বৰ্তমান জীৱনৰ যি পৰিস্থিতি , এইঅশান্তিময় পৰিবেশ , অৰাজকতা,লুন্ঠন আদিৰ পৰা ৰেহাই পাবলৈ আমিবোৰে অজানিতে গতি কৰিব বিছাৰোঁ সৰুতে শুনা সাধুকথাৰ দেশলৈ, তেওঁলোকৰ সাহসিকতাৰ কথাবোৰলৈ | সেই দানৱ আৰু সাহসী অতিমানৱৰ কথাবোৰলৈ | যিবিলাক এতিয়াও আমাৰ দৈনন্দিন জীৱনত এতিয়াও প্ৰতীকিৰৄপত সংঘটিত হৈ আছে | প্ৰতীকধৰ্মী নাটখনিৰ আৰম্ভণী হৈছে সময়ৰ গৰ্ভত হেৰাই যোৱা এটা খেল আৰু খেলৰ গীতেৰে "ইমান ইমান পানী..... গঙ্গা ৰাণী....." | তাৰ পাছত কাহিনীয়ে গতি কৰিছে | আছলতে এটা কাহিনী বুলি ক’লে ভুল কোৱা হ’ব | নাটখনিৰ প্ৰ্ত্যেকটি দৄশ্য একো একোটা কাহিনী | প্ৰত্যেক দৰ্শকৰ বাবে ই একোটা সুকীয়া কাহিনীৰ ৰৄপ ল’ব পাৰে | লাগে সেয়া মল্ল যুঁজৰ যুজাঁৰু দুজনক সাজু কৰাৰ দৄশ্য‌ই হওক বা সাধাৰণ জনতাৰ কথা নুশুনি নেতাজনৰ কাণত ঠিলা দিয়া দৄশ্য‍‍টিয়েই হওক |নাটকৰ মুখ্য চৰিত্ৰটিয়ে অংকন কৰা এটি ঘড়ীয়ে সময়ক প্ৰতিফলিত কৰে | সময় গতিশীল আৰু সমাজ পৰিবৰ্তনশীল | কেতিয়াবা ভাল সময় আহে কেতিয়াবা বেয়া | বাৰে বাৰে অসুৰৰ চৰিত্ৰটোৱে ঘ্ড়ীটোৰ ৰৄপ সলনি কৰি সন্ত্ৰাসৰ সৄষ্টি কৰে আৰু মুখ্য চৰিত্ৰৰ চিত্ৰশিল্পীজনে বাৰে বাৰে তাক শুধৰুৱাৰ চেষ্টা কৰে | এচাম সুস্থিৰ চিন্তাধাৰাৰ মানুহে সমাজত সততাৰ লাইখুটা স্থাপন কৰিবৰ চেষ্টা কৰে আকৌ এচামে ষড়যন্ত্ৰৰে ইয়াক ধ্বংস কৰিব বিচাৰে | বৰ্তমান সময়ত ৰাজনৈতিক-অৰাজনৈতিক সকলো ক্ষেত্ৰতে যে অশুভ শক্তিয়েই যে বেছিকৈ খুপনি পুতিবলৈ সক্ষম হৈ উঠিছে তাকেই শেষৰফালে প্ৰতিফলিত কৰিছে নাটখনিয়ে |

আজিৰ সমাজত মানুহৰ সময়ৰ অভাৱ | মানৱীয়তাক ভৰিৰে মোহাৰি প্ৰতিযোগীতাৰ দৌৰতএকো একো্টা যন্ত্ৰ হৈ দৌৰিছোঁ | আমি এতিয়া সৰুতে খেলা দৰা ক‍ইনাৰ পুতলাতকৈ কোনো গুণে কম নহয় | চাবি দিয়া পুতলা | কালৈকো চোৱাৰ সময় নাই | সকলোকে পিছত ৰাখি আগবাঢ়ি যোৱাৰ সময় এয়া | শিক্ষাৰ প্ৰসাৰতাৰ বাবে আমি শিক্ষাক মৌলিক অধিকাৰ কাৰিছোঁ | কিন্তু শিশু শ্ৰমিক ব্যৱহাৰ কৰিবলৈ এতিয়াও এৰা নাই | সাধাৰণ মানুহৰ বিশ্বাসত ভৰি দি নেতা হৈছো | কিন্তু নেতা হোৱাৰ পাছত সাধাৰণ মানুহৰ সমস্যা শুনাতো বাদেই , কানত ঠিলাহে দিছোঁ | ফলশ্ৰুতি স্বাভাৱিক | অসুৰত্ব‍ই মুৰ দাঙি উঠিছে | সাধাৰণ জনতাৰ মাজৰে কোনো ভাই ভনীয়ে উঠাইছে অস্ত্ৰ | ৰক্তাত কৰি তুলিছে সমাজ | হত্যা কৰিছে নিজৰেই ভাই ভনীক | কিন্তু তাৰ মাজতো ভাল আছে | সততা জীয়াই আছে | থমকি ৰোৱা নাই প্ৰকৄত শুভ চিন্তকসকল | অশুভ শক্তিয়ে বাৰে বাৰে তেওঁলোকক হত্যা কৰাৰ পাছতো আকৌ তেওঁলোকৰ জন্ম হয় | পৄথিৱীৰ বিভিন্ন কোণত, বিভিন্ন ৰুপত কিন্তু একেই সুস্থ সমাজ গঠনৰ প্ৰতিশ্ৰুতিৰে | সমাজৰ এই হত্যা সিংসা , ভাই ভাইৰ কাজিয়াত অতীষ্ঠ হৈ মাতৄৰৄপী প্ৰকৄতিয়ে চীত্‍কাৰ কৰি উঠিছে | সময়ে কাকো ৰেহাই নিদিয়ে | সকলোকে গ্ৰাস কৰে | সভ্য অসভ্যৰ ভেদাভেদ নাৰাখে | সেয়ে নাটকখনৰ শেষৰ দৄশ্যটি " দা স্ক্ৰীম " আৰু " দা পাৰ্চিচটেন্স অৱ মেমৰী"ৰ ৰৄপ লৈছে | আছলতে শেষৰ দৄষ্যটি দুইখন ছবিৰ এক সমাহাৰ | মুঠৰ ওপৰত নাট্যকাৰে নাটখনিৰ জড়িয়তে যি বাৰ্তা বৰ্তমান সমাজলৈ প্ৰেৰণ কৰিব বিছাৰিছে তাত এশ শতাংশ সফল | চিত্ৰশিল্পীৰ কাৰণেও নাটখনি এক চিন্তাৰ খোৰাক হ’ব পাৰে | এখন সফল চিত্ৰও হ’ব পাৰে | নাট্যকাৰে যেন দুইখন চিত্ৰৰ সংমিশ্ৰণত এখন নতুন চিত্ৰ আঁকিলে | শেষৰ দৄশ্যটিয়ে তাৰেই এটা সাঁচ বহুৱাই গ’ল মনত | আৰু বহুতো কিবা কিবি আছে নাটখনিত | সেই কিবা কিবিবোৰ উদ্ধাৰ কৰিবলৈ চাব লাগিব "ইমান ইমান পানী" |

অভিনয়ৰ দিশৰ পৰা চাবলৈ গ’লে মুখ্য চৰিত্ৰত অভিনয় কৰা শশাংক সমীৰৰ অভিনয় শলাগীবলগীয়া | সংলাপ প্ৰক্ষেপন আৰু মঞ্চৰ ব্যৱহাৰ উল্লেখনীয় | শিশু চৰিত্ৰৰ ভিতৰত লেনিন আৰু ৰিমঝিমৰ ভৱিষ্যত উজ্জ্বল | যদিও কিছু কিছু ক্ষেত্ৰত জড়তা আছে | নৱাগত অভিনেত্ৰীগৰাকীৰ অংগ সঞ্চালনৰ জঠৰতা দৰ্শকে ধৰিব পৰা হৈছে | অভিনয়শৈলী যথেষ্ট উন্নত | অশুভ শক্তি (অসুৰৰৄপী)ৰ চৰিত্ৰত অভিনয় কৰা ভৰত চুতীয়াক ৰাইজে পাহৰিব নোৱাৰে | অন্যান্য চৰিত্ৰত আছিল বুলগেনিন বৰুৱা, বিনোদ দাস, প্ৰেৰণা বৈশ্য আৰু জয়ন্ত ৰাভা | শিশু শিল্পীসকল ক্ৰমে লেনিন বৰা , ইশাণী মোদীয়াৰ, ভাৰ্গৱ বৰা, অৰিন্দম বৰা, শুভাংকৰ পাটোৱাৰী, অংকুৰ হাজৰিকা আৰু সৰ্ব কণিষ্ঠ অয়নাও জেংৰাই | সংগীত প্ৰসংশনীয় | বাঁহী বাদক অৰ্পন বেজবৰুৱাও প্ৰশংসাৰ যোগ্য | শ্ৰীফৰ্টত অনুষ্ঠিত হোৱাৰ আগতে ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হোৱা দৰ্শনীটো চোৱাৰ বাবে এইবাৰ পোহৰৰ যাদুখিনিৰ অভাৱ অনুভৱ কৰিলো | এই ক্ষেত্ৰত অৱশ্য মঞ্চৰ সীমাবদ্ধতাৰ কথা আহি পৰে | নাট খনিত পোহৰ এটা অভিন্ন অংগ | এটি চৰিত্ৰ বুলিও ক’ব পাৰি | তথাপিও শ্ৰী ফৰ্টৰ দৰ্শকক পোহৰৰ যাদুৰ অবিহনেও "ইমান ইমান পানী"য়ে বান্ধি ৰখাত সফল হৈছে | নাটকখনি উপভোগ কৰি উঠাৰ পাছত বিখ্যাত অভিনেত্ৰী চেতনা দাস বাইদেউক নাটখনিৰ বিষয়ে ব্যক্তিগত ভাৱে সোধাত কৈছিল " চিন্তা কৰিবলৈ বাধ্য হ’লো " | নাটকখনৰ ইউ টিউব লিংকটো..

http://www.youtube.com/watch?v=8zuaCY4_b8Y

Sunday, 15 September 2013

এটা গেঞ্জীৰ সাধু



প্ৰথম দেখাতেই.......( প্ৰথম দিন )

খানাপ্ৰা ..খানাপ্ৰা..... |তিনিচুকীয়াৰ পৰা আহি থকা বাছখনৰ হেন্দিমেনৰ "চৰ্টকাট" চিঞৰত সাৰ পালে অনুপমে | অনুপম , পেশাত চিকিত্‍সক | চিকিত্‍সক হ’লেও সাহিত্য সংস্কৄতিৰ চৰ্চাত ৰাপ বেছি | নাট্যদল এটাৰ লগত দিলীলৈ যোৱাৰ উদ্দ্যেশে সকলোকাম পেলাই  গুৱাহাটীলৈ আগমন |  খানাপাৰাৰ অভাৰব্ৰীজৰ তলত গাড়ীৰপৰা নামিয়েই অনুপমে ফোন লগালে বন্ধুবৰ জ্যোতিলৈ  | জ্যোতি, জ্যোতি প্ৰকাশ নাথ ৰিপেয়াৰ এণ্ড মেইনটেনেন্স ইঞ্জিনিয়াৰ , ইমট্ৰনিকছ |  যদিও জ্যোতি প্ৰকাশ বয়সত এবছৰৰ ডাঙৰ তথাপি অনুপমৰ লগত বন্ধুত্বৰ সম্বন্ধহে বেছি |
 " ক’ত আছে আপুনি ?" জ্যোতি প্ৰকাশক সুধিলে অনুপমে |
"তুমি ডাইৰেক্ট ৰিহাৰ্চেললৈ যোৱা " অন্য কথাৰ অৱতাৰণা নকৰি জ্যোতিয়ে উত্তৰ দিলে |
"অ কে " কথা নবহলাই আগবাঢ়িল অনুপম | জানে সি | জ্যোতিৰ সময় নাই | আকৌ এবাৰ নতুনকৈ লোৱা নকিয়া আশা ম’বাইলটো পেন্টৰ পকেটৰ ভিতৰত ভেৰভেৰাই উঠিল | আকৌ জ্যোতিৰ ফ’ন |
"গণেশগুৰিলৈ আহি যোৱা | ম‍ই গৈ আছো "
অনুপমে দেৰি নকৰি চিটিবাছ এখনত বহি পৰিল | পুৰণি ইঞ্জিনৰ চিটিবাছখন লাহে লাহে আগবাঢ়িল | গণেশগুৰিত নামি চিগাৰেট এটা জ্বলাই বেপেৰুৱা ষ্টাইল এটাত টান দি অনুপমে অপেক্ষা কৰিলে জ্যোতিলৈ | অনুপমক হতভম্ব কৰি হঠাতে পাছফালৰ পৰা আদবয়সীয়া মহিলা এগৰাকীয়ে মাত দিলে তাক ,
"দাদা , আপী এটা দিম নেকি ? "
চক খাই উঠিল অনুপম | মহিলাগৰাকীৰ পাছফালে ৰৈ থকা ১৮-১৯ বছৰীয়া ছোৱালী দুজনীলৈ চালে সি | সিহঁতেও বৰ আশাৰে চাই আছে তালৈ | কিজানি ৰাতিৰ ভাত সাঁজৰ যোগাৰ একমাত্ৰ অনুপমেই কৰি দিব পাৰে | পিঁত্‍ পিঁত্‍ পিঁত্‍ | চিন্তা কৰা সময় নিদি জ্যোতি প্ৰকাশে মটৰ চাইকেলৰ হৰ্ণ বজালেহি | বাইকত উঠিবৰ সময়ত অনুপমৰ ছোৱালীদুজনী ৰৈ থকা ঠাই টুকুৰাৰ ওপৰৰ গছত বান্ধি ঠোৱা চৰকাৰী প্ৰচাৰ পত্ৰিকাখনত চকু পৰিল | " এনৰেগা - সকলোৰে বাবে কৰ্ম , এন আৰ এইচ এইম -সকলোৰে বাবে স্বাস্থ্য | হোঃ | কিবা অস্বাভাৱিক হুমুনিয়াহ এটা ওলাল অনুপমৰ |
জ্যোতি প্ৰকাশৰ বাইকৰ এক্সিলেটৰত টান পৰিল | অনুপমহঁত আখৰাগৄহ পালোগৈ | আগৰেপৰাই ডাইৰেক্টৰ ছাৰ ব্যস্ত | আখৰা প্ৰায় শেষ হওঁ হওঁ অৱস্থা | চিনাকি হ’ল অনুপম | আগৰ বাৰৰ ছোৱালীজনী নাই | নতুন এগৰাকী অভিনেত্ৰী | চকুৱে চকুৱে পৰিল অনুপমৰ | মুখখন ঘূৰাই দিলে তেখেতে | হোঃ | বৰ ভেম দেখোন | অনুপমে মনে মনে কৈ উঠিল | ডাইৰেক্টৰ ছাৰে চিনাকি কৰি দিলে সকলোৰে লগতে | প্ৰায়বোৰেই চিনাকি মুখ | অভিনেত্ৰীৰ লগতো চিনাকি হ’লো | গায়ে গাৰিয়ে অনুপমৰ স্বাস্থ্যৰ একেবাৰে সমান অভিনেত্ৰীগৰাকী | "এয়া নিজৰা " |  নমষ্কাৰ দিলে অনুপমে | কিন্তু প্ৰতি নমষ্কাৰ নাহিল | ৱাহ | ভেমেই ভেম | অলপ সময়ৰ ৰিহাৰ্চেলৰ পাছত পাছদিনা চাৰে পাঁচবজাত ৰাজধানী এক্সপ্ৰেছত লগ হোৱাৰ শপত বাক্য পাঠ কৰোৱাই ডাইৰেক্টৰ ছাৰে বিদায় ল’লে | সদ্য চিনাকি মুখখনিয়েও পুৰণি স্প্লেণ্ডাৰ এখনৰ পাছত বহি এফুট দূৰত্ব ৰাখি বিদায় ল’লে | কথাটো অনুপমৰ চকুৰ পৰা সাৰি নগ’ল | মানে বয়ফ্ৰেণ্ড আছে চাগৈ ???? প্ৰশ্নবোধক দুটামান মুৰৰ ভিতৰত ৰাখি জ্যোতিদাৰ লগত ৰুমলৈ পোনাল অনুপম |

ঝক ঝক ঝক ৰেলগাড়ী .....চলে মোৰ বুকুতে (২য় দিন )
তৰা নৰা চিঙি কোনোমতে ৰাজধানী ধৰিলে জ্যোতি আৰু অনুপমে | উঠিয়েই সাৱধানী চাৱনি অনুপমৰ | কেনেবাকৈ... ক’ৰবাত ..নহ’লে কোনোখিনিত বা ক’ত আছে ? ডাইৰেক্টৰ ছাৰৰ উষ্ম আদৰণি "বোপাইহঁত , উঠিব পাৰিলি ? আহ আহ " | কেৰাহিকৈ চালে অনুপমে | ক’লা টি চাৰ্টেৰে সেইগৰাকীয়েই হয় | হয় হয় , তেখেতেই | মুখ ধুৰাই দিলে তেওঁ | কোনে গুৰুত্ব দিয়েহে | মুখৰ ভিতৰতে ভোৰভোৰালে অনুপমে | শিল্পী দ’লটোৰ অভিভাৱক সকলৰ লগত চিনাকি হো্ৱাত ব্যস্ত হ’ল অনুপম | ছাৰেই অনুপমক চিনাকি কৰি দিলে " এয়া আমাৰ নিজৰাৰ মাক " | নমষ্কাৰ | এইবাৰ মাকৰ ফালৰ পৰা নমষ্কাৰ আহিল | আকৌ এবাৰ কেৰাহিকৈ চকু পৰিল অনুপমৰ | উপায় নাই ডেকা ল’ৰাৰ চকু | যাব‍ই | ৰাজধানী আগবাঢ়িল | লগতে দলটোৰ ফুৰ্তি ফাৰ্তাও |
 মাজতে নাট্যদলৰ লগত অহা খুড়াৰ অনুপমক উদ্দেশ্যি "কামোৰ" সূচক বাক্যবাণ
" হ’ৰা ডাক্তৰ পোৱালি , স্বাস্থ্য পাতি অকণমান ভাল কৰা "
"অকলে ৰন্ধা বঢ়া কৰি খাওঁ , ক’ত স্বাস্থ্য ভাল হ’ব খুড়া ? " উত্তৰ দিলে অনুপমে |
"এগৰাকী গোটাই লোৱা | লাগে যদি আমিয়েই যোগাৰ কৰি দিওঁ ? " নিজৰাৰ ফালে চাই অনুপমক উদ্দেশ্যি খুড়াৰ প্ৰশ্নসূচক বাক্য |
"পিছে স্বাস্থ্য হ’বলৈ হ’লে মাছ মাংস খাব লাগিব নহয় | ৰান্ধিব জানে বা নাজানে ৰাইজে ? " খেলি থকা ২৯ জাপৰ পৰা "কুৰি এটা উলিয়াই দি অনুপমে খুৰাক সুধিলে |
"আমাৰ ছোৱালীয়ে মাছ মাংস নাখায় দেই " খুৰাৰ ক্ষীপ্ৰ উত্তৰ |
"নাখালে কি হ’ব ? ৰান্ধি দিবটো পাৰিব " এইবাৰ নিজৰাৰ মাকেহে অনুপমৰ মুখৰ পৰা কাঢ়ি উত্তৰটো দিলে |
উত্তৰ শুনিয়েই  লগত অহা সকলোৱে একেলগে হাঁহি দিলে | এটা ৰসৰ সুৰ বৈ গ’ল | খেলি থকা ২৯ জাপৰ একেবাৰে শেষৰ বাজীটো ৰঙৰ ৭ এটা মাৰি ৫ ফুটা কাটি আনিলে অনুপমে | অনুপমহঁতৰ ফালে ৰঙা দু্ফুটা ওলাল | বিজয়ৰ হাঁহি | চলন্ত ৰেলত ২৯ খেলাৰ মজাই বেলেগ | কেৰাহিকৈ আকৌ এবাৰ চালে অনুপমে নিজৰালৈ | নিজৰাৰ মুখত কিবা মিচিকিয়া হাঁহি এটা দেখিলে সি | হাঁহি এটা খেলি গ’ল তাৰ মুখত |

         পিছে হাঁহিৰ জোৱাৰ বেছি সময় নিটিকিল | কিবা ৰোষ লাগি নিজৰা কম্পাৰ্টমেন্টৰ ওপৰৰ বিচনালৈ গ’ল | ৰাতিলৈকে ভাত নাখালে হেনো | নিজকে কিবা দোষী দোষী লাগিল অনুপমৰ | কিজানি তাৰ লগত জোকোৱাৰ বাবেই ভাত নোখোৱাকৈ আছে নেকি বাৰু ? ছেঃ | কাকো ক’বও নোৱাৰে কথাটো সি | ছোৱালীয়ে ইমান অভিমান কৰা প্ৰথম দেখিলে সি | অলপ পাছতহে গম পালে সি আছল কথাটো | তাৰ বাবে নহয় | নাটকৰ কিবা কথা লৈহে তেৰা ৰোহঘৰত সোমাইছে | ৱাহ ইমান অভিমান | নাপায় দেই | ৰাতিলৈ চেতন ভগত্ক সাৰথি কৰি শুই গ’ল অনুপম |

আনে যোৱা বাটেদি নোযোৱা ছোৱালীজনী (৩য় দিন ).......

ৰাতিপুৱাই শুই উঠি ব্ৰেকফাষ্ট কৰাৰ লগে লগেই অনুপমে কেৰাহীকৈ চালে নিজৰালৈ | আকৌ এবাৰ | নাই উঠাই নাই | কুম্ভকৰ্ণ নিদ্ৰা নে এতিয়াও অভিমানে আৱৰি আছে ? ইমান সময় ছাগৈ পেটৰ কেচু কুমতি কেইটাও হাংগাৰ ষ্ট্ৰাইক চলাইছে যেন পাইছো |
        ১২ টা বাজিল | লান্স আহিল | কিন্তু নিজৰা তেতিয়াও নানামিল | ১ টা বাজিল | তামাম | এতিয়াও নাই নমা দেখোন | ৰোহ ভাঙিল ১.৩০ মানতহে  | হওক তেও |  ২টামান বজাত সকলো গৈ দিল্লী পালেগৈ | প্লেটফৰ্মৰ পৰা চিধাই শংকৰদেৱ ভৱন | আমাৰ ৰুমৰ কাষতেই পৰিল নিজৰাৰ ৰুম | তাকো অনুপমহঁতৰ "বাথৰুমেই" ব্যৱহাৰ কৰিবলগীয়া হ’ল | সকলোৰে গা ধোৱা হোৱাৰ পাছত আৰামত অনুপমে গা ধুবলৈ বুলি বাথৰুমত সোমায়েই দেখিলে কাৰোবাৰ কাপোৰ অলপ থোৱা আছে | তাৰ কাষতে নিজৰ টাৱেলখন ৰাখি ব্ৰাছ কৰাত লাগিল অনুপম | এনেতে ধমধমাই সোমাই আহিল নিজৰা | অনুপমৰ টাৱেলখন দেখিয়েই চীত্‍কাৰ কৰি উঠিল তাই |
"এই মাত্ৰ খালি দেখিছিলোহে | কোনোনো আকৌ কাপোৰ ৰাখিলে, মানুহবোৰযে আৰু... "
"মোৰেই কাপোৰ , আপুনি ইচ্ছা কৰিলে গা ধুই ল’ব পাৰে " কৈয়েই তাৱেলখন ল’বলৈ আগবাঢ়িল সি |
"মোৰ কিন্তু দেৰি হ’ব , কৈ থ’লো " নিজৰাৰ দৄঢ় উত্তৰ |
" জানো, ছোৱালীবোৰৰ দেৰি লাগে গা ধুওঁতে " ভিজা মেকুৰীৰ দৰে নিজৰ ৰুমলৈ ঘুৰি আহিল অনুপম |
"কি হ’ল ? গা নুধুলা যে ? " জ্যোতিয়ে সুধিলে | অনুপমে কথাটো ক’লে | ঢেকঢেকাই হাঁহি উঠিল জ্যোতি |
তাৰ পাছত দুই এটা কথাৰ অৱতাৰণা | আবেলিৰ সময় আগবাঢ়িল | অনুপমহঁতৰ লগত থকামখাই উদ্ধাৰ কৰিলে কথা এটা | নিজৰাৰ বাথৰুমলৈ যোৱাৰ অত্যাধিক প্ৰৱণতা আছে | আছলতে মেনিয়া :P | দেখিয়েই থাকোঁ বাথৰুমত |

        আবেলিলৈ কালিলৈ অনুষ্ঠিত হ’বলগীয়া নাটকৰ বিষয়ে অনুপম আৰু ডাইৰেক্টৰ ছাৰে কথা পাতিলে | তাৰ পাছত সকলো ওলাই গ’ল | ফুৰিবৰ বাবে | ৰাতি হোৱালৈকে অনুপম আৰু নিজৰাৰ মাজত আকস্মিকভাৱে  ১০ -১৫ বাৰমান মুখামুখি আৰু কথা বতৰাও হ’ল | (ৰাইজ মন কৰিব দেই , ১০ -১৫ বাৰমান আকস্মিক ভাৱে :P) | ৰাতি ভাত খাই শুৱৰ হ’ল | ছেঃ | ইমান সুবিধা পাইয়ো নাম্বাৰটোহে লোৱা নহ’ল | অনুপমে নিজকে ১০বাৰমান ধিক্কাৰ দি শুই থাকিল | কালিলৈ নাটক |

দেৱতাইও নুবুজিলে তোমাৰ মন ....৪ৰ্থ দিন


ৰাতিপুৱা ব্ৰেকফাষ্ট একেলগে হোৱাৰ পাছত ওলাই গ’ল অভিভাৱকৰ ষ্টাফটো | মহিলা সমিতিসহিতে | লগতে নিজৰাও | কেৰাহিকৈ অনুপমলৈলৈ চাই গ’ল | অৰ্থটো হ’ল , পাৰিলে ওলোৱা | কিন্তু ডাইৰেক্টৰ ছাৰৰ কঢ়া নিৰ্দেশ | জ্যোতি আৰু অনুপম নাটকৰ মঞ্চলৈ সকলোৰে আগতে যাব লাগিব | ওলাবিহঁক | গতিকে ঘুৰা মেলা বন্ধ |

      ২টামান বজাতেই যাত্ৰা আৰম্ভ কৰিলে অনুপমহঁতে | মাতাহৰি অডিটৰিয়াম | দিল্লী | লগত নাট্যদলটিও | বহুত চেট আপ কৰিব লাগিব হেনো | আগতেই ৰাওনা সেই কাৰণে | কিবা এগালমান লেকচাৰ চলি আছে | অনুপম গ্ৰীণৰুমলৈ আগবাঢ়িল | নাটক আৰম্ভ হ’বলৈ এতিয়াও এঘণ্টা বাকী | দ্ৰেছিং চলি আছে | অনুপমে সকলোৰে লগতে সাৱ্ধানেৰে নিজৰালৈও চালো | কোনেও যাতে গম নাপায় | কিবা এটা অশান্তিত ভুগি থকা যেন লাগিল | কি হয় হৈ থাকক | তাৰ কি আহে যায় ? এনেকোৱা এটা ভাৱত সি ওলাই আহিল | কাম আছে | নাটকৰ পত্ৰিকাসমূহ বিতৰণ কৰিব লাগে দিল্লীবাসী দৰ্শকৰ মাজত | কৰ্ম‍ই ধৰ্ম | লাগি গ’ল সি | ঘামেৰে জুৰুলা হ’ল সি | এ চিডাল হেনো চলা নাই অডিটৰিয়ামত  | বডি স্প্ৰে পলাই ফাট মাৰিলে তাৰ শৰীৰ পৰা | ভাগৰে জোগৰে সি গ্ৰীণ ৰুমৰ ফালে খোজ দিলে | কিন্তু ৰাস্তাতে ভেটিলে নিজৰাই |
"তোমাৰ গেঞ্জীটো মোক নাটক কৰাৰ বাবে দিবানে ? " নিজৰাৰ এটা খাৰাং খাৰাছ অনুৰোধ | হতভম্ব হ’ল অনুপম | হাতৰ পৰা বাকীথকা পত্ৰিকাকেইখন সৰি পৰিল |
"দিবানে ?" আকৌ প্ৰশ্ন নিজৰাৰ |
"মো..মো..মো...মোৰ গেঞ্জীটো লেতেৰা গোন্ধাই আছে "  আছৰিত আৰু আৱেগিক হ’লে অনুপমে অলপ খোনাকৈ কথা কয় |
"চলি যাব | দিবানে তুমি? ম‍ই কাপোৰ আনিবলৈ পাহৰিলো  " আকৌ অনুৰোধ নিজৰাৰ |
দি দিলে সি | সাত পাঁচ নুগুনি দি দিলে | যি হয় দেখা যাব | গেঞ্জীটো খুলি থাকোঁতেই গম পাইছিল সি | কিমান যে দুৰ্গন্ধ বাহিৰ হৈছে তাৰ পৰা | কাপোৰ সলাই আকৌ আহিল নিজৰা | এইবাৰ আঙুঠিটোও গুজি দিলে তাৰ হাতত | ক’বলৈ নাপাহৰিলে তাই "চম্ভালি ৰাখিবা | মায়ে দিয়া এইটো "| এঘন্টাৰ পাছত নাটক শেষ হ’ল | দৰ্শকৰ হাত তালি | ৰুমলৈ বুলি খোজ ল’লে সকলোৱে | শেষ ৰাতি | শংকৰদেৱ ভৱন | কালিলৈ নাট্য দলটি যাবগৈ | ডাৰেক্টৰ ছাৰ , জ্যোতি প্ৰকাশ আৰু কেইজনমান থাকিব | মিটিং আছে |ৰাতি আকৌ বাথৰুমৰ মুখ ধোৱা ঠাই টুকুৰাত মুখামুখি হ’ল নিজৰা আৰু অনুপম |
"ঘৰটোৰ  ওপৰত এখত খোলা চাদ আছে | জানানে তুমি ? জোনাক চাব পাৰি |"  দুআষাৰমান কথা পতাৰ আশাৰে প্ৰস্তাৱসূচক তথ্যসঞ্চিত প্ৰশ্ন এটা আগবঢ়ালে অনুপমে |
"চাব পাৰি " নিজৰাৰ উত্তৰ |
সিহঁত দুইটাই কথা পাতিলে | ওপৰলৈ নগ’ল | কৰিডৰতে কথা পাতিলে | নিজৰাৰ নাম্বাৰটো ল’লে অনুপমে | ৯৫........ | বয়ফ্ৰেণ্ড নাই বুলি জানি  এটা হাঁহি ওলাই গ’ল  অনুপমৰ মুখৰ পৰা |
"গেঞ্জীটো দিয়া | " তাইক অনুপমে গেঞ্জীটো ঘূৰাই খুজিলে |
"কালিলৈ দিম " খুব শান্তভাৱে ক’লে তাই |
 ১২মান বজাত শুবলৈ গ’ল সি | মেচেজ এটা দিও বুলি নিজৰাৰ নাম্বাৰত গুড নাইট বুলি মেচেজ এটা এৰিলে | মেচেজ নট চেণ্ডিং | ৰোমিং নাই ছাগৈ | শুই থাকিল সি | কালিলৈ সকলোকে দ্ৰপ কৰিব লাগিব | সপোনত কিবা কিবি এসোপা দেখিল সি | কোৱাটাৰটো ভালকৈ সজাই থোৱা | পুৱা শুই উঠি গৰম ভাত | লগত সুন্দৰভাৱে ৰন্ধা তাৰ প্ৰিয় বৰালিৰ টেঙাজোল |  কিন্তু খাবলৈ লওঁতেই থালখন তলত সৰি পৰিল | ধমধমাই সাৰ পালে সি | ধেত্‍ তেৰি , সপোনহে | মনে মনে হাঁহি এটা মাৰি শুই গ’ল সি |

আজি বিদায়ৰ দিন...(৫ম তথা শেষ দিন )

ৰাতিপুৱা দেৰিকৈ উঠিল অনুপম | ১০টাই বাজিল | নাটকৰ দলটোক এৰিব লাগিব | নিজৰাও যাব | সকলো উঠি ব্ৰেক ফাষ্ট কৰিবলৈ গ’ল | বিচনাতে পৰি অকলে অকলে কিবাকিবিবোৰ ভাবি আছিল সি | দুৱাৰত নক পৰিল | নাটকৰ খুৰা হ’ব ছাগৈ | "কাম ইন " | দুৱাৰখন ঠেলি নিজৰা সোমাই আহিল | হাতত অনুপমৰ গেঞ্জীটো | শুই থকাৰ পৰাই গেঞ্জীটো ল’লে সি | তাই উভতি খোজ ল’লে | আকৌ এবাৰ ঘুৰি চালে
"ৰাতিপুৱা দেৰিলৈকে শুৱাটো বেয়া " তাই কৈ গ’ল |
অনুপম একে জাপেই উঠিল বিচনাৰ পৰা | গেঞ্জীটো গুন্ধি চালে সি | কিবা এটা ভাল গোন্ধাই আছে | মানে ভালকৈয়েই ধুই দিলে তাই | আজিলৈকে ইমান ভালকৈ নিজেই ধুই পোৱা নাই | আকৌ এবাৰ গুন্ধি চালে সি | মানুহবোৰে কিয় বিয়া পাতে আজিহে গম পালে সি | গেঞ্জীটোৱে যেন বিয়া পতাৰ সকলো কাৰণ বখানি আছিল | টাৱেলখনলৈ বাথৰুমলৈ ওলাল সি | ম’বাইলটোত গান এটা লগাই ল’লে "হামকো প্যাৰ হোৱা ..... পেহলি বাৰ হোৱা " | "ৰেডি" চিনেমাৰ গান | অনুপমৰ ব্যক্তিগত ভালপোৱা গান | গানটো বাজি থাকোঁতেই  অনুপম আকৌ মুখামুখি হ’ল নিজৰাৰ স’তে | আকৌ ভুৱন ভুলোৱা হাঁহি এটা | ৰৈ দিলে সি |
"ব্ৰেকফাষ্ট কৰিলানে ? " নিজৰাৰ প্ৰশ্ন |
"নাই কৰা " সপ্ৰতিভ উত্তৰ এটা দিলে সি |
"ম‍ই গৈ আছো |আহি যোৱা " নিজৰাই প্ৰস্তাৱ দিলে |
গুলী মাৰা মুখ ধোৱা , গা ধোৱা | ব্ৰেকফাষ্ট আগত | ডাঙৰ ডাঙৰ মানুহবোৰে গা-মুখ ধোৱাৰ আগতেই চাহ-ভাত খাই লয় | অনুপমে লৰ ধৰিলে কেণ্টিনলৈ | তাইও এমোকোৰা হাঁহিৰে অনুপমৰ লগত খোজ দিলে কেণ্টিনৰ ফালে | অনুপমৰ ম’বাইলত বাজি থকা গানটো গুনগুনালে নিজৰাই  " হামকো প্যাৰ হোৱা... " |
   একেলগে  নিজৰাহঁতক থ’বলৈ ওলাল | প্লেটফৰ্ম পা্লেগৈ | নিজৰাক ট্ৰেইনত উঠাবলৈ চাঞ্চ নাপা্লে  | শেষৰ প্ৰশ্নটো এৰিল সি
"ফেচবুক আছেনে ?"
"আছে " তাই মুৰ দুপিয়ালে |  ডাইৰেক্টৰ চাহাবৰ কেঞা চকু | ততাতৈয়াকৈ গাড়ীত উঠি নাটকৰ অন্য কামৰ বাবে এন এচ ডিলৈ ওলাল অনুপম | দিনটো বাগৰিল | ৰাতি আহিয়েই ককায়েকক  ফ’ন কৰিলে অনুপমে  " মোক নেট পেক আৰু ফুল টক টাইম এটা সোমোৱাই দেচোন |ইয়াত ৰিচাৰ্ঝ কৰিব পৰা নাই "  | পাঁচ মিনিটৰ পাছতেই ৰিচাৰ্জ আহিল | নিজৰাৰ নাম্বাৰত ফ’ন লগালে সি | কম্পিউটাৰ ভয়চ এটা ভাহি আহিল " দ্যা নাম্বাৰ ইউ হেভ ট্ৰাইয়িং ইজ নট এভেইলেবল | প্লিজ চেক ডা নাম্বাৰ ...."
ফেচবুক পকালে অনুপমে | নিজৰা বৈদ্য চাৰ্চিং | পাই গ’ল  | প্ৰফাইলটো পালে সি | এবাউট বোলা ভাগটোত চকু ফুৰালে অনুপমে  " নিজৰা বৈদ্য ইন এ ৰিলেচনচিপ ৱিথ ভাৰ্গৱ......." | অনুপমৰ বুকুখনৰ ক’ৰবাত বিষাই গ’ল |
বেক গ্ৰাউণ্ডত জ্যোতিৰ ম’বাইলত গান এটা বাজি আছিল " তোনে মেৰে জানা .... ইশ্চক তেৰা ...দৰ্দ তেৰা.... এম্পটিনেছ ...."
এটা এটা খণ্ড অনুপমৰ আগলৈ আহি থাকিল.....সিহঁহত দুটা গায়ে গাৰিয়ে সমান.......গেঞ্জীটো ভালকৈয়ে ফিটিং হ’ল তাৰ মানে .....মেচেজ নট চেন্দিং .........দ্যা নাম্বাৰ ইজ নট এভেই.........জ্যোতিদাকো কথাটো ক’ব নোৱাৰে সি........ অনুপমে পিন্ধি থকা গেঞ্জীটোলৈ চালে | হয় সেইটো গেঞ্জীয়েই | গেঞ্জীটো এটা সাধু হৈ ৰ’ল | এটা গেঞ্জীৰ সাধু |

(গল্পটিৰ  চৰিত্ৰসমূহৰ বাস্তৱৰ সৈতে কোনো সম্পৰ্ক নাই , সম্পূৰ্ণ কাল্পনিক )